সরাসরি প্রধান সামগ্রীতে চলে যান

চামেলি মেমচা'ব चमेली मेमसाब

পঢ়িছিলোঁ-- "চামেলি মেমচা'ব। নিৰোদ চৌধুৰীৰ গল্প। নিৰোদ চৌধুৰীৰ "শব্দ-চয়ন", নিৰোদ চৌধুৰীৰ "কাহিনী"ৰ যিমান আকৰ্ষণ শক্তি, সিমানেই চিনে শক্তি একে নামৰ অসমীয়া চিনেমা খনৰ। 

বাংলা "চামেলী মেমসাহেব"ত ৰাখী, জৰ্জ বেকাৰ

"অসম দেশৰ বাগিচাৰে ছোৱালী..." (ঊষা মংগেশকাৰ) "জিগিজা গিজাও ..." (ভূপেন হাজৰিকা, ঊষা মংগেশকাৰ), “হাৱা নাই বতাচ নাই...” (ভূপেন হাজৰিকা ঊষা মংগেশকাৰ), “হায়ৰে প্ৰাণেৰ বাচা মোৰ..." (ভূপেন হাজৰিকা ঊষা মংগেশকাৰ), "অ' বিদেশী বন্ধু" (ভূপেন হাজৰিকা) -- গীতকেইটা, গীত কেইটাৰ চিত্রায়ন আজিও মনত সেউজ হৈ আছে। প্রথমবাৰ যেতিয়া চাইছিলোঁ 'চায়াবাজি' বুলিয়ে চাইছিলোঁ। ১৯৭৮-৮০। সেই সময়ত আমাৰ গাওঁ বেলশৰলৈ 'ছায়াবাজি' আহিছিল। বিভিন্ন তথ্যচিত্র দেখুৱাইছিল। মাজে সময়ে অসমীয়া চিনেমাৰ অংশ বিশেষো দেখুৱাইছিল। এদিন চাইছিলোঁ 'অসম দেশৰ বাগিচাৰে ছোৱালী...' গীতটো আৰু নাটকীয় কিছু অংশ। পাছত, চিনেমা বুজা বয়সত ডিব্ৰুগড়ৰ ৰংঘৰ চিত্ৰগৃহত ৰূপালী গল্পটো চাইছিলোঁ। সেই সময়ত চিনেমা খনৰ সংলাপ হজম কৰিব পৰা নাছিলো। পৰবৰ্তী সময়ত বুজিলো সংলাপ সমূহেই আছিল চিনেমা খনৰ সৌন্দৰ্য। ৰূপালী গল্পটো চাহ বাগিছা এখনৰ। আৰু 'নায়ক' ব্রিটিছ। (কাহিনী: পাঠশালা স্কুলৰ শিক্ষক গৰাকী চাহ বাগিছাত নতুন। এদিন চিনাকি হয় ব্রিটিছ চাহাব বার্কলীৰ সৈতে। আচহুৱা প্ৰকৃতিৰ। সেইখন বাগিছাৰে মেনেজাৰ আছিল। মেনেজাৰী এৰি দিছিল; কিন্তু বাগিছা এৰা নাছিল। চাকৰি তেতিয়া এৰি দিছিল, যেতিয়া পত্নী চামেলিয়ে আত্মহত্যা কৰিছিল। সমাজে কয়, চামেলিৰ মাকে ভাবে --চামেলীয়ে বাকলী চাহাবৰ দোষতে আত্মহত্যা কৰিছে। 

-- কোন চামেলি! একেখন বাগিছাৰে চৰ্দাৰৰ জীয়েক চামেলি। অসম দেশৰ বাগিছাৰ চঞ্চলা চামেলি, তাইৰ প্ৰেমত পৰিছিল বাৰ্কলী চাহাব। চামেলীৰ ঘৰৰ, সমাজৰ বিৰোধৰ পিছততো তাইক পত্নীৰূপে গ্রহণ কৰিছিল। এদিন চামেলি মা হবলৈ ওলাল। গর্ভবতী অৱস্থাত ধৰা পৰে চামেলিৰ-- দেহত কুষ্ঠৰোগ। এনে বেয়া সময়তে তাই মা হয়। এজনী ছোৱালী সন্তান জন্ম দিয়ে। সন্তানটোক লৈ বার্কলী চাহাবৰ ভয় হয়, যদি তাইৰ দেহলৈয়ো কুষ্ঠৰোগ আহে! মাতৃৰ পৰা সন্তানক আঁতৰত ৰাখে বাৰ্কলী চাহাবে। বুজিব নোৱাৰিলে মাতৃৰ মমতা! সন্তানটোক চাবলৈ নাপায়, ওচৰত নাপায় চামেলীয়ে আত্মহত্যা কৰে। 

আৰু সন্তানটো! 

সন্তানটো শাৰীৰিকভাবে বাধাগ্রস্থ। চিকিৎসকে কৈছে সন্তানটো আৰু ভাল নহয়। সন্তানটোৰ জীৱনৰ শেষ দিনটোলৈ বাৰ্কলী চাহাবে বাগিছা এৰিব নোৱাৰে।) অসমত থকা ব্রিটিছ চাহাব এজনে যেনেধৰণৰ 'ভাষা' ক'ব পাৰে, চাহ বাগিছাৰ 'চৰিত্ৰ'বোৰে যেনেধৰণৰ ভাষা কয়, তেনে ধৰণৰ সংলাপ চিনেমাখনত ব্যৱহাৰ কৰিছে। যাৰ বাবে দর্শকে প্রতিটো চৰিত্ৰক 'বাস্তৱ'ত দেখিছে।  

--চিনেমাখনৰ চৰিত্ৰ নিৰ্মাণ আন এক যোগাত্মক দিশ। ব্ৰিটিছ চাহাবৰ চৰিত্ৰটোৰ বাবে জর্জ বেকাৰৰ বাহিৰে আন কোন হব পাৰে? বাকলী চাহাবৰ লগতে বিনীতা বৰগোহাঁইক লৈ চামেলি চৰিত্ৰটোও দর্শকক চুব পৰাকৈ নিৰ্মাণ কৰিছে। সাহিত্যৰ ভাষাৰ লগতে কেমেৰাৰ ভাষাৰো ব্যৱহাৰ সুপৰিকল্পিত। 

চিনেমা খনৰ কেইটামান তথ্য:

-- এই ক'লা-বগা অসমীয়া চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ১০ অক্টোবৰ ১৯৭৫ ত। চিত্ৰনাট্যকাৰ-পৰিচালক: আব্দুল মজিদ। চিত্ৰগ্ৰহণ: বিজয় দে। সম্পাদক: প্ৰণৱ ঘোষ।  বিনীতা বৰগোহাঁই, জৰ্জ বেকাৰৰ লগতে অভিনয় কৰিছিল হাদি আলম বৰা, আব্দুল মজিদ, ৰাণী পাঠক, তিলমিজুৰ ৰহমান আদিয়ে। এই চিনেমা খনৰ সংগীতৰ বাবে ড° ভূপেন হাজৰিকাই লাভ কৰিছিল শ্ৰেষ্ঠ সংগীত পৰিচালকৰ শিতানত (১৯৭৫ চনত) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (23rd National Film Awards)। 

চিনেমা খনৰ (মুক্তিৰ সময়ত ) প্ৰিণ্টৰ সংখ্যা আছিল ৫টা। (সেই সময়ৰ "টকাৰ মূল্য"ত চিনেমা খন নিৰ্মাণত খৰচ হৈছিল প্ৰায় ১লাখ ১৫ হাজাৰ টকা। Box office Collection প্ৰায় ৪ লাখ টকা।) এটা প্ৰিণ্ট আজিৰ তাৰিখতো আছে-- অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ আৰ্কাইভত। (প্ৰিণ্টটো চিনেমা খনৰ নিৰ্মাতাৰ পৰিয়ালৰ ফালৰ পৰা সংৰক্ষণৰ বাবে ASFFDC-ক দিছে। আনহাতে ডিজিটেল সংস্কৰণো কৰি ৰাখিছে পৰিচলকৰ পৰিয়ালে।

এই চিনেমা খন 48 IffI 2017 Homeg  শিতানত প্ৰদৰ্শিত হৈছিল। যত পৰিয়ালৰ লোকো উপস্থিত আছিল।

বিশেষ তথ্য, যি "তথ্য" মনত ৰাখি আমি গৌৰৱ কৰিব পাৰোঁ-- অসমীয়া "চামেলি মেমচা'বৰ সফলতাৰ পাছত নিৰ্মাণ হৈছিল আৰু দুখন-- "চামেলি"।

হিন্দী আৰু বাংলা "চামেলি"। বাংলা "চামেলী মেমসাহেব"ৰ চিত্ৰনাট্য-পৰিচালনা ইন্দৰ সেনৰ। চামেলীৰ চৰিত্ৰটোত আভিনয় কৰিছিল ৰাখীয়ে। বাৰ্কলী চাহাবৰ চৰিত্ৰত জৰ্জ বেকাৰে বাংলা খনতো অভিনয় কৰিছে। অন্যান্য চৰিত্ৰত-- অনিল চট্টোপাধ্যায়, তৰুণকুমায়, নিমু ভৌমিক, চিন্ময় ৰায়, গীতা দে, সংহিতা মুখোপাধ্যায় কুমকুম মুখোপাধ্যায় তপতী ভট্টাচার্য আদিয়ে। এই খনৰো সংগীত ভূপেন হাজৰিকাৰ। গীতৰ কথা: পুলক বন্দ্যোপাধ্যায় আৰু শিবদাস বন্দ্যোপাধ্যায়। গীত কেইটাত কণ্ঠদান কৰিছে ভূপেন হাজৰিকাৰ লগতে হেমন্ত মুখোপাধ্যায়, আশা ভোছলে, ঊষা মঙ্গেশকাৰ আৰতি মুখোপাধ্যায়ে। --অসমীয়া খনৰ দৰে এইখনো ব্যৱসায়িক দিশত সফল হৈছিল। মুক্তিৰ সময়ত প্ৰিণ্ট আছিল ১৫টা। 

১৯৭৯ চনত চিত্ৰগৃহলৈ আহিছিল হিন্দী "চামেলি মেমেচা'ব" (चमेली मेमसाब)। চিত্ৰনাট্য-পৰিচালনা অজিত লাহিড়ীৰ। অভিনয় কৰিছিল টম অলটাৰ, 

মিঠুন চক্ৰৱৰ্তী, আভা ধুলীয়া, জন মেকেঞ্জী, সুসন্ত সন্যাল, অঞ্জন শ্ৰীবাস্তৱ, কেৰল ইভান্স অলটাৰ, মিচেছ ফ্ৰেডী ষ্ট্ৰাউড আদিয়ে। এই খনৰ সংগীত ভূপেন হাজৰিকা, ৰবিশঙ্কৰ শর্মাৰ (ৰবি)।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...