সরাসরি প্রধান সামগ্রীতে চলে যান

ভাইমনদা

(১)

অনুপম আহিছিল। চিনেমা লেখক-পৰিচালক মুনিন বৰুৱা কেন্দ্ৰিক কথা পাতিছিল। কৈছিল-- "মুনিন বৰুৱা কেন্দ্ৰিক চিনেমা এখনৰ কাম চলি আছে।..." চিনেমা খনৰ সহায় হব পৰাকৈ মই কি, কিমান খিনি ক'ব পাৰিছিলোঁ, নাজানোঁ।...
ভাইমনদাক, মুনিন বৰুৱাক অতি ওচৰৰ পৰা পাইছিলোঁ। চিত্ৰৰসিক মুনিন বৰুৱাক ভালদৰে জানিছিলোঁ। নিজৰ চিনেমাতকৈ আন পৰিচালকৰ (দেশ-বিদেশৰ) ভাল চিনেকৰ্ম চৰ্চা কৰি সুখ অনুভৱ কৰিছিল।...
জ্যোতিপ্ৰসাদ আগৰৱালাই "ইন্দ্ৰ-মালতী"ৰে বাট কাটা অসমীয়া চিনেমাৰ ধাৰাটোক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰৰ পাছত মুনিন বৰুৱাই আগবঢ়াই নিছিল।...
মমতা --মুনিন বৰুৱাই "কাম" কৰা প্ৰথম খন চিনেমা। নলীন দুৱৰাৰ পৰিচালনাৰে নিৰ্মিত চিনেমা খনৰ ৰেহনা আখতাৰ হান্নানে গোৱা ‘আঁউসীৰ পাছত…’ গীতটোত মেণ্ডোলিন বজাইছিল৷ চিনেমাখনৰ গীত ৰেকৰ্ডিং আউটড’ৰত হৈছিল; আৰু সংগীতৰ সেইবোৰ কামতো মুনিন বৰুৱাই সহায় কৰিছিল।
১৯৭৬ চন৷ পৰিচালক শিৱ প্ৰসাদ ঠাকুৰে হাতত লৈছিল প্ৰথম পৰিচালনা৷ এই চিনেমাখনতে প্ৰথমবাৰৰ বাবে কেমেৰাৰ পিছফালে কাম কৰে মুনিন বৰুৱাই, সহকাৰী পৰিচালক হিচাবে৷ ১৯৭৮ চনত চিত্ৰগৃহলৈ অহা এই চিনেমাখন ব্যাৱসায়িক দিশত সফল নহ’ল৷ সেই সময়ত বহুতে দোষ দিলে ‘চিত্ৰনাট্য’ক৷ দুৰ্বল চিত্ৰনাট্য৷ কাহিনী, চিত্ৰনাট্য, সংলাপ লিখিছিল বসন্ত দাসে৷ পৰিচালক গৰাকীৰ দ্বিতীয় পৰিচালনা ‘বোৱাৰী’ৰ কাহিনী বসন্ত দাসৰে৷ চিত্ৰনাট্য-সংলাপ কিন্তু মুনিন বৰুৱা, বসন্ত দাসৰ৷ চিত্ৰনাট্য-সংলাপৰ লগতে মুখ্য সহকাৰী পৰিচালকৰো দায়িত্ব পালন কৰিছিল মুনিন বৰুৱাই৷ ১৯৮২ চনৰ ১৫ জানুৱাৰীত চিত্ৰগৃহলৈ অহা ‘বোৱাৰী’য়ে ‘অসমীয়া চিনেমাৰ বজাৰ’ত ঢৌৰ সৃষ্টি কৰিছিল৷ সফলতাৰ ঢৌ৷ সেইবাবেই হয়তো ‘শেৱালী’ (১৯৮৯), ‘ঘৰ সংসাৰ’ (১৯৮৩), ‘মন মন্দিৰ’ (১৯৮৫), ‘সোণ মইনা’ (১৯৮৪), ‘এই দেশ মোৰ দেশ’ (১৯৮৬) ৰো চিত্ৰনাট্য-সংলাপৰ দায়িত্ব দিছিল মুনিন বৰুৱাক৷ এই প্ৰতিটো ‘চিনে কৰ্ম’ই আছিল সফল৷ সফলতাৰ বাটত আৰু এখোজ আগবাঢ়ি নিপন গোস্বামীৰ সৈতে যুটীয়াভাৱে পৰিচালনা কৰে ‘প্ৰতিমা’৷ চিত্ৰগৃহলৈ আহে ১৯৮৭ চনত৷ ‘প্ৰতিমা’ দৰ্শকে পছন্দ কৰিলে৷ ইয়াৰ পাছতে হাতত ল’লে ‘পিতা-পুত্ৰ’৷ ‘পিতা-পুত্ৰ’ৰ শৈলীৰে পৰিচালকগৰাকীয়ে পৰৱৰ্তী সময়ত ‘চিনে কৰ্ম’ আগবঢ়াইছে ‘পাহাৰী কন্যা’, ‘প্ৰভাতী পখীৰ গান’, ‘দীনবন্ধু’, ‘ৰামধেনু’ নামেৰে৷ বিশ্লেষণ কৰিলে স্পষ্ট হৈ পৰে ‘হিয়া দিয়া নিয়া’, ‘দাগ’, ‘নায়ক’, ‘কন্যাদান’, ‘বিধাতা’, ‘বাৰুদ’, ‘ৰং’ পৰিচালকগৰাকীৰ আন এক শৈলীৰ ‘চিনে কৰ্ম’৷–এই দুয়োটা শৈলীৰে সু-পৰিকল্পিত প্ৰয়োগ স্পষ্ট ‘প্ৰিয়াৰ প্ৰিয়’ত৷...
--এই গৰাকী চিনেকৰ্মী চিনেমাৰ বিষয় হোৱা খবৰটো নিঃসন্দেহে ইতিবাচক।
চিনেমা খনৰ নাম ৰাখিছে "ভাইমন দা-A Tribute to Assamese Cinema"। পৰিচালক: শশাংক সমীৰ৷
প্ৰযোজক: শ্যামন্তক গৌতম।
(২)
সংগীত শিল্পী মনিষা হাজৰিকাৰ পৰা পালো আৰু এটা তথ্য-- আন বহু অনুষ্ঠানৰ লগতে সংগীতসূৰ্যৰ গীতৰ অনুষ্ঠিনতো মুনিন বৰুৱাই মেণ্ডোলিন বজাইছিল। মুনিন বৰুৱাই গীত লিখিছিল, সুৰো কৰিছিল। চিনেমাৰ মানুহ, নাটকৰ মানুহ মুনিন বৰুৱা আছিল সংগীতৰো মানুহ। কিন্তু নিজৰ এখনো চিনেমাৰ  সংগীতৰ কাম কৰা নাছিল। কিয়?
কথা প্ৰসংগত ভাইমনদাই কৈছিল-- "সংগীত মোৰ প্ৰিয় বিষয়। বজাই ভাল পাওঁ। কেতিয়াবা আনন্দতে সুৰ কৰিছিলোঁ, গাইছিলোঁ। কিন্তু মই সংগীতৰ কাম কৰা মানুহ নহওঁ। মই ক'ব পাৰোঁ-- এনেকুৱা কৰা, তেনেকুৱা হ'লে ভাল। কিন্তু কৰিব নোৱাৰো যেন লাগে। গতিকে এই দিশটোত মন দিয়া নহ'ল, পাছৰ পৰ্যায়ত। শিৱপ্ৰসাদ ঠাকুৰ ছাৰে মোক কেমেৰাৰ পাছলৈ ঠেলিলে, পাছতে থাকি ভাল পালোঁ।... মোৰ ইচ্ছাও নাছিল চিনেমাত সংগীতৰ কাম কৰাৰ, অভিনয় কৰাৰ (নায়ক হোৱাৰহে) মন আছিল!" (অজিত কুমাৰ ভূঞা সম্পাদিত দৈনিক কাকত "আজি"/ ১৮ নৱেম্বৰ ২০০৩)
--মাৰ্চ ২০০২ চনৰ কোনো এটা নিশা প্ৰথম বাৰ মুখামুখি হৈছিলোঁ মুনিন বৰুৱাৰ সৈতে। নগাঁৱত "কন্যাদান" চিনেমা খন চোৱাৰ পাছত ৰাতিৰ আহাৰ খোৱা সময়ত। ভাতৃপ্ৰতীম সাংস্কৃতিক কৰ্মী (বৰ্তমানৰ সাংসদ) পৱিত্ৰ মাৰ্ঘেৰিটা আছিল আমাৰ মুখামুখিৰ সাঁকো। মুনিন বৰুৱাই মোক কোৱা প্ৰথম দুটা বাক্য আছিল-- "চিনেমা খন কেনে পালা? 'নাটক'হৈ আছে নেকি?" (এই "প্ৰশ্ন"ৰ কাৰণ? আগলৈ চৰ্চা আগলৈ।)
প্ৰথম মুখামুখিৰ কেইদিন পাছত মুনিন বৰুৱাৰ প্ৰথমটো সাক্ষাৎকাৰ লৈছিলো (সেই সময়ত মই সম্পাদনা বিভাগত কাম কৰা) "আজি"ৰ বাবে। এটা প্ৰশ্নৰ উত্তৰত চিনকৰ্মী গৰাকীয়ে কৈছিল-- "দেৱৰাজ ৰয় কলেজত বি এছ চি পঢ়ি থাকোঁতে কলেজ উইকত আমি নাটক কৰিছিলোঁ। আমাৰ ব'টানীৰ ছাৰ শিৱপ্ৰসাদ ঠাকুৰৰ নাটক। মই আছিলোঁ প্রম্পটাৰ। নাটকখন মঞ্চস্থ কৰাৰ দুদিন আগতে মোৰ স্থান সলনি হ'ল। ছাৰে ক'লে-- 'তুমি অভিনয় কৰিব লাগিব। তুমি পাৰিবা, বুজিছা...।' প্রম্পটাৰৰ আসনৰ পৰা ছাৰে দিয়া উৎসাহৰ বাবেই অভিনেতাৰ আসনত বহিলোঁ। প্রম্পটাৰ আছিলোঁ যেতিয়া সংলাপবোৰ প্ৰায় মুখস্থ হৈয়েই গৈছিল। দিগদাৰ অনুভৱ কৰা নাছিলোঁ। নাটকখন শেষ হোৱাৰ পিছত দীঘলকৈ উশাহ এটা লৈ চিঞৰি দিছিলোঁ-- উঃ ৰক্ষা। পিছদিনাখন প্রতিযোগিতাৰ ৰিজাল্ট ওলাল। মই আচৰিত! 
মোৰ নামটো আছিল যুটীয়াভাবে মোৰ বন্ধু ৰাণা গগৈৰ সৈতে শ্রেষ্ঠ অভিনেতাৰ তালিকাত। মোৰ আত্মবিশ্বাস বাঢ়িল। শ্রেষ্ঠ অভিনেতাৰ সেই বঁটাটোৱে মোৰ যেন বিশ্বাস দিলে-- অভিনেতা হ'ব পাৰিম। মই গোলাঘাটৰ নাটকত ওতপ্রোতভাবে অভিনেতা হিচাপে জড়িত হৈ পৰিলোঁ। কিন্তু সংগীতক বাদ দিব পৰা নাছিলোঁ। কাৰণ মই আছিলোঁ সংগীতৰহে ছাত্র। তেতিয়া গোলাঘাটত সংগীতৰ ভাল পৰিবেশ আছিল। দুখনকৈ নাম কৰা সংগীত মহাবিদ্যালয় আছিল। মোৰ দুয়োজনী বাইদেবে সংগীত শিকিছিল। মাই হেঁচা দিলে-- ময়ো কিবা এটা শিকিব লাগে। মই গোলাঘাটৰ বিশেষ সংগীত মহাবিদ্যালয়খনলৈ নগ'লোঁ, যিখনত বাইদেউহঁতে শিকিছিল। মোমাইদেউ প্রদীপ চলিহাৰ অজন্তা কলামণ্ডলত তবলা শিকিবলৈ গ'লোঁ। এতিয়াৰ নৃত্যপটীয়সী ইন্দিৰা পি পি বৰায়ো তেতিয়া অজন্তা কলামণ্ডলত নাচিছিল। দেওধনী, বিহু আদি দলীয় নৃত্যত ল'ৰা কম হোৱাৰ বাবে আমাকো নাচিবলৈ লগাই দিছিল। সেই সময়তে আমি দেখিছিলোঁ ফিলিম মেকফার্লিন ছাৰক। তেওঁ গুণী-জ্ঞানী সংগীতজ্ঞসকলৰ ভিতৰৰ এজন। প্রাচ্য আৰু পাশ্চাত্যৰ বাদ্যযন্ত্ৰসমূহ খুব সুন্দৰকৈ বজাইছিল। ছাৰে গোলাঘাট সংগীত বিদ্যালয়ত বাদ্যযন্ত্ৰৰ শিক্ষা দিছিল। ছাৰৰ প্ৰতি আকর্ষিত হৈ ময়ো মেন্ডোলিন শিকিবলৈ তাতেই নাম লগালোঁ। পিছত গীটাৰো শিকিছিলোঁ। গীটাৰৰ শিক্ষা দিছিল মোৰ এজন বন্ধু মেজেন চাংমাই। সেই সময়ত যোৰহাটত এটা অর্কেস্ট্রা গ্রুপ আছিল। মূল শিল্পী দুগৰাকী আছিল জিতু-তপন। সেই গ্ৰুপটোৰ জনপ্রিয়তা দেখি আমিও এটা গ্রুপ খুলিলোঁ। নাম দিলোঁ ইক'। আমাৰ গ্ৰুপটোত বাবুল নাগ, মেজেন চাংমা, ৰবীন দে' আদিৰ লগতে পিছৰ সময়ত আমাৰ সৈতে মেক-আপ মেন হিচাপে কাম কৰা যোগেন দাসো আছিল। বিভিন্ন ঠাইত আমি প্রগ্রেম কৰোঁ। মাননি আদিৰ কথা নাছিল। প্রগ্ৰেম কৰিব পাৰিলেই হ'ল। ইমানেই।...
সেই যে মই শ্রেষ্ঠ অভিনেতা হৈছিলোঁ, তেতিয়াৰ পৰাই ছাৰে (শিৱপ্ৰসাদ ঠাকুৰে) তেওঁৰ প্ৰায়কেইখন নাটকতে মোক কামত লগাবলৈ ল'লে। ছাৰৰ নাটকত মিউজিক দিয়াৰ সুবিধাও পালোঁ। মিউজিক দিছিলোঁ ৰেকৰ্ড প্লেয়াৰৰ সহায়ত। কামটো আছিল আজিকালি 'ডি জে'বোৰে যে কৰে, ঠিক তেনেধৰণৰ।” 
[এই অংশ নতুন নহয়। ১৮ মে' ২০২২ সংখ্যাত, "আজি" কাকতত প্ৰকাশ পাইছিল, মোৰ "ৰাফকাট" শিতানত। (পাছত কিছু অংশ ছপা হৈছিল "জাগৰণ সাহিত্য প্ৰকাশনে" প্ৰকাশ কৰা মোৰ  #অসমীয়া_চিনেমা গ্ৰন্থত।)
এদিন কথা প্ৰসংগত পৱিত্ৰদাই (লেখক, সাংবাদিক পৱিত্ৰ কুমাৰ ডেকাই) কৈছিল-- "তোমাৰ লেখাটো ভাইমনে ভাল পাইছে। তোমাক মাতিছে, তেওঁৰ ঘৰলৈ।" পৱিত্ৰদাই বুজাই দিয়া বাটেৰে গৈ ভাইমনদাৰ ঘৰ পাইছিলোঁ, ভাতৃপ্ৰতীম সাংস্কৃতিক কৰ্মী বিৰিঞ্চি মোহন শৰ্মাক লগতলৈ। নিৰ্দিষ্ট ঘৰটোৰ বহা কোঠাত বহাৰ পাছতে ভাইমনদাই কোৱা প্ৰথম বাক্যটো আছিল-- "তোমাৰ লেখাটো ভাল পাইছোঁ।" --এয়া আছিল ভাইমনদাৰ সৈতে মোৰ পঞ্চম মুখামুখি।]
(৩)
"চিনেমাখন কেনে পালা? 'নাটক' হৈ আছে নেকি?" --প্রথমে হজম কৰিব নোৱৰা, পাছলৈ "ভাল লাগি" থকা এটি প্রশ্নৰেই প্ৰথম মুখামুখি, মুনিন বৰুৱাৰ সৈতে।
--প্রথম মুখামুখিতেই এনেধৰণৰ প্ৰশ্ন। দিগদাৰ অনুভৱ কৰিছিলোঁ।
--কিবা এটা কোৱাৰ বাট বিছাৰি পোৱা নাছিলোঁ। 
"আপুনি আপোনাৰ চিন্তাৰে লিখিছে, মই বেয়া পোৱা নাই। আপোনাৰ লেখা পঢ়ি মই ভাল পাইছোঁ! আপোনাৰ লেখাটো ভাল পাইছো বাবেই আজি চিনেমা খন চাবলৈ আমন্ত্ৰণ কৰিছিলোঁ। 'কন্যাদান'ৰ বিষয়ে আপুনি তেনেদৰেই লিখিব, যেনেদৰে আপুনি চাইছে! ভাল লাগিব!" --পৰিচালক, চিনেমা লেখক গৰাকীয়ে মোৰ মনলৈ অহা "দিগদাৰ" আঁতৰাই দিছিল। কথা আগবঢ়াই নিয়াৰ বাট কাটি দিছিল। (এই খিনিতে সংযোজন: চিনেমা লেখক মুনিন বৰুৱাৰ চিনেচিন্তাৰ সৈতে মোৰ চিনেমা ধাৰণা একে নাছিল। দূৰত্ব আছিল। আৰু স্বাভাৱিকতে মতান্তৰ হৈছিল। মনান্তৰ কিন্তু হোৱা নাছিল। --উৎপল মেনা ০৯/১০/২০২৪) বাট কাটি দিয়াৰ পাছতো আমি কোনো ধৰণৰ মন্তব্য দিয়া নাছিলোঁ। 
--মুনিন বৰুৱাই নিজে কৈ গৈছিল। চিনেমাৰ ছিকুৱেন্সৰ প্ৰসংগত। চিনেমাৰ সংলাপৰ প্ৰসংগত। কেতিয়াবা চিনেমাৰ ছিকুৱেন্সে "নাটক" হৈ কিয় থাকে... ইত্যাদি ইত্যাদি। সেই কথাবোৰৰ মাজত বিচাৰি পাইছিলোঁ "এজন ভাল দর্শক, সমালোচক বৰুৱা"ক। "হজম কৰিব নোৱৰা" প্ৰশ্নটো ভাল লাগিললৈ আৰম্ভ কৰিছিল। স্পষ্ট হৈ পৰিছিল সেয়া আমাৰ সন্মুখত উত্থাপন কৰা প্রশ্ন নাছিল। মুনিন বৰুৱাৰ ভাষাত-- " 'দাগ'ৰ প্ৰসংগত যিকেইটা কথা আমি উল্লেখ কৰিছোঁ, বিশেষকৈ নাটকৰ প্ৰসংগতো আপোনাৰ লগত পাছত এদিন আলোচনা কৰিম। মই ভাবোঁ, নাটকৰ পৰা 'কন্যাদান' মুক্ত। আপুনি কি কয়?..." 
--সঁচাকৈয়ে আছিল "কন্যাদান"ৰ পৰিচালনা শৈলী "দাগ"তকৈ বহু বেলেগ। পৰিচালকে "ছাবজেক্ট মুভমেন্ট-কেমেৰা মুভমেন্ট"ত বিশেষভাৱে গুৰুত্ব দিছিল। আমাৰ এই মনৰ ভাব প্রকাশ নকৰি প্ৰস্তাৱ এটা দিলোঁ-- এদিন কেইঘণ্টামান বহি মত বিনিময় কৰাৰ। কাৰণ ইতিমধ্যে মুনিন বৰুৱা, "পৰিচালক মুনিন বৰুৱা"ৰ প্রতি আমাৰ আগ্রহ বাঢ়িছিল।
চন ২০০২। কেইটামান মাহ পূর্বে মোৰ কৰ্মস্থান সলনি কৰিছিলোঁ। কেইবাবছৰো মুম্বাইত থকাৰ পাছত গুৱাহাটীলৈ উভতি আহিছিলোঁ। আহিয়েই সময় খৰচ কৰিছিলোঁ আঁতৰি থকা বছৰকেইটাত চিত্রগৃহলৈ অহা "অসমীয়া চিনেমা অধ্যয়ন"ত। প্রথমে "অধ্যয়ন" কৰিবলৈ চেষ্টা কৰিলোঁ "পিতা-পুত্র"ৰ (মুনিন বৰুৱাৰ প্ৰথম স্বতন্ত্ৰ পৰিচালনা) পৰা মুনিন বৰুৱা কিমান দূৰ আগুৱাইছে! বিষয়বস্তু আৰু পৰিচালনা শৈলীৰ দিশত আমাৰ "অধ্যয়ন" যোগাত্মক আছিল যদিও ছিকুরেন্স নির্মাণত থকা "নাটকৰ গোন্ধে" আমাক আমনি কৰিছিল। 
-- এই "আমনি"ৰ কথা কাকত-আলোচনীৰ পৃষ্ঠাত ছপা হৈছিল (চিনেমা:দাগ, নায়ক)। সম্ভবতঃ সেই কাৰণেই প্রথম মুখামুখিতেই আছিল "হজম" কৰিব নোৱৰা সেই প্রশ্ন। 
-----------------------------------------
আমি বহিছিলোঁ। 
মুনিন বৰুৱাৰ চিনেমা কাৰ বাবে? 
মুনিন বৰুৱাই কিয় চিনেমা পৰিচালনা কৰে? পৰিচালক মুনিন বৰুৱাৰ কোনো চিন্তাত... "চিনেমা বজাৰে" দিগদাৰ দিয়ে নেকি? ইত্যাদি আছিল আমাৰ চৰ্চৰ বিষয়।
ইতিমধ্যে মুনিন বৰুৱাৰ সৈতে আমাৰ সম্পৰ্ক সহজ হৈ আহিছিল। বুজি উঠিছিলোঁ-- চিনেমা বিষয়ত ঘণ্টাৰ পিছত ঘণ্টা "আড্ডা" দি ভাল পোৱা মানুহ মুনিন বৰুৱা। নিজতকৈ আনৰ চিনেমাৰ (হিন্দী, ইংৰাজী, বাংলা ভাষাৰ সুপৰিকল্পিত ৰচনাসমূহ) প্ৰসংগত আলোচনা কৰি আনন্দ অনুভৱ কৰে। 
মুনিন বৰুৱাই কৈছিল-- "ছাৰে মোক কেমেৰৰ পিছলৈ ঠেলাৰ আগতে অভিনয়ৰ কৰোৱাৰ চিন্তা কৰিছিল। মোৰ বাবে চৰিত্ৰ লিখাইছিল। "ফাগুনি"ত মোৰ বাবে লিখোৱা চৰিত্ৰটোত প্ৰাঞ্জল শইকীয়াই অভিনয় কৰিছিল।" 
--মুনিন বৰুৱাৰ চিনেমাৰ "নায়ক" হোৱাৰ মন আছিল। সুযোগ পোৱাৰ পাছতো "নায়ক" নহ'ল! কিয়? 
(৪)
মাতিছিলো "মুনিনদা..."।
কৈছিল-- "মোক সকলোৱে ভাইমনদা বুলি মাতে। তুমিও...।"
ভাইমনদা? (মুনিন বৰুৱা এতিয়া আমাৰ বাবেও ভাইমনদা)
ভাইমনদা নামটো সম্ভৱতঃ ভাইটিৰ পৰা আহিছে। (ভাইমনদাই ক'লে-- "পৰিয়ালৰ সদস্যসকলৰ ওচৰত প্ৰকৃত নামটো আঁৰতে থাকি গৈছিল। সকলোৱে মোক মাতিছিল-- ভাইটি বুলি।") অৱশ্যে এই প্রসংগত ভাইমনদাৰ পৰা কোনো ধৰণৰ কথা জনা নাই আৰু জানিবলৈ চেষ্টাও কৰা নাই। কেৱল এদিন "মুনিন বৰুৱা" নামটো কেনেদৰে হ'ল তাৰহে ব্যাখ্যা আগবঢ়াইছিল। পৰিচালকগৰাকীৰ ভাষাত-- "মোৰ পৰিয়ালৰ লোকসকলে মোৰ প্ৰকৃত নামটো হয়তো পাহৰিয়ে গৈছে। স্কুললৈ গৈ এদিন মই নামটো নিজেই দি ল'লোঁ-- মুনীন্দ্রনাথ বৰুৱা। ইয়াৰ কাৰণ মোৰ ককাদেউতাৰ নাম মহেন্দ্রনাথ বৰুৱা, দেউতাৰ নাম হেমেন্দ্রনাথ বৰুৱা। সেই আৰ্হিতে মোৰ নামটো ৰাখিছিলোঁ মুনীন্দ্রনাথ বৰুৱা। কিছুদিন যোৱাত ভাবিলোঁ নামটো কিছু চুটি কৰা যাওক। চুটি কৰি নামটো ৰাখিলোঁ- মুনীন বৰুৱা। আৰু এদিন "ী"কাৰডাল আঁতৰাই ''িকা"ৰ লগাই ল'লোঁ। কিয় লগালোঁ তাৰ ব্যাখ্যা মোৰ ওচৰত নাই। ভাল লাগিল লগাই ল'লোঁ। এতিয়া সকলোৱে মোৰ নামটো মুনিন বৰুৱা বুলি লিখিলে ভাল পাম। মোৰ বোধেৰে মোৰ নামটোৰ ভুল-শুদ্ধ বিচাৰ কৰি থকাৰ কোনো অর্থ নাই।"
মুনীন্দ্ৰনাথ বৰুৱাৰ পৰা মুনিন বৰুৱা হোৱা বর্তমান সময়ত দক্ষ পৰিচালকগৰাকীৰ জন্ম গোলাঘাট জিলাৰ খুমটাইত, ১৯৪৭ চনত। খুমটাই মৌজাৰ মৌজাদাৰ আছিল দেউতাক।
হেমেন্দ্রনাথ বৰুৱা। 
মাক লতিকা বৰুৱা। 
তিনিটা সন্তান।
 একেবাৰে সৰু আছিল মুনিন বৰুৱা। মূল ঘৰ খুমটাইত যদিও নিগাজিকৈ থাকিবলৈ লৈছিল গোলাঘাট চহৰৰ বেঙেনাখোৱাত। দুগৰাকী ছোৱালীৰ পাছত একমাত্ৰ ল'ৰা হোৱাৰ বাবে স্বাভাৱিকতে সীমাহীন মৰমৰ মাজত ডাঙৰ হৈছিল। পৰিয়ালটো আছিল যৌথ। সৰুৰে পৰা দেউতাক-খুৰাকহঁতৰ লগত গাঁৱৰ সেউজ পৰিৱেশ আৰু চাহ বাগিচাৰ মাজত অতিবাহিত কৰিছিল-- শৈশৱ-যৌৱনৰ বহু বসন্ত, শৰৎ। 
পৰিচালকগৰাকীয়ে কৈছিল-- "মোৰ দদাইদেৱে ২০ বছৰৰো অধিক কাল চাকৰি কৰিছিল বিহৰা চাহ বাগিচাত। দেউতাই বেছি সময় খৰচ কৰিছিল খুমটাইত। মৌজাৰ কামত গাঁবে গাঁৱে ঘুৰি ফুৰিছিল। গতিকে গাঁও আৰু চাহ বাগিচাৰ পৰিৱেশৰ মাজত মোৰ বেছিভাগ সময় অতিবাহিত হৈছিল। সেই সেউজ সময়বোৰেই মোৰ পৰৱৰ্তী সময়ত ৰচনাৰ উৎস।"(এই অংশ: "আজি" ২৫ মে' ২০০২ পৰা)
[আৰু আছে]
                         

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...