সরাসরি প্রধান সামগ্রীতে চলে যান

tora's husband

"চকুলো দেখিলে হাঁহিম বাৰু কেনেকৈ
হৃদয়ত ৰাখিলে ভাঙিম বাৰু কেনেকৈ
চকুলো মচি দিয়া যেনেকৈ
হৃদয়ত সাঁচি ৰাখা যেনেকৈ
তেনেকৈ... "
মন চুই যোৱা গীতেৰে শেষ হৈছিল ৰূপালী গল্পটো। কথা, সুৰ-সংগীত, গায়কী, চিত্ৰায়ণ আৰু প্ৰয়োগৰ কথা মনত ৰাখি ক'ব পাৰি authentic cinematic song, লগতে ৰূপালী গল্পটোৰ অংগ, চিনেমা খনৰ সৌন্দৰ্য।
চিনেমা খনৰ নাম-- "তৰা'ছ হাজবেণ্ড" (Tora's Husband)। ৰীমা দাসৰ পৰিপাটি পৰচালনা। তৰাৰ  "হাজবেণ্ড" ভাল মানুহ। তৰাই কয়--  “তেওঁ ভাল মানুহ, কিন্তু ভাল স্বামী নহয়।" 
চিনেমা খনৰ ইতিহাস, চিনেমা খনৰ ভূগোল গল্পটোৰ গতিৰ কেইটা মান মিনিট আগতে স্পষ্ট। প্ৰথমটো শ্বটতে স্পষ্ট-- কাহিনীৰ প্ৰথমটো বিন্দু।জান (অভয়)-- কাহিটোৰ প্ৰথমটো বিন্দু। চৰিত্ৰ বিন্যাসৰ লগে লগে বিন্দুৰ সৰল ৰৈখিক গতি। সৰল মনৰ জান। সি বিছাৰে সকলোৱে ভালে থাকক, সকলোৰে ভাল হওক। লকডাউনৰ পাছতো, আৰ্থিক ক্ষতিৰ পাছতো জানে ইতিবাচক হৈ থাকিবলৈ আৰু আনক সমৰ্থন কৰিবলৈ চেষ্টা কৰে। ফুটবল খেলুৱৈ জানে খেলৰ পৰিবেশ গঢ়াৰ বাবে কাম কৰে, তেজৰ সম্পৰ্ক নথকা মানসিক ভাৰসাম্যহীন "চৰিত"টোৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰে, মদ খাবলৈ ২০ টকা বিছাৰি আমনি কৰা জনকো সোধে-- "কিবা খাবি!" 
কৰ্ম সংস্কৃতিক শ্ৰদ্ধা কৰে জানে। নিজৰ ল’ৰা-ছোৱালীদুটিক মৰম কৰাৰ দৰে কুকুৰটোক, তাৰ ব্যৱসায় প্ৰতিষ্ঠানত কাম কৰা কৰ্মী কেইজনকো মৰম কৰে-খবৰ ৰাখে। লকডাউনৰ সময়তো আৰ্থিক বিপদত পৰিব নিদিয়ে।
কিন্তু জানৰ পক্ষে মন্থৰ অৰ্থনীতিৰ প্ৰভাৱৰ বিৰুদ্ধে যুঁজ দিয়াটো কঠিন হ'ল। বেকাৰী (ৰেষ্টুৰেণ্ট এখনৰ সৈতে বেকাৰী আছে জানৰ। পৰিচালকে 'হাইলাইট" কৰে বেকাৰীৰ কেক। আজিৰ তাৰিখত কেক মৰমৰ বা আনন্দৰ প্ৰতীক নহয় জনো! আনে মৰম বিলোৱাৰ বাবে আনৰ হতুৱাই কেক তৈয়াৰ কৰাই জানে।) খন আনক চলাব দিলে। জানে অনুভৱ কৰিলে-- অসহায়! জানৰ বন্ধু আছে। সিহতক সহায় কৰিছে। সিহতৰ সৈতে মদ খাই, পিকনিক ইত্যাদিত আনন্দৰ সময় পাৰ কৰিছে।
জানৰ পত্নী-- তৰা (তৰাৰ বাবে যেন সময় নাই জানৰ! মদ্যপানত ব্যস্ত সময় চোৱাত তাইৰ কথা মনলৈ নানে। প্ৰতিশ্ৰুতিৰ পাছতো তৰাক "মৰম" দিবলৈ সময় নাই জানৰ! "মৰম" নোপোৱাৰ ক্ষোভ তৰাৰ মুখত দিয়া সংলাপত।)। জান আৰু দুই সন্তানক লৈ তৰাৰ সংসাৰ। জানৰ মদ খোৱা অভ্যাস তৰাৰ পছন্দৰ নহয়। সাংসাৰিক, দৈনন্দিন কামৰ মাজত অতিষ্ঠ তৰা। --হয়, মূৰৰ বিষ লৈ ফুৰা জানে মদ, বন্ধুৰ মাজত সময় পাৰ কৰে, দৈনন্দিন কাম শেষ হোৱাৰ পাছত। (মদ খোৱাৰ পাছত মূৰৰ বিষটোও নোহোৱা হয়!) কিন্তু লকডাউনৰ বাবে হোৱা মন্থৰ অৰ্থনীতিৰ প্ৰভাৱ, ক্ষোভ, হতাশাৰ মাজতো পাৰিবাৰিক বান্ধোনৰ মৰ্য্যদা ৰক্ষাৰ চেষ্টা কৰে। তৰাৰ সৈতে মনান্তৰ হোৱাত ঘৰৰ পৰা আঁতৰি থকা মাকক ওভতাই আনিবলৈ চেষ্টা কৰে।
জানে বিছাৰে তাৰ জীৱনৰ অস্থিৰ সময় খিনিত তাক সকলোৱে সহায় কৰক। 
কিন্তু?
জানে অনুভৱ কৰে নিঃসংগতা, মানুহৰ অৰণ্যৰ মাজত থাকিও যেন অকলশৰীয়া-- "পৃথিৱীত যিমান মানুহ আছে সিমানখন পৃথিৱী আছে৷“ বন্ধু কেইজন, তৰা, তাৰ মাক-- প্ৰতিগৰাকীয়ে নিজৰ নিজৰ পৃথিৱীত ব্যস্ত। তাৰ অস্থিৰ সময়, সি অকলেই স্থিৰ কৰিব লাগিব! (ৰূপালী গল্পটোৰ প্ৰথম ভাগত ব্যৱহাৰ কৰা এটা ছিকুৱেন্স: খেলপথাৰ। জানে দলীয় সহযোগিতাৰে ফুটবলটো আগুৱাই নিয়ে। কিন্তু গ'ল দিয়াৰ সময়ত আন দহজন খেলুৱৈৰ মাজত থাকিয়ো সি অকলশৰীয়া। গ’ল দিয়াৰ দায়িত্ব তাৰ। পৰৱৰ্তীসময়ত জানৰ কান্ধত থকা  জীৱনৰ দায়িত্ববোধে কাহিনীক গতিশীল কৰিছে৷ পৰিচালক-চিত্ৰনাট্যকাৰৰ বুদ্ধিদীপ্ত চিনেচিন্তা।)
 জান বিন্দুটোৰ গতি শেষ (ৰূপালী গল্পটোত) হয় তৰা বিন্দুটোত। ক'ভিড-১৯য়ে আক্ৰান্ত কৰা তৰাক চিকিৎসালয়লৈ লৈ যায়। সমস্ত ঘৰুৱা দায়িত্ব জানৰ ওপৰত। তৰাক "মিছ" কৰে জানে। তৰাই চিকিৎসালয়ত খালে নে জানিবলৈ মনযায়! 
জানে এছ এম এছ কৰে। 
তৰাৰ অভিমান ভৰা এছ এম এছ-- মোক খোৱাৰ কথা তুমিয়ে সুধিছা নে! 
এছ এম এছৰে কাহিনীয়ে শেষলৈ গতি কৰে। জানে এছ এম এছৰে তৰাক জানিব দিয়ে, সি তাইৰ অপেক্ষাত আছে। তাই অহাৰ দিনা সি কেক বনাব। (আনক মৰম বিলোৱাৰ বাবে আনৰ হতুৱাই কেক বনোৱা জানে তৰাৰ বাবে নিজে কেক বনাব।)
এই খিনিতে আমি এনেদৰে ক'ব পাৰো-- পৰিচালকে, লেখকে জানৰ মাজেৰে, জানৰ সৰু পৃথিৱী খনেৰে অতিমৰীয়ে জ্বলাই যোৱা বিশাল পৃথিৱী খন অনুভৱ কৰিব খুজিছে। চিনেমা খনৰ বিষয় বস্তু "ক'ভিড-১৯ সমস্যা" নহয়, ক'ভিড-১৯য়ে চুই যোৱ জান হতৰ পৃথিৱী খন। ৰূপালী গল্পটো চোৱাৰ পাছত, অনুভৱ কৰাৰ পাছত ক'ব পাৰি-- ৰীমা "good, restrained storyteller", যাৰ সাহিত্যৰ ভাষাক চিনেমেটিক কৌশলেৰে নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আছে। চুটি চুটি সংলাপ, পৰিপাটি শ্বটৰ গাণিতিক ব্যৱহাৰে (যিয়ে চিনেমাৰ গতি মসৃন কৰিছে, গতিত ছন্দ দিছে। যাক ক'ব পাৰি-- চিনেমা খনৰ সৌন্দৰ্য।) গল্পটো আগবঢ়াই নিছে। আগবঢ়াই নিছে realistic acting -ৰ সহায়ত, বাস্তৱ পৰিৱেশ নিৰ্মাণেৰে। চৰিত্ৰ পৰিবেশ নিৰ্মাণৰ সময়ত পৰিচালকৰ দৃষ্টিভংগী পৰ্যবেক্ষণমূলক, তথ্যচিত্ৰ শৈলীৰে জীৱনবোধৰ উন্মেষ ঘটাইছে।
কাহিনী কোৱাৰ শৈলীৰ লগতে ভাললগা দিশটো হ'ল অভিনয়, প্ৰতিটো "চৰিত্ৰ"য়ে "অভিনয়"ৰ আঁতৰত থাকি কৰা অভিনয়। মলয়া গোস্বামীয়ে অভিনয় কম ফুটেজৰ চৰিত্ৰটোৰ পৰা দুই শিশুশিল্পীয়ে কৰা অভিনয়। কাহিনীৰ মূল বিন্দু জান চৰিত্ৰটো সহজ-সৰল নহয়। জটিল। পত্নীৰে সৈতে  দুটি মৰমলগা শিশু, ঘৰৰ পৰা আঁতৰি থকা মাক আৰু বহু বন্ধু তথা কৰ্মচাৰীৰে পৰিবেষ্টিত হৈও এজন মানুহ ক্ৰমশঃ কেনেকৈ নিসংগ হৈ গৈ থাকে সেয়া চৰিত্ৰটোত আভিনয় কৰা অভিজিত দাসে সুন্দৰকৈ তুলি ধৰিছে, চৰিত্ৰটোৰ বিশ্বাসযোগ্যতা বঢ়োৱাত পৰিচালকক সহায় কৰিছে।
চিনেমা খনৰ লেখক-পৰিচালক, সম্পাদক, চিনেমাটোগ্রাফাৰ ৰীমা দাস। গতিকে ক'ব পাৰি চৰিত্ৰ নিৰ্মাণকে ধৰি প্ৰতিটো দিশ ৰীমাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত। মাথো ৰীমাক আৱহ সংগীতেৰে সহায় কৰিছে সাগৰ দেশায়ে। সংগীতকো (চিনেমা আৰু সংগীত সম্পূৰ্ণ বিপৰীত বিন্দুৰ, ধৰ্মৰ কলা। প্ৰায়ে দেখা যায় সংগীতে চিনেমাক শাসন কৰে। আৱহ সংগীত চিনেমাৰ চেকা হয়।) চিনেমেটিক দণ্ডৰে শাসন কৰিছে ৰীমাই। ফলত আৱহ সংগীত "cinematic music"লৈ ৰূপান্তৰ হৈছে, ৰূপালী গল্পটোৰ সৌন্দৰ্য বঢ়াইছে।

বিপৰীতে ৰূপালী গল্পটোৰ সৌন্দৰ্য আৰু বিশ্বাসযোগ্যতা হৃাস কৰিছে "ক'ভিড-১৯ সমস্যা"ৰ পৰিবেশ নিৰ্মাণে। আমাৰ ধাৰণাত "ক'ভিড পৰিবেশ"ৰ ভয়াৱহতা কেমেৰাৰ ভাষাৰে নিৰ্মাণ কৰাত পৰিচালক ব্যৰ্থ। কেমেৰাৰে ধৰি ৰখা ক'ভিড কালৰ বজাৰৰ দৃশ্য কেইটাত পৰিচালকে পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছিল।

শেষত: 

চিনেমা খনৰ আৰু দুটা ইতিবাচক দিশ-- সৰু সৰু চৰিত্ৰটো কেইটাকো কাহিনীৰ সৈতে গুথিছে, কাহিনীৰ গতিত মিলি যোৱাকৈ "মেচেজ" দি গৈছে-- খিলঞ্জীয়াৰ কৰ্ম সংস্কৃতিৰ, সন্তানক বিভিন্ন বাট দেখুৱাই দিব লাগে কিন্তু নিৰ্দিষ্ট বাটত আগবাঢ়িবলৈ মাক-দেউতাকে বাধ্য কৰাব নালাগে ইত্যাদি।




 (আৰু আছে)tora's husband assamese cinema

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...