অসমীয়া চিনেমাৰ পিতৃ জ্যোতি প্ৰসাদ আগৰৱালাই লিখিছিল-- "আমি অসমীয়া মানুহ আন প্ৰদেশৰ দৰে ধনী হোৱা হ’লে আৰু ‘ছিকন্দৰ’ৰ (১৯৪১ চনত চিত্ৰগৃহলৈ অহা হিন্দী চিনেমা। মুখ্য চৰিত্ৰটোত অভিনয় কৰিছিল পৃথ্বীৰাজ কাপুৰে। এই মহাকাব্যিক খনৰ পৰিচালনা ছোহবাৰ মোদীৰ। দৈৰ্ঘ ১৪৬ মিনিট।) দৰে দহ লাখ টকা খৰচ কৰি ‘জয়মতী’ কৰিবলৈ পোৱা হ'লে অৱশ্যেই পৃথিৱী তভক্ খুৱাব পৰা বাঁহ-কাঠৰ কাৰেং দেখুৱাব পাৰিলোঁহেঁতেন। ..." কব পাৰি "জয়মতী"ৰ কাম শেষ কৰিছিল প্ৰয়োজনতকৈ ৯ লাখ ৫০ হাজাৰ কম বাজেটেৰে। আৰু কব পাৰি সেই সময়তো অসমীয়া চিনেমাৰ প্ৰধান সমস্যা আছিল-- "স্থানীয় বজাৰ", আজিৰ তাৰিখতো প্ৰধান সমস্যা সেই একেটায়ে।
অসমীয়া চিনেমাৰ দুটা বাট কাটিছিল, জ্যোতিপ্ৰসাদ আগৰৱালাই। এটা বাট "জয়মতী"ৰে। আনটো বাট "ইন্দ্ৰ-মালতী"ৰে। চিনে শিল্পৰ বাবে চিনেমা, চিনেমাৰ বাবে চিনেমা "জয়মতী" (চিত্ৰগৃগত মুক্তি: ২০ মার্চ, ১৯৩৫), বজাৰ কেন্দ্ৰিক চিন্তাৰ "ইন্দ্ৰ-মালতী" (১ আগষ্ট, ১৯৩৯)। "জয়মতী" চিনে শৈলীক পৰৱৰ্তী সময়ত আগুৱাই নিছিল পদুম বৰুৱাই "গঙা চিলনীৰ পাখী"ৰে। এই ধাৰাৰে শেহতীয়া চিনেকৰ্ম "ভিলেজ ৰকষ্টাৰ্ছ-২" (২৮ ছেপ্তেম্বৰ, ২০১৮) ইত্যাদি।
আনটো বাট--, বজাৰ কেন্দ্ৰিক চিন্তাৰ চিনেমাৰ বাটেৰে অসমীয়া চিনেমাক আগবঢ়াই নিছিল, সফল হৈছিল ফনী শৰ্মা (চিনেমা: চিৰাজ/ ১৬ জানুৱাৰী, ১৯৪৮), ব্ৰজেন বৰুৱা (চিনেমা: ডাক্তৰ বেজবৰুৱা/ ৭ নৱেম্বৰ, ১৯৬৯ ...), নিপ বৰুৱা (আজলী নবৌ/ ২২ফেব্ৰুৱাৰী, ১৯৮০ ...), শিৱ প্ৰসাদ ঠাকুৰ (বোৱাৰী/ ১৫ জানুৱাৰী ১৯৮২ ...) মুনিন বৰুৱা ("হিয়া দিয়া নিয়া"/ ২৫ ফেব্ৰুৱাৰী ২০০০...)।
আজিৰ তাৰিখত আমি এনেদৰ ক'ব পাৰোঁ-- "জয়মতী"ৰে অসমীয়া চিনেমাৰ যি ধাৰা আৰম্ভ হৈছিল, সেই ধাৰাৰে অসমীয়া চিনেমা বহুদূৰ আগবাঢ়ি গৈছে। দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চিনেমা চৰ্চাৰ বিষয় হৈছে, অস্কাৰৰ দৌৰত অংশ লৈছে। অস্কাৰ দৌৰত অংশ লোৱা এক মাত্ৰ অসমীয়া চিনেমা "ভিলেজ ৰকষ্টাৰ্ছ"ৰ পৰিচালক ৰীমা দাস আজিৰ তাৰিখত দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত চৰ্চিত নাম। "বুলবুল কেন চিং" ( ২০ ছেপ্টেম্বৰ ২০১৯), "তৰা'ছ হাছবেণ্ড" (২২ ছেপ্টেম্বৰ, ২০২৩)-ৰ পাছত পৰিচালক গৰাকীৰ চিনে শক্তি আমি অনুভৱ কৰিলোঁ "ভিলেজ ৰকষ্টাৰ্ছ-২"ত (অসমৰ চিত্ৰগৃহলত মুক্তি পোৱা নাই।)।
এই খিনিতে এনেদৰে চৰ্চা কৰিব পাৰি: "পথেৰ পাঁচালী" সার্থক চিনেকৰ্মৰ বিশুদ্ধ উদাহৰণ। সন্দেহ নাই। ১৯৫৫ চনৰ এই চিনেকর্ম যদি পৰিচালক সত্যজিৎ ৰায়ে আজি, ২০২৪ত কৰিলে হেঁতেন পৰিচালনা শৈলী তেনেকুৱা হ'ল হেঁতেন নে? -- নিশ্চয় নহ'লহেঁতেন। চিনেমাত্মার অপূর্ব "কেমেৰা ভাষা" প্ৰয়োগৰ কথা স্বীকাৰ কৰাৰ পিছতো ক'ম-- সেই সময় "কথা" আৰু "ছবি"ৰ পৰিপাটি ব্যৱহাৰতহে গুৰুত্ব দিয়া হৈছিল। অসমীয়া চিনেমার একাংশ পৰিচালকে কিন্তু সত্যজিত ৰায়ৰ ১৯৫৫ চনৰ পৰিচালনা শৈলীতে খামোচ মাৰি ধৰি আছে। "পথেৰ পাঁচালী" নামৰ "আর্টফিল্ম"ৰ বৃত্তটোৰ মাজত থাকি চিনেকর্ম কৰি আছে। যাৰ ফলত "বিশ্ব চিনেমা"ৰ বহু দূৰতে ৰৈ গৈছে সাৰ্থত চিনেকর্মৰ সম্ভাৱনা থকা কেইবাখনো অসমীয়া চিনেমা। সন্দেহ নাই, "গঙা চিলনীৰ পাখি" (১২ মার্চ, ১৯৭৬) ৰে পৰিচালক পদুম বৰুৱাই "জয়মতী"য়ে আৰম্ভ কৰা শৈলীক আগবঢ়াই নিছিল। আমাৰ ধাৰণাত "গঙা চিলনীৰ পাখি"ত "পথেৰ পাঁচালী"ৰ শৈলীৰ প্রভাৱ পৰিছিল। দৈনিক কাকত 'আজি'ৰ বাবে লোৱা সাক্ষাৎকাৰত আমাৰ এই ধাৰণা অশুদ্ধ বুলি কোৱা নাছিল পৰিচালকগৰাকীয়ে। এই যে "পথেৰ পাঁচালী"ৰ শৈলীৰ প্ৰভাৱ পৰিছিল, সেই বাবেই হয়তো পৰৱৰ্তী সময়ত চিনেমাখনক অসমীয়া চিনেমাৰ পৰিচালক একাংশই সার্থক চিনেকৰ্মৰ 'ব্যাকৰণ' হিচাপে মানিছিল। যাৰ ফলত 'জয়মতী' শৈলীৰ উত্তৰণৰ বাবে চিত্ৰৰসিকে অপেক্ষা কৰিব লগা হৈছিল ২০১৭-১৮ লৈ। "ভিলেজ ৰকষ্টাৰ্ছ" নামেৰে উত্তৰণ সম্ভব হৈছিল, পৰিচালক ৰীমা দাসে "পথেৰ পাঁচালী" নামৰ 'আর্টফিল্ম'ৰ 'বৃত্ত'টোৰ বাহিৰত থাকি চিনেকর্ম কৰা বাবে।--এইখিনিতে স্বাভাৱিকতে উল্লেখ কৰিব লাগিব 'গঙা চিলনীৰ পাখি'য়ে গঢ় দিয়া অসমীয়া চিনেমাৰ শৈলীটোক আগবঢ়াই নিছিল- 'বান', 'হালধীয়া চৰায়ে বাওধান খায়', 'ৱশ্ব 'বিপো', 'সংস্কাৰ', 'অদাহ্য', বৈভৱ', 'নিষিদ্ধ নদী' আদিয়ে।
--ৰীমাৰ লগতে এই ধাৰাটোক মজবুট কৰিছে ভাস্কৰ হাজৰিকা (চিনেমা: কথানদী/ ১৬ ছেপ্টেম্বৰ ২০১৬, আমিষ/ ২২ নৱেম্বৰ ২০১৯), ৰীমা বৰা (চিনেমা: অনুনাদ/ ১৫ জানুৱাৰী, ১৯২৪, বকুল, নৈ/ চিনেমা দুখন অসমৰ চিত্ৰগৃহত মুক্তি পোৱা নাই), জয়ছেং জয় দহোটীয়া (চিনেমা: হান্দুক, জলছবি), হিমজ্যোতি তালুকদাৰ (চিনেমা: তাৰিখ), মঞ্জুল বৰুৱা ( চিনেমা: অনুৰ/ ২৭ জানুৱাৰী ২০২৩), কুলনন্দিনী মহন্ত (চিনেমা: এমুঠি পুঠি/ ১৭ জুন ২০২২), কংকন ডেকা (চিনেমা: উপসৰ্গ/ ২৯ জুলাই ২০২২), বিউটিফুল লাইভ্জ ১৭ ফেব্ৰুৱাৰী ২০১৭), বিশ্বজিৎ বৰা (চিনেমা: বুম্বা ৰাইড /মিচিং ভাষাৰ/ ১৬ ছেপ্তেম্বৰ ২০২২), হিমাংশু প্ৰসাদ দাস (চিনেমা: গৰু/ ২২ জানুৱাৰী ২০২১), শ্ৰুতিস্মৃতি চাংকাকতি (চিনেমা: বিফোৰ স্প্ৰিং) আদিয়ে।
--ড° ভৱেন্দ্ৰ নাথ শইকীয়া, জাহ্নু বৰুৱা, সঞ্জীৱ হাজৰিকা, বিদ্যুৎ চক্ৰবৰ্তী, মঞ্জু বৰা, হেমন্ত কুমাৰ দাস আদিয়ে সাৰ্থক চিনেকৰ্মৰে মজবুট কৰা "চিনে শিল্পৰ বাবে চিনেমা" বাটটোই আজিৰ তাৰিখত "বিশ্ব চিনেমা" চুইছে। আমি গৌৰৱ কৰিব পাৰো। এই বাটত কাম কৰি থকা এই প্ৰজন্মৰ চিনে কৰ্মী সকলৰ পৰা আমি বিশ্ব মানৰ চিনে কৰ্ম আশা কৰিব পাৰোঁ।
--কিন্তু বজাৰ কেন্দ্ৰিক চিনে চিন্তাৰ অসমীয়া চিনেমাই আমাক আশাৰ বাট দেখুৱাব পৰা নাই। "ৰত্নাকৰ" (৯.২৩ কোটি টকা), "মিছন চাইনা" (৬.০৭ কোটি টকা), "শ্ৰী ৰঘুপতি" (১৩.৮১ কোটি) আদিকে ধৰি কেইখন মান "বিগ বাজেট"ৰ চিনেমাই ভাল ব্যৱসায় কৰিছে। কৰিছে বুলি চৰ্চা হৈছে। (অসমীয়া চিনেমাৰ প্ৰকৃত box office collection report সংগ্ৰহ কৰিব পৰা ব্যৱস্থা নাই। প্ৰযোজক পক্ষই দিয়া তথ্যকে সত্য বুলি লোৱা ধৰি লোৱা হয়।) বিপৰীতে ২০১৭-২০২৪ (মিছন ছাইনা-ডেউকা) সময় চোৱাত বজাৰ চিন্তাৰে নিৰ্মাণ কৰা বেছি ভাগ অসমীয়া চিনেমাৰে "বজাৰ" অতি বেয়া বা সামান্য। চিনেমাৰ বজাৰত যাক কোৱা হয়-- ফ্লপ। শেহতীয়া ভাবে "ফ্লপ" হোৱা তিনি খন অসমীয়া চিনেমা-- "চিকাৰ" (২০ ছেপ্টেম্বৰ), "জয় হনুমেন" (১৮ অক্টোবৰ ২০২৪) আৰু "অভিমন্যু" (১৫ নৱেম্বৰ ২০২৪) -ই অসমীয়া চিনেমাৰ "স্থানীয় বজাৰ"ত আৰু সমস্যা বঢ়াইছে। গতিকে সন্দেহ নৰখাকৈ ক'ব পাৰি--, বজাৰ কেন্দ্ৰিক অসমীয়া চিনেমাৰ ভৱিষ্যত সমস্যা কেৱল সমস্যাৰ মাজত।
--"সমস্যা"ৰ কাৰণ?
--এই ধাৰাত চিনেকৰ্ম কৰা বেছি ভাগ পৰিচালক-প্ৰযোজকে নতুন চিনে চিন্তা, বজাৰ চিন্তাৰ পৰা বহু আঁতৰত থাকি কাম কৰে বা নতুন চিনে চিন্তা, বজাৰ চিন্তা কৰিব পৰা ক্ষমতা নাই। এয়া প্ৰথম কাৰণ। দ্বিতীয় কাৰণ-- অসমীয়া আৱেগ, অসমীয়া চিনেমাৰ শিপাৰ পৰা আঁতৰি গৈ সৰহ সংখ্যক পৰিচালকেই বলিউড, তামিল, তেলেগু চিনেমাৰ কাহিনী, শ্বট, ছিকুৱেন্সৰ "copy paste" -ত মন দিছে। অৰ্থাৎ, অসমীয়া চিনেমাৰ এই ধাৰাত কাম কৰা বেছি ভাগ পৰিচাল-লেখক "অসমীয়া চিনেমা"ৰ পৰা আঁতৰি গৈছে। বলিউড, তামিল, তেলেগু চিনেমাৰ শৈলীৰে অসমীয়া চিনেমা নিৰ্মাণ মন দিছে। অসমীয়া চিনেমাৰ এই সকল পৰিচালকে হয়তো মন কৰা নাই-- তামিল, তেলেগু চিনেমাৰ পৰিচালক সকলে নিজৰ শিপাত খামোচ মাৰি উত্তৰণৰ বাট কাটি আহিছে বাবে ভাৰতৰ চিনেমাৰ বজাৰ দখল কৰিব পাৰিছে। আজিৰ তাৰিখত আন আঞ্চলিক চিনেমাৰ বজাৰৰ লগতে বলিউডৰ বজাৰো নিয়ন্ত্ৰণ কৰিছে দক্ষিণ ভাৰতৰ চিনেমাই। এই খিনিতে চিনেমা লেখক-পৰিচালক চাৰু কমল হাজৰিকাৰ ভাষাৰে ক'ব পাৰি, "আজি প্ৰয়োজন অসমীয়া চিনেমাৰ। অসমীয়া ভাষাৰ চিনেমা নিৰ্মাণতকৈ পৰিচালক সকলে অসমীয়া চিনেমা নিৰ্মাণত গুৰুত্ব দিব লাগে।"
--এয়া অস্পষ্ট নহয়, অসমত অসমীয়া চিনেমাৰ বজাৰ আছে। শিপাত থাকি অসমীয়া চিনেমাৰ বজাৰ চিন্তা অতি কম হৈছে। "মিছন চাইনা"ৰ দৰে চিনেমা অসমীয়া চিনেমাৰ "বজাৰ উত্তৰণ" নহয়, দক্ষিণ ভাৰতীয় চিনেমাৰ বা বলিউডৰ চিনেমা শৈলীৰহে বজাৰ জয়।
--প্ৰথম খন বজাৰ কেন্দ্ৰিক চিন্তাৰে নিৰ্মাণ কৰা অসমীয়া চিনেমা "ইন্দ্ৰ-মালতী"ৰ পৰা শেহতীয়া "সপোনে পাখি মেলে" (২৮ ফেব্ৰুৱাৰী ২০২৫)
-লৈ "স্থানীয় বজাৰ সফল" অসমীয়া চিনেমাৰ সংখ্যা? অসমীয়া চিনেমাৰ "চলচ্চিত্ৰ মহোৎসৱ"ৰ জয়ৰ বিপৰীতে স্থানীয় বজাৰত এনে ধৰণৰ "?" লৈ চিনেকৰ্ম কৰি আছে একাংশ পৰিচালকে। এখনৰ পাছত আন এখনৰ "স্থানীয় বজাৰ" বিফলতাৰ পাছতো ৫-৬ কোটি টকা বাজেটৰ অসমীয়া চিনেমাৰ কাম চলি আছে। এয়া ইতিবাচক বাজেট-চিন্তা নে? --সময়ত স্পষ্ট হ'ব। কিন্তু এয়া স্পষ্ট-- ২৫-৫০ লাখ টকা বাজেটত নিৰ্মাণ হোৱা অসমীয়া চিনেমাই চিত্ৰৰসিকক সন্তুষ্ট কৰিছে, "বিশ্ব চিনেমা"ক চুইছে।
(টোকা: ১০ মাৰ্চ ১৯৩৫। প্ৰথমবাৰ প্ৰদৰ্শন হৈছিল প্ৰথমখন অসমীয়া চিনেমা-- "জয়মতী", কলিকতাৰ "ৰৌনক মহল"ত। এই দিনটোকে অসমীয়া চিনেমাৰ "জন্মদিন" বুলি কোৱা হয়। মুক্তি পাইছিল ২০ মাৰ্চ ১৯৩৫-ত।)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন