বিষয়বস্তু কেন্দ্ৰীক চিনেচিন্তা "অনুনাদ-The Resonance" চালোঁ। ৰীমা বৰাৰ পৰিচালনা। অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ প্ৰযোজনা।
প্ৰথমে এটা তথ্য: ২০১৩ চনত অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে চিত্ৰগৃহ এটাৰ নিৰ্মাণ কৰ্ম হাতত লৈছিল। ২০২৪ চনৰ ১৫ জানুৱাৰীত চিত্ৰগৃহটো মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। চিত্ৰগৃহটোৰ নাম আইদেউ। অসমীয়া চিনেমাৰ প্ৰথম গৰাকী নায়িকা আইদেউ সন্দিকৈৰ স্মৃতিত। এই চিত্ৰগৃহটোত মুক্তি পোৱা প্ৰথম খন চিনেমা 'অনুনাদ'। উল্লেখ্য দিশ-- চিনেমা খনৰ পৰিচালক এগৰাকী নাৰী, চিনেমা খনৰ বিষয়বস্তু নাৰী সৰবৰাহ কৰাৰ, হোৱাৰ এক মর্মান্তিক ঘটনা। --সঁচা কথাৰ ৰূপালী গল্প।
বাস্তৱৰ বুনিয়াদত নিৰ্মাণ হোৱা কাহিনীটোৰ মূল বিন্দু এটা নহয়। কেইবা গৰাকীয়ো ছোৱালীৰ সপোন। সপোন সাকাৰৰ বাবে উপাৰ্জনৰ বাট বিছাৰে। বাট দেখুৱাই, বাট কাটে এক ধূর্তই। কেমেৰাৰ ভাষাক গুৰুত্ব দি চাচপেন্স নিৰ্মাণ। অতীত-চাৰণৰ সুপ্ৰয়োগ। কাহিনীৰ মসৃণ গতি। কম ফুটেজতে সম্পূৰ্ণ চৰিত্ৰ বিন্যাস, চৰিত্ৰৰ পৰিপাটি গাঁথনি, ক্ৰমে বিষয়বস্তুৰ স্পষ্টতা, নাটকীয় চিকুৱেন্সকো চিনেমেটিক বান্ধোন-- পৰিচালকৰ চিনেশক্তিৰ, পৰিশ্ৰমৰ ফচল। কাহিনীৰ গতিত পৰিচালকে স্পষ্ট কৰি গৈছে --ভূগোল, ইতিহাস।
--চিনেমা খনৰ কাহিনীৰ গতিত আমি যি দেখিছো, বাস্তৱতো দেখিছো-শুনিছো বহি ৰাজ্যলৈ অচিনাকী (বা হঠাৎ চিনাকী হোৱা) লোকৰ সৈতে বিয়া হৈ যোৱা অসমীয়া ছোৱালীৰ বহু ঘটনা। শুনিছো বিয়া হৈ যোৱা ছোৱালী 'বজাৰৰ সামগ্ৰি' হোৱা খবৰ। এজেণ্টৰ সহায়ত বা এজেণ্টৰ কথাত ভোল গৈ কামৰ সন্ধানত বহি ৰাজ্যলৈ যোৱা অসমীয়া ছোৱালীৰ সংবাদো আমাৰ হাতত পৰে, কাকতৰ পৃষ্টাত পঢ়ো, দৃশ্য মাধ্যমত দেখো। অসমীয়া ছোৱালী সৰবৰাহ কৰাৰ বা হোৱাৰ এনে ধৰণৰ কেইটিমান কাহিনীৰ ৰূপালী গল্পটো চোৱাৰ সময়ত আমি 'বাস্তৱ সমাজ'ত বাস কৰিছিলোঁ। মূল কাৰণ দুটা-- চিনেমেটিক অভিনয় (যাক কোৱা হয় realistic acting) -ৰে নিৰ্মাণ কৰা চৰিত্ৰ আৰু কেমেৰাৰ ভাষাৰে নিৰ্মাণ কৰা বাস্তৱ পৰিবেশ। আমাৰ ধাৰণাত পৰিচালকে কেমেৰা, চৰিত্ৰক বাস্তৱ পৰিবেশলৈ লৈ গৈছিল। ((অভিনয়ৰ দিশত এনদৰে ক'ব পাৰোঁ-- প্ৰতি গৰিকী অভিনেতা-অভিনেত্ৰীয়ে পৰিচালকক চৰিত্ৰ নিৰ্মাণত সহায় কৰিছে। বিশেষ প্ৰশংসা: অশ্ৰুমণি বৰা, বংশ ভৰদ্বাজ, উৰ্মিলা মহন্ত, ডৰথী ভৰদ্বাজ, উদয়ন দুৱৰা, মনোজ বৰকটকীক। ডৰথীৰ মুকলি অভিনয়ে আমাক সদায় চুই যায়।)
চিনেমা খনৰ কাহিনী অসমৰ বিশ্বনাথ চাৰিআলিৰ পৰা গৈ হাৰিয়ানা পাইছে। পৰিচালকে হাৰিয়ানাৰ চৰিত্ৰৰ মুখত স্থানীয় ভাষা হাৰিয়ানভি প্ৰয়োগ কৰি (বংশ ভৰদ্বাজ আৰু দুগৰাকী), তাৰ স্থানীয় অভিনেতাক চৰিত্ৰ নিৰ্মাণৰ বাবে নিৰ্বাচন কৰি ৰূপালী গল্পটো 'নিৰ্মল বাস্তৱ'ত ৰাখিছে; কিন্তু কোনো মুহূর্ততে তথ্যচিত্ৰ পৰ্যায়লৈ যাব দিয়া নাই। আনকি বাস্তৱৰ চৰিত্ৰ এটাৰ মুখত দিয়া 'বাস্তৱিক' সংলাপ প্ৰয়োগৰ সময়তো।
--চিনেমা খনৰ আন এটা চুই যোৱা দিশ, বিষয়বস্তুৰ ওচৰতে থাকি নিৰ্মাণ কৰা (কেমেৰা আৰু মেদহীন সাহিত্যৰ ভাষাৰে) চিনে সৌন্দৰ্য। চিনে-ভাষালৈ ৰূপান্তৰ হোৱা চিনে সৌন্দৰ্য। কুঁৱলি ফালি যোৱা চৰিত্ৰ, এজোপা গছৰ তলত জ্যোতি সংগীতৰ তালে তালে এক কিশোৰীৰ নৃত্য, জলাশয়ত ডুবি যোৱা ৰঙা কাপোৰখনে সৌন্দৰ্য হৈ সংলাপৰ পৰিপূৰকৰ কাম কৰিছে।
--চিনেমা খনৰ আন এটা চুই যোৱা দিশ, বিষয়বস্তুৰ ওচৰতে থাকি নিৰ্মাণ কৰা (কেমেৰা আৰু মেদহীন সাহিত্যৰ ভাষাৰে) চিনে সৌন্দৰ্য। চিনে-ভাষালৈ ৰূপান্তৰ হোৱা চিনে সৌন্দৰ্য। কুঁৱলি ফালি যোৱা চৰিত্ৰ, এজোপা গছৰ তলত জ্যোতি সংগীতৰ তালে তালে এক কিশোৰীৰ নৃত্য, জলাশয়ত ডুবি যোৱা ৰঙা কাপোৰখনে সৌন্দৰ্য হৈ সংলাপৰ পৰিপূৰকৰ কাম কৰিছে।
---------------
প্ৰযোজক: অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত
পৰিচালক-লেখক: ৰীমা বৰা
চিত্ৰগ্ৰহণ: সিদ্ধাৰ্থ মিত্ৰগোত্ৰী
সংগীত: সিদ্ধান্ত সাগৰ
অভিনয়ত: অশ্ৰুমণি বৰা, বংশ ভৰদ্বাজ,
উৰ্মিলা মহন্ত, ডৰথী ভৰদ্বাজ, উদয়ন দুৱৰা, মনোজ বৰকটকীক, থুৰিয়া শইকীয়া, অন্তৰা জে জে গগৈ, যশশ্ৰী ভূঞা, নিবেদিতা কলিতা, শংকৰ চাহাৰাণ...
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন