১৯৯৩ চনত দৈনিক কাকত "আজিৰ সংবাদ"ত আৰু সাপ্তাহিক কাকত "জনক্ৰান্তি"ত; আৰু তাৰ আগতে সাপ্তাহিক কাকত "ইস্তাহাৰ" লিখিছিলোঁ অসমীয়া চিনেমা কেন্দ্ৰিক তিনিটা লেখা। সেই লেখা তিনিটা আজিৰ তাৰিখতো ছপাব পাৰি, সম্পাদনা নকৰাকৈ। বিষয়: অসমীয়া চিনেমাৰ "চিত্ৰগৃহ সমস্যা" ইত্যাদি। আজিৰ তাৰিখতো সেই একে সমস্যা, অসমত অসমীয়া চিনেমাই বিছৰা মতে চিত্ৰগৃহৰ "সময়" নোপোৱাৰ সমস্যা।
"মমতাৰ চিঠি" প্ৰযোজক-পৰিচালক পক্ষৰ আভিযোগ: চিত্ৰগৃহৰ মালিকে অসমীয়া চিনেমা খনক "প্রাইম টাইম" নিদিলে। মানে, সৰ্বাধিক দৰ্শকে চিনেমা চাবলৈ যিখিনি সময় পছন্দ কৰে, সেই "সময়" নিদিলে। গতিকে দৰ্শকৰ মন আছিল যদিও চিনেমা খন চোৱাৰ সুযোগ নাপালে! ১৯৯৩ চনৰ পৰা আমি প্ৰত্যক্ষ সাংবাদিকতাৰ সৈতে জড়িত হৈছোঁ। তেতিয়াৰ পৰা এতিয়ালৈকে এনে ধৰণৰ আভিযোগ প্ৰায়ে উত্থাপন হোৱা কথা আমাৰ ভালদৰে মনত আছে। মনত আছে-- হিন্দী চিনেমা চলাবলৈ অসমৰ (গুৱাহাটীৰ) চিত্ৰগৃহৰ পৰা দৰ্শকে আদৰি থকা অসমীয়া চিনেমা এখন আঁতৰোৱাৰ প্ৰতিবাদত চিনেকৰ্মী সকল ৰাজপথলৈ ওলাই অহা কথা। নিৰ্দিষ্ট চিনেমা খনত আভিনয় নকৰা অভিনেতা, অভিনেত্ৰী সকলো ওলাই আহিছিল।
--আজিৰ তাৰিখতো যদি এখন অসমীয়া চিনেমাই অসমৰ চিত্ৰগৃহত "প্রাইম টাইম" নোপোৱাৰ প্ৰতিবাদত, নিৰ্দিষ্ট চিনেমা খনত অভিনয় নকৰা চিনেকৰ্মী সকলেও প্ৰতিবাদ কৰিলে হেতেন!
অসমীয়া চিনেমাই অসমীয়া চিনেমাৰ বাবে চিত্ৰগৃহ নোপোৱা খবৰ নতুন নহয়!
--মহানগৰীত এখন অসমীয়া চিনেমাৰ কৰ্মীয়ে আন এখন অসমীয়া চিনেমাৰ পোষ্টাৰ ফলাৰ খবৰো আমি লিখিছিলোঁ, ছপাইছিলোঁ। (সেই সময়ত চিনেমাৰ বজাৰ নিয়ন্ত্ৰণ কৰিছিল বিতৰকে। "প্ৰিণ্ট"ৰ যুগ।এখন অসমীয়া চলাইছিল ৩-৪ টা প্ৰিণ্টেৰে।) তেনদৰে এই বছৰটোতে অসমীয়া চিনেমাৰ বাবে অসমীয়া চিনেমাই চিত্ৰগৃহ নোপোৱা খবৰ লিখিছোঁ।
"অনুৰ" চলি থকা সময়তে, দৰ্শকে আদৰি লৈ থকা সময়তে চিত্ৰগৃহলৈ আহিছিল আন এখন অসমীয়া চিনেমা "ডক্তৰ বেজবৰুৱা-২"। কেইটান চিত্ৰগৃহত "অনুৰ" আৰু কেইবাটাও চিত্ৰগৃহত "ডক্তৰ বেজবৰুৱা-২" চলি থকা সময়ত চিত্ৰগৃহলৈ আহিছিল আন এখন অসমীয়া চিনেমা "ব্লেক এন হোৱাইট"।
--চিনেমা এখন "বজাৰ"ত চলাবলৈ পৰিপাটি পৰিকল্পনাৰ প্ৰয়োজন, যাক কোৱা হয় marketing design of cinema (চিনেমাৰ মার্কেটিং ডিজাইন)। চিত্ৰগৃহ, চিত্ৰগৃহৰ সময়, প্ৰচাৰ এই ডিজাইনৰ মূল দিশ। এই দিশত "ডক্তৰ বেজবৰুৱা-২"কৈ আন দুখন চিনেমা দুৰ্বল আছিল। ফলফল: সুপৰিকল্পিত চিনেশক্তিৰে "অনুৰ"ৰ ("অনুৰ"-এ যে স্থানীয় বজাৰত ব্যৱসায়ত বাধা পাইছিল, সেয়া আছিল অসমীয়া চিনেমাৰ ক্ষতি।) কেইখনমান পৰ্দাত চলি আছিল, "ব্লেক এন হোৱাইট"ৰ চিনেযাত্ৰা এটা সপ্তাহতে শেষ হৈছিল।
অসমীয়া চিনেমাৰ সংখ্যা বঢ়িছে। গতিকে নিৰ্দিষ্ট শুকুৰবাৰটোত নিৰ্দিষ্ট অসমীয়া চিনেমা বা দুখন চিত্ৰগৃহলৈ আহিব নালাগে বুলি কোৱাৰ যুক্তি নাই। (অসমীয়া চিনেমা অসমৰ চিত্ৰগৃহতে মুক্তি নিদি ক'ত দিব?) গতিকে আমি নিশ্চয় এনেদৰে ক'ব পাৰো-- চিনেমা তিনিখনৰ প্ৰযোজকে আলোচনাৰ মাজেৰে একেলগে চিনেমা তিনিখন চলাৰ বাট মুকলি কৰি ল'ব পাৰিলে হেতেন। বিশেষকৈ "ডক্তৰ বেজবৰুৱা-২"য়ে "অনুৰ"ৰ চিনেযাত্ৰাত সহায় কৰিব পাৰিলে হেতেন, কিছু বাট (কেইটামা চিত্ৰগৃহ) এৰি দি। (এখন মাৰাঠী চিনেমাই আন এখন মাৰাঠী চিনেমা স্থানীয় বজাৰত সহায় কৰা দেখিছিলোঁ। ১৯৯৪-২০০২ সময় চোৱাত। "চৰকাৰনামা" নামৰ মাৰাঠী চিনেমা খনৰ পৰিচালক শ্রাৱনী দেওধৰে চিনেমা খন মুক্তি পোৱাৰ দিনা (১ জানুৱাৰী ১৯৯৮) কৈছিল-- "বাণিজ্যিক হিন্দী চিনেমাৰ হেচাত ভালদৰে উশাহ লবলৈ মাৰাঠী চিনেমাৰ নিৰ্মাতা সকলে এক হৈ, ইজনে সিজনক সহায় কৰিব লাগিব।..." /উৎস: লোকমত)
আমি আজিলৈকে এনে এখন ছবি দেখা নাই, যিয়ে আমাক আশা দিয়ে-- অসমীয়া চিনেমাৰ প্ৰযোজক-পৰিচালক বা চিনেকৰ্মী সকলে "অসমীয়া চিনেমা উদ্যোগ" গঢ়িবলৈ বা অসমীয়া চিনেমাৰ উত্তৰণৰ স্বাৰ্থত এক হৈ আগবাঢ়িব। দুৰ্ভাগ্য, অতি দুৰ্ভাগ্যৰ কথা-- (চিত্ৰগৃহলৈ অহাৰ আগতে) " অমুক খন অসমীয়া চিনেমা চাব নালাগে" (দুটা উদাহৰণ: বুলু ফিল্ম, ৰাঘৱ) বুলি একাংশ "অসমীয়া চিনেকৰ্মী"য়ে সামাজিক মাধ্যমত সময়ে সময়ে সক্ৰিয় হোৱা ছবিহে আমি দেখিছোঁ।
মুনিন বৰুৱাৰ পাছত অসমীয়া চিনেমাক স্থানীয় বজাৰত "দ্ৰুত গতি" দিয়া পৰিচালক তিনিগৰাকী-- জুবিন গাৰ্গ (মিছন চাইনা, কাঞ্চনজংঘা), যতীন বৰা (ৰত্নাকৰ), সুব্ৰত কাকতি (শ্ৰী ৰঘুপতি)। এই পৰিচালক তিনি গৰাকীৰ পৰৱৰ্তী চিনেমাই যদি গতি হেৰুৱাই (box office report-- flop বা below average হয়) , অসমীয়া চিনেমাৰ স্থানীয় বজাৰ খনৰ ক্ষতি হ'ব, সহজতে আকৌ নতুন কোনো প্ৰযোজকে "বিগ বাজেট"ৰ অসমীয়া চিনেমা নিৰ্মাণ কৰিবলৈ আগবাঢ়ি নাহিব। গতিকে "ৰাঘৱ"ৰ বাণিজ্যিক সফলতা বিছাৰোঁ। আজিৰ তাৰিখত ৰীমা দাস, মঞ্জুল বৰা, কৃপাল কলিতা, জয়ছেং জয় দহোতীয়া আদি পৰিচালকৰ পৰা যেনেদৰে "মহোৎসৱ সফলতা" আশা কৰোঁ, তেনেদৰে জুবিন, যতীন, সুব্ৰতৰ পৰা "স্থানীয় বজাৰ সফলতা" আশা কৰোঁ। স্বাৰ্থ এটা-- দুয়োটা ট্ৰেকতে অসমীয়া চিনেমাৰ গতি দ্ৰুত হৈ থাকক।
--এই খিনিতে যতীন বৰাৰ "ৰাঘৱ" কেন্দ্ৰীক চৰ্চা অনুভৱ কৰিছোঁ। এটা কথা মন কৰিছোঁ-- "ৰত্নাকৰ" চিত্ৰগৃহলৈ আহাৰ সময়ত এচামে নেতিবাচক চৰ্চাৰ মাজলৈ চিনেমা খনৰ লগতে যতীন বৰাক টানি আনিছিল। ব্যতিক্ৰম নহয় এইবাৰো। এইবাৰ আৰু এখোপ আগলৈ গৈ-- "ৰাঘৱ" চাব নালাগে চৰ্চা আৰম্ভ কৰি দিছে। যতীন বৰাৰ "ৰাজনৈতিক দোষ" (Political fault) দেখিছে, "কা" বিৰোধী আন্দোলনত অস্থিৰ স্থিতি অনুভৱ কৰিছে! গতিকে "যতীন বৰাৰ চিনেমা চাব নালাগে" চৰ্চা আৰম্ভ কৰি দিছে, সামাজিক মাধ্যমত। সামাজিক মাধ্যমৰ পৰা গৈ সংবাদ মাধ্যমো পাইছে। কোনো ৰাজনৈতিক নেতা, কোনো সংগঠনৰ নেতাই (যি সকলৰ বহুতেই অসমীয়া চিনেমাৰ "চিত্ৰগৃহ সমস্যা" ইত্যাদি প্ৰসংগত মাত নামাতে, টিকট ক্ৰয় অসমীয়া চিনেমা নাচায়...) "ৰাঘৱ" কেন্দ্ৰীক নেতিবাচক চৰ্চা কৰিছে, সেই প্ৰসংগত কিবা কোৱাৰ প্ৰয়োজন আমি অনুভৱ কৰা নাই, সেয়া চিন্তাৰ বিষয়ো নহয়। চিন্তাৰ বিষয়-- এই যে নেতিবাচক চৰ্চা কৰিছে, সেই সকলৰ মাজত অসমীয়া চিনেমাৰ সৈতে প্ৰত্যক্ষ, পৰোক্ষ ভাৱে জড়িত একাংশ সক্ৰিয় হৈ থকা কথাটোহে। (মুনিন বৰুৱা, ৰীমা দাস, যতীন বৰা কেন্দ্ৰীক নেতিবাচক চৰ্চাৰ মূল কাৰণ? চৰ্চা নিশ্চয় কৰিম।) (ক্ৰমশঃ)
"মমতাৰ চিঠি" প্ৰযোজক-পৰিচালক পক্ষৰ আভিযোগ: চিত্ৰগৃহৰ মালিকে অসমীয়া চিনেমা খনক "প্রাইম টাইম" নিদিলে। মানে, সৰ্বাধিক দৰ্শকে চিনেমা চাবলৈ যিখিনি সময় পছন্দ কৰে, সেই "সময়" নিদিলে। গতিকে দৰ্শকৰ মন আছিল যদিও চিনেমা খন চোৱাৰ সুযোগ নাপালে! ১৯৯৩ চনৰ পৰা আমি প্ৰত্যক্ষ সাংবাদিকতাৰ সৈতে জড়িত হৈছোঁ। তেতিয়াৰ পৰা এতিয়ালৈকে এনে ধৰণৰ আভিযোগ প্ৰায়ে উত্থাপন হোৱা কথা আমাৰ ভালদৰে মনত আছে। মনত আছে-- হিন্দী চিনেমা চলাবলৈ অসমৰ (গুৱাহাটীৰ) চিত্ৰগৃহৰ পৰা দৰ্শকে আদৰি থকা অসমীয়া চিনেমা এখন আঁতৰোৱাৰ প্ৰতিবাদত চিনেকৰ্মী সকল ৰাজপথলৈ ওলাই অহা কথা। নিৰ্দিষ্ট চিনেমা খনত আভিনয় নকৰা অভিনেতা, অভিনেত্ৰী সকলো ওলাই আহিছিল।
--আজিৰ তাৰিখতো যদি এখন অসমীয়া চিনেমাই অসমৰ চিত্ৰগৃহত "প্রাইম টাইম" নোপোৱাৰ প্ৰতিবাদত, নিৰ্দিষ্ট চিনেমা খনত অভিনয় নকৰা চিনেকৰ্মী সকলেও প্ৰতিবাদ কৰিলে হেতেন!
অসমীয়া চিনেমাই অসমীয়া চিনেমাৰ বাবে চিত্ৰগৃহ নোপোৱা খবৰ নতুন নহয়!
--মহানগৰীত এখন অসমীয়া চিনেমাৰ কৰ্মীয়ে আন এখন অসমীয়া চিনেমাৰ পোষ্টাৰ ফলাৰ খবৰো আমি লিখিছিলোঁ, ছপাইছিলোঁ। (সেই সময়ত চিনেমাৰ বজাৰ নিয়ন্ত্ৰণ কৰিছিল বিতৰকে। "প্ৰিণ্ট"ৰ যুগ।এখন অসমীয়া চলাইছিল ৩-৪ টা প্ৰিণ্টেৰে।) তেনদৰে এই বছৰটোতে অসমীয়া চিনেমাৰ বাবে অসমীয়া চিনেমাই চিত্ৰগৃহ নোপোৱা খবৰ লিখিছোঁ।
"অনুৰ" চলি থকা সময়তে, দৰ্শকে আদৰি লৈ থকা সময়তে চিত্ৰগৃহলৈ আহিছিল আন এখন অসমীয়া চিনেমা "ডক্তৰ বেজবৰুৱা-২"। কেইটান চিত্ৰগৃহত "অনুৰ" আৰু কেইবাটাও চিত্ৰগৃহত "ডক্তৰ বেজবৰুৱা-২" চলি থকা সময়ত চিত্ৰগৃহলৈ আহিছিল আন এখন অসমীয়া চিনেমা "ব্লেক এন হোৱাইট"।
--চিনেমা এখন "বজাৰ"ত চলাবলৈ পৰিপাটি পৰিকল্পনাৰ প্ৰয়োজন, যাক কোৱা হয় marketing design of cinema (চিনেমাৰ মার্কেটিং ডিজাইন)। চিত্ৰগৃহ, চিত্ৰগৃহৰ সময়, প্ৰচাৰ এই ডিজাইনৰ মূল দিশ। এই দিশত "ডক্তৰ বেজবৰুৱা-২"কৈ আন দুখন চিনেমা দুৰ্বল আছিল। ফলফল: সুপৰিকল্পিত চিনেশক্তিৰে "অনুৰ"ৰ ("অনুৰ"-এ যে স্থানীয় বজাৰত ব্যৱসায়ত বাধা পাইছিল, সেয়া আছিল অসমীয়া চিনেমাৰ ক্ষতি।) কেইখনমান পৰ্দাত চলি আছিল, "ব্লেক এন হোৱাইট"ৰ চিনেযাত্ৰা এটা সপ্তাহতে শেষ হৈছিল।
অসমীয়া চিনেমাৰ সংখ্যা বঢ়িছে। গতিকে নিৰ্দিষ্ট শুকুৰবাৰটোত নিৰ্দিষ্ট অসমীয়া চিনেমা বা দুখন চিত্ৰগৃহলৈ আহিব নালাগে বুলি কোৱাৰ যুক্তি নাই। (অসমীয়া চিনেমা অসমৰ চিত্ৰগৃহতে মুক্তি নিদি ক'ত দিব?) গতিকে আমি নিশ্চয় এনেদৰে ক'ব পাৰো-- চিনেমা তিনিখনৰ প্ৰযোজকে আলোচনাৰ মাজেৰে একেলগে চিনেমা তিনিখন চলাৰ বাট মুকলি কৰি ল'ব পাৰিলে হেতেন। বিশেষকৈ "ডক্তৰ বেজবৰুৱা-২"য়ে "অনুৰ"ৰ চিনেযাত্ৰাত সহায় কৰিব পাৰিলে হেতেন, কিছু বাট (কেইটামা চিত্ৰগৃহ) এৰি দি। (এখন মাৰাঠী চিনেমাই আন এখন মাৰাঠী চিনেমা স্থানীয় বজাৰত সহায় কৰা দেখিছিলোঁ। ১৯৯৪-২০০২ সময় চোৱাত। "চৰকাৰনামা" নামৰ মাৰাঠী চিনেমা খনৰ পৰিচালক শ্রাৱনী দেওধৰে চিনেমা খন মুক্তি পোৱাৰ দিনা (১ জানুৱাৰী ১৯৯৮) কৈছিল-- "বাণিজ্যিক হিন্দী চিনেমাৰ হেচাত ভালদৰে উশাহ লবলৈ মাৰাঠী চিনেমাৰ নিৰ্মাতা সকলে এক হৈ, ইজনে সিজনক সহায় কৰিব লাগিব।..." /উৎস: লোকমত)
আমি আজিলৈকে এনে এখন ছবি দেখা নাই, যিয়ে আমাক আশা দিয়ে-- অসমীয়া চিনেমাৰ প্ৰযোজক-পৰিচালক বা চিনেকৰ্মী সকলে "অসমীয়া চিনেমা উদ্যোগ" গঢ়িবলৈ বা অসমীয়া চিনেমাৰ উত্তৰণৰ স্বাৰ্থত এক হৈ আগবাঢ়িব। দুৰ্ভাগ্য, অতি দুৰ্ভাগ্যৰ কথা-- (চিত্ৰগৃহলৈ অহাৰ আগতে) " অমুক খন অসমীয়া চিনেমা চাব নালাগে" (দুটা উদাহৰণ: বুলু ফিল্ম, ৰাঘৱ) বুলি একাংশ "অসমীয়া চিনেকৰ্মী"য়ে সামাজিক মাধ্যমত সময়ে সময়ে সক্ৰিয় হোৱা ছবিহে আমি দেখিছোঁ।
এই খিনিতে চৰ্চালৈ আনিব পাৰি "অসমীয়া চিনেকৰ্মীয়েই অসমীয়া চিনেমা টিকট ক্ৰয় কৰি ইচ্ছা নকৰা প্ৰসংগ।" --এই প্ৰসংগত মই "অসমীয়া প্ৰতিদিন" আৰু "সাদিন" (২০০৮ চনত) কাকতত প্ৰথমবাৰ চৰ্চা কৰিছিলোঁ, প্ৰথমবাৰ। এই চৰ্চা আজিৰ তাৰিখত কৰিলে একেখন ছবিয়ে দেখা যায়। অসমীয়া চিনেমাৰ মানুহ (অভিনেতা, অভিনেত্ৰী, চিত্ৰগ্ৰহণকাৰী আদিৰ সৰহ সংখ্যকেই) -ৰে টিকট ক্ৰয় কৰি অসমীয়া চিনেমা চোৱাৰ অভ্যাস নাই। "অসমীয়া চিনেমা"ৰহৈ একেলগে ঠিয় হোৱাৰ অভ্যাস নাই।
এই খিনিতে মনলৈ আহিছে-- অমূল্য কাকতিৰ কথা। নাট্যকাৰ, চিত্ৰনাট্য লেখক, অভিনেতা, প্ৰযোজক অমূল্য কাকতিয়ে অসমীয়া চিনেমাই, চিনেকৰ্মীয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পালেই চিনে আনন্দ উপভোগ কৰিছিল। বঁটা প্ৰাপ্ত চিনেমা খনৰ সৈতে তেওঁৰ সম্পৰ্ক নাথাকিলেও। "অসমীয়া চিনেমা"ৰ ভাল খবৰে (বঁটা, বাণিজ্য...) সুখি কৰা অমূল্য কাকতিৰ দৰে অসমীয়া চিনেমাৰ লোক ধেৰ আছে।মুনিন বৰুৱাৰ পাছত অসমীয়া চিনেমাক স্থানীয় বজাৰত "দ্ৰুত গতি" দিয়া পৰিচালক তিনিগৰাকী-- জুবিন গাৰ্গ (মিছন চাইনা, কাঞ্চনজংঘা), যতীন বৰা (ৰত্নাকৰ), সুব্ৰত কাকতি (শ্ৰী ৰঘুপতি)। এই পৰিচালক তিনি গৰাকীৰ পৰৱৰ্তী চিনেমাই যদি গতি হেৰুৱাই (box office report-- flop বা below average হয়) , অসমীয়া চিনেমাৰ স্থানীয় বজাৰ খনৰ ক্ষতি হ'ব, সহজতে আকৌ নতুন কোনো প্ৰযোজকে "বিগ বাজেট"ৰ অসমীয়া চিনেমা নিৰ্মাণ কৰিবলৈ আগবাঢ়ি নাহিব। গতিকে "ৰাঘৱ"ৰ বাণিজ্যিক সফলতা বিছাৰোঁ। আজিৰ তাৰিখত ৰীমা দাস, মঞ্জুল বৰা, কৃপাল কলিতা, জয়ছেং জয় দহোতীয়া আদি পৰিচালকৰ পৰা যেনেদৰে "মহোৎসৱ সফলতা" আশা কৰোঁ, তেনেদৰে জুবিন, যতীন, সুব্ৰতৰ পৰা "স্থানীয় বজাৰ সফলতা" আশা কৰোঁ। স্বাৰ্থ এটা-- দুয়োটা ট্ৰেকতে অসমীয়া চিনেমাৰ গতি দ্ৰুত হৈ থাকক।
--এই খিনিতে যতীন বৰাৰ "ৰাঘৱ" কেন্দ্ৰীক চৰ্চা অনুভৱ কৰিছোঁ। এটা কথা মন কৰিছোঁ-- "ৰত্নাকৰ" চিত্ৰগৃহলৈ আহাৰ সময়ত এচামে নেতিবাচক চৰ্চাৰ মাজলৈ চিনেমা খনৰ লগতে যতীন বৰাক টানি আনিছিল। ব্যতিক্ৰম নহয় এইবাৰো। এইবাৰ আৰু এখোপ আগলৈ গৈ-- "ৰাঘৱ" চাব নালাগে চৰ্চা আৰম্ভ কৰি দিছে। যতীন বৰাৰ "ৰাজনৈতিক দোষ" (Political fault) দেখিছে, "কা" বিৰোধী আন্দোলনত অস্থিৰ স্থিতি অনুভৱ কৰিছে! গতিকে "যতীন বৰাৰ চিনেমা চাব নালাগে" চৰ্চা আৰম্ভ কৰি দিছে, সামাজিক মাধ্যমত। সামাজিক মাধ্যমৰ পৰা গৈ সংবাদ মাধ্যমো পাইছে। কোনো ৰাজনৈতিক নেতা, কোনো সংগঠনৰ নেতাই (যি সকলৰ বহুতেই অসমীয়া চিনেমাৰ "চিত্ৰগৃহ সমস্যা" ইত্যাদি প্ৰসংগত মাত নামাতে, টিকট ক্ৰয় অসমীয়া চিনেমা নাচায়...) "ৰাঘৱ" কেন্দ্ৰীক নেতিবাচক চৰ্চা কৰিছে, সেই প্ৰসংগত কিবা কোৱাৰ প্ৰয়োজন আমি অনুভৱ কৰা নাই, সেয়া চিন্তাৰ বিষয়ো নহয়। চিন্তাৰ বিষয়-- এই যে নেতিবাচক চৰ্চা কৰিছে, সেই সকলৰ মাজত অসমীয়া চিনেমাৰ সৈতে প্ৰত্যক্ষ, পৰোক্ষ ভাৱে জড়িত একাংশ সক্ৰিয় হৈ থকা কথাটোহে। (মুনিন বৰুৱা, ৰীমা দাস, যতীন বৰা কেন্দ্ৰীক নেতিবাচক চৰ্চাৰ মূল কাৰণ? চৰ্চা নিশ্চয় কৰিম।) (ক্ৰমশঃ)
--উৎপল মেনা
২০/১০/২০২৩
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন