সরাসরি প্রধান সামগ্রীতে চলে যান

অসমীয়া চিনেমাত বিহু: এক অধ্যয়

অসমীয়া চিনেমাৰ (চিনেমাত ব্যৱহাৰ হোৱা) "জনপ্ৰিয় বিহুগীত" সমূহ প্ৰকৃততে বিহু সুৰীয়া গীতহে। যেনে-- "মন হীৰা দৈ..
চাইকেল নহয় টিলিঙা..." (চিনেমা: বোৱাৰী, সংগীত: উপেন কাকতী।) 
"হাঁহে হৈ পৰিমগৈ তোমাৰে পুখুৰীত
পাৰ হৈ পৰিমগৈ চালত..." (চিনেমা: তৰামাই, সংগীত: ৰমেন বৰুৱা।)
"হেয়!
জাক জাক জাকৈয়া ছোৱালী..." (চিনেমা: ৰাংঢালী, সংগীত: হেমেন হাজৰিকা) আদি। অসমীয়া চিনেমাত এনে ধৰণৰ বিহু সুৰীয়া গীতৰ চিত্ৰায়ণ বেছি দেখা যায়, বিহু গীতৰ বিপৰীতে।
অসমীয়া চিনেমাত বিহু গীত প্ৰথমবাৰ ব্যৱহাৰ কৰিছিল সুৰেশ চন্দ্ৰ গোস্বামীয়ে, 'ৰুণুমী" (মে' ১৯৫৩) ত-- "ফাগুণৰে পচোৱাই আঁচলকে উৰুৱাই ৰঙালী বিহুৰেনো বাতৰি বিলাই যায়.."  ( সংগীত: দৰ্পনাথ শৰ্মা) গীতটোৰ গায়ন শৈলী, চিত্ৰায়ণ --স্বাভাৱিক। চিনেমা খনত সম্পূৰ্ণ গীতটো ব্যৱহাৰ কৰা নাছিল। চিনেমা খনৰ প্ৰথমচোৱাত চৰিত্ৰ এটাকো গোৱাইছিল আন এটা বিহু গীতৰ কলি-- "মাকু তাতৰ শালত, চকু আলি বাটত..."। 
এই খিনিতে প্ৰথম খন অসমীয়া চিনেমা "জয়মতী" (২০ মাৰ্চ, ১৯৩৫) ত ব্যৱহাৰ কৰা বিহু নাচ চৰ্চা অৱশ্যেই কৰিব লাগিব। সম্পূৰ্ণ "জয়মতী" চোৱাৰ সুযোগ আমি পোৱা নাই। টূকুৰা টুকুৰাকৈ কিছু অংশহে চাইছোঁ। আমি চোৱা "টুকুৰা"ত বিহু নাচ নাছিল। বিভিন্ন লেখাত পোৱা যায় "জয়মতী" বিহু গীত নাছিল, বিহু নাচ আছিল। বিহু নাচত আজি-কালি ব্যৱহাৰ কৰাৰ দৰে বাঁহৰ জাপি ব্যৱহাৰ কৰিছিল।
আমাৰ ফাইলৰ চেপাত থকা তথ্যই কয়-- পৰিপাটিকৈ, পৰিকল্পনাৰ মাজেৰে বিহু নাচ-বিহু গীত ব্যৱহাৰ কৰা প্ৰথম খন অসমীয়া চিনেমা-- নিপ বৰুৱা পৰিচালিত 'স্মৃতিৰ পৰশ' (৬ এপ্ৰিল, ১৯৫৬)। ৰমেন বৰুৱাৰ সংগীতেৰে, গুনদা দাস, ৰমেন বৰুৱা, ননী কাকতি, বিভা বৰুৱা আৰু গিৰীণ বৰুৱাই কণ্ঠদান কৰা গীতটো-- 
"অ' মোৰে দেহিটি ঐ
অ' মোৰে চেনাইটি ঐ
 চকু জুৰণীয়া ৰোৱা কুমলীয়া 
কাইলৈ মেলিবি ঠোক..."
অসমীয়া চিনেমাত ব্যৱহাৰ কৰা এটা নিভাজ বিহু গীত-- 
"দেহি ঐ লুইতৰ সিপাৰে মাজুলী,
 চাপৰি ঐ মাজুলী, 
চাপৰি ঐ মাজুলি, 
উজাইনো পানী ভাহে..."
--নিজৰ সংগীতেৰে পৰিচালক ভূপেন হাজৰিকাই ব্যৱহাৰ কৰিছিল "প্ৰতিধ্বনি" (২২ জানুৱাৰী, ১৯৬৫)-ত। কণ্ঠ: ভূপেন হাজৰিকা, কবিতা হাজৰিকাৰ। ভূপেন হাজৰিকাই চিনেমাত ব্যৱহাৰ কৰা আন এটা জনপ্ৰিয় বিহুগীত--
"আই সৰস্বতী অ'- ৰংফুল বকুলী 
তোমালৈ মানি যাওঁ কি 
তোমালৈ মানি যাওঁ শুকুলা ছাগলী
মাহে পৰমানে দি মিলন দৈ 
শশী মিলনদৈ বাখৰ ক'লিদৈ 
বাখৰ ক'লিদৈ
আৰু মঙলদৈ মাহে পৰমানে দি... "
নিপন গোস্বামী আৰু এগৰাকী কিশোৰীক কেমেৰাৰ ফ্ৰেমত ৰাখি চিত্ৰায়ণ কৰা বিহুগীতটো জনপ্ৰিয় হৈছিল। কণ্ঠ: বন্দনা বৰা, ভূপেন হাজৰিকাৰ। চিনেমা: অপৰূপা (১৬ এপ্ৰিল, ১৯৮২)
সংগীত পৰিচালক ড°ভূপেন হাজৰিকাই "মণিৰাম দেৱান" (পৰিচালক: সৰ্বেশ্বৰ চক্ৰৱৰ্তী/ ১০ জানুৱাৰী, ১৯৬৪) আৰু "চিৰাজ" পৰিচালক: ভূপেন হাজৰিকা/...) -তো বিহুগীত ব্যৱহাৰ কৰিছিল।
"বাঁহৰে আগতে অ' লোহিত চাপৰি 
বাঁহীটি বজালোঁ অ' লোহিত চাপৰি ..." --পৱিত্ৰ কুমাৰ এটা লেখাত পঢ়িছিলোঁ, "মণিৰাম দেৱাণ"ত ব্যৱহাৰ কৰা ৰঞ্জনা বৰদলৈৰ বিহুনাচ চিনেমা খনৰ সৌন্দৰ্য আছিল। --হয়, এই বিহুগীতটোৰে চিত্ৰায়ণ কৰিছিল; কিন্তু ব্যৱহাৰ কৰা "বিহু নাচ" বিশুদ্ধ নাছিল। সত্ৰিয়া আৰু অন্যান্য নৃত্যৰ তাল ব্যৱহাৰ কৰিছিল, পৰিচালকে (সেই সময়ত কৰিঅ'গ্ৰাফাৰ নাছিল।)।
"চিৰাজ"ত পৰিচালক ভূপেন হাজৰিকাই 
"পিৰিতি পিৰিতি পিৰিতি 
পিৰিতি বোৱা বোৱৰ্তী নৈ 
পিৰিতি পিৰিতি পিৰিতি 
ওৰে জীৱন থাকিব বৈ..." বিহুগীতটো কাহিনীৰ গতিত ব্যৱহাৰ কৰিছিল। বিহুগীতটো ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ হৈছিল।
--অধ্যয়ণ কৰিলে স্পষ্ট হয়, ১৯৭০-২০১৫ সময় চোৱাত "বিহু" অসমীয়া চিনেমাৰ এৰিব নোৱাৰা বিষয় আছিল। নায়ক-নায়িকা বা আন চৰিত্ৰক বিহুৰ সাজ পিন্ধোৱা, "বিহু"ৰ মাজলৈ নিয়া অলিখিত নিয়ম আছিল। বিহু কেন্দ্ৰিক অসমীয়া চিনেমাও নিৰ্মাণ হৈছিল। উদাহৰণ: 'তৰামাই'(২৪ জানুৱাৰী ১৯৭৬), 'মাঘত মামণিৰ বিয়া' (১৮ অক্তোবৰ ২০০২), 'চেনাই মোৰ ঢুলীয়া' (৩০ ডিচেম্বৰ ২০০৫) আৰু 'জানমণি' (১৫ এপ্ৰিল, ২০১১)। এই সময় চোৱাত চিত্ৰগৃহলৈ অহা 'যোগ বিয়োগ' (৩১ ডিচেম্বৰ ১৯৭১) 'তৰামাই'(২৪ জানুৱাৰী ১৯৭৬), 'মৰমী' (২০ জানুৱাৰী ১৯৭৮), 'ৰাংঢালী' (২৮ ডিচেম্বৰ ১৯৭৯) 'মইনাজান' (১৪ নৱেম্বৰ ১৯৮০) আদি চিনেমা দৰ্শকৰ ওচৰলৈ লৈ গৈছিল বিহুগীতে, বিহুগীতৰ সুৰে-নৃত্যই। ব'হাগৰ দুপৰীয়া', 'মধুচন্দা', 'জীৱন সুৰভি' আদি চিনেমাৰো সৌন্দর্য বঢ়াইছিল বিহুগীত-নৃত্যই। 'ঊর্বশী', 'প্রিয়জন'ৰো এটা 'সৌন্দর্য' আছিল বিহুৰ সুৰ, বিহুৰ 'সুৰ'ৰ চিত্ৰায়ণ।
"অ' হায় হায়..
পূবে ভগৱন্তই বৃন্দাবনতে
ষোল্লশ গোপিনী ঐ পাই
আজৌ আজৌ!..."
"বহাগৰ দূপৰীয়া" (পৰিচালনা: জ'নছ মহলীয়া) -ৰ এই গীতটো গাইছিল ভূপেন উজীৰৰ সংগীতেৰে মহানন্দ মজিন্দাৰ বৰুৱাই। এই বিহুগীতটো আজিৰ তাৰিখতো জনপ্ৰিয়।
আজিৰ তাৰিখতো জনপ্ৰিয় অসমীয়া চিনেমাত ব্যৱহাৰ কৰা আন কেইটামান বিহুগীত--
📌"কোমলকৈ বাঁহৰে ঐ লেকেচী লেহুকা 
 পাতলকৈ পাবতে পাখি 
আমাকে ঐ নথ'বা ৰাখি
বা লাগি বাজিছে ঐ মন-ছিঙা সুহুৰি
বুটলিনো নল'লি ..." (চিনেমা: মইনাজান, সংগীত: খগেন মহন্ত, পৰিচালনা: দেৱকুমাৰ)

📌“সাতামপুৰুষীয়া / বছেৰেকৰ বিহুটি
নেপাতি কেনেকৈ থাকো
কোৱা সোণ
নাচনী নাচনী অ' মইনা নাচনী
চকৰি ঘূৰাদি ঘূৰা মইনা নাচনী 
ভালেকৈ ধৰিবা বিহুৰে মান নাচনী..."  (চিনেমা: জেতুকী, পৰিচালক: চন্দ্ৰ তালুকদাৰ, সংগীত: সুজিত সিংহ, চিত্ৰগৃহলৈ:   ১৯৮৭)

📌"হেৰ' অসমীয়া বিহুৰে বলিয়া 
লুইতৰ পাৰতে ঘৰ
লোকে আহি খেদিলে
ভাত কাপোৰ কাঢ়িলে..." (চিনেমা: প্রেম জনমে জনমে, পৰিচালক: যাদৱ চন্দ্ৰ দাস, সংগীত: ৰিদীপ দত্ত, চিত্ৰগৃহলৈ: ১৯৯১)
📌"বিহুৰে কঠীয়া কোনে সিঁচি গ'লে
কোনে ৰচি গ'লে গীত 
মন ৰমেৰমায় বুকু হমেহমায়
অলিয়া-বলিয়া চিত..." (চিনেমা: ককাদেউতা নাতি আৰু হাতী, পৰিচালক: নিপ বৰুৱা, সংগীত: ৰমেন বৰুৱা, চিত্ৰগৃহত: ১৮ নৱেম্বৰ ১৯৮৩।)

📌"নাই!
নাই এজাৰ ফুলা নাই
নাই!
নাই বিহু অহা নাই,
নাই!
নাই এজাৰ ফুলা নাই..." (চিনেমা: বোৱাৰী, পৰিচালক: শিৱ প্ৰসাদ ঠাকুৰ, সংগীত: ড°উপেন কাকতি, চিত্ৰগৃহলৈ: ২৫ জানুৱাৰী ১৯৮২)
📌"পইতা ভাতৰ লগত খাবা গৰৈ মাছৰ পোৰা..." (চিনেমা: পলে পলে উৰে মন, সংগীত পৰিচালক তিমথী দাস হাঞ্চে, বিমান বৰুৱা আৰু অৰূপ দত্ত, চিত্ৰগৃহলৈ: ২০ মে, ২০১১)

--এই শতিকাৰ অসমীয়া চিনেমাত "বিহু" প্ৰয়োগৰ পৰিবৰ্তন স্পষ্ট। পৰিচালকে চিনেমাৰ ইতিহাস আৰু সৌন্দৰ্যলৈ ৰূপান্তৰ কৰিছে "বিহু"ক। চিনে সৌন্দৰ্যলৈ ৰূপান্তৰ হোৱা দুটি বিহুগীত-- "তোমাৰেনো বিৰহত..." (চিনেমা: বৰনদী ভটিয়ায়, সংগীত: তৰালি শৰ্মা, পৰিচালক: অনুপম কৌশিক বৰা, চিত্ৰগৃহলৈ: ৩মে', ২০১৯), "অৰ্জুন গছৰ কোমল পাত..." (চিনেমা:অনুনাদ, পৰিচালক: ৰীমা বৰা, চিত্ৰগৃহলৈ: ১৫ জানুৱাৰী ২০২৪)
বিহুগীতৰ ভাললগা প্ৰয়োগ জয়ছেং জয় দহোতীয়াৰ "জলছবি"। পৰিচালক গৰাকীয়ে পৰিবেশ নিৰ্মাণত ব্যৱহাৰ কৰিছে এই বিহুগীতটো--
"হয়দেই…….. 
যোৱাবাৰ বিহুতে অই 
তেনেই সৰুজনী আছিলি অই...
সৰু বুলি নেচালোং তোক ৷
এএএএইইই
এতিয়া দেখিচোং অই 
বৰে জনী হলিচোন অই
নেচাই থাকি নোৱাৰোং তোক ..."
এই বছৰ চিত্ৰগৃহলৈ অহা প্ৰথম খন অসমীয়া চিনেমা "কইনা কন্দা শিল"  (পৰিচালক: পৰিচালক: ড° মাইনু দেৱী আৰু ৰমেন বৰা, সংগীত-গীতৰ কথা:  ড° মাইনু দেৱী, চিত্ৰগৃহলৈ: ৫ জানুৱাৰী) তো বিহুৰ পৰিপাটি প্ৰয়োগ দেখিছোঁ। চিনেমা খনত থকা একমাত্ৰ গীতটোত চাৰি শাৰী কথাত তিৱা বিহুৰ সুৰ প্ৰয়োগ কৰিছে। গীতটোত বিহু সুৰীয়া গীতৰ প্ৰভাৱ স্পষ্ট।  গীতটো--
"বঘৰাৰ দেশৰে ৰূপহী কুঁৱৰী
কেঁচা বিহু মাৰিব জানে,
মায়ঙৰ দেশৰে পানথাই কোঁৱৰে 
খ্রাম থোৰাং বজাব পাৰে !

বঘৰাৰ দেশৰে  ৰূপহী কুঁৱৰী
টাগলা ফাছকাই বনাব জানে,
মায়াংৰ দেশৰে পানথাই কোঁৱৰে
পবিতৰাৰ হাতিকো বশে |

অ' মোৰ  দেহা অই
তেনেকৈ নাচাবি মোক,
অ' মোৰ দেহা অই
কলিজাতো দিলোঙ তোক,
লাজতে মোৰ 
নয়ন যুৰি সেমেকী উঠে, 
লাহি কঁকাল বতাহঁতে উৰে |

বৰ ঘৰৰ জীয়াৰি অ'ই
লখিমী ৰাজকুমাৰী অ'ই
পুজো আমি অনন্ত গোঁসাই !!

অ' মোৰ দেহা অ'ই
সাঁচি ৰখা মৰমবোৰ,
অ' মোৰ দেহা অ'ই 
হিয়া ভৰাই দিমে অ'ই,
ফালি কই ফান হাতত লৈ 
বৰ ঘৰত খুঁজিম গৈ 
কইনা হবি মোৰে তই |" --গীতটো কাহিনীৰ গতি নিৰ্মাণত ব্যৱহাৰ কৰিছে।

শেষত: বিষয়বস্তু অসম্পূৰ্ণ। সেয়েহে শিৰোণামত "এক আধ্যায়" বাক্যটো ব্যৱহাৰ কৰা হৈছে।
(প্ৰকাশ: বহাগ বিহু সংখ্যা...)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...