টোপগে মহাজন অচিনাকী নহয়! টোপগে মহাজনৰ পুত্ৰ আবু, পুৰণা ৱান টোনাৰ গাড়ী খনো চিনাকী। কাহিনীৰ মূল বিন্দু আত্মগোপনকাৰী পলাতক সৈনিক মণিপুৰী সিং ড্ৰাইভাৰ ওৰফে কুঞ্জ সিং আৰু কেইবাটাও চৰিত্ৰ আমাৰ মন-মগজুত ৰৈ গৈছে য়েছে দৰজে ঠংচিৰ "মিছিং" পঢ়াৰ সময়ত।
--পাতনিত ঔপন্যাসিকে লিখিছে , "পৃথিৱীৰ সকলো জাতি-উপজাতি কম বেছি পৰিমাণে অন্ধবিশ্বাসী। ভূত-প্রেত, ডাইনী, যখিনী, উপকাৰী-অপকাৰী নানা দেৱ-দেৱী আদি লৈ নানা জনশ্রুতি গঢ় লৈ উঠিছে বিভিন্ন সমাজত। মানৱ জাতিয়ে পালন কৰা বিভিন্ন পূজা-পাতল, উৎসৱ- পাৰ্বন ভালেখিনিৰ মূল উদ্দেশ্যৰ আঁৰত আছে নানা ভূত-প্রেত, দেৱ-দেৱীক সন্তুষ্ট কৰি অমঙ্গলৰ কবলৰ পৰা নিজক ৰক্ষা কৰা। আনকি ধৰ্মৰ নানা আচৰণ-বিধি, পুজা- পাতল আদি পালনৰ অন্তৰালত আছে এই অন্ধবিশ্বাস।..." চিনেমা খনৰ কাহিনীৰ গতিত "পাতনি"ৰ ছবি খন দেখিছোঁ। --হয়, "মিছিং" চিনেমা খনত। একে নামেৰে উপন্যাস খন ৰূপালী গল্পলৈ ৰূপান্তৰ কৰিছে ড° ববী শৰ্মা বৰুৱাই। উপন্যাস খনৰ দৰে চিনেমা খনৰো কাহিনীৰ "নায়ক" সিং ড্ৰাইভাৰ। পৰিচালকে বাস্তৱ অভিনয়ৰ ওচৰত ৰাখি চৰিত্ৰটো নিৰ্মাণ কৰিছে ৰাজীব ক্ৰ'ক লৈ। নিৰ্মাণ পৰ্ব পৰিপাটি। খোজ-কাটল, চেহেৰাৰ ভাষা, সাজ-সজ্জ আদিৰ ডিজাইন "সময়ৰ গতি"ৰ সৈতে খাপ খোৱা। সংলাপ প্ৰক্ষেপনতো "সময়ৰ গতিত পৰিৱৰ্ত"ত পৰিচালক আৰু অভিনেতাই মন দিছে। তেনেদৰে পৰিচালকে মন দিছে কাহিনীৰ গতিত পৰ্দালৈ অহা প্ৰতিটো চৰিত্ৰত।
টোপগে মহাজনে সিং ড্ৰাইভাৰক বিশ্বাস কৰিছিল, পলাতক সৈনিক বুলি জনাৰ পাছতো কুঞ্জ সিং নাম দিছিল। সিং ড্ৰাইভাৰৰ মন-মগজুতো টোপগে মহাজন "ঈশ্বৰ"। ইমান খিনি ওচৰ সম্পৰ্কৰ পাছতো এদিন সিং ড্ৰাইভাৰে টোপগে মহাজনৰ ওচৰৰ পৰা পলাইছিল। কিয় পলাইছিল, টোপগে মহাজনৰ মৃত্যুৰ পাছত, আবুক শুনালে সিং ড্ৰাইভাৰে। কাহিনী আগবাঢ়ে। আবুই লগ পালে সিং ড্ৰাইভাৰৰ পৰিয়ালক। জানিব পাৰিলে, সিং ড্ৰাইভাৰ কেইবামাহো ধৰি দক্ষিণ ভাৰতৰ ভেল্লোৰৰ এখন চিকিৎসালয়ত আছে। তেনেহ'লে! আবু মুখামুখী হৈছিল সিং ড্ৰাইভাৰৰ মিছিঙৰ সৈতে। "চেৰদুকপেন জনজাতিৰ বিশ্বাস --মিছিং, "মৃত্যুৰ আগতে মানুহৰ দেহৰ পৰা ওলাই ফুৰা প্ৰেতাত্মা।" চিনেমাৰ কাহিনীৰ গতি আৰু কেইবাবাৰো মিছিং প্ৰসংগ আহিছে। কাহিনীৰ গতিত
"আয় নোং য়ো য়ো" (প্ৰেমৰ গীত), ফিৰোং জলপ্ৰপাত আদিয়ো পৰিপাটিকৈ পৰিচালকে কাহিনীৰ গতিত ব্যৱহাৰ কৰিছে। চিনেমা খনৰ, আমাৰ চকুত পৰা প্ৰথমটো ইতিবাচক দিশ-- কেমেৰা ডিজাইন। কেমেৰাৰ ভাষা, সংগীত পৰিবেশ নিৰ্মাণ আৰু কাহিনীক গতি দিয়াত ব্যৱহাৰ কৰিছে। অৱশ্যে কাহিনীক গতি দিয়াত গুৰুত্ব দিছে সাহিত্যৰ ভাষাক। চেৰদুকপেন আৰু হিন্দী ভাষা ব্যৱহাৰ কৰিছে, চৰিত্ৰৰ মুখত।
প্ৰযোজক: সুলাখ্যানা বৰুৱা
সহ-প্ৰযোজক; বসন্ত কুমাৰ বৰুৱা , ড° ববী শৰ্মা বৰুৱা
পৰিচালক: ড°ববী শৰ্মা বৰুৱা
চিত্ৰগ্ৰহণ: চ'নু
সংগীত: শশাংক কোথাৰী
অভিনয়ত: ৰাজিব ক্ৰ', ছেৰিং ডৰ্জী, প্ৰেম দৰ্জী মনোজী, মালা গোস্বামী...
চিত্ৰগৃহলৈ অহা নাই
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন