সরাসরি প্রধান সামগ্রীতে চলে যান

অসমীয়া চিনেমাত বিহু: এক অধ্যয়

অসমীয়া চিনেমাৰ (চিনেমাত ব্যৱহাৰ হোৱা) "জনপ্ৰিয় বিহুগীত" সমূহ প্ৰকৃততে বিহু সুৰীয়া গীতহে। যেনে-- "মন হীৰা দৈ..
চাইকেল নহয় টিলিঙা..." (চিনেমা: বোৱাৰী, সংগীত: উপেন কাকতী।) 
"হাঁহে হৈ পৰিমগৈ তোমাৰে পুখুৰীত
পাৰ হৈ পৰিমগৈ চালত..." (চিনেমা: তৰামাই, সংগীত: ৰমেন বৰুৱা।)
"হেয়!
জাক জাক জাকৈয়া ছোৱালী..." (চিনেমা: ৰাংঢালী, সংগীত: হেমেন হাজৰিকা) আদি। অসমীয়া চিনেমাত এনে ধৰণৰ বিহু সুৰীয়া গীতৰ চিত্ৰায়ণ বেছি দেখা যায়, বিহু গীতৰ বিপৰীতে।
অসমীয়া চিনেমাত বিহু গীত প্ৰথমবাৰ ব্যৱহাৰ কৰিছিল সুৰেশ চন্দ্ৰ গোস্বামীয়ে, 'ৰুণুমী" (মে' ১৯৫৩) ত-- "ফাগুণৰে পচোৱাই আঁচলকে উৰুৱাই ৰঙালী বিহুৰেনো বাতৰি বিলাই যায়.."  ( সংগীত: দৰ্পনাথ শৰ্মা) গীতটোৰ গায়ন শৈলী, চিত্ৰায়ণ --স্বাভাৱিক। চিনেমা খনত সম্পূৰ্ণ গীতটো ব্যৱহাৰ কৰা নাছিল। চিনেমা খনৰ প্ৰথমচোৱাত চৰিত্ৰ এটাকো গোৱাইছিল আন এটা বিহু গীতৰ কলি-- "মাকু তাতৰ শালত, চকু আলি বাটত..."। 
এই খিনিতে প্ৰথম খন অসমীয়া চিনেমা "জয়মতী" (২০ মাৰ্চ, ১৯৩৫) ত ব্যৱহাৰ কৰা বিহু নাচ চৰ্চা অৱশ্যেই কৰিব লাগিব। সম্পূৰ্ণ "জয়মতী" চোৱাৰ সুযোগ আমি পোৱা নাই। টূকুৰা টুকুৰাকৈ কিছু অংশহে চাইছোঁ। আমি চোৱা "টুকুৰা"ত বিহু নাচ নাছিল। বিভিন্ন লেখাত পোৱা যায় "জয়মতী" বিহু গীত নাছিল, বিহু নাচ আছিল। বিহু নাচত আজি-কালি ব্যৱহাৰ কৰাৰ দৰে বাঁহৰ জাপি ব্যৱহাৰ কৰিছিল।
আমাৰ ফাইলৰ চেপাত থকা তথ্যই কয়-- পৰিপাটিকৈ, পৰিকল্পনাৰ মাজেৰে বিহু নাচ-বিহু গীত ব্যৱহাৰ কৰা প্ৰথম খন অসমীয়া চিনেমা-- নিপ বৰুৱা পৰিচালিত 'স্মৃতিৰ পৰশ' (৬ এপ্ৰিল, ১৯৫৬)। ৰমেন বৰুৱাৰ সংগীতেৰে, গুনদা দাস, ৰমেন বৰুৱা, ননী কাকতি, বিভা বৰুৱা আৰু গিৰীণ বৰুৱাই কণ্ঠদান কৰা গীতটো-- 
"অ' মোৰে দেহিটি ঐ
অ' মোৰে চেনাইটি ঐ
 চকু জুৰণীয়া ৰোৱা কুমলীয়া 
কাইলৈ মেলিবি ঠোক..."
অসমীয়া চিনেমাত ব্যৱহাৰ কৰা এটা নিভাজ বিহু গীত-- 
"দেহি ঐ লুইতৰ সিপাৰে মাজুলী,
 চাপৰি ঐ মাজুলী, 
চাপৰি ঐ মাজুলি, 
উজাইনো পানী ভাহে..."
--নিজৰ সংগীতেৰে পৰিচালক ভূপেন হাজৰিকাই ব্যৱহাৰ কৰিছিল "প্ৰতিধ্বনি" (২২ জানুৱাৰী, ১৯৬৫)-ত। কণ্ঠ: ভূপেন হাজৰিকা, কবিতা হাজৰিকাৰ। ভূপেন হাজৰিকাই চিনেমাত ব্যৱহাৰ কৰা আন এটা জনপ্ৰিয় বিহুগীত--
"আই সৰস্বতী অ'- ৰংফুল বকুলী 
তোমালৈ মানি যাওঁ কি 
তোমালৈ মানি যাওঁ শুকুলা ছাগলী
মাহে পৰমানে দি মিলন দৈ 
শশী মিলনদৈ বাখৰ ক'লিদৈ 
বাখৰ ক'লিদৈ
আৰু মঙলদৈ মাহে পৰমানে দি... "
নিপন গোস্বামী আৰু এগৰাকী কিশোৰীক কেমেৰাৰ ফ্ৰেমত ৰাখি চিত্ৰায়ণ কৰা বিহুগীতটো জনপ্ৰিয় হৈছিল। কণ্ঠ: বন্দনা বৰা, ভূপেন হাজৰিকাৰ। চিনেমা: অপৰূপা (১৬ এপ্ৰিল, ১৯৮২)
সংগীত পৰিচালক ড°ভূপেন হাজৰিকাই "মণিৰাম দেৱান" (পৰিচালক: সৰ্বেশ্বৰ চক্ৰৱৰ্তী/ ১০ জানুৱাৰী, ১৯৬৪) আৰু "চিৰাজ" পৰিচালক: ভূপেন হাজৰিকা/...) -তো বিহুগীত ব্যৱহাৰ কৰিছিল।
"বাঁহৰে আগতে অ' লোহিত চাপৰি 
বাঁহীটি বজালোঁ অ' লোহিত চাপৰি ..." --পৱিত্ৰ কুমাৰ এটা লেখাত পঢ়িছিলোঁ, "মণিৰাম দেৱাণ"ত ব্যৱহাৰ কৰা ৰঞ্জনা বৰদলৈৰ বিহুনাচ চিনেমা খনৰ সৌন্দৰ্য আছিল। --হয়, এই বিহুগীতটোৰে চিত্ৰায়ণ কৰিছিল; কিন্তু ব্যৱহাৰ কৰা "বিহু নাচ" বিশুদ্ধ নাছিল। সত্ৰিয়া আৰু অন্যান্য নৃত্যৰ তাল ব্যৱহাৰ কৰিছিল, পৰিচালকে (সেই সময়ত কৰিঅ'গ্ৰাফাৰ নাছিল।)।
"চিৰাজ"ত পৰিচালক ভূপেন হাজৰিকাই 
"পিৰিতি পিৰিতি পিৰিতি 
পিৰিতি বোৱা বোৱৰ্তী নৈ 
পিৰিতি পিৰিতি পিৰিতি 
ওৰে জীৱন থাকিব বৈ..." বিহুগীতটো কাহিনীৰ গতিত ব্যৱহাৰ কৰিছিল। বিহুগীতটো ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ হৈছিল।
--অধ্যয়ণ কৰিলে স্পষ্ট হয়, ১৯৭০-২০১৫ সময় চোৱাত "বিহু" অসমীয়া চিনেমাৰ এৰিব নোৱাৰা বিষয় আছিল। নায়ক-নায়িকা বা আন চৰিত্ৰক বিহুৰ সাজ পিন্ধোৱা, "বিহু"ৰ মাজলৈ নিয়া অলিখিত নিয়ম আছিল। বিহু কেন্দ্ৰিক অসমীয়া চিনেমাও নিৰ্মাণ হৈছিল। উদাহৰণ: 'তৰামাই'(২৪ জানুৱাৰী ১৯৭৬), 'মাঘত মামণিৰ বিয়া' (১৮ অক্তোবৰ ২০০২), 'চেনাই মোৰ ঢুলীয়া' (৩০ ডিচেম্বৰ ২০০৫) আৰু 'জানমণি' (১৫ এপ্ৰিল, ২০১১)। এই সময় চোৱাত চিত্ৰগৃহলৈ অহা 'যোগ বিয়োগ' (৩১ ডিচেম্বৰ ১৯৭১) 'তৰামাই'(২৪ জানুৱাৰী ১৯৭৬), 'মৰমী' (২০ জানুৱাৰী ১৯৭৮), 'ৰাংঢালী' (২৮ ডিচেম্বৰ ১৯৭৯) 'মইনাজান' (১৪ নৱেম্বৰ ১৯৮০) আদি চিনেমা দৰ্শকৰ ওচৰলৈ লৈ গৈছিল বিহুগীতে, বিহুগীতৰ সুৰে-নৃত্যই। ব'হাগৰ দুপৰীয়া', 'মধুচন্দা', 'জীৱন সুৰভি' আদি চিনেমাৰো সৌন্দর্য বঢ়াইছিল বিহুগীত-নৃত্যই। 'ঊর্বশী', 'প্রিয়জন'ৰো এটা 'সৌন্দর্য' আছিল বিহুৰ সুৰ, বিহুৰ 'সুৰ'ৰ চিত্ৰায়ণ।
"অ' হায় হায়..
পূবে ভগৱন্তই বৃন্দাবনতে
ষোল্লশ গোপিনী ঐ পাই
আজৌ আজৌ!..."
"বহাগৰ দূপৰীয়া" (পৰিচালনা: জ'নছ মহলীয়া) -ৰ এই গীতটো গাইছিল ভূপেন উজীৰৰ সংগীতেৰে মহানন্দ মজিন্দাৰ বৰুৱাই। এই বিহুগীতটো আজিৰ তাৰিখতো জনপ্ৰিয়।
আজিৰ তাৰিখতো জনপ্ৰিয় অসমীয়া চিনেমাত ব্যৱহাৰ কৰা আন কেইটামান বিহুগীত--
📌"কোমলকৈ বাঁহৰে ঐ লেকেচী লেহুকা 
 পাতলকৈ পাবতে পাখি 
আমাকে ঐ নথ'বা ৰাখি
বা লাগি বাজিছে ঐ মন-ছিঙা সুহুৰি
বুটলিনো নল'লি ..." (চিনেমা: মইনাজান, সংগীত: খগেন মহন্ত, পৰিচালনা: দেৱকুমাৰ)

📌“সাতামপুৰুষীয়া / বছেৰেকৰ বিহুটি
নেপাতি কেনেকৈ থাকো
কোৱা সোণ
নাচনী নাচনী অ' মইনা নাচনী
চকৰি ঘূৰাদি ঘূৰা মইনা নাচনী 
ভালেকৈ ধৰিবা বিহুৰে মান নাচনী..."  (চিনেমা: জেতুকী, পৰিচালক: চন্দ্ৰ তালুকদাৰ, সংগীত: সুজিত সিংহ, চিত্ৰগৃহলৈ:   ১৯৮৭)

📌"হেৰ' অসমীয়া বিহুৰে বলিয়া 
লুইতৰ পাৰতে ঘৰ
লোকে আহি খেদিলে
ভাত কাপোৰ কাঢ়িলে..." (চিনেমা: প্রেম জনমে জনমে, পৰিচালক: যাদৱ চন্দ্ৰ দাস, সংগীত: ৰিদীপ দত্ত, চিত্ৰগৃহলৈ: ১৯৯১)
📌"বিহুৰে কঠীয়া কোনে সিঁচি গ'লে
কোনে ৰচি গ'লে গীত 
মন ৰমেৰমায় বুকু হমেহমায়
অলিয়া-বলিয়া চিত..." (চিনেমা: ককাদেউতা নাতি আৰু হাতী, পৰিচালক: নিপ বৰুৱা, সংগীত: ৰমেন বৰুৱা, চিত্ৰগৃহত: ১৮ নৱেম্বৰ ১৯৮৩।)

📌"নাই!
নাই এজাৰ ফুলা নাই
নাই!
নাই বিহু অহা নাই,
নাই!
নাই এজাৰ ফুলা নাই..." (চিনেমা: বোৱাৰী, পৰিচালক: শিৱ প্ৰসাদ ঠাকুৰ, সংগীত: ড°উপেন কাকতি, চিত্ৰগৃহলৈ: ২৫ জানুৱাৰী ১৯৮২)
📌"পইতা ভাতৰ লগত খাবা গৰৈ মাছৰ পোৰা..." (চিনেমা: পলে পলে উৰে মন, সংগীত পৰিচালক তিমথী দাস হাঞ্চে, বিমান বৰুৱা আৰু অৰূপ দত্ত, চিত্ৰগৃহলৈ: ২০ মে, ২০১১)

--এই শতিকাৰ অসমীয়া চিনেমাত "বিহু" প্ৰয়োগৰ পৰিবৰ্তন স্পষ্ট। পৰিচালকে চিনেমাৰ ইতিহাস আৰু সৌন্দৰ্যলৈ ৰূপান্তৰ কৰিছে "বিহু"ক। চিনে সৌন্দৰ্যলৈ ৰূপান্তৰ হোৱা দুটি বিহুগীত-- "তোমাৰেনো বিৰহত..." (চিনেমা: বৰনদী ভটিয়ায়, সংগীত: তৰালি শৰ্মা, পৰিচালক: অনুপম কৌশিক বৰা, চিত্ৰগৃহলৈ: ৩মে', ২০১৯), "অৰ্জুন গছৰ কোমল পাত..." (চিনেমা:অনুনাদ, পৰিচালক: ৰীমা বৰা, চিত্ৰগৃহলৈ: ১৫ জানুৱাৰী ২০২৪)
বিহুগীতৰ ভাললগা প্ৰয়োগ জয়ছেং জয় দহোতীয়াৰ "জলছবি"। পৰিচালক গৰাকীয়ে পৰিবেশ নিৰ্মাণত ব্যৱহাৰ কৰিছে এই বিহুগীতটো--
"হয়দেই…….. 
যোৱাবাৰ বিহুতে অই 
তেনেই সৰুজনী আছিলি অই...
সৰু বুলি নেচালোং তোক ৷
এএএএইইই
এতিয়া দেখিচোং অই 
বৰে জনী হলিচোন অই
নেচাই থাকি নোৱাৰোং তোক ..."
এই বছৰ চিত্ৰগৃহলৈ অহা প্ৰথম খন অসমীয়া চিনেমা "কইনা কন্দা শিল"  (পৰিচালক: পৰিচালক: ড° মাইনু দেৱী আৰু ৰমেন বৰা, সংগীত-গীতৰ কথা:  ড° মাইনু দেৱী, চিত্ৰগৃহলৈ: ৫ জানুৱাৰী) তো বিহুৰ পৰিপাটি প্ৰয়োগ দেখিছোঁ। চিনেমা খনত থকা একমাত্ৰ গীতটোত চাৰি শাৰী কথাত তিৱা বিহুৰ সুৰ প্ৰয়োগ কৰিছে। গীতটোত বিহু সুৰীয়া গীতৰ প্ৰভাৱ স্পষ্ট।  গীতটো--
"বঘৰাৰ দেশৰে ৰূপহী কুঁৱৰী
কেঁচা বিহু মাৰিব জানে,
মায়ঙৰ দেশৰে পানথাই কোঁৱৰে 
খ্রাম থোৰাং বজাব পাৰে !

বঘৰাৰ দেশৰে  ৰূপহী কুঁৱৰী
টাগলা ফাছকাই বনাব জানে,
মায়াংৰ দেশৰে পানথাই কোঁৱৰে
পবিতৰাৰ হাতিকো বশে |

অ' মোৰ  দেহা অই
তেনেকৈ নাচাবি মোক,
অ' মোৰ দেহা অই
কলিজাতো দিলোঙ তোক,
লাজতে মোৰ 
নয়ন যুৰি সেমেকী উঠে, 
লাহি কঁকাল বতাহঁতে উৰে |

বৰ ঘৰৰ জীয়াৰি অ'ই
লখিমী ৰাজকুমাৰী অ'ই
পুজো আমি অনন্ত গোঁসাই !!

অ' মোৰ দেহা অ'ই
সাঁচি ৰখা মৰমবোৰ,
অ' মোৰ দেহা অ'ই 
হিয়া ভৰাই দিমে অ'ই,
ফালি কই ফান হাতত লৈ 
বৰ ঘৰত খুঁজিম গৈ 
কইনা হবি মোৰে তই |" --গীতটো কাহিনীৰ গতি নিৰ্মাণত ব্যৱহাৰ কৰিছে।

শেষত: বিষয়বস্তু অসম্পূৰ্ণ। সেয়েহে শিৰোণামত "এক আধ্যায়" বাক্যটো ব্যৱহাৰ কৰা হৈছে।
(প্ৰকাশ: বহাগ বিহু সংখ্যা...)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...