সরাসরি প্রধান সামগ্রীতে চলে যান

হালধীয়া চৰায়ে বাওধান খায়/ চিনেচৰ্চা

শ্ৰেষ্ঠ চিনেমাৰ (Best Feature Film)
শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (National Film Awards) অসমীয়া চিনেমালৈ আহিছে মাত্ৰ দুটা। প্ৰথমটো আহিছে-- ১৯৮৭ চনত। চিনেমা: হালধীয়া চৰায়ে বাওধান খায়। পৰিচালক: জাহ্নু বৰুৱা, প্ৰযোজক: শৈলধৰ বৰুৱা। পৰিচালক গৰাকীৰ আন তিনিখন চিনেমা-- "বনানী" পৰিবেশ শিতানত (Best film on Environment/ ১৯৯০), "ফিৰিঙতি" দ্বিতীয় শ্ৰেষ্ঠ চিনেমা (Second Best Feature Film/ ১৯৯২),"তৰা" শ্ৰেষ্ঠ শিশু চিনেমা (National Film Award for Best Children's Film/ ২০০৩) লাভ কৰিছে। ১৯৯৫ চনত পৰিচালক গৰাকীয়ে লাভ কৰিছে শ্ৰেষ্ঠ পৰিচালকৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। চিনেমা: "সাগৰলৈ বহুদূৰ"। শ্ৰেষ্ঠ অসমীয়া চিনেমা/ আঞ্চলিক চিনেমাৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে-- "অপৰূপা" (১৯৮৩), "সাগৰলৈ বহুদূৰ" (১৯৯৫), "কুশল" (১৯৯৮), "পখি" (১৯৯৯), "কনিকাৰ ৰামধেনু" (২০০৩), "বন্ধন" (২০১২), অজেয়" (২০১৩) চিনেমা কেইখনে।
   
|| হালধীয়া চৰায়ে বাওধান খায় (The Catastrophe) ||
প্ৰযোজক: শৈলধৰ বৰুৱা, জাহ্নু বৰুৱা
পৰিচালক-চিত্ৰনাট্যকাৰ: জাহ্নু বৰুৱা
সংলাপ: জাহ্নু বৰুৱা, ৰত্ন ওজা
কাহিনী: হোমেন বৰগোহাঞি (উপন্যাস)
চিত্ৰগ্ৰহণ: অনুপ জটোৱানী
সংগীত: সত্য বৰুৱা
শব্দগ্ৰহণ: যতীন শৰ্মা
সম্পাদনা: হিউ এন বৰা
কলা নিৰ্দেশনা: ফটিক বৰুৱা
অভিনয়ত: ইন্দ্ৰ বণিয়া, পূৰ্ণিমা শইকীয়া, গৌৰৱ বণিয়া, প্ৰাঞ্জল শইকীয়া, হেমেন চৌধুৰী, বাদল দাস, শোভন গগৈ, অমূল্য কাকতি, টংক শইকীয়া, ননী মহন্ত, শুভেশ্বৰ দাস, পবিত্ৰ কুমাৰ ডেকা, কিশোৰ চৌধুৰী, বাবুল দাস, ৰঞ্জিত দাস, ৰমণী বৰ্মন, ধ্ৰুৱজ্যোতি মহন্ত, মুনিন ডেকা...
দৈৰ্ঘ্য: ১২০ মিনিট
চিত্ৰগৃহত: ১৯৮৭



পুৱাৰ পৰিৱেশ। মহেনে গৰু ধুৱাইছে। এৰাল দিছে। গাঁৱৰ ৰাস্তাৰে 'কল্পনাৰ গাড়ীত' উঠি ঘৰলৈ উভতিছে। পৰিচালক জাহ্নু বৰুৱাই চিনেমাখনৰ আৰম্ভণিৰ 'শ্বট'কেইটাতে স্পষ্ট কৰি দিছে 'চিনেমা'খন গাঁৱৰ 'দুখীয়া পৰিয়াল'ৰ। কাহিনী আগবাঢ়ে। স্পষ্ট হয়-- জোৰা-টাপলি মৰা সংসাৰ, চিনেমাখনৰ 'নায়ক' ৰসেশ্বৰ। পত্নী তৰু আৰু দুই সন্তানক লৈ কোনোমতে চলি আছে। সম্পত্তি বুলিবলৈ পৈতৃক মাটি টুকুৰা। বৰষুণৰ অপেক্ষাত ৰসেশ্বৰ। বৰষুণ পৰিলেই হাল লৈ পথাৰলৈ যাব। বৰষুণ আহিল। ৰাতি। পথাৰতো বৰষুণ পৰিল, ৰসেশ্বৰৰ ঘৰৰ ভিতৰতো বৰষুণ পৰিল। (ৰসেশ্বৰৰ মুখত সংলাপ: বৰষুণ দিলেও মৰণ, নিদিলেও মৰণ।) পুৱাই হালখন লৈ পথাৰ পালে। পথাৰত হালৰ পাক মাৰি থাকোঁতেই ৰূপালী পর্দালৈ আহিল আন এক চৰিত্ৰ-- সনাতন শর্মা। সনাতন মহাজন। সনাতন মহাজনে ক'লে-- মাটি টুকুৰা এতিয়া ৰসেশ্বৰৰ হৈ থকা নাই। সনাতন শৰ্মাৰ হৈছে, ৰসেশ্বৰৰ দেউতাকে বন্ধকীত ৰাখিছিল, মোকলাই নোলোৱা বাবে। দৰাচলতে ৰসেশ্বৰৰ দেউতাকে মাটিখিনি মোকলাইছিল, 'ভাল মানুহৰ বাবে ৰচিদ লাগেনে?' বুলি ভবাৰ বাবেই এই 'সমস্যা'। এই 'অন্যায়'। (পৰিচালকে সনাতন মহাজনৰ 'অন্যায়'ৰ ক্ষোভ সুপৰিকল্পিতভাৱে স্পষ্ট কৰিলে ৰসেশ্বৰক কেমেৰাত লৈ।) চিঞৰি চিঞৰি হাল বাইছে। গৰুহাল এৰাল দিছে। তৰুক এচাৰিৰে কোৱাইছে। কি কৰিব ৰসেশ্বৰে? মণ্ডলৰ পৰামৰ্শ মতে 'অন্যায়'ৰ বিৰুদ্ধে গোচৰ দিলে। লাভ একো নহ'ল। ৰঙা ফিটাৰ মেৰপাকত বেছি দুর্দশাগ্রস্তহে হ'ল। তেনেতে নির্বাচন আহে। সনাতন মহাজনো প্রার্থী। পেটৰ দায়ত সনাতন মহাজনৰ হৈ 'নির্বাচনী পোষ্টাৰ' লগায় মহেনৰ সৈতে ৰসেশ্ববে। আনহাতে 'ৰসেশ্বৰৰ মাটি' নিৰ্বাচনৰ ইছ্যু হৈ পৰে, আৰু মাটি কুকুৰা মহাজনে ৰসেশ্বৰক ঘুৰাই দিবলৈ বাধ্য হয়। মাটি টুকুৰা সনাতন মহাজনে ঘুৰাই দিলে, কিন্তু আর্থিকভারে নিঃশেষ কৰি গ'ল। (চিনেমাখনৰ শেষৰ ছিকুৱেন্সত ৰসেশ্বৰৰ উপলব্ধি। ক্ষোভ। কেমেৰা পেন কৰাত ফ্ৰেমলৈ আহে গৰু নোহোৱা গোহালি। হাতত কোৰখন লৈ পথাৰলৈ যায়। ক্ষোভৰ উদ্‌দ্গীৰণ। দৌৰ। দৌৰি কান্ধত থকা কোৰখনেৰে সনাতন শৰ্মাৰ নিৰ্বাচনী পোষ্টাৰখনত আঘাত। -'মাটি ঘূৰাই দিলি বুলিয়ে তোক ভোট দিম নেকি?') ইমানতে শেষ 'হালধীয়া চৰায়ে বাওধান খায়' ৰূপালী গল্পটো। 

সংগীত: চিনেমাখনত গীত ব্যৱহাৰ কৰা হৈছে। সুৰ, কণ্ঠ চিনেমাখনৰ সংগীত পৰিচালক সত্য বৰুৱাৰ। 'যদি পেৰা ভৰি ধন থাকিলেহেঁতেন...' গীতটোৰ কথা ৰত্ন ওজাৰ। পৰিচালকে গানটো দিছে ৰসেশ্বৰৰ 'ওঁঠত। আচহুৱা যেন লাগিল, গীতটোৰ চিত্ৰায়ণ চিনেমাখনৰ 'ছিকুৱেন্স'ৰ দৰে বাস্তৱসন্মত যেন নালাগিল। তেনেদৰে পৈণত বুলি ক'ব নোৱাৰি আৱহ সংগীতৰ 'চিন্তা'। চিনেমাখনৰ 'বিষয়বস্তু' আছিল- অসমৰ গ্ৰাম্য জীৱন, গ্রাম্য অর্থনীতি, বঞ্চনা ইত্যাদি। আমাৰ বোধেৰে চিনেমাখনত প্রয়োজন আছিল অসমৰ লোক-সংগীতৰ সহজ-সৰল 'সুৰ'। সংগীত পৰিচালকে কেইবাটাও ছিকুৱেন্সত 'আধুনিক' প্রলেপ সানি সাৰেংগী, সন্তৰৰ সহায়তহে আৱহ সংগীত ৰচনা কৰিলে। এয়া এক ত্রুটি। তেনেদৰে ত্রুটি বুলিব লাগিব কেমেৰাৰ ভাষাই গুৰুত্ব নোপোৱাটো (যদিও বুদ্ধিদীপ্ত শ্বট কেইটামান আছে)। এই ত্রুটিৰ পিছতো কিন্তু ক'ব লাগিব এই চিনেমাখন অসমীয়া চিনেমাৰ 'সোণালী অধ্যায়'।

অভিনয় : ৰসেশ্বৰৰ চৰিত্ৰত অভিনয় কৰিছিল ইন্দ্ৰ বণিয়াই। অভিনেতাগৰাকী 'নিজৰ ইমেজ' আৰু 'নাটকীয়তা'ৰ পৰা মুক্ত নহয়। স্বাভাৱিক অভিনয়ৰ মাজত বহুকেইটা ছিকুরেন্সত, বিশেষকৈ কথনভংগীত ইন্দ্র বণিয়া 'ইন্দ্র বণিয়া' হৈয়ে আছে, কিন্তু 'দর্শক'-এ দিগদাৰ পোৱা নাই। 'চৰিত্ৰ'টোক সেই 'ইমেজ'তে মানি লৈছে। মানি লোৱাৰ কাৰণ অভিনেতাগৰাকীৰ শৰীৰ আৰু চেহেৰাৰ ভাষা। অপূর্ব। মন-মগজু চুই যোৱা।
অন্যান্য চৰিত্ৰত পূর্ণিমা শইকীয়া, হেমেন চৌধুৰী, বাদল দাস, গৌৰৱ বণিয়াৰ অভিনয় বাস্তবিক।

শেষত': 
চিনেমা খন সেই বছৰ অৰ্থাৎ ১৯৮৭ত ইণ্ডিয়ান পেনোৰামা শাখাতো প্ৰদৰ্শন কৰা হৈছিল। ইয়াৰ উপৰি দেশ-বিদেশৰ ভালেমান চলচ্চিত্র মহোৎসৱত প্রদর্শিত এই চিনেমাখনে লাভ কৰিছিল লোকার্ণো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত দ্বিতীয় শ্রেষ্ঠ চিনেমাৰ 'ছিলভাৰ লিউপার্ড', 'লোকার্ণো চিটিজেন এৱাৰ্ড এক্সেলেন্স ইন ডাইৰেকচন', 'ইণ্টাৰনেচনেল এফিউ মেনিকেল এৱাৰ্ড'। চিনেমাখনত কৰা অভিনয়ৰ বাবে এই মহোৎসৱত ইন্দ্ৰ বণিয়াই লাভ কৰিছিল শ্রেষ্ঠ অভিনয় শিল্পীৰ বঁটা। উল্লেখযোগ্য আন এটা দিশ হ'ল ৭ লাখ টকা বাজেটৰ এই চিনেমাখনে ব্যৱসায় কৰিছিল ১ কোটি টকাৰো অধিক।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...