সরাসরি প্রধান সামগ্রীতে চলে যান

চামেলি মেমচা'ব चमेली मेमसाब

পঢ়িছিলোঁ-- "চামেলি মেমচা'ব। নিৰোদ চৌধুৰীৰ গল্প। নিৰোদ চৌধুৰীৰ "শব্দ-চয়ন", নিৰোদ চৌধুৰীৰ "কাহিনী"ৰ যিমান আকৰ্ষণ শক্তি, সিমানেই চিনে শক্তি একে নামৰ অসমীয়া চিনেমা খনৰ। 

বাংলা "চামেলী মেমসাহেব"ত ৰাখী, জৰ্জ বেকাৰ

"অসম দেশৰ বাগিচাৰে ছোৱালী..." (ঊষা মংগেশকাৰ) "জিগিজা গিজাও ..." (ভূপেন হাজৰিকা, ঊষা মংগেশকাৰ), “হাৱা নাই বতাচ নাই...” (ভূপেন হাজৰিকা ঊষা মংগেশকাৰ), “হায়ৰে প্ৰাণেৰ বাচা মোৰ..." (ভূপেন হাজৰিকা ঊষা মংগেশকাৰ), "অ' বিদেশী বন্ধু" (ভূপেন হাজৰিকা) -- গীতকেইটা, গীত কেইটাৰ চিত্রায়ন আজিও মনত সেউজ হৈ আছে। প্রথমবাৰ যেতিয়া চাইছিলোঁ 'চায়াবাজি' বুলিয়ে চাইছিলোঁ। ১৯৭৮-৮০। সেই সময়ত আমাৰ গাওঁ বেলশৰলৈ 'ছায়াবাজি' আহিছিল। বিভিন্ন তথ্যচিত্র দেখুৱাইছিল। মাজে সময়ে অসমীয়া চিনেমাৰ অংশ বিশেষো দেখুৱাইছিল। এদিন চাইছিলোঁ 'অসম দেশৰ বাগিচাৰে ছোৱালী...' গীতটো আৰু নাটকীয় কিছু অংশ। পাছত, চিনেমা বুজা বয়সত ডিব্ৰুগড়ৰ ৰংঘৰ চিত্ৰগৃহত ৰূপালী গল্পটো চাইছিলোঁ। সেই সময়ত চিনেমা খনৰ সংলাপ হজম কৰিব পৰা নাছিলো। পৰবৰ্তী সময়ত বুজিলো সংলাপ সমূহেই আছিল চিনেমা খনৰ সৌন্দৰ্য। ৰূপালী গল্পটো চাহ বাগিছা এখনৰ। আৰু 'নায়ক' ব্রিটিছ। (কাহিনী: পাঠশালা স্কুলৰ শিক্ষক গৰাকী চাহ বাগিছাত নতুন। এদিন চিনাকি হয় ব্রিটিছ চাহাব বার্কলীৰ সৈতে। আচহুৱা প্ৰকৃতিৰ। সেইখন বাগিছাৰে মেনেজাৰ আছিল। মেনেজাৰী এৰি দিছিল; কিন্তু বাগিছা এৰা নাছিল। চাকৰি তেতিয়া এৰি দিছিল, যেতিয়া পত্নী চামেলিয়ে আত্মহত্যা কৰিছিল। সমাজে কয়, চামেলিৰ মাকে ভাবে --চামেলীয়ে বাকলী চাহাবৰ দোষতে আত্মহত্যা কৰিছে। 

-- কোন চামেলি! একেখন বাগিছাৰে চৰ্দাৰৰ জীয়েক চামেলি। অসম দেশৰ বাগিছাৰ চঞ্চলা চামেলি, তাইৰ প্ৰেমত পৰিছিল বাৰ্কলী চাহাব। চামেলীৰ ঘৰৰ, সমাজৰ বিৰোধৰ পিছততো তাইক পত্নীৰূপে গ্রহণ কৰিছিল। এদিন চামেলি মা হবলৈ ওলাল। গর্ভবতী অৱস্থাত ধৰা পৰে চামেলিৰ-- দেহত কুষ্ঠৰোগ। এনে বেয়া সময়তে তাই মা হয়। এজনী ছোৱালী সন্তান জন্ম দিয়ে। সন্তানটোক লৈ বার্কলী চাহাবৰ ভয় হয়, যদি তাইৰ দেহলৈয়ো কুষ্ঠৰোগ আহে! মাতৃৰ পৰা সন্তানক আঁতৰত ৰাখে বাৰ্কলী চাহাবে। বুজিব নোৱাৰিলে মাতৃৰ মমতা! সন্তানটোক চাবলৈ নাপায়, ওচৰত নাপায় চামেলীয়ে আত্মহত্যা কৰে। 

আৰু সন্তানটো! 

সন্তানটো শাৰীৰিকভাবে বাধাগ্রস্থ। চিকিৎসকে কৈছে সন্তানটো আৰু ভাল নহয়। সন্তানটোৰ জীৱনৰ শেষ দিনটোলৈ বাৰ্কলী চাহাবে বাগিছা এৰিব নোৱাৰে।) অসমত থকা ব্রিটিছ চাহাব এজনে যেনেধৰণৰ 'ভাষা' ক'ব পাৰে, চাহ বাগিছাৰ 'চৰিত্ৰ'বোৰে যেনেধৰণৰ ভাষা কয়, তেনে ধৰণৰ সংলাপ চিনেমাখনত ব্যৱহাৰ কৰিছে। যাৰ বাবে দর্শকে প্রতিটো চৰিত্ৰক 'বাস্তৱ'ত দেখিছে।  

--চিনেমাখনৰ চৰিত্ৰ নিৰ্মাণ আন এক যোগাত্মক দিশ। ব্ৰিটিছ চাহাবৰ চৰিত্ৰটোৰ বাবে জর্জ বেকাৰৰ বাহিৰে আন কোন হব পাৰে? বাকলী চাহাবৰ লগতে বিনীতা বৰগোহাঁইক লৈ চামেলি চৰিত্ৰটোও দর্শকক চুব পৰাকৈ নিৰ্মাণ কৰিছে। সাহিত্যৰ ভাষাৰ লগতে কেমেৰাৰ ভাষাৰো ব্যৱহাৰ সুপৰিকল্পিত। 

চিনেমা খনৰ কেইটামান তথ্য:

-- এই ক'লা-বগা অসমীয়া চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ১০ অক্টোবৰ ১৯৭৫ ত। চিত্ৰনাট্যকাৰ-পৰিচালক: আব্দুল মজিদ। চিত্ৰগ্ৰহণ: বিজয় দে। সম্পাদক: প্ৰণৱ ঘোষ।  বিনীতা বৰগোহাঁই, জৰ্জ বেকাৰৰ লগতে অভিনয় কৰিছিল হাদি আলম বৰা, আব্দুল মজিদ, ৰাণী পাঠক, তিলমিজুৰ ৰহমান আদিয়ে। এই চিনেমা খনৰ সংগীতৰ বাবে ড° ভূপেন হাজৰিকাই লাভ কৰিছিল শ্ৰেষ্ঠ সংগীত পৰিচালকৰ শিতানত (১৯৭৫ চনত) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (23rd National Film Awards)। 

চিনেমা খনৰ (মুক্তিৰ সময়ত ) প্ৰিণ্টৰ সংখ্যা আছিল ৫টা। (সেই সময়ৰ "টকাৰ মূল্য"ত চিনেমা খন নিৰ্মাণত খৰচ হৈছিল প্ৰায় ১লাখ ১৫ হাজাৰ টকা। Box office Collection প্ৰায় ৪ লাখ টকা।) এটা প্ৰিণ্ট আজিৰ তাৰিখতো আছে-- অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ আৰ্কাইভত। (প্ৰিণ্টটো চিনেমা খনৰ নিৰ্মাতাৰ পৰিয়ালৰ ফালৰ পৰা সংৰক্ষণৰ বাবে ASFFDC-ক দিছে। আনহাতে ডিজিটেল সংস্কৰণো কৰি ৰাখিছে পৰিচলকৰ পৰিয়ালে।

এই চিনেমা খন 48 IffI 2017 Homeg  শিতানত প্ৰদৰ্শিত হৈছিল। যত পৰিয়ালৰ লোকো উপস্থিত আছিল।

বিশেষ তথ্য, যি "তথ্য" মনত ৰাখি আমি গৌৰৱ কৰিব পাৰোঁ-- অসমীয়া "চামেলি মেমচা'বৰ সফলতাৰ পাছত নিৰ্মাণ হৈছিল আৰু দুখন-- "চামেলি"।

হিন্দী আৰু বাংলা "চামেলি"। বাংলা "চামেলী মেমসাহেব"ৰ চিত্ৰনাট্য-পৰিচালনা ইন্দৰ সেনৰ। চামেলীৰ চৰিত্ৰটোত আভিনয় কৰিছিল ৰাখীয়ে। বাৰ্কলী চাহাবৰ চৰিত্ৰত জৰ্জ বেকাৰে বাংলা খনতো অভিনয় কৰিছে। অন্যান্য চৰিত্ৰত-- অনিল চট্টোপাধ্যায়, তৰুণকুমায়, নিমু ভৌমিক, চিন্ময় ৰায়, গীতা দে, সংহিতা মুখোপাধ্যায় কুমকুম মুখোপাধ্যায় তপতী ভট্টাচার্য আদিয়ে। এই খনৰো সংগীত ভূপেন হাজৰিকাৰ। গীতৰ কথা: পুলক বন্দ্যোপাধ্যায় আৰু শিবদাস বন্দ্যোপাধ্যায়। গীত কেইটাত কণ্ঠদান কৰিছে ভূপেন হাজৰিকাৰ লগতে হেমন্ত মুখোপাধ্যায়, আশা ভোছলে, ঊষা মঙ্গেশকাৰ আৰতি মুখোপাধ্যায়ে। --অসমীয়া খনৰ দৰে এইখনো ব্যৱসায়িক দিশত সফল হৈছিল। মুক্তিৰ সময়ত প্ৰিণ্ট আছিল ১৫টা। 

১৯৭৯ চনত চিত্ৰগৃহলৈ আহিছিল হিন্দী "চামেলি মেমেচা'ব" (चमेली मेमसाब)। চিত্ৰনাট্য-পৰিচালনা অজিত লাহিড়ীৰ। অভিনয় কৰিছিল টম অলটাৰ, 

মিঠুন চক্ৰৱৰ্তী, আভা ধুলীয়া, জন মেকেঞ্জী, সুসন্ত সন্যাল, অঞ্জন শ্ৰীবাস্তৱ, কেৰল ইভান্স অলটাৰ, মিচেছ ফ্ৰেডী ষ্ট্ৰাউড আদিয়ে। এই খনৰ সংগীত ভূপেন হাজৰিকা, ৰবিশঙ্কৰ শর্মাৰ (ৰবি)।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...