সরাসরি প্রধান সামগ্রীতে চলে যান

ভূপেন হাজৰিকা, গল্পকথা ইত্যাদি

লিখিম, লিখিম বুলি বহু কথা লিখা নহয়। লিখিম, লিখিম বুলি লিখা নাছিলোঁ "গল্পকথা"। অতনু ভট্টাচাৰ্য, মিতালী দেৰ "গল্পকথা"। মোৰ সদায় এনেকুৱা হয়, "ভাল লগা বিষয়"টোৰ বিষয়ে লিখিবলৈ "মন-মগজুৱে" বহু সময় লয়।

৮ ছেপ্টেম্বৰ ২০২৪। কলকাতা।

 কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাই প্ৰায় এটা দশকৰো অধিককাল ড: ভূপেন হাজৰিকাদেৱৰ জন্মদিন কলকাতাত উদযাপন কৰি আহিছে। 

--এই বছৰো ব্যতিক্ৰম নহয়। 

--এই বাৰো আয়োজন কৰিছিল-- "ভূপেন্দ্ৰজয়ন্তী"।

--এইবাৰ এই অনুষ্ঠান আছিল মোৰ বাবে বিশেষ। এই সুৰ-কথাৰ অনুষ্ঠানত উন্মোচনৰ সুযোগ দিয়া হৈছিল আমাৰ (সম্পাদিত) "ভূপেন হাজৰিকা প্ৰকল্প"ৰ চতুৰ্থ খন গ্ৰন্থ "Bhupen Hazarika: volume iv" (এই সংখ্যাৰ অতিথি সম্পাদক: মুকুল ৰাভা, ড: বনজিৎ ভট্ট। সম্পাদক: উৎপল মেনা)। 

১ ডিচেম্বৰ ২০১৯। কলকাতা। এই দিনটোতে "চামেলি মেমচা'ব" খ্যাত জৰ্জ বেকাৰ আৰু বিনীতা বৰগোহাঁয়ে উন্মোচন কৰিছিল আমাৰ "ভূপেন হাজৰিকা" প্ৰকল্পৰ প্ৰথম খন গ্ৰন্থ (সম্পাদিত) "Bhupen Hazarika: Volume I", স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে ১৫ চেপ্টেম্বৰ ২০২২ ত নতুন দিল্লীত উন্মোচন কৰিছিল "Bhupen Hazarika: Volume II" আৰু ৮ চেপ্টেম্বৰ ২০২৩-ত অৰুণাচলৰ প্ৰদেশৰ ইষ্ট চিয়াং জিলাৰ পাছিঘাটত উন্মোচন কৰিছিল এই প্ৰকল্পৰ তৃতীয় খন গ্ৰন্থ। আৰু যোৱা ৮ চেপ্টেম্বৰত আকৌ কলকাতাত উন্মোচন কৰিলে প্ৰকল্পৰ  চতুৰ্থ খন গ্ৰন্থ-- "Bhupen Hazarika: Volume-IV", উন্মোচক: St.Paul's Cathedral Mission College'ৰ বেঙ্গলী বিভাগৰ জ্যেষ্ঠ অধ্যাপক,বহু গৱেষণামূলক গ্ৰন্থ ভূপেন হাজৰিকা বিশ্ব সংস্কৃতিৰ কন্ঠস্বৰ'ৰ প্ৰণেতা,গৱেষক ড০ শেখ মকবুল ইছলাম। (ড° ইছলাম প্ৰসংগত আগলৈ চৰ্চা কৰিম।)

--সেইদিনা বিয়লি ৪-৩০ বজাত এগছি বন্তি প্ৰজ্জলন আৰু সুধাকণ্ঠৰ প্ৰতিছবিত পুস্পাঞ্জলিৰে সমূহীয়া ভাবে গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। তাৰ পাছতে সম্পাদক ইন্দুকল্প শইকীয়াই সভাৰ আঁত ধৰি সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণত আগ বাঢ়ে। কিছুদিন আগতে সংঘটিত হৈ যোৱা এক মৰ্মান্তিক হত্যাকাণ্ডত মৃত্যু বৰণ কৰা চিকিৎসকৰ প্ৰতি শ্ৰদ্ধা জনাই এক মিনিট সময় মৌনতা অৱলম্বন কৰি

" জিলিকাব লুইতৰে পাৰ... " ভূপেন্দ্ৰ সঙ্গীতেৰে শুভাৰম্ভ কৰে সংস্থাৰ শিল্পীয়ে । গীতৰ পাছত "কথা"। কাৰ্যকৰী সভাপতি হিতেন হাতখোৱাই আদৰণি ভাষণ প্ৰদান কৰে। আৰু অনুষ্ঠান আগবাঢ়ে।

--কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাই  প্ৰতিবছৰেই ড: ভূপেন হাজৰিকাৰ বিশাল সৃষ্টিৰ কোনো এক নিৰ্দিষ্ট বিষয় বস্তুক বাচনি কৰি এই জন্মদিৱস উদযাপন কৰে।  এইবছৰৰ বিষয় আছিল 'সাহিত্য'। 

নিৰ্দিষ্ট বিষয়ত ভাষণ দিছিল ধেমাজি কলেজৰ অৱসৰ প্রাপ্ত উপাধ্যক্ষ, বিশিষ্ট লেখক ড: বনজিৎ ভট্টই। "ড: ভূপেন হাজৰিকাৰ গীতত আধুনিক অসমীয়া সাহিত্যৰ উন্মেষণ" বিষয়ত ড° ভট্টই দিয়া "সুৰ-কথা"ৰ ভাষণ আছিল অনুষ্ঠানটোৰ বিশেষ "কথা-সুৰ সৌন্দৰ্য"। 

--এই অনুষ্ঠানৰে আন এক "কথা-সুৰ সৌন্দৰ্য" আছিল "গল্পকথা"। অতনু আৰু মিতালীৰ কণ্ঠত সুৰ-গদ্যৰ যুগলবন্দী। ৩টা গল্গ পাঠ কৰিছিল-- ড° ভূপেন হাজৰিকা, সৌৰভ চলীহা, লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প। সৌৰভ চলীহাৰ গল্প-ভূপেন হাজৰিকাৰ গীত যুগলবন্দী আছিল অনন্য। বেজবৰুৱাৰ গল্প-ভূপেন হাজৰিকাই জনপ্ৰিয় কৰা পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ যুগলবন্দীও আছিল মন চুই যোৱা, মনত ৰৈ যোৱা।

অতনু ভট্টাচাৰ্যৰ এই "গল্প চিন্তা"। "গল্প কোৱা"ৰ এই যাত্ৰা আৰম্ভ কৰিছিল অভিনেত্ৰী ৰুণু বৰঠাকুৰৰ সৈতে। প্ৰথম বাৰ গল্প কৈছিল ২০০৭ চনৰ কোনো এটা দিনত, চতিয়াত। গল্প: ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ "বানপ্ৰস্থ"। (এই গল্পটোৰ আধাৰত ড° ভৱেন্দ্ৰ নাথ শইকীয়াই চিত্ৰনাট্য লিখিছিল "সন্ধ্যাৰাগ"ৰ। চিনেমা খনৰ এটা মূল চৰিত্ৰত অভিনয় কৰিছিল ৰুণু দেৱীয়ে।)

--অতনু ভট্টাচাৰ্যৰ মনলৈ কিয় আহিছিল এই "গল্প কোৱা" কথা। চনটো কৈছিল, মনত ৰাখিব নোৱাৰিলো।  বক্ত হৈ কবি অতনু ভট্টাচাৰ্য গৈছিল এখন সভালৈ। --তৃতীয় নে চতুৰ্থ বক্তা।

--উপস্থিত ৰাইজৰ ভাষণ শুনাৰ ধৈৰ্য নাই।

--এজন-দুজনকৈ উঠিব লৈছে।

--"বক্তা অতনু ভট্টাচাৰ্য"ই গতানুগতিক বক্তিতাৰ সলনি "গল্পৰ দৰে বক্তিতা" আৰম্ভ কৰিলে। গল্প কোৱাৰ দৰে কিছু কথা ক'লে। শুনিলে, আগ্ৰহেৰে, সভা এৰি যোৱা একাংশও উভতি আহিল। ক'ব পাৰি এই সভা খনতে অতনু ভট্টাচাৰ্যৰ মনত পোখা মেলিলে 'গল্পকথা"ই। 

২০১৪। "গল্পকথা"ৰ নতুন ৰূপ। অতনু ভট্টাচাৰ্যৰ সৈতে মিতালী দে। আমি শুনিলোঁ নতুন ৰূপৰ ৯৩ সংখ্যক "গল্পকথা"। অতনু ভট্টাচাৰ্যৰ কথনশৈলী-মিতালীৰ গায়কী আৰু কথাৰে, চেহেৰাৰ ভাষাৰে গল্পৰ গতিত কৰা সহযোগ যে "গল্পকথা"ৰ অলংকাৰ নুই কৰিব নোৱাৰি।

--"গল্পকথা"ৰ প্ৰসংগত আৰু আমি এনেদৰে কব বিছাৰিম, "ছপা মাধ্যম"ৰ গল্প, উপন্যাস আদি আৰু পঢ়ুৱৈৰ মাজত দূৰত্ব বাঢ়িছে। আজিৰ তাৰিখত দূৰত্ব কমাব পাৰে "গল্পকথা"ৰ দৰে চিন্তাই। অতনু ভট্টাচাৰ্যৰ দৰে জনপ্ৰিয় লেখকৰ "গল্পকথা"ই। (আৰু আছে। অসস্পাদিত। বানান ইত্যাদি সম্পাদনা কৰা হ'ব।)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...