সরাসরি প্রধান সামগ্রীতে চলে যান

ভূপেন হাজৰিকা: ওচৰৰ পৰা, আঁতৰৰ পৰা

ভূপেন হাজৰিকাক মই জনা নাছিলোঁ। ভূপেন হাজৰিকাক মই জানিব পৰা নাই। কায়িক মৃত্যুৰ পিছতো। জানিবলৈ চেষ্টা কৰি আছোঁ। ইমানে
 জানিছো-- ভূপেন হাজৰিকা নামৰ এই সংগীত সত্বাক সহজে বুজা, উপলব্ধি কৰা সহজ নহয়। অসম আন্দোলনৰ ভৰপক সময়তে প্রথমবাৰ ভূপেন হাজৰিকাক অনুভব কৰিবলৈ চেষ্টা কৰিছিলোঁ। দূৰৰ  পৰা। আমাৰ গাঁও বেলশৰলৈ গৈছিল 'সংগীত'
লৈ। বাৰ-তাৰিখ মনত নাই। সেই নিশা বেলশৰত সাংগীতিক সৌৰভ বিলাই দিছিল ভূপেন হাজৰিকাই। গীতৰ মাজে মাজে সুৰীয়া কথা। চঞ্চল খানে তবলা বজাইছিল। আৰু বিশেষ - তাতকৈ বেছি মনত নাই। 
তাৰ পাছত?
-- নাই চন, তাৰিখ, বাৰ মনত নাই। দ্বিতীয়বাৰ কেতিয়া লগ পাইছিলোঁ ভূপেন হাজৰিকাক।
মনত আছে, প্রথমবাৰৰ তুলনাত অলপ ওচৰৰ পৰা অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলোঁ!
আৰু ইমানেই মনত আছে, মহানগৰীৰ  'ৰবীন্দ্র ভৱন'ত সেইদিনা দশমী গোস্বামীয়ে ভূপেন হাজৰিকাৰ সৈতে গাইছিল 'চানমাই...'। অন্য গীতো গাইছিল। কথাবোৰ সুৰ হৈ, সংগীত হৈ ৰবীন্দ্র ভবনত বিয়পি পৰিছিল। সুৰীয়া কথাৰ মাজতে নলবৰীয়া সুৰত ভূপেন হাজৰিকাই কৈছিল-- "এ মাই, ক'ত এ, ইফলে আহ"। দশমী গোস্বামী মঞ্চলৈ গৈছিল আৰু ভূপেন হাজৰিকাৰ সৈতে গাইছিল--
 'চান মাই আকলাই ওলালি অ'
পুৱান মাৰিব মাৰিব...' 
--মার্চ ১৯৯৪ চনত 'আজিৰ সংবাদ' নামৰ দৈনিক কাকত এখনৰ সম্পাদনা বিভাগত যোগ দিছিলোঁ। যোগ দিয়াৰ সম্ভবতঃ দুমাহমান পাছত ফটোগ্ৰাফাৰ চিন্ময় ৰয়ৰ সৈতে লতা মংগেশকাৰক চাবলৈ, গীত শুনিবলৈ নেহৰু ষ্টেডিয়ামলৈ গৈছিলোঁ আৰু সেইদিনা দূৰৰ পৰা তৃতীয়বাৰৰ বাবে ভূপেন হাজৰিকাক অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলোঁ।

আৰু চতুৰ্থবাৰ? চতুৰ্থবাৰ- অতি ওচৰৰ পৰা ভূপেন হাজৰিকাক পাইছিলোঁ। অসম অভিযান্ত্রিক মহাবিদ্যালয়ত। গীত শুনাৰ আগে আগে কথা শুনিছিলোঁ। 
--মঞ্চত সেই সময়ত জনপ্রিয় গায়িকা এগৰাকী। সেউজঘৰত ভূপেন হাজৰিকা, গুণমুগ্ধৰ মাজত। 'বিমূর্ত মোৰ নিশাটি...' মঞ্চৰ পৰা ভাহি আহিছিলঁ।
ভূপেন হাজৰিকাৰ জনপ্রিয় গীত। গায়িকাগৰাকীৰ কণ্ঠত। কথা বন্ধ, ভূপেন হাজৰিকাই গীতটো শুনিবলৈ চেষ্টা কৰিছে। চেহেৰাত 'অসন্তোষ-অসন্তোষ'। হঠাৎ চেহেৰাত খং। 'মোৰ কেইটামান গীত আনে গালে বেয়া পাও, বেয়া গালে আৰু বেয়া পাও।' ভূপেন হাজৰিকাই কৈছিল। গান শেষ কৰি গায়িকাগৰাকী সেউজ ঘৰলৈ আহিছিল। ভূপেন হাজৰিকাৰ ভৰি চুইছিল, আশীর্বাদ দি ভূপেন হাজৰিকাই কৈছিল "মোৰ এই গীতটো তুমি আৰু নাগাবা।' সেইদিনা অনুভৱ কৰিছিলোঁ-- গীত ভূপেন হাজৰিকাৰ বাবে প্রার্থনা। ভক্তই 'সুৰ'ত থাকি প্রার্থনা গাব লাগে।

আৰু তাৰ পাছত?

--সুদীর্ঘ 'সময়'ৰ পাছত, ১৯৯৮ চনৰ নৱেম্বৰ নে ডিচেম্বৰত লগ পাইছিলো, অতি ওচৰৰ পৰা, ভূপেন হাজৰিকাক। ভূপেন দাক। 'ভূপেনদা আহো।' বুলি কোৱাত আৰু বহলকৈ দুচকু মেলি দিছিল ভূপেনদাই। 'তুমি অসমীয়া!-- কোৱা নাছিলা কিয়?'-
ভূপেনদাই কৈছিল। মোৰ 'উত্তৰ'নাছিল। হাঁহিছিলোঁ, শব্দহীন হাঁহি। 'আহিবা, অসমীয়াত কথা পাতিম।'- ভূপেনদাই কৈছিল। মই 'নিশ্চয়' বুলিছিলো।

কথাটো এনেধৰণৰ। লেখক-সাংবাদিক হেমচন্দ্র দলেৰ বন্ধু আৰছদ বিয়াজ (প্রকৃত নাম নহয়। এই নামটোৰে লিখে)। সাংবাদিক। এসময়ত হেমচন্দ্র দলেয়ে 'চিনেমাৰ কাম' কৰিছিল, মুম্বাইত। সম্ভৱতঃ সেই সময়চোৱাত হেমচন্দ্ৰ-আৰছদৰ বন্ধুত্ব। এদিন 'বলীউডৰ বাট'ত মোৰ মুখত 'বিস্ময়' শব্দটো শুনি আৰছদ বিয়াজে হেমচন্দ্ৰ দলেৰ কথা কৈছিল, তেনেদৰেই চিনাকী, আৰু পৰৱৰ্তী সময়ত আৰছদ ৰিয়াজৰ ওচৰলৈ 'চিনেমাৰ খবৰ' বাবে প্ৰায়ে গৈছিলোঁ। মুম্বাইৰ তাজ হোটেলৰ সন্মুখত বহি, সাগৰৰ ঢৌ 'উপভোগ' কৰি প্ৰায়ে আড্ডা দিছিলোঁ আৰছদ ৰিয়াজৰ সৈতে, মুম্বাইত থকা সময়ছোৱাত। (আৰু আছে)
*এই লেখা প্ৰথমবাৰ প্ৰকাশ পাইছিল আজিত কুমাৰ ভূঞা সম্পাদিত সাপ্তাহিক কাকত "নতুন সময়"ত।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...