সরাসরি প্রধান সামগ্রীতে চলে যান

কুঁহিপাঠ, কুকি আৰু জিয়া

 "কুঁহিপাঠ-মানুহ হোৱাৰ প্ৰথম খোজ"। প্ৰশান্ত কলিতাৰ পৰিচালনা। নৱজ্যোতি বৰদলৈৰ প্ৰযোজনা। দক্ষিণ কামৰূপৰ কথিত ভাষা আৰু সেই অঞ্চলৰ পৰম্পৰাগত সংগীত চিনেমা খনৰ প্ৰধান শব্দ সৌন্দৰ্য।  চিনেমা খনৰ বিষয়বস্তু-- শিক্ষা। 
শিক্ষাৰ প্ৰথম খোজ-- "কুঁহিপাঠ" (আমাৰ, আজিৰ তাৰিখতো বহুতৰে প্ৰথম শিক্ষাৰ আদিপাঠ-- কুঁহিপাঠ।)
পৰিচালকে যতীন খনিকৰক লৈ এটা চৰিত্ৰ নিৰ্মাণ কৰিছে। নাম এটা নিশ্চয় আছে; কিন্তু সকলোৱে শিল্পী বুলি মাতে। সংগীত ভাল পোৱা "শিল্পী"য়ে সকলোকে বুজাবলৈ চেষ্টা কৰে-- শিক্ষা সুস্থ সমাজৰ বুনিয়াদ। সৰল মনৰ "শিল্পী"ৰ মনত বৈ থাকে "কুঁহিপাঠ"। "শিল্পী"য়ে "কুঁহিপাঠ" বোৱাই দিয়ে তিনি শিশু শ্ৰমিকৰ মনলৈ। 
পৰিচালকৰ কাহিনীৰ কেন্দ্ৰবিন্দু "শিল্পী" নৈপৰীয়া। মাছৰীয়া। আৰু কেইবাটাও পৰিয়ালৰ দৰে দক্ষিণ কামৰূপ কলহী নৈ খনৰ ওপৰতে নিৰ্ভৰ কৰি "শিল্পী"ৰ জীৱন যাত্ৰা। নৈপৰীয়া এই মানুহ খিনিৰ জীৱন আগৰ দৰে হৈ থকা নাই, নদীৰ পানী অস্বাভাৱিক গতিত কমিছে, মাছ কমি আহিছে। "শিল্পী"ৰ মুখত দিয়া কেইটা মান সংলাপেৰে প্ৰাকৃতিক বিপৰ্যয়ৰ ছবি খন স্পষ্ট কৰি দিছে। নিজৰ পেটৰ বাবে, পৰিয়ালৰ পেটৰ বাবে "শিল্পী"য়ে শিহুৰ মুখৰ মাছ কাঢ়ে। এয়া "শিল্পী"ৰ বাবে ক্ষোভ।
 শিহু কেইটা আছে নে! সিহতে খাবলৈ মাছ পাইনে! --সেই কথাও চিন্তা কৰে "শিল্পী"য়ে। "শিল্পী"ৰ চিন্তাৰে পৰিচালকে কাহিনত গুঠি যায় শিক্ষা, প্ৰকৃতি, সমাজৰ বিভিন্ন সমস্যা।
--আহিছোঁ যতীন খনিকৰৰ অভিনয় প্ৰসংগলৈ। অভিনয় চিনেমেটিক। বাস্তৱিক চৰিত্ৰ নিৰ্মাণত পৰিচালকক সহায় কৰিছে। সমাজৰ ওচৰৰ "চৰিত্ৰ" হৈছে। কিন্তু সংলাপ প্ৰক্ষেপন "melodrama" মুক্ত নহয়। এই "চিনে দোষ"ৰ পাছতো যতীন খনিকৰৰ অভিনয়ে চুই গৈছে। দৰ্শকক চুই যোৱা অভিনয় অনুৰূপা ডেকাৰজাৰো। প্ৰতিটো চৰিত্ৰৰ কথা মনত ৰাখি ক'ব পাৰি-- "চৰিত্ৰ নিৰ্মাণ"ত পৰিচালক সফল।
--চিনেমা খনৰ চুই যোৱা প্ৰথমটো  দিশ কাহিনীৰ গতিত ব্যৱহাৰ কৰা পৰম্পৰাগত সংগীত। পৰম্পৰাগত গীতে কাহিনীক গতি দিছে, কাহিনীৰ পৰিবেশ নিৰ্মাণত সহায় কৰিছে। জেজেৰা পাৰ্টি , মহোহো, বিহু আদিৰ প্ৰয়োগ, কাহিনীৰ গতিত ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ চিনেমা খনৰ ইতিবাচক দিশ। --এই সকলো সামৰি পৰিচালকক মুকলি মনেৰে প্ৰশংসা কৰিব পাৰিলো হেতেন যদিহে পৰিবেশ নিৰ্মাণৰ দৰে পৰিচালকে কাহিনী নিৰ্মাণ-গতিত গুৰুত্ব দিলে হেতেন।
 
 (২)

কুকি-- ৰূপালী গল্পটোৰ প্ৰথমটো বিন্দু। বিন্দুটোৰ সৰল ৰৈখিক গতি। গতিত আন কেইবাটাও বিন্দুক মসৃন স্পৰ্শ।
ৰূপালী গল্পটোৰ নাম-- "কুকি" (kooki)। হিন্দী ভাষাৰ চিনেমা (কেইটা মান অসমীয়া সংলাপ প্ৰয়োগ কৰিছে যদিও কাহিনীক গতি দিছে 'হিন্দী সাহিত্যৰ ভাষা' আৰু কেমেৰাৰ ভাষাই। জ্ঞান গৌতমে চিত্ৰগ্ৰহণ কৰা চিনেমা খনৰ ছিকুৱেন্স নিৰ্মাণ পৰিপাটি। ছিকুৱেন্সৰ গতিত চিনে-গাণিতিক প্ৰয়োগ সুপৰিকল্পিত। কাহিনীৰ গতিত সাহিত্যৰ ভাষাক গুৰুত্ব দিছে; কিন্তু কোনো এটা ছিকুৱেন্সতে কেমেৰাৰ ভাষাক সাহিত্যৰ ভাষাৰ বহতীয়া হব দিয়া নাই পৰিচালক প্ৰণৱ জে ডেকাই। (পৰিচালক ডেকাই ড॰ জোনমণি দেৱী খাউণ্ডৰ পৰিকল্পনাৰে ‘কুকি’ৰ কাহিনী-চিত্ৰনাট্য তথা সংলাপো ৰচনা কৰিছে।) --এই যে বহতীয়া হব দিয়া নাই, ইয়াতেই পৰিচালকৰ চিনে শক্তি, পৰিস্কাৰ চিনেচিন্তা (পৰিচালনা কেন্দ্ৰীক) স্পষ্ট। চিনেমা খনৰ বিষয়বস্তু কেন্দ্ৰীক চিনেচিন্তা-- বাস্তৱ, বুদ্ধিদীপ্ত।
--চিনেমা খনৰ সৌন্দৰ্য প্ৰসঙ্গ চৰ্চালৈ আনিলে উল্লেখ কৰিব লাগিব মূলতঃ 'বাস্তৱ অভিনয়'ৰ ওচৰত থাকি কৰা চৰিত্ৰ নিৰ্মাণ, কেমেৰা (-ৰ ভাষা প্ৰয়োগ)  ডিজাইন, শব্দ (আনুষঙ্গিক, প্রভাৱক, নীৰৱতা, সংলাপ আৰু সংগীতো।) ডিজাইনৰ কথা। কেইটামাণ ছিকুৱেন্স যোৱাৰ পাছত (নায়ক-নায়িকা মুখা-মুখী হোৱা) কেমেৰাৰ খেলি-মেলিয়ে আমনি দিছিল, চিনেমা "গতি"ত বাধা হৈছিল। (এই ত্ৰুটিয়ে চিনেমা খনৰ পৰিচালকক মুকলি মনেৰে প্ৰশংসা কৰাত বাধা দিলে।) এই কেমেৰা দোষক বাদ দি, বাকী চিনেমা খনক গতি দিয়া ছিকুৱেন্স নিৰ্মাণ পৰ্ব, শ্বট নিৰ্বাচন-শ্বটৰ গাণিতিক প্ৰয়োগ পৰিপাটি। গল্পক গতি দিয়াৰ লগতে ভূগোল স্পষ্ট কৰাত ব্যৱহাৰ কৰিছে কেমেৰাৰ ভাষা। ব্যৱহাৰ কৰা সংলাপ মেদহীন। তেনেদৰে কাহিনীৰ গতিত প্ৰয়োগ কৰা অসমৰ থলুৱা "সংস্কৃতি" চিনে সৌন্দৰ্যৰ এটা দিশ।
আহিছো কাহিনীলৈ-- ১৬ বছৰীয়া কুকি। ভাল লগা, ভাল পোৱাৰ সৈতে সুখৰ, আনন্দময়ী জীৱন পাৰ কৰা কুকি। আচম্বিতে কুকিৰ সুৰীয়া জীৱন বেসুৰৰ মাজত সোমাই পৰে। তাইক তাইৰ সুৰীয়া পৃথিৱী খনৰ পৰা বিচ্ছিন্ন কৰে। ধর্ষিতা কুকিয়ে ন্যায়বিচাৰত ন্যায় পায়। কিন্তু তাই ন্যায়ৰ পৰ্যাপ্ততাক লৈ প্ৰশ্ন উত্থাপন কৰে। কুকিয়ে উত্থাপন কৰা প্ৰশ্নটোৱে ৰূপালী গল্পটোৰ বিষয়বস্তু। --বিষয়বস্তু স্পষ্ট কৰিছে ৰূপালী গল্পটোৰ শেষত, কুকিৰ মুখত দিয়া সংলাপেৰে। বিষয়বস্তু কৈছে গল্পৰ বুনিয়াদত। সৰল ৰৈখিক গল্পটোৰ ভাল লগা দিশটো হ'ল কাহিনী, চৰিত্ৰ বিন্যাস। কাহিনীৰ গতিত কেইবাটাও উপকাহিনীৰ উক- মুকনি। পৰিচালক-চিত্ৰনাট্যকাৰে মূল গল্পৰ গতিতে সামৰি প্ৰতিটো "উপকাহিনী" সামৰি থৈছে, মূল কাহিনীৰ সৈতে "বিষয়বস্তু"লৈকে গতি দিছে।

(৩)

চিনেমা খনৰ নাম-- "জিয়া"। মূল চৰিত্ৰটোৰ নাম-- জিয়া। কেনী বসুমতাৰীৰ পৰিচালনা। প্ৰথম কথা-- কেনী বসুমতাৰী জনপ্ৰিয় "লোকেল কুংফু"ৰে ("লোকেল কুংফু"ৰ পাছত "লোকেল কুংফু-২" পৰিচালনা কৰিছে। স্থানীয় বজাৰত সফল হৈছে। "লোকেল কুংফু-৩" পৰিচালনাৰ কাম হাতত লৈছে।)। এই "জনপ্ৰিয় শৈলী"ৰ পৰা আঁতৰত "জিয়া"ৰ পৰিচালনা শৈলী। জিয়া চিনেমা খনৰ কাহিনীৰ মূল বিন্দু। কাহিনীৰ গতি সৰল ৰৈখিক। কাহিনী আমাৰ সমাজ খনৰে। ঘৰুৱা হিংসাৰ বাবে স্বামীৰ পৰা পৃথক হোৱা এগৰাকী নাৰী--জিয়া। পৰিচালকে গুৰুত্ব দিছে অকলশৰীয়া মাতৃ জিয়াৰ জীৱন বাটৰ সংগ্ৰামত। 
এক মাত্ৰ কিশোৰী সন্তানক পিতৃ লাগে। স্বামীৰ সৈতে নথকা জিয়াক সমাজৰ বহুতে অন্য ধৰণে লয়। এই বোৰ "সমস্য"ৰ পৰা মুক্ত হও বুলিয়ে জিয়াই আকৌ বিয়াৰ কথা মনলৈ আনে। জীৱনলৈ এক পুৰুষ আহে। কিন্তু আকৌ জিয়াই জীৱন বাটত উজুটি খায়। আকৌ এবাৰ মুখাৰ আঁৰৰ মুখে জিয়াক কষ্ট দিয়ে। শেষত-- জিয়াই একমাত্ৰ সন্তানৰ সৈতে জীৱনৰ বাট বুলাৰ সিদ্ধান্ত লয়। 
--চিনেমা খনৰ মূল সৌন্দৰ্য জিয়াৰ চৰিত্ৰত অভিনয় কৰা শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ অভিনয় আৰু সংগীত। ৰিকি শৰ্মা,ইপ্সিতা হাজৰিকা, আৰাধ্যা মহন্ত আদিৰ অভিনয়ো চিনেমেটিক। 
--চিনেমা খনৰ ভাল নলগা দিশ কাহিনীৰ গতিত মাজে মাজে "কেমেৰাৰ ভাষা সাহিত্যৰ ভাষাৰ বহতীয়া হৈ  পৰিছে"।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...