সরাসরি প্রধান সামগ্রীতে চলে যান

ৰূপালী পৰ্দাত ৰূপকোঁৱৰ

"সোণৰে পালেঙত অ' মনেতৰা
সোণৰে পালেঙত অ' মনেতৰা।
ধুনীয়া কোঁৱৰৰ ঘুমটি নাহিলে
কপাহৰে তলিচা পৰা মনেতৰা..." জ্যোতিপ্ৰসাদৰ শব্দ, শব্দ সুৰ। কণ্ঠ--তৰালি শৰ্মাৰ। (চুই গ'ল আজি, আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিনটোত, জ্যোতি চিত্ৰবন চৌহদত।) সুৰ-শব্দই আমাৰ মন পৰ্দালৈ আনি দিলে জ্যোতি বিন্দু। জ্যোতি বিন্দুৰ সৰল ৰৈখিক গতি অভিনেতা বলোৰাম দাসক লৈ! গতিত যেন অভিনেতা গৰাকী ৰূপান্তৰ হ'ল ৰূপকোঁৱৰলৈ! --আমাৰ মন পৰ্দালে হয়তো জ্যোতি বিন্দুৰ এই চিনেমেটিক গতি নাহিল হেতেন, যদিহে "সোণৰে পালেঙত অ' মনেতৰা..." শুনাৰ আগে আগে দক্ষ পৰিচালক মঞ্জু বৰাই জ্যোতিপ্ৰসাদ আগৰৱালা কেন্দ্ৰিক অসমীয়া চিনেমা "ৰূপতীৰ্থৰ যাত্রী" নিৰ্মাণৰ পৰিকল্পনা ঘোষণা নকৰিলে হেতেন! 
--হয়, আজি মঞ্জু বৰাই ঘোষণা কৰিলে প্ৰায় কুৰি বছৰ মন-মগজুত লৈ ফুৰা এক চিনে পৰিকল্পনা, পৰিচালক গৰাকীৰ সপোন প্ৰকল্প (Dream project) "ৰূপতীৰ্থৰ যাত্রী"। চৈয়দ আব্দুল মালিকে লিখা একে নামৰ "জীৱন-ভিত্তিক-কাহিনীৰ উপন্যাস"ৰ আধাৰত চিত্ৰনাট্য লিখি চিত্ৰগ্ৰহনৰ বাবে সাজু কৰিছে পৰিচালক গৰাকীয়ে। আজি ঘোষণা পৰ্বত পৰিচালক গৰাকীয়ে স্পষ্ট কৰি দিয়ে ঔপন্যাসিক গৰাকীয়ে "জ্যোতিৰ্ময়"ক (জ্যোতিপ্ৰসাদ আগৰৱালাক মনত ৰাখি ঔপন্যাসিকে নিৰ্মাণ কৰা চৰিত্ৰটোৰ নাম)    নিৰ্মাণত স্বাধীনতাৰ বাট দেখুৱাইছে। সেই বাটে চিত্ৰনাট্যকাৰ-পৰিচালক মঞ্জু বৰায়ো নিশ্চয় যাব, দুখোজ মান, চিনে সৌন্দৰ্যৰ স্বাৰ্থত। কাৰণ ছপা শব্দ আৰু গতি-শ্ৰব্য শব্দৰ মাজত বহু দূৰত্ব, মধ্যম ভিন্ন। 
পৰিচালক গৰাকীৰ ভাষাত-- "চৈয়দ আব্দুল মালিকে সংস্কৃতিৰ সাধক এই মহান শিল্পী গৰাকীৰ জীবন কাহিনীৰে উপন্যাসৰ ৰূপ দিছে 'ৰূপতীৰ্থৰ যাত্রী'। তেখেতৰ ভাষাত ক'বলৈ গলে 'জীবন-ভিত্তিক কাহিনীৰ উপন্যাস, চুটি গল্প বা নাটক আদি ৰূপ দিব লাগিলে মূল চৰিত্ৰ, কাহিনী আৰু সংঘর্ষ আদিৰ সত্যতা পৰাপক্ষত বক্ষা কৰি সাহিত্যিক ৰূপ দিব লাগে। আগৰকালত ৰজা-মহাৰজা আদিয়ে তেওঁলোকৰ জীৱন- কাহিনীৰ সাহিত্যিক ৰূপ দিয়াবৰ কাৰণে বিশিষ্ট লিখক-সাহিত্যিকক দায়িত্ব অর্পণ কৰিছিল। আমাৰ কাব্য-মহাকাব্যবোৰ এনে কাহিনীৰেই সাহিত্যিক ৰূপ। "ৰূপতীৰ্থৰ যাত্রী" তো জ্যোতিপ্রসাদ আগৰৱালাৰ জীৱন কাহিনী বিভিন্ন ঘটনাক্রমৰ মাজেদি ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে। মোৰ একান্ত বিশ্বাস যে এই বিশিষ্ট ব্যক্তি গৰাকীৰ পৰিচয় এই উপন্যাসখনে দাঙি ধৰিছে।
চিনেমা আৰু সাহিত্য ওতঃপ্রোত ভাবে জড়িত যদিও দুয়োটা মাধ্যমৰে ভাষা পৃথক। 'ৰূপতীৰ্থৰ যাত্রী'ক আমি শিল্পী জনাব সম্পূর্ণ জীবন ভিত্তিক চিনেমা (bippic) বুলি নকৈ bio- fiction বুলি কোৱাহে যথার্থ হ'ব। মূল লিখকে যিহেতু দায়িত্ব লৈছেই যে সাহিত্যৰ খাতিৰত কাহিনী কওঁতে কিছু কল্পনাৰ আশ্রয় লব লগা হয়-- আমিও এই উপন্যাস খনৰ চিত্ৰনাট্য তৈয়াৰ কৰোঁতে কিছু স্বাধীনতা লৈছোঁ। অবশ্যে এই মহান শিল্পীজনাব জীবনত কতো আঁচোৰ পৰিবলৈ নিদি তেওঁৰ জীৱন পৰিক্ৰমাত সংঘটিত উল্লেখনীয় ঘটনা-পৰিঘটনা লগতে বিভিন্ন সময়ত সৃষ্টি হোৱা তেওঁৰ মানসিক অন্তর্দ্বন্দ আৰু অন্তর্দৃষ্টি (introspection)- এজন সংবেদনশীল সৃষ্টিশীল ব্যক্তি হিচাপে চিনেমাখনত যাতে প্রতিফলিত হয়- তাৰ চেষ্টা কৰিম।"
পৰিচালক-চিনেমা লেখক গৰাকীয়ে আৰু জনালে, ইমান দীৰ্ঘ সময় চিনেমা খন আগবঢ়াব পৰা নাছিল প্ৰযোজকৰ আৰু বিশেষ চৰিত্ৰৰ বাবে বিশেষ অভিনয় শিল্পীৰ অভাৱত। বিশেষকৈ মূল চৰিত্ৰটোত কোনে আভিনয় কৰিব--, সেয়া আছিল মূল চিন্তাৰ বিষয়। এতিয়া চিন্তা আঁতৰ হ'ল। প্ৰযোজনা কৰিবলৈ আগবাঢ়ি আহিল-- ড° সঞ্জীৱ নাৰায়ণ। আৰু পৰিচালকে মূল চৰিত্ৰটো নিৰ্মাণৰ বাবে বিছাৰি পালে সুদক্ষ অভিনেতা বলোৰাম দাসক। পৰিচালকে আন কেইটা মান চৰিত্ৰ নিৰ্মাণ কৰিব কুলদা কুমাৰ ভট্টাচার্য, প্রাঞ্জল শইকীয়া, সিদ্ধার্থ গোস্বামী, অপর্ণা দত্তচৌধুৰী, প্রণামী বৰা, পদ্মৰাগ, জয়ন্তজিৎ, নিয়ৰ শইকীয়া, ইভলিনাক লৈ। আৰু বিশেষ চৰিত্ৰ দুটা নিৰ্মাণ কৰিব জনপ্ৰিয় শিল্পী হেলিনা আৰু ইউৰোপৰ এগৰাকী শিল্পী চফিয়াক লৈ। আন কেইবাটাও চৰিত্ৰৰ বাবে অভিনয় শিল্পী নিৰ্বাচন হোৱা নাই, সোনকালে হ'ব। 
--এই চিনেমা খনত কেমাৰাৰ ভাষাৰ সমানেই যে সংগীত শব্দৰ গুৰুত্ব থাকিব সন্দেহ নাই। পৰিচালকে সংগীতৰ দায়িত্ব দিছে তৰালি শৰ্মাক। সাজ-সজ্জাৰ দায়িত্বত আছে ৰক্ষ্মী শইকীয়া আৰু জীৱন ডাউকা। কৰিঅ'গ্ৰাফী মনচুমৰ। সম্পাদনা কৰিব  এ শ্ৰীকৰ প্ৰসাদে। 
আজিৰ এই ঘোষণাৰ পাছত, পৰিকল্পনা জনাৰ পাছত আশা কৰিব পাৰোঁ, মঞ্জু বৰাই "অসমীয়া চিনেমা"ক এটা শ্ৰেষ্ঠ, ভাল চিনেকৰ্ম দিবলৈ গৈ আছে।





মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...