"কুঁহিপাঠ-মানুহ হোৱাৰ প্ৰথম খোজ"। প্ৰশান্ত কলিতাৰ পৰিচালনা। নৱজ্যোতি বৰদলৈৰ প্ৰযোজনা। দক্ষিণ কামৰূপৰ কথিত ভাষা আৰু সেই অঞ্চলৰ পৰম্পৰাগত সংগীত চিনেমা খনৰ প্ৰধান শব্দ সৌন্দৰ্য। চিনেমা খনৰ বিষয়বস্তু-- শিক্ষা।
শিক্ষাৰ প্ৰথম খোজ-- "কুঁহিপাঠ" (আমাৰ, আজিৰ তাৰিখতো বহুতৰে প্ৰথম শিক্ষাৰ আদিপাঠ-- কুঁহিপাঠ।)
পৰিচালকে যতীন খনিকৰক লৈ এটা চৰিত্ৰ নিৰ্মাণ কৰিছে। নাম এটা নিশ্চয় আছে; কিন্তু সকলোৱে শিল্পী বুলি মাতে। সংগীত ভাল পোৱা "শিল্পী"য়ে সকলোকে বুজাবলৈ চেষ্টা কৰে-- শিক্ষা সুস্থ সমাজৰ বুনিয়াদ। সৰল মনৰ "শিল্পী"ৰ মনত বৈ থাকে "কুঁহিপাঠ"। "শিল্পী"য়ে "কুঁহিপাঠ" বোৱাই দিয়ে তিনি শিশু শ্ৰমিকৰ মনলৈ।
পৰিচালকৰ কাহিনীৰ কেন্দ্ৰবিন্দু "শিল্পী" নৈপৰীয়া। মাছৰীয়া। আৰু কেইবাটাও পৰিয়ালৰ দৰে দক্ষিণ কামৰূপ কলহী নৈ খনৰ ওপৰতে নিৰ্ভৰ কৰি "শিল্পী"ৰ জীৱন যাত্ৰা। নৈপৰীয়া এই মানুহ খিনিৰ জীৱন আগৰ দৰে হৈ থকা নাই, নদীৰ পানী অস্বাভাৱিক গতিত কমিছে, মাছ কমি আহিছে। "শিল্পী"ৰ মুখত দিয়া কেইটা মান সংলাপেৰে প্ৰাকৃতিক বিপৰ্যয়ৰ ছবি খন স্পষ্ট কৰি দিছে। নিজৰ পেটৰ বাবে, পৰিয়ালৰ পেটৰ বাবে "শিল্পী"য়ে শিহুৰ মুখৰ মাছ কাঢ়ে। এয়া "শিল্পী"ৰ বাবে ক্ষোভ।
শিহু কেইটা আছে নে! সিহতে খাবলৈ মাছ পাইনে! --সেই কথাও চিন্তা কৰে "শিল্পী"য়ে। "শিল্পী"ৰ চিন্তাৰে পৰিচালকে কাহিনত গুঠি যায় শিক্ষা, প্ৰকৃতি, সমাজৰ বিভিন্ন সমস্যা।
--আহিছোঁ যতীন খনিকৰৰ অভিনয় প্ৰসংগলৈ। অভিনয় চিনেমেটিক। বাস্তৱিক চৰিত্ৰ নিৰ্মাণত পৰিচালকক সহায় কৰিছে। সমাজৰ ওচৰৰ "চৰিত্ৰ" হৈছে। কিন্তু সংলাপ প্ৰক্ষেপন "melodrama" মুক্ত নহয়। এই "চিনে দোষ"ৰ পাছতো যতীন খনিকৰৰ অভিনয়ে চুই গৈছে। দৰ্শকক চুই যোৱা অভিনয় অনুৰূপা ডেকাৰজাৰো। প্ৰতিটো চৰিত্ৰৰ কথা মনত ৰাখি ক'ব পাৰি-- "চৰিত্ৰ নিৰ্মাণ"ত পৰিচালক সফল।
--চিনেমা খনৰ চুই যোৱা প্ৰথমটো দিশ কাহিনীৰ গতিত ব্যৱহাৰ কৰা পৰম্পৰাগত সংগীত। পৰম্পৰাগত গীতে কাহিনীক গতি দিছে, কাহিনীৰ পৰিবেশ নিৰ্মাণত সহায় কৰিছে। জেজেৰা পাৰ্টি , মহোহো, বিহু আদিৰ প্ৰয়োগ, কাহিনীৰ গতিত ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ চিনেমা খনৰ ইতিবাচক দিশ। --এই সকলো সামৰি পৰিচালকক মুকলি মনেৰে প্ৰশংসা কৰিব পাৰিলো হেতেন যদিহে পৰিবেশ নিৰ্মাণৰ দৰে পৰিচালকে কাহিনী নিৰ্মাণ-গতিত গুৰুত্ব দিলে হেতেন।
(২)
কুকি-- ৰূপালী গল্পটোৰ প্ৰথমটো বিন্দু। বিন্দুটোৰ সৰল ৰৈখিক গতি। গতিত আন কেইবাটাও বিন্দুক মসৃন স্পৰ্শ।
ৰূপালী গল্পটোৰ নাম-- "কুকি" (kooki)। হিন্দী ভাষাৰ চিনেমা (কেইটা মান অসমীয়া সংলাপ প্ৰয়োগ কৰিছে যদিও কাহিনীক গতি দিছে 'হিন্দী সাহিত্যৰ ভাষা' আৰু কেমেৰাৰ ভাষাই। জ্ঞান গৌতমে চিত্ৰগ্ৰহণ কৰা চিনেমা খনৰ ছিকুৱেন্স নিৰ্মাণ পৰিপাটি। ছিকুৱেন্সৰ গতিত চিনে-গাণিতিক প্ৰয়োগ সুপৰিকল্পিত। কাহিনীৰ গতিত সাহিত্যৰ ভাষাক গুৰুত্ব দিছে; কিন্তু কোনো এটা ছিকুৱেন্সতে কেমেৰাৰ ভাষাক সাহিত্যৰ ভাষাৰ বহতীয়া হব দিয়া নাই পৰিচালক প্ৰণৱ জে ডেকাই। (পৰিচালক ডেকাই ড॰ জোনমণি দেৱী খাউণ্ডৰ পৰিকল্পনাৰে ‘কুকি’ৰ কাহিনী-চিত্ৰনাট্য তথা সংলাপো ৰচনা কৰিছে।) --এই যে বহতীয়া হব দিয়া নাই, ইয়াতেই পৰিচালকৰ চিনে শক্তি, পৰিস্কাৰ চিনেচিন্তা (পৰিচালনা কেন্দ্ৰীক) স্পষ্ট। চিনেমা খনৰ বিষয়বস্তু কেন্দ্ৰীক চিনেচিন্তা-- বাস্তৱ, বুদ্ধিদীপ্ত।
--চিনেমা খনৰ সৌন্দৰ্য প্ৰসঙ্গ চৰ্চালৈ আনিলে উল্লেখ কৰিব লাগিব মূলতঃ 'বাস্তৱ অভিনয়'ৰ ওচৰত থাকি কৰা চৰিত্ৰ নিৰ্মাণ, কেমেৰা (-ৰ ভাষা প্ৰয়োগ) ডিজাইন, শব্দ (আনুষঙ্গিক, প্রভাৱক, নীৰৱতা, সংলাপ আৰু সংগীতো।) ডিজাইনৰ কথা। কেইটামাণ ছিকুৱেন্স যোৱাৰ পাছত (নায়ক-নায়িকা মুখা-মুখী হোৱা) কেমেৰাৰ খেলি-মেলিয়ে আমনি দিছিল, চিনেমা "গতি"ত বাধা হৈছিল। (এই ত্ৰুটিয়ে চিনেমা খনৰ পৰিচালকক মুকলি মনেৰে প্ৰশংসা কৰাত বাধা দিলে।) এই কেমেৰা দোষক বাদ দি, বাকী চিনেমা খনক গতি দিয়া ছিকুৱেন্স নিৰ্মাণ পৰ্ব, শ্বট নিৰ্বাচন-শ্বটৰ গাণিতিক প্ৰয়োগ পৰিপাটি। গল্পক গতি দিয়াৰ লগতে ভূগোল স্পষ্ট কৰাত ব্যৱহাৰ কৰিছে কেমেৰাৰ ভাষা। ব্যৱহাৰ কৰা সংলাপ মেদহীন। তেনেদৰে কাহিনীৰ গতিত প্ৰয়োগ কৰা অসমৰ থলুৱা "সংস্কৃতি" চিনে সৌন্দৰ্যৰ এটা দিশ।
আহিছো কাহিনীলৈ-- ১৬ বছৰীয়া কুকি। ভাল লগা, ভাল পোৱাৰ সৈতে সুখৰ, আনন্দময়ী জীৱন পাৰ কৰা কুকি। আচম্বিতে কুকিৰ সুৰীয়া জীৱন বেসুৰৰ মাজত সোমাই পৰে। তাইক তাইৰ সুৰীয়া পৃথিৱী খনৰ পৰা বিচ্ছিন্ন কৰে। ধর্ষিতা কুকিয়ে ন্যায়বিচাৰত ন্যায় পায়। কিন্তু তাই ন্যায়ৰ পৰ্যাপ্ততাক লৈ প্ৰশ্ন উত্থাপন কৰে। কুকিয়ে উত্থাপন কৰা প্ৰশ্নটোৱে ৰূপালী গল্পটোৰ বিষয়বস্তু। --বিষয়বস্তু স্পষ্ট কৰিছে ৰূপালী গল্পটোৰ শেষত, কুকিৰ মুখত দিয়া সংলাপেৰে। বিষয়বস্তু কৈছে গল্পৰ বুনিয়াদত। সৰল ৰৈখিক গল্পটোৰ ভাল লগা দিশটো হ'ল কাহিনী, চৰিত্ৰ বিন্যাস। কাহিনীৰ গতিত কেইবাটাও উপকাহিনীৰ উক- মুকনি। পৰিচালক-চিত্ৰনাট্যকাৰে মূল গল্পৰ গতিতে সামৰি প্ৰতিটো "উপকাহিনী" সামৰি থৈছে, মূল কাহিনীৰ সৈতে "বিষয়বস্তু"লৈকে গতি দিছে।
(৩)
চিনেমা খনৰ নাম-- "জিয়া"। মূল চৰিত্ৰটোৰ নাম-- জিয়া। কেনী বসুমতাৰীৰ পৰিচালনা। প্ৰথম কথা-- কেনী বসুমতাৰী জনপ্ৰিয় "লোকেল কুংফু"ৰে ("লোকেল কুংফু"ৰ পাছত "লোকেল কুংফু-২" পৰিচালনা কৰিছে। স্থানীয় বজাৰত সফল হৈছে। "লোকেল কুংফু-৩" পৰিচালনাৰ কাম হাতত লৈছে।)। এই "জনপ্ৰিয় শৈলী"ৰ পৰা আঁতৰত "জিয়া"ৰ পৰিচালনা শৈলী। জিয়া চিনেমা খনৰ কাহিনীৰ মূল বিন্দু। কাহিনীৰ গতি সৰল ৰৈখিক। কাহিনী আমাৰ সমাজ খনৰে। ঘৰুৱা হিংসাৰ বাবে স্বামীৰ পৰা পৃথক হোৱা এগৰাকী নাৰী--জিয়া। পৰিচালকে গুৰুত্ব দিছে অকলশৰীয়া মাতৃ জিয়াৰ জীৱন বাটৰ সংগ্ৰামত।
এক মাত্ৰ কিশোৰী সন্তানক পিতৃ লাগে। স্বামীৰ সৈতে নথকা জিয়াক সমাজৰ বহুতে অন্য ধৰণে লয়। এই বোৰ "সমস্য"ৰ পৰা মুক্ত হও বুলিয়ে জিয়াই আকৌ বিয়াৰ কথা মনলৈ আনে। জীৱনলৈ এক পুৰুষ আহে। কিন্তু আকৌ জিয়াই জীৱন বাটত উজুটি খায়। আকৌ এবাৰ মুখাৰ আঁৰৰ মুখে জিয়াক কষ্ট দিয়ে। শেষত-- জিয়াই একমাত্ৰ সন্তানৰ সৈতে জীৱনৰ বাট বুলাৰ সিদ্ধান্ত লয়।
--চিনেমা খনৰ মূল সৌন্দৰ্য জিয়াৰ চৰিত্ৰত অভিনয় কৰা শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ অভিনয় আৰু সংগীত। ৰিকি শৰ্মা,ইপ্সিতা হাজৰিকা, আৰাধ্যা মহন্ত আদিৰ অভিনয়ো চিনেমেটিক।
--চিনেমা খনৰ ভাল নলগা দিশ কাহিনীৰ গতিত মাজে মাজে "কেমেৰাৰ ভাষা সাহিত্যৰ ভাষাৰ বহতীয়া হৈ পৰিছে"।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন