বৃহস্পতিবার, ৩ আগস্ট, ২০২৩

এটি নক্ষত্ৰ, আনটো পুৱতিৰ তৰা

৪ আগষ্ট। দুটি "সুৰ-কণ্ঠ"ৰ জন্মদিন-- কিশোৰ কুমাৰ, তৰালি শৰ্মাৰ। কায়িক কিশোৰ কুমাৰ আজি আমাৰ মাজত নাই (কায়িক মৃত্যু: ১৩ অক্টোবৰ, ১৯৮৭, মুম্বইত); আছে অসমীয়া, বাংলা, হিন্দি, মাৰাঠি, গুজৰাটি, কন্নড়, ভোজপুৰি, মালয়ালম, ওড়িয়া, উর্দু ভাষাত গোৱা ৩,০০০ ৰো অধিক গানৰ মাজত (আৰু অভিনয় কৰা ৯০ খন চিনেমাৰ চৰিত্ৰৰ মাজত)। কোনে পাহৰিব কিশোৰদাই গোৱা रिम-झिम गिरे सावन..., रूप तेरा मस्ताना..., मिल गया हमको साथी..., पल पल दिल के पास..., ये शाम मस्तानी..., आज रपट जायें तो..., ॐ शांति ॐ..., एक लड़की भीगी भागी सी..., जिंदगी की यहीं रीत है... আদি গীত!
আৰু আনটো "সুৰ-কণ্ঠ"?
তৰালি নামৰ "সুৰ-কণ্ঠ" বৈ আছে পুৱতিৰ পৰা সংগীতৰ পৃথিৱী (music world)-লৈ।
তৰালিৰ গায়কী-কণ্ঠৰ সৈতে আমাৰ পৰিচয় "ইমান অভিমান কিয় মই নেজানো...", "তই দিয়া ৰিহা খনি পিন্ধি ল'লো...", "মৰমৰে এনাজৰি...", "দূৰৈত শুনিলো ৰিণি-ৰিণি চেনাইৰ পেঁপাৰে মাত..." আদি গীতৰ মাজেৰে। singing power --এই গীত কেইটাৰ মূল আকৰ্ষণ শক্তি। এই গীত কেইটাৰে এটা ইমেজত বন্দী কৰি লৈছিলোঁ-- তৰালিৰ গায়কী, তৰালিৰ কণ্ঠ। কিন্তু আমাৰ ধাৰণা শুদ্ধ নাছিল! শুদ্ধ নহয় বুলি ভাবিৱলৈ বাধ্য কৰালে তৰালিয়ে গোৱা "মিঠা এটি ৰাতি...", "নিলাজি মলয়া কিয় জানো বলে..." দৰে গীত কেইটা শুনাৰ পাছত। আছৰিত কৰি দিয়ে "মিঠা এটি ৰাতি..." গোৱা তৰালিয়ে গোৱা "ওলাই অহা আইদেউৱে ঐ সসী..." যেতিয়া শুনোঁ। কেৱল বিয়া নামেই নহয়, পাছত তৰালিৰ কণ্ঠত লোকগীত শুনিলোঁ, বৰগীত শুনিলোঁ।
--এই খিনিতে মনলৈ আহিছে তৰালিৰ গীত শুনি সুধাকণ্ঠই তৰালিৰ পিতৃ সংগীতশ্ৰী প্ৰভাত শৰ্মাক কোৱা দুটা বাক্য "তাই লতা মংগেশকাৰো হ'ব পাৰে, পাৰবিন চুলতানাও হ'ব পাৰে।..."
         (চন ১৯৯৯। স্থান গুৱাহাটী। ভূপেন      
         হাজৰিকাৰ 'বিশেষ সংগীত অনুষ্ঠান'। এই 
         অনুষ্ঠানত সংগীতসূৰ্যৰ গীতৰ মাজতে দুটি 
       গীত গাইছিল তৰালিয়ে। তৰালিয়ে গাইছি—
    'বনে বাজে কাৰ...'। গীতটোৰ সুৰ প্ৰভাত শৰ্মাৰ।
        গোৱা আনটো গীত ভূপেন হাজৰিকাৰ – 
       “নিজকে দেখি...'। সেই অনুষ্ঠানত ভূপেন  
        হাজৰিকাইতৰালি সম্পৰ্কে কৰা ৰাজহুৱা
         মন্তব্যটো আছিল এনেধৰণৰ --ভূপেন
         হাজৰিকাৰ  সংগীতৰ অনুষ্ঠানত, ভূপেন
         হাজৰিকাৰ গীত গায়ো তৰালি শৰ্মাই নিজৰ
         ইমেজ অক্ষুন্ন ৰাখিব পাৰিছে। এয়া সহজ
         নহয়। --সেই সংগীতৰ অনুষ্ঠানতৰ পাছদিনা 
         সংগীতসূৰ্যই তৰালি শৰ্মাৰ গায়কী প্ৰসংগত
         প্ৰভাত শৰ্মাক কৈছিল --"তাই লতা
         মংগেশকাৰো হ'ব পাৰে, পাৰবিন চুলতানাও
         হ'ব পাৰে। তাইক গাবলৈ দিবা।")
--আমি যে উল্লেখ কৰিলোঁ, সেই গীত বোৰেই দিছিল "গায়িকা তৰালি"ৰ পৰিচয়। এই পৰিচয়ৰে আৰম্ভ কৰিছিল দ্বিতীয় পৰ্যায়ৰ সংগীতকৰ্ম। স্বাধীন সংগীত চিন্তাৰে স্বাধীন সংগীত কৰ্ম। প্ৰথমটো স্বাধীন সংগীত কৰ্মৰ নাম-- "মুকলি"। দ্বিতীয়-- "হেঙুলীয়া"। আৰু তৰালিৰ স্বাধীন সংগীত চিন্তাৰ তৃতীয়টো সংগীত প্ৰকল্প-- "ডেউকা"। "ডেউকা"ৰ দুটা গীত ইতিমধ্যে আমি আনুভৱ কৰিছোঁ-- "মাতিলেই নামি অহা জোনাক..." (কথা-সুৰ: তৰালি শৰ্মা) আৰু ""ডেউকা মেলি উৰে / সাঁচি ৰখা বহু কথা..." (কথা: গৌতম শৰ্ম, সুৰ: তৰালি শৰ্মা)।
       --আজি জন্মৰ দিনটোত কৈছোঁ, "মুকলি"
       মনেৰে। তৰালি তোমাৰ "হেঙুলীয়া" গীতবোৰ        শুনি অনুভৱ  কৰিছোঁ, সাংগীতিক "ডেউকা"ৰে
       যে আৰু বহু  সুৰীয়া বাট অতিক্ৰম কৰিবা
       সন্দেহ নাই।

কোন মন্তব্য নেই:

একটি মন্তব্য পোস্ট করুন