ভূপেন হাজৰিকাক মই জনা নাছিলোঁ। ভূপেন হাজৰিকাক মই জানিব পৰা নাই। কায়িক মৃত্যুৰ পিছতো। জানিবলৈ চেষ্টা কৰি আছোঁ। ইমানে
জানিছো-- ভূপেন হাজৰিকা নামৰ এই সংগীত সত্বাক সহজে বুজা, উপলব্ধি কৰা সহজ নহয়। অসম আন্দোলনৰ ভৰপক সময়তে প্রথমবাৰ ভূপেন হাজৰিকাক অনুভব কৰিবলৈ চেষ্টা কৰিছিলোঁ। দূৰৰ পৰা। আমাৰ গাঁও বেলশৰলৈ গৈছিল 'সংগীত'
লৈ। বাৰ-তাৰিখ মনত নাই। সেই নিশা বেলশৰত সাংগীতিক সৌৰভ বিলাই দিছিল ভূপেন হাজৰিকাই। গীতৰ মাজে মাজে সুৰীয়া কথা। চঞ্চল খানে তবলা বজাইছিল। আৰু বিশেষ - তাতকৈ বেছি মনত নাই।
তাৰ পাছত?
-- নাই চন, তাৰিখ, বাৰ মনত নাই। দ্বিতীয়বাৰ কেতিয়া লগ পাইছিলোঁ ভূপেন হাজৰিকাক।
মনত আছে, প্রথমবাৰৰ তুলনাত অলপ ওচৰৰ পৰা অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলোঁ!
আৰু ইমানেই মনত আছে, মহানগৰীৰ 'ৰবীন্দ্র ভৱন'ত সেইদিনা দশমী গোস্বামীয়ে ভূপেন হাজৰিকাৰ সৈতে গাইছিল 'চানমাই...'। অন্য গীতো গাইছিল। কথাবোৰ সুৰ হৈ, সংগীত হৈ ৰবীন্দ্র ভবনত বিয়পি পৰিছিল। সুৰীয়া কথাৰ মাজতে নলবৰীয়া সুৰত ভূপেন হাজৰিকাই কৈছিল-- "এ মাই, ক'ত এ, ইফলে আহ"। দশমী গোস্বামী মঞ্চলৈ গৈছিল আৰু ভূপেন হাজৰিকাৰ সৈতে গাইছিল--
'চান মাই আকলাই ওলালি অ'
পুৱান মাৰিব মাৰিব...'
--মার্চ ১৯৯৪ চনত 'আজিৰ সংবাদ' নামৰ দৈনিক কাকত এখনৰ সম্পাদনা বিভাগত যোগ দিছিলোঁ। যোগ দিয়াৰ সম্ভবতঃ দুমাহমান পাছত ফটোগ্ৰাফাৰ চিন্ময় ৰয়ৰ সৈতে লতা মংগেশকাৰক চাবলৈ, গীত শুনিবলৈ নেহৰু ষ্টেডিয়ামলৈ গৈছিলোঁ আৰু সেইদিনা দূৰৰ পৰা তৃতীয়বাৰৰ বাবে ভূপেন হাজৰিকাক অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলোঁ।
আৰু চতুৰ্থবাৰ? চতুৰ্থবাৰ- অতি ওচৰৰ পৰা ভূপেন হাজৰিকাক পাইছিলোঁ। অসম অভিযান্ত্রিক মহাবিদ্যালয়ত। গীত শুনাৰ আগে আগে কথা শুনিছিলোঁ।
--মঞ্চত সেই সময়ত জনপ্রিয় গায়িকা এগৰাকী। সেউজঘৰত ভূপেন হাজৰিকা, গুণমুগ্ধৰ মাজত। 'বিমূর্ত মোৰ নিশাটি...' মঞ্চৰ পৰা ভাহি আহিছিলঁ।
ভূপেন হাজৰিকাৰ জনপ্রিয় গীত। গায়িকাগৰাকীৰ কণ্ঠত। কথা বন্ধ, ভূপেন হাজৰিকাই গীতটো শুনিবলৈ চেষ্টা কৰিছে। চেহেৰাত 'অসন্তোষ-অসন্তোষ'। হঠাৎ চেহেৰাত খং। 'মোৰ কেইটামান গীত আনে গালে বেয়া পাও, বেয়া গালে আৰু বেয়া পাও।' ভূপেন হাজৰিকাই কৈছিল। গান শেষ কৰি গায়িকাগৰাকী সেউজ ঘৰলৈ আহিছিল। ভূপেন হাজৰিকাৰ ভৰি চুইছিল, আশীর্বাদ দি ভূপেন হাজৰিকাই কৈছিল "মোৰ এই গীতটো তুমি আৰু নাগাবা।' সেইদিনা অনুভৱ কৰিছিলোঁ-- গীত ভূপেন হাজৰিকাৰ বাবে প্রার্থনা। ভক্তই 'সুৰ'ত থাকি প্রার্থনা গাব লাগে।
আৰু তাৰ পাছত?
--সুদীর্ঘ 'সময়'ৰ পাছত, ১৯৯৮ চনৰ নৱেম্বৰ নে ডিচেম্বৰত লগ পাইছিলো, অতি ওচৰৰ পৰা, ভূপেন হাজৰিকাক। ভূপেন দাক। 'ভূপেনদা আহো।' বুলি কোৱাত আৰু বহলকৈ দুচকু মেলি দিছিল ভূপেনদাই। 'তুমি অসমীয়া!-- কোৱা নাছিলা কিয়?'-
ভূপেনদাই কৈছিল। মোৰ 'উত্তৰ'নাছিল। হাঁহিছিলোঁ, শব্দহীন হাঁহি। 'আহিবা, অসমীয়াত কথা পাতিম।'- ভূপেনদাই কৈছিল। মই 'নিশ্চয়' বুলিছিলো।
কথাটো এনেধৰণৰ। লেখক-সাংবাদিক হেমচন্দ্র দলেৰ বন্ধু আৰছদ বিয়াজ (প্রকৃত নাম নহয়। এই নামটোৰে লিখে)। সাংবাদিক। এসময়ত হেমচন্দ্র দলেয়ে 'চিনেমাৰ কাম' কৰিছিল, মুম্বাইত। সম্ভৱতঃ সেই সময়চোৱাত হেমচন্দ্ৰ-আৰছদৰ বন্ধুত্ব। এদিন 'বলীউডৰ বাট'ত মোৰ মুখত 'বিস্ময়' শব্দটো শুনি আৰছদ বিয়াজে হেমচন্দ্ৰ দলেৰ কথা কৈছিল, তেনেদৰেই চিনাকী, আৰু পৰৱৰ্তী সময়ত আৰছদ ৰিয়াজৰ ওচৰলৈ 'চিনেমাৰ খবৰ' বাবে প্ৰায়ে গৈছিলোঁ। মুম্বাইৰ তাজ হোটেলৰ সন্মুখত বহি, সাগৰৰ ঢৌ 'উপভোগ' কৰি প্ৰায়ে আড্ডা দিছিলোঁ আৰছদ ৰিয়াজৰ সৈতে, মুম্বাইত থকা সময়ছোৱাত। (আৰু আছে)
*এই লেখা প্ৰথমবাৰ প্ৰকাশ পাইছিল আজিত কুমাৰ ভূঞা সম্পাদিত সাপ্তাহিক কাকত "নতুন সময়"ত।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন