সরাসরি প্রধান সামগ্রীতে চলে যান

অসমীয়া চিনমাৰ বাহিৰে-ভিতৰে/১

১৯৯৩ চনত দৈনিক কাকত "আজিৰ সংবাদ"ত আৰু সাপ্তাহিক কাকত "জনক্ৰান্তি"ত; আৰু তাৰ আগতে সাপ্তাহিক কাকত "ইস্তাহাৰ" লিখিছিলোঁ অসমীয়া চিনেমা কেন্দ্ৰিক তিনিটা লেখা। সেই লেখা তিনিটা আজিৰ তাৰিখতো ছপাব পাৰি, সম্পাদনা নকৰাকৈ। বিষয়: অসমীয়া চিনেমাৰ "চিত্ৰগৃহ সমস্যা" ইত্যাদি। আজিৰ তাৰিখতো সেই একে সমস্যা, অসমত অসমীয়া চিনেমাই বিছৰা মতে চিত্ৰগৃহৰ "সময়" নোপোৱাৰ সমস্যা।
"মমতাৰ চিঠি" প্ৰযোজক-পৰিচালক পক্ষৰ আভিযোগ: চিত্ৰগৃহৰ মালিকে অসমীয়া চিনেমা খনক "প্রাইম টাইম" নিদিলে। মানে, সৰ্বাধিক দৰ্শকে চিনেমা চাবলৈ যিখিনি সময় পছন্দ কৰে, সেই "সময়" নিদিলে। গতিকে দৰ্শকৰ মন আছিল যদিও চিনেমা খন চোৱাৰ সুযোগ নাপালে! ১৯৯৩ চনৰ পৰা আমি প্ৰত্যক্ষ সাংবাদিকতাৰ সৈতে জড়িত হৈছোঁ। তেতিয়াৰ পৰা এতিয়ালৈকে এনে ধৰণৰ আভিযোগ প্ৰায়ে উত্থাপন হোৱা কথা আমাৰ ভালদৰে মনত আছে।  মনত আছে-- হিন্দী চিনেমা চলাবলৈ অসমৰ (গুৱাহাটীৰ) চিত্ৰগৃহৰ পৰা দৰ্শকে আদৰি থকা অসমীয়া চিনেমা এখন আঁতৰোৱাৰ প্ৰতিবাদত চিনেকৰ্মী সকল ৰাজপথলৈ ওলাই অহা কথা। নিৰ্দিষ্ট চিনেমা খনত আভিনয় নকৰা অভিনেতা, অভিনেত্ৰী সকলো ওলাই আহিছিল।
--আজিৰ তাৰিখতো যদি এখন অসমীয়া চিনেমাই অসমৰ চিত্ৰগৃহত "প্রাইম টাইম" নোপোৱাৰ প্ৰতিবাদত, নিৰ্দিষ্ট চিনেমা খনত অভিনয় নকৰা চিনেকৰ্মী সকলেও প্ৰতিবাদ কৰিলে হেতেন!

অসমীয়া চিনেমাই অসমীয়া চিনেমাৰ বাবে চিত্ৰগৃহ নোপোৱা খবৰ নতুন নহয়!
--মহানগৰীত এখন অসমীয়া চিনেমাৰ কৰ্মীয়ে আন এখন অসমীয়া চিনেমাৰ পোষ্টাৰ ফলাৰ খবৰো আমি লিখিছিলোঁ, ছপাইছিলোঁ। (সেই সময়ত চিনেমাৰ বজাৰ নিয়ন্ত্ৰণ কৰিছিল বিতৰকে। "প্ৰিণ্ট"ৰ যুগ।এখন অসমীয়া চলাইছিল ৩-৪ টা প্ৰিণ্টেৰে।) তেনদৰে এই বছৰটোতে আসমীয়া চিনেমাৰ বাবে অসমীয়া চিনেমাই চিত্ৰগৃহ নোপোৱা খবৰ লিখিছোঁ।
"অনুৰ" চলি থকা সময়তে, দৰ্শকে আদৰি লৈ থকা সময়তে চিত্ৰগৃহলৈ আহিছিল আন এখন অসমীয়া চিনেমা "ডক্তৰ বেজবৰুৱা-২"। কেইটান চিত্ৰগৃহত "অনুৰ" আৰু কেইবাটাও চিত্ৰগৃহত "ডক্তৰ বেজবৰুৱা-২" চলি থকা সময়ত চিত্ৰগৃহলৈ আহিছিল আন এখন অসমীয়া চিনেমা "ব্লেক এণ্ড হোৱাইট"।
--চিনেমা এখন "বজাৰ"ত চলাবলৈ পৰিপাটি পৰিকল্পনাৰ প্ৰয়োজন, যাক কোৱা হয় marketing design of cinema (চিনেমাৰ মার্কেটিং ডিজাইন)। চিত্ৰগৃহ, চিত্ৰগৃহৰ সময়, প্ৰচাৰ এই ডিজাইনৰ মূল দিশ। এই দিশত "ডক্তৰ বেজবৰুৱা-২"কৈ আন দুখন চিনেমা দুৰ্বল আছিল। ফলফল: সুপৰিকল্পিত চিনেশক্তিৰে "অনুৰ"ৰ ("অনুৰ"-এ যে স্থানীয় বজাৰত ব্যৱসায়ত বাধা পাইছিল, সেয়া আছিল অসমীয়া চিনেমাৰ ক্ষতি।) কেইখনমান পৰ্দাত চলি আছিল, "ব্লেক এণ্ড হোৱাইট"ৰ চিনেযাত্ৰা এটা সপ্তাহতে শেষ হৈছিল।
অসমীয়া চিনেমাৰ সংখ্যা বঢ়িছে। গতিকে নিৰ্দিষ্ট শুকুৰবাৰটোত নিৰ্দিষ্ট অসমীয়া চিনেমা বা দুখন চিত্ৰগৃহলৈ আহিব নালাগে বুলি কোৱাৰ যুক্তি নাই। (অসমীয়া চিনেমা অসমৰ চিত্ৰগৃহতে মুক্তি নিদি ক'ত দিব?) গতিকে আমি নিশ্চয় এনেদৰে ক'ব পাৰো-- চিনেমা তিনিখন প্ৰযোজকে আলোচনাৰ মাজেৰে একেলগে চিনেমা তিনিখন চলাৰ বাট মুকলি কৰি ল'ব পাৰিলে হেতেন। বিশেষকৈ "ডক্তৰ বেজবৰুৱা-২"য়ে "অনুৰ"ৰ চিনেযাত্ৰাত সহায় কৰিব পাৰিলে হেতেন, কিছু বাট (কেইটামা চিত্ৰগৃহ) এৰি দি। (এখন মাৰাঠী চিনেমাই আন এখন মাৰাঠী চিনেমা স্থানীয় বজাৰত সহায় কৰা দেখিছিলোঁ। ১৯৯৪-২০০২ সময় চোৱাত। "চৰকাৰনামা" নামৰ মাৰাঠী চিনেমা খনৰ পৰিচালক শ্রাৱনী দেওধৰে চিনেমা খন মুক্তি পোৱাৰ দিনা (১ জানুৱাৰী ১৯৯৮) কৈছিল-- "বাণিজ্যিক হিন্দী চিনেমাৰ হেচাত ভালদৰে উশাহ লবলৈ মাৰাঠী চিনেমাৰ নিৰ্মাতা সকলে এক হৈ, ইজনে সিজনক সহায় কৰিব লাগিব।..." /উৎস:  লোকমত)

আমি আজিলৈকে এনে এখন ছবি দেখা নাই, যিয়ে আমাক আশা দিয়ে-- অসমীয়া চিনেমাৰ প্ৰযোজক-পৰিচালক বা চিনেকৰ্মী সকলে "অসমীয়া চিনেমা উদ্যোগ" গঢ়িবলৈ বা অসমীয়া চিনেমাৰ উত্তৰণৰ স্বাৰ্থত এক হৈ আগবাঢ়িব। দুৰ্ভাগ্য, অতি দুৰ্ভাগ্যৰ কথা-- (চিত্ৰগৃহলৈ অহাৰ আগতে) " অমুক খন অসমীয়া চিনেমা চাব নালাগে" (দুটা উদাহৰণ: বুলু ফিল্ম, ৰাঘৱ) বুলি একাংশ "অসমীয়া চিনেকৰ্মী"য়ে সামাজিক মাধ্যমত সময়ে সময়ে সক্ৰিয় হোৱা ছবিহে আমি দেখিছোঁ।
এই খিনিতে মনলৈ আহিছে-- অমূল্য কাকতিৰ কথা। নাট্যকাৰ, চিত্ৰনাট্য লেখক, অভিনেতা, প্ৰযোজক অমূল্য কাকতিয়ে অসমীয়া চিনেমাই, চিনেকৰ্মীয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পালেই চিনে আনন্দ উপভোগ কৰিছিল। বঁটা প্ৰাপ্ত চিনেমা খনৰ সৈতে তেওঁৰ সম্পৰ্ক নাথাকিলেও। "অসমীয়া চিনেমা"ৰ ভাল খবৰে (বঁটা, বাণিজ্য...) সুখি কৰা অমূল্য কাকতিৰ দৰে অসমীয়া চিনেমাৰ লোক ধেৰ আছে।

--আৰু বিপৰীতে!

ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱ প্ৰসাদ ঠাকুৰৰ পাছত অসমীয়া চিনেমাক স্থানীয় বজাৰত গতি দিয়া পৰিচালক গৰাকী হ'ল-- মুনিন বৰুৱা। পৰিচালক গৰাকীৰ ইখনৰ পাছত সিখন চিনেমা স্থানীয় বজাৰত সফল হৈ থকা সময়তে বহু প্ৰচাৰিত অসমীয়া আলোচনী এখনত, আলোচনী খনৰ সম্পাদনাৰ সৈতে জড়িত থকা এগৰাকীয়ে লিখছিল-- মুনিন বৰুৱাৰ চিনেমাৰ বাণিজ্যিক সফলতা সৰু ল'ৰাই চাইকেল শিকাৰ দৰে, দুই পেদেল মান নপৰাকৈ আগবঢ়াৰ দৰে...। (বাক্য কেইটা ভালদৰে মনলৈ আনিব পৰা নাই। আলোচনী খন বিছাৰি উলিয়াব পৰা নাই। আলোচনী খন বিছাৰি পালেই সম্পূৰ্ণ বাক্য কেইটা, 'সমালোচক' গৰাকীৰ নাম স্পষ্ট কৰিম।) এই একে গৰাকী 'সমালোচক'-এ কাৰিকৰী উপদেষ্টাৰ সহায়ত চিনেমা পৰিচালনা কৰা এগৰাকীক জ্যোতিপ্ৰসাদ আগৰৱালাৰ পাছতে স্থান দিছিল। আন এগৰাকী পৰিচালকে (মাত্ৰ এখন চিনেমা পৰিচালনা কৰিছে। যি খন চিনেমা স্থানীয় বজাৰ, চলচ্চিত্ৰ মহোৎসৱত অসফল।) আকৌ মুনিন বৰুৱা প্ৰসংগত সংবাদ মাধ্যমে সুযোগ দিলেই এনেদৰে কৈছিল-- " মুনিন বৰুৱাই চিত্ৰনাট্য খনেই লিখিব নাজানে।..." এই কথাৰে আঁত ধৰি আন এগৰাকী আলোচনীৰ সম্পাদকে কৈছিল, "অমূল্য কাকতিৰ সহায় নোলোৱাকৈ মুনিন বৰুৱাই চিত্ৰনাট্য লিখিব নোৱাৰে!" (মুনিন বৰুৱাই নিজৰ পৰিচালনাৰ লগতে চিত্ৰনাট্য লিখিছিল-- "বোৱাৰী", "শেৱালী", ‘"ঘৰ সংসাৰ", "মন মন্দিৰ", "সোণ মইনা", "এই দেশ মোৰ দেশ", "অগ্নিসাক্ষী", "মায়া", "অধিনায়ক", "কোঁৱৰ পুৰৰ কোঁৱৰ" আদিৰ।) --এই গৰাকী পৰিচালকৰ "দীনবন্ধু"ৱে যেতিয়া শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পাইছিল, তেতিয়া "বঁটাৰ বাবে, দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱৰ বাবেহে  চিনেমা নিৰ্মাণ কৰোঁ" বুলি ফিটাহি মৰা এচামে "কেনেকৈ পালে!" ধৰণৰ চৰ্চা আৰম্ভ কৰি দিছিল।
-- মুনিন বৰুৱাতে শেষ নহয়। এনে উদাহৰণ ধেৰ আছে। ৰীমা দাসৰ "ভিলেজ ৰকষ্টাৰ্ছ"ৰ সফলতাকো নেতিবাচক চৰ্চাৰ মাজলৈ টানি নিবলৈ চেষ্টা কৰিছিল, "ফিটাহি মৰা" এচামে।

মুনিন বৰুৱাৰ পাছত অসমীয়া চিনেমাক স্থানীয় বজাৰত "দ্ৰুত গতি" দিয়া পৰিচালক তিনিগৰাকী-- জুবিন গাৰ্গ (মিছন চাইনা, কাঞ্চনজংঘা), যতীন বৰা (ৰত্নাকৰ), সুব্ৰত কাকতি (শ্ৰী ৰঘুপতি)। এই পৰিচালক তিনি গৰাকীৰ পৰৱৰ্তী চিনেমাই যদি গতি হেৰুৱাই (box office report-- flop বা below average হয়) , অসমীয়া চিনেমাৰ স্থানীয় বজাৰ খনৰ ক্ষতি হ'ব, সহজতে আকৌ নতুন কোনো প্ৰযোজকে "বিগ বাজেট"ৰ অসমীয়া চিনেমা নিৰ্মাণ কৰিবলৈ আগবাঢ়ি নাহিব। গতিকে "ৰাঘৱ"ৰ বাণিজ্যিক সফলতা বিছাৰোঁ। আজিৰ তাৰিখত ৰীমা দাস, মঞ্জুল বৰা, কৃপাল কলিতা, জয়ছেং জয় দহোতীয়া আদি পৰিচালকৰ পৰা যেনেদৰে "মহোৎসৱ সফলতা" আশা কৰোঁ, তেনেদৰে জুবিন, যতীন, সুব্ৰতৰ পৰা "স্থানীয় বজাৰ সফলতা" আশা কৰোঁ। স্বাৰ্থ এটা-- দুয়োটা ট্ৰেকতে অসমীয়া চিনেমাৰ গতি দ্ৰুত হৈ থাকক।
--এই খিনিতে যতীন বৰাৰ "ৰাঘৱ" কেন্দ্ৰীক চৰ্চা অনুভৱ কৰিছোঁ। এটা কথা মন কৰিছোঁ-- "ৰত্নাকৰ" চিত্ৰগৃহলৈ আহাৰ সময়ত এচামে নেতিবাচক চৰ্চাৰ মাজলৈ চিনেমা খনৰ লগতে যতীন বৰাক টানি আনিছিল। ব্যতিক্ৰম নহয় এইবাৰো। এইবাৰ আৰু এখোপ আগলৈ গৈ-- "ৰাঘৱ" চাব নালাগে চৰ্চা আৰম্ভ কৰি দিছে। যতীন বৰাৰ "ৰাজনৈতিক দোষ" (Political fault) দেখিছে, "কা" বিৰোধী আন্দোলনত অস্থিৰ স্থিতি অনুভৱ কৰিছে! গতিকে "যতীন বৰাৰ চিনেমা চাব নালাগে" চৰ্চা আৰম্ভ কৰি দিছে, সামাজিক মাধ্যমত। সামাজিক মাধ্যমৰ পৰা গৈ সংবাদ মাধ্যমো পাইছে। কোনো ৰাজনৈতিক নেতা, কোনো সংগঠনৰ নেতাই (যি সকলৰ বহুতেই অসমীয়া চিনেমাৰ "চিত্ৰগৃহ সমস্যা" ইত্যাদি প্ৰসংগত মাত নামাতে, টিকট ক্ৰয় অসমীয়া চিনেমা নাচায়...) "ৰাঘৱ" কেন্দ্ৰীক নেতিবাচক চৰ্চা কৰিছে, সেই প্ৰসংগত কিবা কোৱাৰ প্ৰয়োজন আমি অনুভৱ কৰা নাই, সেয়া চিন্তাৰ বিষয়ো নহয়। চিন্তাৰ বিষয়-- এই যে নেতিবাচক চৰ্চা কৰিছে, সেই সকলৰ মাজত অসমীয়া চিনেমাৰ সৈতে প্ৰত্যক্ষ, পৰোক্ষ ভাৱে জড়িত একাংশ সক্ৰিয় হৈ থকা কথাটোহে। (মুনিন বৰুৱা, ৰীমা দাস, যতীন বৰা কেন্দ্ৰীক নেতিবাচক চৰ্চাৰ মূল কাৰণ? চৰ্চা নিশ্চয় কৰিম।) এয়া অসমীয়া চিনেমাৰ ক্ষতিৰ এটা কাৰণ।

--এক হৈ আগবঢ়াৰ যে আশা দেখা নাই বুলিছো যে, এইবোৰ কাৰণতে। (ক্ৰমশঃ)
                               --উৎপল মেনা
                                  ২০/১০/২০২৩

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...