সরাসরি প্রধান সামগ্রীতে চলে যান

সংসদত অসমৰ সাংসদে কথা কৈছে!/১

সংসদত অসমৰ সাংসদে কথা কৈছে! --এয়াও আছিল খবৰ। অসমৰ কাকতৰ প্ৰথম কাকতৰ প্ৰথম পৃষ্ঠাৰ খবৰ।
অসমৰ সাংসদ হেম বৰুৱাই "সংসদ কপাইছিল" --সেই আমি চুব নোপোৱা অতীত।(তথ্য: ১৯৫৭ আৰু ১৯৬২ চনত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল। ১৯৬৭ চনত মঙ্গলদৈ লোকসভা সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হৈছিল। ডিচেম্বৰ ১৯৭০ চনলৈকে লোকসভাৰ সদস্য হৈ আছিল। সেই সময় চোৱাত সাংসদ হেম বৰুৱাই অসমৰ জ্বলন্ত সমস্যা কেন্দ্ৰীক কথাৰে সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক সঁকিয়নি দিছিল। ১৯৬০ চনৰ ভাষা আন্দোলন ইত্যাদি সংসদৰ মজিয়ালৈ নিছিল। সাংসদ গৰাকীয়ে কৰা দুৰ্নীতিৰ অভিযোগ প্ৰমাণিত হোৱাৰ পিছত তেতিয়াৰ কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু ৰাসায়নিক মন্ত্ৰী কে.ডি. মালৱিয়াই পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। চীন-ভাৰত প্ৰসংগত বিৰোধীৰ আসনত বহা স্বত্বেও প্ৰধানমন্ত্ৰী নেহৰুৱা সাংসদ বৰুৱাক মন দি শুনিছিল।শুনিবলৈ বাধ্য হৈছিল। --সাংসদ হেম বৰুৱাক "টাইমছ অৱ ইণ্ডিয়া"ই দহ গৰাকী শ্ৰেষ্ঠ সাংসদৰ তালিকাত ৰিখিছিল। আন এখন বহু প্ৰচলিত দৈনিক কাকত, পঞ্জাবৰ পৰা প্ৰকাশিত "ট্ৰিবিউন" -এ পোন্ধৰজন সাংসদৰ খতিয়ানৰ তালিকাত ৰাখিছিল।)
সংসদত "কথা কোৱা" আন এগৰাকী সাংসদ-- দীনেশ গোস্বামী। ভাৰতেৰ আইন আৰু বিচাৰ মন্ত্রী (১৯৮৯–১৯৯০), লোকসভাৰ সদস্য (১৯৮৫–১৯৮৯) আছিল। অসম গণ পৰিষদৰ সাংসদ গৰাকীয়ে "অসমৰ সমস্যা" সংসদলৈ নিছিল।
--লোকসভাত (১৯৯১–২০০৪) ৰখা ভাষণেৰে চৰ্চালৈ আহিছিল জয়ন্ত ৰংপি। আৰু তাৰ পাছৰ সময় চোৱাত গৌৰৱ গগৈ...। গৌৰৱ গগৈৰ কথন শৈলী ইত্যাদিয়ে আমাক আকৰ্ষণ কৰিছিল। (স্পষ্ট, শুদ্ধ  হিন্দী-ইংৰাজী উচ্চাৰণেৰ সংসদত "স্মাৰ্ট ভাষণ' দিয়া অসমৰ সাংসদ কেইজন আছে?)
আৰু শেহতীয়াকৈ সংসদত দিয়া "স্মাৰ্ট ভাষণ" -ৰে চৰ্চালৈ আহিছে পবিত্ৰ মাৰ্ঘেৰিটা। ৰাজ্যসভাৰ সাংসদ, বিজেপিৰ।
আমি মন কৰিছোঁ-- সাাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই নিজৰ দলৰ স্বাৰ্থত কোৱা কথাতকৈ অসম-অসমীয়া প্ৰতিফলিত হোৱা কথা বেছিকৈ কৈছে। আমাৰ এই চৰ্চাৰ বিষয় সাংসদ গৰাকীয়ে সংসদত কি কৈছে, সেয়া নহয়। সাংসদ গৰাকীয়ে সংসদত পৰিপাটিকৈ, শুদ্ধ উচ্ছাৰণ, চুই যোৱা শৈলীৰে কৈছে-- সেয়াহে আমাৰ চৰ্চাৰ বিষয়। সন্দেহ নাই-- ভাৰতৰ, অসমৰ ৰাজনীতিত পবিত্ৰ মাৰ্ঘেৰিটাৰ যাত্ৰা চুটি নহব, দীৰ্ঘ, উজ্জ্বল। আৰু ক'ব পাৰি-- অসমে 'নিমাতী সাংসদ'ৰ ভিড়ৰ বিপৰীতে আৰু এগৰাকী 'কথা কোৱা' সাংসদ পালে।
| অতীত-চাৰণ ||
পবিত্ৰ মাৰ্ঘেৰিটা "ৰাজনীতিৰ মানুহ" নাছিল। "চিনেমা-সংগীতৰ মানুহ" আছিল। "মায়া", "সাৰেগামা" নামৰ দুখন অসমীয়া আলোচনীৰ সম্পাদক আছিল।
--চন, তাৰিখ মনত নাই। বাৰটো মনত আছে--শুকুৰ বাৰ।দীৰ্ঘ সময় মুম্বাই থকাৰ পাছত অসমলৈ উভতিছিলোঁ, দৈনিক কাকত "আজি" (সম্পাদক: অজিত কুমাৰ ভূঞা) -ৰ সম্পাদনা বিভাগৰ সৈতে জড়িত হৈছিলোঁ। "অসমৰ সংবাদ জগত"ত মোৰ চিনাকীৰ সংখ্যা কম, সেই সময়ত। "সংবাদ"ৰ কামত জ্যোতি চিত্ৰবনলৈ গৈছিলোঁ। নিৰ্দিষ্ট স্থানত বহি আছিলোঁ। ওচৰত ইতিমধ্যে বহি থকা কেইগৰাকী মনৰ মাজত জুবিন গাৰ্গ কেন্দ্ৰীক চৰ্চা। চৰ্চা মাজলৈ "আজি" আহিছিল, "মোৰ নাম"টো আহিছিল। এজনে কৈছিল-- "নিজকে (মোৰ কথা কৈছিল। সেই দিনা "আজি"ৰ নিৰ্দিষ্ট পৃষ্ঠাত জুবিনৰ এটা গীতৰ বিষয়ে লিখিছিলোঁ। লেখাটো "ইতিবাচক" নাছিল! সেই সময়তো একাংশ "চিত্ৰ সাংবাদিক" বা "সাংস্কৃতিক সাংবাদিক"ৰ ধাৰণা আছিল জুবিন গাৰ্গক, জুবিন গাৰ্গৰ সৃষ্টিক বা সংগীত নিৰ্মাণক প্ৰশংসাহে কৰিব পাৰি, সমালোচনা কৰিব নোৱাৰি।) কি বুলি ভাৱে, জুবিনৰ গীত সমালোচনা কৰে...।" আৰু কিবা কিবি কৈছিল। বাকী কেইবাজনেও হয়ভৰ দিছিল। মই কোৱা খিনি, ঠাট্টা খিনি হজম কৰি আছিলোঁ। কথাত ভাগ লৈ থকা এজনে কিন্তু হয়ভৰ দিয়া নাছিল, কৈছিল-- "তেখেতৰ সমালোচনা কৰাৰ অধিকাৰ আছে। আমিতো তেখেতক নাজানো, তেখেতৰ সমালোচনা কৰিব পৰাকৈ জ্ঞান থাকিবও পাৰে! ..."
--মোৰ ওচৰৰ আসনত বহি থকা এগৰাকীক সুধিলোঁ, হয়ভৰ নিদিয়া গৰাকীৰ ফালে আঙুলিয়াই, এওঁ কোন?
"পবিত্ৰ মাৰ্ঘেৰিটা" বুলি কৈ ধাৰণা দিলে পবিত্ৰ মাৰ্ঘেৰিটা কোন, ধাৰণা এটা দিলে। যি ধাৰণা পালোঁ, তাৰ মাজৰে এটা-- যি কেইগৰাকীয়ে জুবিন চৰ্চা কৰি আছে, সেই সকলৰ ভিতৰত আটাইতকৈ ঘনিষ্ঠ।
--তেনেদৰেই পবিত্ৰ মাৰ্ঘেৰিটাক জানিছিলোঁ, প্ৰথমবাৰ।
--তাৰ পাছত বহুবাৰ।
--কথা পাতিছিলোঁ আমাাৰ ভাড়া ঘৰত, বাহিৰত। বিষয় আছিল একেই। সংগীত, চিনেমা, নাটক।
--এবাৰ দূৰ্গা পূজাৰ বতৰত আমাৰ গাৱঁ বেলশৰলৈ, আমাৰ ঘৰলৈয়ো গৈছিল। পূজাৰ সময়ত আমাৰ সেই অঞ্চলত ভ্ৰাম্যমাণ থিয়েটাৰৰ অঘোষিত নাট মহোৎসৱ হৈছিল, আজিও হয়। আমি ইখন থিয়টাৰৰ পৰা সিখন থিয়েটাৰলৈ গৈ নাটকৰ এটা-দুটা দৃশ্য উপভোগ কৰিছিলোঁ। অনুভৱ কৰিছিলোঁ আমাৰ দৰে পবিত্ৰ মাৰ্ঘেৰিটাও "নাটক পাগল", আমাৰ দৰে "বাট হেৰুওৱা নাটক"ক লৈ দুখী। আমাৰ মাজত চৰ্চা হৈছিল-- ভাল নাটকেৰে কেনেদৰে ব্যৱসায়িক সফলতা সম্ভৱ। এটা দিশ স্পষ্ট-- নাটক, সংগীত, চিনেমাৰ ব্যৱসায়ৰ বাট চিনিছিল পৱিত্ৰই।  এটা উদাহৰণ: জোনবাই। "জোনবাই" --এখন ভিডিঅ' চিনেমা। সেই সময়ত অসমীয়া চিনেমাৰ প্ৰচাৰ পৰিকল্পনাতো সিমান বৃহৎ পোষ্টাৰ নাছিল, যিমান বৃহৎ পোষ্টাৰ "জোনবাই"ৰ দেখিছিলোঁ, মহানগৰীৰ পথৰ দাতিত। শুনিছিলোঁ, তেনে বৃহৎ পোষ্টাৰ মহানগৰীৰ বাহিৰৰ পথতো ওলমাইছিল "জোনবাই"ৰ প্ৰযোজক পক্ষই। সেই "পোষ্টাৰ প্ৰচাৰ" পৰিকল্পনা আছিল "জোনবাই"ৰ এগৰাকী প্ৰযোজক পৱিত্ৰ মাৰ্ঘেৰিটাৰ। এই "পোষ্টাৰ পৰিকল্পনা"ই সলনি কৰি দিছিল ভিডিঅ' চিনেমা উদ্যোগ। (সেই সময়ত পৱিত্ৰ মাৰ্ঘেৰিটাৰ "প্ৰচাৰ পৰিকল্পনা"ৰ ইতিবাচক চৰ্চা কৰিছিলোঁ। আমাৰ সেই ইতিবাচক লেখা পঢ়ি, সেই সময়ত আমাক নেতিবাচক কথাৰে ঠাট্টা কৰিছিল এগৰাকী "চিনেমা সমালোচকে" (এইখিনিতে: পৱিত্ৰ মাৰ্ঘেৰিটা জ্যোতি চিত্ৰবনৰ অধ্যক্ষ হোৱাৰ পাছত, সাংসদ হোৱাৰ পাছত এই "চিনেমা সমালোচক" গৰাকীৰ মুখত, সামাজিক মাধামত সুযোগ পালেই-- "পৱিত্ৰ বন্দনা"।)। পবিত্ৰ মাৰ্ঘেৰিটা কোন হয় বুলি প্ৰশ্ন তুলি এটা বাক্য কৈছিল (মানে, উত্তৰটো নিজে দিছিল), যিটো বাক্য কিছু মাহ পূৰ্বে এগৰাকী ৰাজনীতিকৰ মুখতো শুনিছিলোঁ। ৰাজনীতিক গৰাকীয়ে পবিত্ৰ মাৰ্ঘেৰিটাৰ "সাংস্কৃতিক কৰ্ম-ব্যৱসায়"কেন্দ্ৰীক নেতিবাচক কথাও কৈছিল, --হয়তো  নকলে হেতেন, যদিহে জানিলে হেতেন পঞ্জাৱৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ভগবন্ত মানৰ "আভিনয় কেৰিয়াৰ" জানিলে হেতেন! বা যদি জানিলে হেতেন ইউক্রেনীয় চিত্রনাট্যকাৰ, কৌতুক অভিনেতা ভোলোডিমিৰ জেলেনস্কিক। (অসমাপ্ত)
--উৎপল মেনা
০১/০২/২০২৪
(প্ৰকাশ:  বিশেষ, চতুৰ্থ বৰ্ষৰ দ্বিতীয় সংখ্যা)
 


মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...