"যি কৌৰৱৰো হ'ব নোৱাৰিলে, পাণ্ডৱৰো হ'ব নোৱাৰিলে সেয়াই বিদুৰ।" --চিনেমা খনৰ নাম "বিদুৰভাই"। সুব্ৰত কাকতিৰ পৰিচালনা। ৰূপালী গল্পটোত হাঁহিব পৰা, হাঁহি হাঁহি বাগৰি পৰিব পৰা বাট আছে। হাঁহিৰ মাজত সহ্য কৰিব নোৱাৰা বেদনাও আছে। মনলৈ বহু প্ৰশ্ন আনি দিয়ে-- কাহিনীৰ গতিত ধৰ্ষিত পুৰুষ চৰিত্ৰটো দৰাচলতে কামৰ সন্ধানত থকা, উপাৰ্জনৰ বাট বিছাৰি থকা আমাৰ সমজৰ বহু যুৱকৰ প্ৰতিনিধি নেকি! আৰু কুকুৰটো, ৰাজনৈতিক নেতা এজনৰ ধৰ্ষণৰ পৰা পলাব বিছৰা যুৱক জনক ওলাই আহিব নিদিয়া সেই কুকুৰটো দৰাচলতে কোন? --এই প্ৰশ্নও মনলৈ আহিছে, চিনেমা খনৰ দৰ্শক হৈ থকা সময়ত। হাস্য ৰসৰ ৰূপালী গল্পটোৰ গতিত পৰিচালক-লেখকে "বাস্তব সমাজৰ" সমস্যা, কদৰ্য ৰূপো পৰ্দালৈ আনিছে।
UWeb series-ৰ পৰা চিনে যাত্ৰা-- "বিদূৰভাই"। চাৰিটা চৰিত্ৰ ৰূপালী গল্পটোৰ মূল বিন্দু। উজ্জ্বল (উজ্জ্বল ৰাজখোৱা), বলিন (বলিন বৰা), দ্বীপ (ত্ৰৈলোক্য বৰুৱা), নিতু (নিতু খনিকৰ)। সমস্যাৰ চেপাৰ মাজত সিহত, সমস্যা আঁতৰাবলৈ চেষ্টা কৰে, সপোনো দেখে। বেমাৰী মাকক লৈ নিতুৰ জীৱন। এবছৰে দৰমহা নোপোৱা দ্বীপৰ পৰিয়াল পৰিকল্পনাকলৈ চিন্তা। বলিনৰ প্রেমিকাকলৈ আশা। উজ্জ্বল মৰম আকলুৱা মানুহজনীক সুখী কৰাৰ মন। ক'ব পাৰি চাৰি বিদুৰভাইৰ জীৱন সংগ্ৰামক লৈয়ে চিনেমা খনৰ কাহিনীৰ গতি। চৰিত্ৰ চাৰিটা পৰিচালক-লেখকৰ সৃষ্টি বুলি নকৈ আমাৰ সমাজৰ পৰা "কপি" কৰা বুলিলেহে শুদ্ধ হ'ব। এন "চৰিত্ৰ"ৰ সৈতে আমি বাটে-ঘাটে প্ৰায়ে মুখা-মুখি হওঁ। চৰি চৰিত্ৰই সঠিক জীৱিকাৰ সন্ধান আৰু পৰ্যাপ্ত পৰিমাণৰ ধন আহৰণৰ পৰিকল্পনাৰে স্থানীয় বিধায়কৰ কাষ চাপে। কাম হাতলৈ আহে; কিন্তু কমিচনৰ অংকৰ জালত বন্দী হৈ পিছল খায়। কাহিনীৰ গতিত উন্মোচন হয় চৰকাৰী স্বাস্থ্য-খণ্ডকে ধৰি একাধিক খণ্ডৰ দুৰ্বল দিশ।
--ৰূপালী গল্পটোত ব্যৱহাৰ কৰা "কেমেৰাৰ ভাষা" সাধাৰণ। বিপৰীতে সাহিতৰ ভাষা চুই যোৱা, "চিনেমেটিক"।
"অন্যায় কৰিবলৈ যিমান কষ্টকৰ অন্যায় সহ্য কৰাটো তাতোকৈও বেছি কষ্টকৰ...", "যেতিয়াই তই পাবলগীয়া বস্তু এটা তোৰ দুৰ্বলতাৰ সুযোগ লৈ আনে কাঢ়ি লয় তাকে চোৰ বুলি কয়...। ...সময়ত চিকিৎসা কৰিবলৈ নহা ডাক্তৰ জনো চোৰ, ৰাস্তাত আলকটৰা কমকৈ দিয়া ঠিকাদাৰ জনো চোৰ, ঠিকাদাৰ জনৰ পৰা কমিছন খোৱা ইঞ্জিনিয়াৰ জনো চোৰ, বিদ্যালয়লৈ দেৰিকৈ অহা শিক্ষক জনো চোৰ, ঘোচ খোৱা পুলিচ অফিচাৰ জনো চোৰ, ব্লেকমেইল কৰা সাংবাদিক জনো চোৰ, সঁচাক মিছা আৰু মিছাক সঁচা প্ৰমাণ কৰা উকিল জনো চোৰ..." --চুই যোৱা, ৰূপালী সৌন্দৰ্য বঢ়োৱা সাহিত্যৰ ভাষা।
সংলাপৰ লগতে চিনেমা খনৰ ৰূপালী সৌন্দৰ্য আৱহ সংগীত, অভিনয়। প্ৰতিটো চৰিত্ৰ পৰিপাটিকৈ, বাস্তৱিক অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰিছে, কাহিনীৰ গতিত আউল নলগাকৈ প্ৰয়োগ কৰিছে। কাহিনীৰ গতিত তিনিটা গীত ব্যৱহাৰ কৰিছে, "চিনেমাৰ বাবে গীত" কথাষাৰ মনত ৰাখি। --ইমান কেইটা ইতিবাচক দিশৰ বিপৰীতে ৰূপালী গল্পটোৰ শেষ বিন্দু নাটকীয়, পালমৰা। আৰু চিনেমা খন "চিনে-কলাৰ বাবে চিনেমা" ধাৰণাৰ বহু আঁতৰৰ।
পৰিচালক, সম্পাদনা: সুব্ৰত কাকতি
লেখক: সুব্ৰত কাকতি, জ্যোতিষ্মান চেতিয়া
প্ৰযোজক: মনোজ বৰাইক, আচুৰ্য বৰপাত্ৰ,দীক্ষু শৰ্মা, অৰ্ণৱ হাজৰিকা, ভাৰ্গৱ খাউণ্ড
অভিনয়ত : চুমকি কছাৰী, ত্ৰৈলোক্য বৰুৱা,বলিন বৰা, উদ্দীপনা বৰা, হীৰক জ্যোতি বৰদলৈ, শৰ্মিষ্ঠা দাস, উজ্জ্বল ৰাজখোৱা, স্নিগ্ধা ফুকন, পংকজ মহন্ত আদি
চিত্ৰগ্ৰহণকাৰী: বিতুল দাস
সংগীত : প্ৰণয় দত্ত
ৰূপসজ্জা : ৰূপজ্যোতি দত্ত, বিজিয়েতা পাটগিৰি।
কলা-নিৰ্দেশনা: মণ্টু গোঁহাই
সাজ-সজ্জা: জুৰি কলিতা
দৈৰ্ঘ্য: ১৪৮ মিনিট
চিত্ৰগৃহত: ২০২৪
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন