সরাসরি প্রধান সামগ্রীতে চলে যান

অসমীয়া চিনেমা ২০২৩: আশাৰ বছৰ

"স্থানীয় বজাৰ" সফলতাক বাদ দি চিনেমাৰ দৰে খৰচী মাধ্যম এটাৰ কৰ্ম ধাৰাবাহিকতা ৰক্ষা কৰা সম্ভৱ নহয়। এই যে সম্ভৱ নহয়, সেই বাবেই "বজাৰ কেন্দ্ৰীক চিনেচিন্ত"ৰ গুৰুত্ব বাঢ়িছে। ইয়াৰ মাজতে "স্থানীয় বজাৰ চিন্তা"ৰ আঁতৰত থাকিও একাংশ পৰিচালকে চিনেকৰ্ম কৰি আহিছে। নিৰ্মাতাৰ চিন্তাৰে, পৰিচালকৰ চিন্তাৰে কৰা এনে চিনেকৰ্ম [বহুতে যাক art cinema, arthouse film, art film বুলিয়ো কয়। এয়া ভাৰতীয় ধাৰণা। কোৱা হয় এনে ধৰণৰ চিনেকৰ্ম "প্ৰধানকৈ বাণিজ্যিক লাভৰ পৰিৱৰ্তে নান্দনিক কাৰণত নিৰ্মিত"। এনেদৰেও কোৱা হয় এয়া স্বতন্ত্ৰ চিনেমা (independent cinema)। এনে চিনেমাৰ পৰিকল্পনা কৰাৰৰ সময়ত, ডিজাইন কৰাৰৰ সময়ত 'much viewers'ৰ সন্তুষ্টিৰ প্ৰতি লক্ষ্য ৰখা নহয়, লক্ষ্য-- নিৰ্দিষ্ট বজাৰ (niche market)। এই শৈলীৰ অসমৰ চিনেকৰ্মী সকলৰ লক্ষ্য-- দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱ আৰু একাংশ বিশেষ দৰ্শক।] -ৰ লক্ষ্য মূলতঃ দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱ। ভাললগা বিষয়: ২০২৩ বৰ্ষটোত এনে শৈলীৰ চিনেমাৰ দৰ্শকৰ সংখ্যা বাঢ়িছে অসমীয়া চিনেমাৰ স্থানীয় বজাৰত। বৰ্ষটোত চিত্ৰগৃহলৈ অহা দ্বিতীয় খন অসমীয়া চিনেমা এই ধাৰাৰে। পৰিচালনা শৈলী "বজাৰ চিন্তা" মুক্ত যদিও স্থানীয় বজাৰত (চিনেমাৰ বজাৰৰ ভাষাত) "চেমি হিট"। প্ৰায় ৬০ লাখ টকাৰ বাজেটৰ চিনেমা খনে হয়তো আৰু কিছু "বজাৰ" পালে হেতেন, যদিহে "ডক্তৰ বেজবৰুৱা-২" প্ৰচাৰ ধুমুহাৰে ৩ফেব্ৰুৱাৰী তাৰিখে চিত্ৰগৃহলৈ নাহিল হেতেন। "ডক্তৰ বেজবৰুৱা-২" বছৰটোত মুক্তি পোৱা তৃতীয় খন অসমীয়া চিনেমা। দ্বিতীয় খন-- "অনুৰ"। মঞ্জুল বৰুৱাৰ পৰিচালনা। এই চিনেমা খনৰ প্ৰধান অলংকাৰ ডাঃ জাহানাৰা বেগমক লৈ নিৰ্মাণ কৰা কেন্দ্ৰীয় চৰিত্ৰটো। পৰিপাটি অভিনয়ৰ বাবে ডাঃ বেগমক ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ জুৰীয়ে বিশেষ স্বীকৃতি প্ৰদান কৰে। আৰু চিনেমা খনলৈ ৰাষ্ট্ৰীয় বঁটা আহে শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত। 
বৰ্ষটোত চিত্ৰগৃহলৈ অহা আন কেইখন "স্বতন্ত্ৰ" অসমীয়া চিনেমা--"কমলা কুঁৱৰী" (পৰিচালক: পৰমানন্দ ৰাজবংশী, চিত্ৰগৃহলৈ: ৬ জানুৱাৰী), "কৃষ্ণলীলা" (পৰিচালক: ড° ৰুক্মিণী বৰা, চিত্ৰগৃহলৈ: ৩ মাৰ্চ), "the consequences   (পৰিচালক: চন্দ্ৰ শেখৰ দাস, চিত্ৰগৃহলৈ: ২৬ মে'), tora's husband (পৰিচালক: ৰীমা দাস, চিত্ৰগৃহলৈ: ২২ ছেপ্টেম্বৰ।), "মমতাৰ চিঠি" (পৰিচালক: নিৰ্মল দাস, চিত্ৰগৃহলৈ: ৬ অক্টোবৰ।), "নেলীৰ কথা" (পৰিচালক: পাৰ্থজিৎ বৰুৱা, চিত্ৰগৃহলৈ: ৮ ডিচেম্বৰ।) ইয়াৰে দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত চিত্ৰৰসিকক সন্তুষ্ট কৰা (টৰণ্টো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, বুছান আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, বেংকক বিশ্ব চলচ্চিত্ৰ মহোৎসৱ,
হাইনান দ্বীপ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আদিত)
"তৰা'ছ হাজবেণ্ড"-এ স্থানীয় বজাৰত মধ্যমিয়া ব্যৱসায় কৰাৰ বিপৰীতে আন কেইখনৰ ব্যৱসায়-- সাধাৰণ। উল্লেখ্য যে "মমতাৰ চিঠি" (হেম বৰুৱাৰ একে নামৰ কবিতাৰ) কবিতাৰ আধাৰত নিৰ্মাণ কৰা প্ৰথম খন পূৰ্ণদৈৰ্ঘৰ অসমীয়া চিনেমা।
আহিছো বজাৰ কেন্দ্ৰীক চিন্তাৰে নিৰ্মাণ কৰা অসমীয়া চিনেমালৈ। বছৰটোত চিত্ৰগৃহলৈ আহিছিল-- "ডক্তৰ বেজবৰুৱা ২" (পৰিচালক: নিপন গোস্বামী,    চিত্ৰগৃগলৈ: ৩ফেব্ৰুৱাৰী), "ব্লেক এণ্ড হোৱাইট" (পৰিচালক: ধনজিৎ দাস,  চিত্ৰগৃহলৈ: ২৪ ফেব্ৰুৱাৰী), "দিছপুৰত গাভৰু" (পৰিচালক: এম এম ৰহমান, আসীম বৈশ্য,  চিত্ৰগৃহলৈ: ৩মাৰ্চ), "অৰ্জুন"  (পৰিচালক:ৰজনী বৰ্মন,চিত্ৰগৃহলৈ: ৭ এপ্ৰিল), " কি কোৱা দোস্তি" (পৰিচালক: কেনী বসুমতাৰী, চিত্ৰগৃহলৈ: ২৮ এপ্ৰিল), "শ্ৰী ৰঘুপতি"  (পৰিচালক: সুব্ৰত কাকতি, চিত্ৰগৃহলৈ ৫জুন), "দ্য শ্লেমবুক" (পৰিচালক: প্ৰাঞ্জল গৈয়াৰী, চিত্ৰগৃহলৈ: ৩০ জুন), "এটি নক্ষত্ৰ" (পৰিচালক: ৰুদ্ৰজিৎ মজুমদাৰ,  চিত্ৰগৃহলৈ : ৬ অক্টোবৰ), "বীৰ" (পৰিচালক: নাৰায়ণ শীল, চিত্ৰগৃহলৈ: ১১ অক্টোবৰ), "ৰাঘৱ" (পৰিচালনা: যতীন বৰা  চিত্ৰগৃহলৈ: ২৭ অক্টোবৰ), "ৰঙাটাপু-১৯৮২" (পৰিচালক: আদিত্যম শইকীয়া, চিত্ৰগৃহলৈ: ২৪ নৱেম্বৰ)। 
অসমীয়া চিনেমাৰ শুদ্ধ, স্পষ্ট box office collection report পোৱা নাযায়। বিভিন্ন উৎসৰ পৰা পোৱা তথ্য: প্ৰায় ২ কোটি টকা বাজেটৰ "ডাক্তৰ বেজবৰুৱা"ৰ collection ৫.৫ কোটি টকা, প্ৰায় ২ কোটি টকা বাজেটৰ "শ্ৰী ৰঘুপতি"ৰ collection ১৩.৮১ কোটি টকা। ১কোটি টকা বাজেটৰ "ৰঙাটাপু-১৯৮২"ৰ লগতে "কি কোৱা দোস্তি"ৰ স্থানীয় বজাৰত ব্যৱসায় সন্তোষজনক। আনকেইখনৰ-- সাধাৰণ। বছৰটোত অসমীয়া চিনেমাৰ বজাৰৰ ক্ষতি-- যতীন বৰাৰ "ৰাঘৱ"ৰ সাধাৰণ ব্যৱসায়। প্ৰায় ২.৩ কোটি টকা বাজেটৰ চিনেমা খনৰ প্ৰযোজকে বিনিয়োগ কৰা টকা খিনিহে স্থানীয় বজাৰৰৰ পৰা আহৰণ কৰিছে। উল্লেখ্য যে যতীন বৰাৰ "ৰত্নাকৰ"ৰ collection আছিল ৯,৪৮,১৬,২৬০ টকা (100 rupees in 2019 are equivalent to 126.27
 rupees in 2023.)। এই সংখ্যা চলিত বৰ্ষত অতিক্ৰম কৰিলে "শ্ৰী ৰঘুপতি"য়ে। এই যে অতিক্ৰম কৰিলে, এয়া আশাৰ বতৰা। অসমীয়া চিনেমাৰ স্থানীয় বজাৰৰ ইতিবাচক বতৰা। তেনেদৰে ইতিবাচক খবৰ-- বছৰটোত "অসমীয়া চিনেমা"ই চন্দ্ৰ শেখৰ দাস, সুব্ৰত কাকতি, ৰুদ্ৰজিৎ মজুমদাৰ, নিৰ্মল দাস, আদিত্যম শইকীয়া নামেৰে নতুন পৰিচালক পালে, যাৰ পৰা আশা কৰিব পাৰোঁ-- নতুন চিনেচিন্তাৰ নতুন চিনেকৰ্ম।
২০২৩ বৰ্ষটোৰ আন তিনিখন অসমীয়া চিনেমা -- প্ৰদ্যুৎ কুমাৰ ডেকাৰ পৰিচালনাৰে নিৰ্মিত-- "The Government Servant", কেনী বসুমতাৰীৰ পৰিচালনাৰে নিৰ্মিত-- "জিয়া"। চিত্ৰগৃহত মুক্তি দিয়া নাই। চলিত বৰ্ষটোত চিত্ৰগৃহত মুক্তি নিদিয়া আন এখন অসমীয়া চিনেমা "অনুনাদ"।  ৰীমা বৰাৰ পৰিচালনাৰে অসম চলচ্চিত্ৰ নিগম লিমেটডে নিৰ্মাণ কৰা এই চিনেমা খনে লাভ কৰিছে ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবিৰ শিতানত।
                                  ---উৎপল মেনা

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...