সরাসরি প্রধান সামগ্রীতে চলে যান

দিনেশ দাস

অসমীয়া চিনেমাৰ এক ইমেজ-- দিনেশ দাস। খলনায়কৰ ইমেজে অভিনেতা গৰাকীৰ প্ৰথমটো, শেহতীয়াটো চিনেবিন্দু। 
নাট্যাভিনয়ৰো ইমেজ-- খলনায়ক। 
এটা আবেলি কথা পাতিছিলোঁ অভিনেতা গৰাকীৰ সৈতে। অনুভৱ কৰিছিলোঁ, বুজিছিলোঁ। কেৱল অভিনয়ৰ বাবেই অভিনয় কৰিছিল। অভিনেতা গৰাকীৰ বাবে অভিনয়-- আৱেগ, নিজৰ ছাঁ। (দিনেশ দাসৰ সৈতে কথা পাতি থকা সময়ত, ক্ৰমে বুজাৰ সময়ত মনলৈ আহিছিল শ্ব'মেন ৰাজ কাপুৰে কোৱা এষাৰ কথা-- "অভিনয় সেই দিনা এৰিব পাৰিম, যি দিনা পোহৰত মোৰ ছাঁটো এৰিব পাৰোঁ।" --Filmindia, জুন ১৯৪৯) পেতৰ খাদ্যৰ বাবে ক্ৰমে এলবাৰ্ট ডেভিদ মেডিকেল কোম্পানীৰ মেডিকেলৰ ৰিপ্ৰেজেণ্টেটিভৰ, নেচনেল টেক্সটাইল কৰ্প'ৰেচনৰ মেনেজাৰৰ চাকৰি কৰিছিল। আৰু মনৰ খাদ্যৰ বাবে অভিনয় কৰি গৈছিল নাটকত, চিনেমাত। কণ্ঠ দিছিল আকাশবাণীৰ নাটকত। যদিওবা আকাশবাণীৰ নাটকত 'কণ্ঠ' দিয়াৰ পূৰ্বে প্ৰথম খন চিনেমা চিত্ৰগৃহলৈ আহিছিল। দীনেনে দাসে অভিনয় কৰা প্ৰথম খন চিনেমা 'মৰম তৃষ্ণা'। চিত্ৰগৃহলৈ আহিছিল ৫ জানুৱাৰীৰ, ১৯৬৮-ত। আব্দুল মজিদৰ পৰিচালনা। এই চিনেমা খন 'স্থানীয় বজাৰ'ত সফল হোৱা নাছিল। স্বাভাৱিকতে 'খলনায়ক দীনেশ দাস'ৰ অভিনয় শক্তি সৰু বৃত্ততে বন্দী হৈছিল। অভিনেতা গৰাকীক জনপ্ৰিয় কৰিছিল 'মানৱ আৰু দানৱ'ৰ চৰিত্ৰটোই। ২৬ ফেব্ৰুৱাৰী ১৯৭১ -ত চিত্ৰগৃহলৈ আহিছিল চিনেমা খন। ইন্দুকল্প হাজৰিকাৰ পৰিচালনা। একেটা বছৰতে আহে দীনেশ দাসে অভিনয় কৰা তৃতীয় খন চিনেমা-- 'শেষ বিচাৰ' (দেৱ কুমাৰ বসুৰ পৰিচালনা)।
--সেই সময়ত (১৯৬৫-৬৬) সবাতকৈ জনপ্ৰিয় মাধ্যমটোৱে আছিল ৰেডিঅ'। দিনেশ দাস ব্যস্ত হৈছিল আকাশবাণীৰ নাটকত। অভিনেতা গৰাকীৰ 'কণ্ঠ'ই চুই গৈছিল শ্ৰোতাক, কণ্ঠস্বৰ ৰৈ গৈছিল শ্ৰোতাৰ মনত। প্ৰথমে আভিনয় নহয়, দীনেশ দাসৰ 'কণ্ঠ'হে  জনপ্ৰিয় হৈছিল। আৰু 'মানৱ আৰু দানৱ'ৰ সফলতাৰ পাছত জনপ্ৰিয় হৈছিল 'কণ্ঠ-অভিয়'ৰ 'যুগলবন্দি'। বলিউডৰ আমজাদ খান, ওমৰিশ পুৰিৰ দৰে দীনেশ দাসে অভিনয়ৰে 'পৰ্দাৰ বেয়া মানুহ'ৰ আকাৰ লৈছিল।
দীনেশ দাসে কৈছিল-- 'দীনেশ দাস খলনায়ক জনৰ ৯০% শতাংশ নিৰ্মাণ কৰিছিল চন্দ্ৰ ফুকনে, মঞ্চ নাটকত'। পৰ্দাত 'মঞ্চত নিৰ্মাণ হোৱা খলনায়ক' জনক ৯০% শতাংশ আকাৰ দিছিল আব্দুল মজিদে। 'বাকী ১০% শতাংশ মই কৰিছিলোঁ বা মোৰ প্ৰতিভা-- তুমি যি বুলি ভাবা!" --দীনেশ দাসে কৈছিল।
দীনেশ দাসে মঞ্চত প্ৰথমবাৰ অভিনয় কৰিছিল ১৯৫২ চনত (দীনেশ দাসৰ জন্ম ১৯৪২ চনৰ ৫ অক্টোবৰ। পিতৃ: কেশৱ দাস, মাতৃ:আইকণ বালা দাস।)। নাটক-- "পিয়লি ফুকন"। সেই সময়ত নগাঁৱৰ ৰূপহী হাইস্কুলত পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিল। সৰু চৰিত্ৰ। এগৰাকী বাটৰুৱাৰ চৰিত্ৰ। বিদ্যালয়ৰ পৰা মহাবিদ্যালয়, ভিন্ন নাটঘৰ হৈ সেই নাট্যযাত্ৰাই নতুন গতি লৈছিল আকাশবাণীত।
দীনেশ দাসে অভিনয় কৰা চতুৰ্থ খন আৰু তাৰ পাছৰ চিনেমা: উত্তৰণ (১৯৭৩), অনুতাপ (১৯৭৩),আদালত (১৯৭৬), নতুন আশা (১৯৭৭), নিয়তি (১৯৭৮), মেঘমুক্তি (১৯৭৯), বিশেষ এৰাতি (১৯৭৯), শ্ৰীশ্ৰী মা কামাখ্যা (১৯৮৩), সেন্দূৰ (১৯৮৪), দেৱী (১৯৮৪), জীৱন সুৰভি (১৯৮৪), সূৰুয (১৯৮৫), ব'হাগৰ দুপৰীয়া (১৯৮৫), পূজা (১৯৮৫), সংকল্প (১৯৮৬), প্ৰতিদান (১৯৮৭), প্ৰতিশোধ (১৯৮৭), ৰঙা নদী (১৯৯০), যখিনী (১৯৯১), ৰিক্সাৱালা (১৯৯৩), অভিশপ্ত প্ৰেম (১৯৯৭), কুশল (১৯৯৮), দেৱতা (১৯৯৮), নায়ক (২০০১), গৰম বতাহ (২০০১), ককাদেউতাৰ ঘৰজোঁৱাই (২০০২), জোনাকী মন (২০০২), কণিকাৰ ৰামধেনু (২০০৩), সত্যম শিৱম সুন্দৰম (২০০৩), প্ৰিয়া মিলন (২০০৩), এয়েই জোনাকবিহীন জীৱন (২০০৩), সতী ৰাধিকা, মা তুমি অনন্যা (২০০৪), হৃদয় কঁপোৱা গান (২০০৫), কদমতলে কৃষ্ণ নাচে (২০০৫), সোণৰ খাৰু নালাগে মোক (২০০৫), চুৰেণ চোৰৰ পুতেক (২০০৫),জয়মতী (২০০৬), বান্ধোন (২০১২), লুইতক ভেটিব কোনে (২০১৩), মহাসমৰ (২০১৩), জিলমিল জোনাক (২০১৪), মহাপুৰুষ (২০১৪)। (অসমাপ্ত)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...