কাহিনী:
খাচি পাহাৰ অঞ্চলৰ এটা জনপ্ৰিয় লোকগাথাৰ আধাৰত ড° ভূপেন হাজৰিকাই "প্ৰতিধ্বনি"ৰ চিত্ৰনাট্য ৰচনা কৰিছিল।
ঘাটমাউৰা-- মাণিক ৰাইটং। অকলশৰীয়া, দুৰ্ভগীয়া। নিজা বুলিবলৈ আছে এটি বাঁহী। ৰাতি ৰাতি সি বাঁহী বজায়। বাঁহীৰ সুৰুৰে যেন সি বহু কথা কয়। এন্ধাৰৰ ফাকেৰে কথা বোৰ সৰকি যায়। আৰু আছে, বাঁহীটোৰ লগতে তাৰ মন জুৰি আছে লিয়েন মাকাউ। সাত খন পাহাৰৰ সিপাৰৰ সৰল মনৰ ছোৱালী। মনৰ মাজতে মাণিকে ঠিক কৰে-- লিয়েনক বিয়াৰ প্ৰস্তাৱ দিব। কিন্তু প্ৰস্তাৱ দিয়াৰ আগতেই মাণিকে জানিলে তাই ইতিমধ্যে বৃদ্ধ চিয়েমলৈ (খাচিসকলৰ ৰজালৈ) বিয়া হৈ গৈছে। কাহিনী আগবাঢ়ে-- ৰাজসুখৰ মাজত লিয়েন মাকাউ। ৰাজসুখৰ মাজতো নিঃসংগতা অনুভৱ কৰে ৰানী লিয়েনে তেতিয়া, যেতিয়া চিয়েমে ৰাজকীয় কামকাজত বাহিৰত থকে। প্ৰায়ে থাকে।
আনফালে মাণিকে বাঁহী নেৰে। বাঁহীৰ সুৰে এন্ধাৰৰ ফাকে ফাকে সৰকে। সৰকি ৰাণী লিয়েনৰ হৃদয় গৰকে।
ৰাণী লিয়েনে মাণিকৰ ওচৰত নিঃসংগতা আঁতৰাই। ৰাণীয়ে মাণিকৰ পৰা সন্তানো কামনা কৰে।
--এই কথা ৰাজ্য ভ্ৰমি অহা চিয়েমৰ কানত পৰে। চিয়েমে আদেশ দিয়ে, "মাণিকক জীৱন্তে দাহ কৰা হওক"। আদেশ কাৰ্যত পালন কৰা হয়। সহ্য কৰিব নোৱাৰি লেলিহান শিখাত ৰাণী লিয়েন মাকাৱেও জঁপিয়াই নিজৰ প্ৰাণ দিয়ে।
প্ৰবাদ আছে-- সেই চিতাৰ ঠাইতে পানীয়ে ডোঙা বান্ধে।বাঁহৰ আগ উৰ্ধমুখী হয়।
আৰু এই মৰ্মান্তিক ঘটনাৰ সোঁৱৰণত সেইঠাইৰ নিজৰাবোৰে আজিও উচুপি উচুপি কান্দে।
চৰিত্ৰ নিৰ্মাণ:
চিনেমা খনৰ লেখক, পৰিচালক ড°ভূপেন হাজৰিকাই মাণিক চৰিত্ৰটো নিৰ্মাণ কৰিছিল পবিত্ৰ বৰকটকীক লৈ। লিয়েন: ইভা আচাও। চিয়েম: বিষ্ণু প্ৰসাদ ৰাভা। ফণী শৰ্মা, বিদ্যা ৰাও, মঘাই ওজা, কৃষ্ণ দাস, কমল চৌধুৰীয়, ৰঞ্জনা বৰদলৈ, স্বাগতা চৌধুৰী, নিৰদা ভূঞা, মাণিক দাস, তৰুণ দুৱৰা, শুভ বৰুৱা, শৰৎ দাস আদিয়ে অভিনয় কৰিছিল আান চৰিত্ৰত।
সংগীত:
স্বাভাৱিকতে চিনেমা খনৰ সংগীতো ৰচনা-পৰিচালনা কৰিছিল ড°ভূপেন হাজৰিকাই। কাহিনীৰ গতিত ব্যৱহাৰ কৰিছিল পাচটা গীত-- "দেহি ঐ লুইতৰ সিপাৰে মাজুলী..." (কথা-কণ্ঠ: ড°ভূপেন হাজৰিকা), "অয় অয় আকাশ শুব, অয় অয় বতাহ শুব..." (কথাঃ ড°ভূপেন হাজৰিকা, কণ্ঠ: ড°ভূপেন হাজৰিকা, সুমন কল্যাণপুৰ), "শৰত কালৰ ৰাত্ৰি অতি বিতোপন সখী, ৰাসক্ৰীয়া কৰন্ত গোপাল..." (পৰম্পৰাগত/ কণ্ঠ: কবিতা হাজৰিকা), "হে হে হে ঢোলে-দগৰে, হে হে হে হিয়াৰ উমেৰে..." (কথা: ড°ভূপেন হাজৰিকা, কণ্ঠ: ভূপেন হাজৰিকা, বন্দনা হাজৰিকা), "লিয়েন মাকাও, কোন পাহাৰৰ শিখৰতে বাট চাইছা..." (কথা: ড°ভূপেন হাজৰিকা, কণ্ঠ: ভূপেন হাজৰিকা, তালাত মাহমুদ)।
চিত্ৰগ্ৰহণ: বিজয় দে
সম্পাদনা: ৰাজ বিহাৰী চিহ্না
টোকা বিশেষ:
১। সম্পূৰ্ণ চিনেমা খন আমি চোৱা নাই।
২। অসমীয়া চিনেমা খাচি ভাষালৈ ডাব কৰা হৈছিল।
৩। ১৯৮৪ চনত এই একে কাহিনীৰে "মাণিক ৰাইটং'" নামৰ খাচি চিনেমা এখন পৰিচালনা কৰিছিল, ড°ভূপেন হাজৰিকাই।
৪। ১৯৬৪ চনত চিনেমা খনৰ প্ৰযোজক-পৰিচালকে ৰূপৰ পদক পাইছিল।
৬। ছেপ্টেম্বৰ ১৯৬৪ -ত চিনেমা খন ফ্ল'ৰলৈ গৈছিল।চিত্ৰগৃহলৈ আহিছিল ২২জানুৱাৰী ১৯৬৫ -ত।
৭। "প্ৰতিধ্বনি" ভূপেন হাজৰিকাৰ তৃতীয় পৰিচালনা (feature film)।
৮। এই চিনেমা খন নিৰ্মাণ কৰিছিল সংগীতসূৰ্যই গীতৰ অনুষ্ঠান কৰি গোটোৱা টকাৰে।
*****************************
"প্ৰতিধ্বনি" প্ৰসংগত ভূপেন হাজৰিকা:
গীত-মাতৰ মাজতে ডুবি থকাৰ উপৰি ১৯৬৩ চনতে মই আৰু কাম এটা কৰিলোঁ। দুবছৰমান আগতেই ছবি এখন কৰাৰ কথা ভাবিছিলোঁ-- নাম 'প্রতিধ্বনি'। নানান অসুবিধাত কৰিব পৰা নাছিলোঁ। কিন্তু ছবিখন মোৰ হেৰাই যোৱা নাছিল।
মই দুবছৰমান আগৰেপৰাই ছবিখন কৰাৰ কথা ভাবি, মনে মনে থিৰাং কৰিছিলো। 'মাণিক ৰাইটং' নামৰ এটি খাচী লোক-গাথাৰ আধাৰতে ছবিখন নিৰ্ম্মাণ কৰিম। তেতিয়া খাচী সকলে মোক ক'লে, 'আপুনি আহক; আমি সকলো ধৰণৰ সহায় কৰিম।' সেই লোক- কাহিনীটো ভালদৰে জানি-বুজি ল'বৰ কাৰণে ১৯৬২ চনতে মই শ্বিলঙলৈ গৈছিলোঁ। দীর্ঘদিন তাতে থাকি খাচীসকলৰ পুৰণি সাজ-পোছাক, আহাৰ-বিহাৰ আৰু সামাজিক ৰীতি-নীতিবোৰৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ। তেওঁলোকৰ সাংস্কৃতিক জীবন-ধাৰা, লাহো আৰু নংক্ৰেম নামৰ নৃত্য-গীতৰ বিষয়ে ভালকৈ বুজি ল'ব লগা হৈছিল। খাচীসকলৰ নৃত্যৰ অঙ্গী-ভঙ্গী, পদ-সঞ্চালন, খাচী আৰু জয়ন্তীয়াসকলৰ লোক-সঙ্গীতৰ সুব-সা আৰু বাদ্যযন্ত্ৰসমূহৰ তাল-মানৰ বিষয়েও সেই বিষয়ৰ অভিজ্ঞ লোকসকলৰ লগত আলোচনা কৰিছিলোঁ। তাৰ লগে লগে 'মাণিক ৰাইটং' নামৰ লোক-কাহিনীটোও আগৰপৰা গুৰিলৈকে বিতংভাৱে শুনি কাহিনীটোৰ আঁৰত নিহিত থকা প্রকৃত তাৎপর্য্য সম্পর্কেও খাচী লোক-কলাবিদৰপৰা বুজি লৈছিলোঁ। 'মাণিক ৰাইটং' লোক-কাহিনীৰ জৰিয়তে বিচাৰি পোৱা যায় অসমৰ পাহাৰ আৰু ভৈয়ামৰ, খাচী আৰু অসমীয়াৰ সমন্বয়-সম্প্রীলি এক সুন্দৰ নিদৰ্শন। সমন্বয়-সম্প্রীতিৰ সাঁকো ৰূপে কাহিনীটোক চিত্রায়িত কৰাৰ সপোন এটি লৈ উভতি আহিলোঁ গুৱাহাটীলৈ। ছবিখনৰ নাম সম্পর্কেও ভবা-চিন্তা কৰিলোঁ। অৱশেষত নাম দিলোঁ 'প্রতিধ্বনি'। 'প্রতিধ্বনি'খন উপন্যাস আকাৰে লিখিলে 'ইয়াকঈঙ্গম'ৰ দৰে হ'লহেঁতেন। তাকে নকৰি ছবি কৰিবলৈকে সিদ্ধান্ত ল'লোঁ।
এনে এখনি কথাছবি নিৰ্ম্মাণ কৰিবলৈ মই আগ বাঢ়ি যোৱাৰ মূল উদ্দেশ্য আছিল - অসমীয়াৰ প্ৰতি খাচীৰ, ভৈয়ামৰ প্ৰতি পাহাৰৰ ভুল বুজাবুজি আঁতৰাই পাহাৰ- ভৈয়ামৰ মাজত সমন্বয়-সম্প্রীতি প্রতিষ্ঠা কৰাহে- মোৰ ব্যক্তিগত লাভালাভ নহয়। কিন্তু ছবিখন কৰিবলৈ মোৰ হাতততো পইচা নাই!
গুৱাহাটীলৈ উভতি আহি গুৱাহাটী ৰে'ল ষ্টেচনৰ কাষৰে ডাক-বঙলাতে আছোঁহি। পইচাৰ চিন্তাই মোক বিব্রত কৰি পেলালে। এনেবোৰ কথা ভাবি-চিন্তি থাকোঁতেই ৰত্ন ওজা ওলালহি। তেওঁৰ লগত কথা পাতি থাকোঁতে আন বহুতো কথাৰ মাজতে 'প্রতিধ্বনি'র কথাও ওলাল। মই ৰত্ন ওজাক ক'লোঁ, ছবিখন বৰ ভাল হ'ব, বুজিছাঁ। কাহিনীটো মোৰ বৰ ভাল লাগিছে। লাভ-লোকচানৰ কথা বাদ দিয়াঁ। কিন্তু পাহাৰ-ভৈয়ামৰ মাজত সম্প্রীতিৰ বাণী বিলোৱাত ছবিখনে বহুতো সহায় কৰিব। ছবিখনৰ সঙ্গীতত খাচী আৰু অসমীয়াৰ পৰম্পৰাগত গীতৰ সুৰে কণ্ঠত কণ্ঠ মিলাই আগ বাঢ়ি যাব। এটা বৰ ভাল ল'ৰা পাইছোঁ। নাম ফিলকিন। ফিলকিন লালু। ভায়োলিনত সি খাচী-জয়ন্তীয়া লোক-সঙ্গীত বৰ সুন্দৰ বজায়। তাৰ দক্ষতা দেখি মই আচৰিত হৈ গৈছোঁ। সেই ফিলকিনেই মোক সঙ্গীতত সহায় কৰিব। খাচী চিয়েমৰ ভাওটো দিম বিষ্ণু ককাইদেউক (বিষ্ণুপ্ৰসাদ ৰাভা), আহোম স্বৰ্গদেউৰ ভাওটো দিম বলীনদাক (ফণী শৰ্ম্মা) আৰু মাণিকৰ ভাওটোৰ কাৰণে পৱিত্ৰ বৰকাকতিৰ কথা ভাবিছোঁ। ...কিন্তু এটা কথা ভাবিছানে বত্ন-- ছবিখনৰ কাৰণে টকাতো বহুত লাগিব। ইমান টকা পাম কোনে দিব?
...ৰত্ন ওজাই ইমানপৰে মোৰ কথাখিনি একান্তমনে শুনি আছিল। কিন্তু মই যেতিয়া ছবি খনৰ কাৰণে টকা-পইচাৰ কথাটো ক'লোঁ, তেতিয়া তেওঁ লাহেকৈ মাত লগাই কৈ উঠিলি-- 'কস্তুৰীমৃগই নাজানে যে তেওঁৰ নাভিতে আছে নাকত লগা গোন্ধটোৰ উৎস- গন্ধকলাই। ভূপেনদা, আপোনাৰ কণ্ঠতে আছে সেই অমৃতৰ ভাণ্ড। শ্ৰোতাৰ সন্মুখত মেলি দিলেই হ'ল। শ্রোতা-জনতাই পান কৰিব আৰু তাৰ বিনিময়ো আপোনাক দিব। ড°ঘনশ্যাম দাস, টাটা-বিৰলাই কটা বাটেৰেই আপোনাৰ হাতলৈ আহিব হেজাৰ হেজাৰ টকা।
ৰত্ন ওজাই কোৱা কথাটো মোৰ বৰ ভাল লাগি গ'ল। ময়ো তেনেকুৱা কথা এটা নে মনে ভাবি আছিলোঁ। গোটেই অসমতে গান গাম আৰু ৰাইজে মৰমতে যি দিয়ে, একে লম। তেনেকৈয়ে অর্থ সংগ্ৰহ কৰি কৰিয়েই ছবিখন কৰিম। তেতিয়া ৰত্ন ওজাক বকলো- তুমি ঠিকেই কৈছাঁ। মই গাম, মনোৰঞ্জনো কৰিম, জনজাগৰণো আনিম। এইদৰেই ৰাইজৰপৰা দান-বৰঙনি তুলিয়েই 'প্রতিধ্বনি'খন কৰিম।
অনুৰোধতে মালিগাঁৱত শ্রীশ্রীশঙ্কৰদেৱৰ তিথিতো অংশ ল'লোঁ। কাৰণ মহাপুৰুষ শম্ভবদের অকল ধৰ্ম্মগুৰুৱেই নহয়- তেওঁ আছিল সমন্বয়-সম্প্রীতিবো এক জীবন্ত প্রতীক।
'প্রতিধ্বনি'ৰ বাবে মোৰ এই অভিনব অভিযান আৰম্ভ কৰিলোঁ বৰপেটাৰ পৰাই ।। ৰত্ন ওজাই মোক তাত সহায় কৰিলে। তাৰ পাচতেই মই আমন্ত্রণ পালোঁ জোতিপ্ৰসাদ আগৰৱালাৰ ভ্ৰাতৃ দেৱপ্ৰসাদ আগৰৱালাৰপৰা। ...
তাৰ পাচতেই মোক মাতি পঠিয়ালে বিখ্যাত চাহ- ব্যৱসায়ী হেমেন্দ্রপ্রসাদ বৰুৱাই। . 'প্রতিধ্বনি'খন কৰাৰ মোৰ সম্বল হৈ পৰিল লাখ লাখ মানুহৰ মৰম আৰু সাহস। একেদৰে মোক মৰম আৰু সাহস যোগালে ডিব্ৰুগড়ৰ 'মঞ্চৰূপা'ই মাতি নি।
১৯৬৪ চনৰ দহ জানুৱাৰীত 'মঞ্চৰূপা'ত গীত গোৱাৰ উপৰি ডিগবৈ গণেশবাৰী, ডুমডুমা আৰু দুলীয়াজানতো গীত গালোঁগৈ। এইদৰে ৰাইজৰ মৰমতে লাভ কৰা সাহস আৰু প্ৰেৰণাতেই 'প্রতিধ্বনি'ৰ শ্বুটিং আৰম্ভ কৰিছিলোঁ '৬৪- ছেপ্টেম্বৰতহে। বহির্দৃশ্য গ্রহণ কৰিছিলোঁ চেৰাপুঞ্জীত।(উৎস:মই এটি যাযাবৰ)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন