সরাসরি প্রধান সামগ্রীতে চলে যান

tora's husband

"চকুলো দেখিলে হাঁহিম বাৰু কেনেকৈ
হৃদয়ত ৰাখিলে ভাঙিম বাৰু কেনেকৈ
চকুলো মচি দিয়া যেনেকৈ
হৃদয়ত সাঁচি ৰাখা যেনেকৈ
তেনেকৈ... "
মন চুই যোৱা গীতেৰে শেষ হৈছিল ৰূপালী গল্পটো। কথা, সুৰ-সংগীত, গায়কী, চিত্ৰায়ণ আৰু প্ৰয়োগৰ কথা মনত ৰাখি ক'ব পাৰি authentic cinematic song, লগতে ৰূপালী গল্পটোৰ অংগ, চিনেমা খনৰ সৌন্দৰ্য।
চিনেমা খনৰ নাম-- "তৰা'ছ হাজবেণ্ড" (Tora's Husband)। ৰীমা দাসৰ পৰিপাটি পৰচালনা। তৰাৰ  "হাজবেণ্ড" ভাল মানুহ। তৰাই কয়--  “তেওঁ ভাল মানুহ, কিন্তু ভাল স্বামী নহয়।" 
চিনেমা খনৰ ইতিহাস, চিনেমা খনৰ ভূগোল গল্পটোৰ গতিৰ কেইটা মান মিনিট আগতে স্পষ্ট। প্ৰথমটো শ্বটতে স্পষ্ট-- কাহিনীৰ প্ৰথমটো বিন্দু।জান (অভয়)-- কাহিটোৰ প্ৰথমটো বিন্দু। চৰিত্ৰ বিন্যাসৰ লগে লগে বিন্দুৰ সৰল ৰৈখিক গতি। সৰল মনৰ জান। সি বিছাৰে সকলোৱে ভালে থাকক, সকলোৰে ভাল হওক। লকডাউনৰ পাছতো, আৰ্থিক ক্ষতিৰ পাছতো জানে ইতিবাচক হৈ থাকিবলৈ আৰু আনক সমৰ্থন কৰিবলৈ চেষ্টা কৰে। ফুটবল খেলুৱৈ জানে খেলৰ পৰিবেশ গঢ়াৰ বাবে কাম কৰে, তেজৰ সম্পৰ্ক নথকা মানসিক ভাৰসাম্যহীন "চৰিত"টোৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰে, মদ খাবলৈ ২০ টকা বিছাৰি আমনি কৰা জনকো সোধে-- "কিবা খাবি!" 
কৰ্ম সংস্কৃতিক শ্ৰদ্ধা কৰে জানে। নিজৰ ল’ৰা-ছোৱালীদুটিক মৰম কৰাৰ দৰে কুকুৰটোক, তাৰ ব্যৱসায় প্ৰতিষ্ঠানত কাম কৰা কৰ্মী কেইজনকো মৰম কৰে-খবৰ ৰাখে। লকডাউনৰ সময়তো আৰ্থিক বিপদত পৰিব নিদিয়ে।
কিন্তু জানৰ পক্ষে মন্থৰ অৰ্থনীতিৰ প্ৰভাৱৰ বিৰুদ্ধে যুঁজ দিয়াটো কঠিন হ'ল। বেকাৰী (ৰেষ্টুৰেণ্ট এখনৰ সৈতে বেকাৰী আছে জানৰ। পৰিচালকে 'হাইলাইট" কৰে বেকাৰীৰ কেক। আজিৰ তাৰিখত কেক মৰমৰ বা আনন্দৰ প্ৰতীক নহয় জনো! আনে মৰম বিলোৱাৰ বাবে আনৰ হতুৱাই কেক তৈয়াৰ কৰাই জানে।) খন আনক চলাব দিলে। জানে অনুভৱ কৰিলে-- অসহায়! জানৰ বন্ধু আছে। সিহতক সহায় কৰিছে। সিহতৰ সৈতে মদ খাই, পিকনিক ইত্যাদিত আনন্দৰ সময় পাৰ কৰিছে।
জানৰ পত্নী-- তৰা (তৰাৰ বাবে যেন সময় নাই জানৰ! মদ্যপানত ব্যস্ত সময় চোৱাত তাইৰ কথা মনলৈ নানে। প্ৰতিশ্ৰুতিৰ পাছতো তৰাক "মৰম" দিবলৈ সময় নাই জানৰ! "মৰম" নোপোৱাৰ ক্ষোভ তৰাৰ মুখত দিয়া সংলাপত।)। জান আৰু দুই সন্তানক লৈ তৰাৰ সংসাৰ। জানৰ মদ খোৱা অভ্যাস তৰাৰ পছন্দৰ নহয়। সাংসাৰিক, দৈনন্দিন কামৰ মাজত অতিষ্ঠ তৰা। --হয়, মূৰৰ বিষ লৈ ফুৰা জানে মদ, বন্ধুৰ মাজত সময় পাৰ কৰে, দৈনন্দিন কাম শেষ হোৱাৰ পাছত। (মদ খোৱাৰ পাছত মূৰৰ বিষটোও নোহোৱা হয়!) কিন্তু লকডাউনৰ বাবে হোৱা মন্থৰ অৰ্থনীতিৰ প্ৰভাৱ, ক্ষোভ, হতাশাৰ মাজতো পাৰিবাৰিক বান্ধোনৰ মৰ্য্যদা ৰক্ষাৰ চেষ্টা কৰে। তৰাৰ সৈতে মনান্তৰ হোৱাত ঘৰৰ পৰা আঁতৰি থকা মাকক ওভতাই আনিবলৈ চেষ্টা কৰে।
জানে বিছাৰে তাৰ জীৱনৰ অস্থিৰ সময় খিনিত তাক সকলোৱে সহায় কৰক। 
কিন্তু?
জানে অনুভৱ কৰে নিঃসংগতা, মানুহৰ অৰণ্যৰ মাজত থাকিও যেন অকলশৰীয়া-- "পৃথিৱীত যিমান মানুহ আছে সিমানখন পৃথিৱী আছে৷“ বন্ধু কেইজন, তৰা, তাৰ মাক-- প্ৰতিগৰাকীয়ে নিজৰ নিজৰ পৃথিৱীত ব্যস্ত। তাৰ অস্থিৰ সময়, সি অকলেই স্থিৰ কৰিব লাগিব! (ৰূপালী গল্পটোৰ প্ৰথম ভাগত ব্যৱহাৰ কৰা এটা ছিকুৱেন্স: খেলপথাৰ। জানে দলীয় সহযোগিতাৰে ফুটবলটো আগুৱাই নিয়ে। কিন্তু গ'ল দিয়াৰ সময়ত আন দহজন খেলুৱৈৰ মাজত থাকিয়ো সি অকলশৰীয়া। গ’ল দিয়াৰ দায়িত্ব তাৰ। পৰৱৰ্তীসময়ত জানৰ কান্ধত থকা  জীৱনৰ দায়িত্ববোধে কাহিনীক গতিশীল কৰিছে৷ পৰিচালক-চিত্ৰনাট্যকাৰৰ বুদ্ধিদীপ্ত চিনেচিন্তা।)
 জান বিন্দুটোৰ গতি শেষ (ৰূপালী গল্পটোত) হয় তৰা বিন্দুটোত। ক'ভিড-১৯য়ে আক্ৰান্ত কৰা তৰাক চিকিৎসালয়লৈ লৈ যায়। সমস্ত ঘৰুৱা দায়িত্ব জানৰ ওপৰত। তৰাক "মিছ" কৰে জানে। তৰাই চিকিৎসালয়ত খালে নে জানিবলৈ মনযায়! 
জানে এছ এম এছ কৰে। 
তৰাৰ অভিমান ভৰা এছ এম এছ-- মোক খোৱাৰ কথা তুমিয়ে সুধিছা নে! 
এছ এম এছৰে কাহিনীয়ে শেষলৈ গতি কৰে। জানে এছ এম এছৰে তৰাক জানিব দিয়ে, সি তাইৰ অপেক্ষাত আছে। তাই অহাৰ দিনা সি কেক বনাব। (আনক মৰম বিলোৱাৰ বাবে আনৰ হতুৱাই কেক বনোৱা জানে তৰাৰ বাবে নিজে কেক বনাব।)
এই খিনিতে আমি এনেদৰে ক'ব পাৰো-- পৰিচালকে, লেখকে জানৰ মাজেৰে, জানৰ সৰু পৃথিৱী খনেৰে অতিমৰীয়ে জ্বলাই যোৱা বিশাল পৃথিৱী খন অনুভৱ কৰিব খুজিছে। চিনেমা খনৰ বিষয় বস্তু "ক'ভিড-১৯ সমস্যা" নহয়, ক'ভিড-১৯য়ে চুই যোৱ জান হতৰ পৃথিৱী খন। ৰূপালী গল্পটো চোৱাৰ পাছত, অনুভৱ কৰাৰ পাছত ক'ব পাৰি-- ৰীমা "good, restrained storyteller", যাৰ সাহিত্যৰ ভাষাক চিনেমেটিক কৌশলেৰে নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আছে। চুটি চুটি সংলাপ, পৰিপাটি শ্বটৰ গাণিতিক ব্যৱহাৰে (যিয়ে চিনেমাৰ গতি মসৃন কৰিছে, গতিত ছন্দ দিছে। যাক ক'ব পাৰি-- চিনেমা খনৰ সৌন্দৰ্য।) গল্পটো আগবঢ়াই নিছে। আগবঢ়াই নিছে realistic acting -ৰ সহায়ত, বাস্তৱ পৰিৱেশ নিৰ্মাণেৰে। চৰিত্ৰ পৰিবেশ নিৰ্মাণৰ সময়ত পৰিচালকৰ দৃষ্টিভংগী পৰ্যবেক্ষণমূলক, তথ্যচিত্ৰ শৈলীৰে জীৱনবোধৰ উন্মেষ ঘটাইছে।
কাহিনী কোৱাৰ শৈলীৰ লগতে ভাললগা দিশটো হ'ল অভিনয়, প্ৰতিটো "চৰিত্ৰ"য়ে "অভিনয়"ৰ আঁতৰত থাকি কৰা অভিনয়। মলয়া গোস্বামীয়ে অভিনয় কম ফুটেজৰ চৰিত্ৰটোৰ পৰা দুই শিশুশিল্পীয়ে কৰা অভিনয়। কাহিনীৰ মূল বিন্দু জান চৰিত্ৰটো সহজ-সৰল নহয়। জটিল। পত্নীৰে সৈতে  দুটি মৰমলগা শিশু, ঘৰৰ পৰা আঁতৰি থকা মাক আৰু বহু বন্ধু তথা কৰ্মচাৰীৰে পৰিবেষ্টিত হৈও এজন মানুহ ক্ৰমশঃ কেনেকৈ নিসংগ হৈ গৈ থাকে সেয়া চৰিত্ৰটোত আভিনয় কৰা অভিজিত দাসে সুন্দৰকৈ তুলি ধৰিছে, চৰিত্ৰটোৰ বিশ্বাসযোগ্যতা বঢ়োৱাত পৰিচালকক সহায় কৰিছে।
চিনেমা খনৰ লেখক-পৰিচালক, সম্পাদক, চিনেমাটোগ্রাফাৰ ৰীমা দাস। গতিকে ক'ব পাৰি চৰিত্ৰ নিৰ্মাণকে ধৰি প্ৰতিটো দিশ ৰীমাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত। মাথো ৰীমাক আৱহ সংগীতেৰে সহায় কৰিছে সাগৰ দেশায়ে। সংগীতকো (চিনেমা আৰু সংগীত সম্পূৰ্ণ বিপৰীত বিন্দুৰ, ধৰ্মৰ কলা। প্ৰায়ে দেখা যায় সংগীতে চিনেমাক শাসন কৰে। আৱহ সংগীত চিনেমাৰ চেকা হয়।) চিনেমেটিক দণ্ডৰে শাসন কৰিছে ৰীমাই। ফলত আৱহ সংগীত "cinematic music"লৈ ৰূপান্তৰ হৈছে, ৰূপালী গল্পটোৰ সৌন্দৰ্য বঢ়াইছে।

বিপৰীতে ৰূপালী গল্পটোৰ সৌন্দৰ্য আৰু বিশ্বাসযোগ্যতা হৃাস কৰিছে "ক'ভিড-১৯ সমস্যা"ৰ পৰিবেশ নিৰ্মাণে। আমাৰ ধাৰণাত "ক'ভিড পৰিবেশ"ৰ ভয়াৱহতা কেমেৰাৰ ভাষাৰে নিৰ্মাণ কৰাত পৰিচালক ব্যৰ্থ। কেমেৰাৰে ধৰি ৰখা ক'ভিড কালৰ বজাৰৰ দৃশ্য কেইটাত পৰিচালকে পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছিল।

শেষত: 

চিনেমা খনৰ আৰু দুটা ইতিবাচক দিশ-- সৰু সৰু চৰিত্ৰটো কেইটাকো কাহিনীৰ সৈতে গুথিছে, কাহিনীৰ গতিত মিলি যোৱাকৈ "মেচেজ" দি গৈছে-- খিলঞ্জীয়াৰ কৰ্ম সংস্কৃতিৰ, সন্তানক বিভিন্ন বাট দেখুৱাই দিব লাগে কিন্তু নিৰ্দিষ্ট বাটত আগবাঢ়িবলৈ মাক-দেউতাকে বাধ্য কৰাব নালাগে ইত্যাদি।




 (আৰু আছে)tora's husband assamese cinema

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...