শুক্রবার, ১৪ মার্চ, ২০২৫

সংগীতৰ মানুহ/১

সেই সময়ত 'অসমীয়া গীত-মাত'ৰ ধাৰণা নাছিল। সংগীতৰসিক, গায়কসকলে সততে বঙালী গীত গোৱা বুলি শুনা যায়। সেই সময়ৰ 'সংগীত' চৰ্চা কৰিলে বা অধ্যয়ন কৰিলে এটা কথা স্পষ্ট হয়-- মূলতঃ কৃষি কর্মব সৈতে জড়িত কিছু সংগীত ভালপোৱা লোকে বঙালী গীতৰ 'কথা' অসমীয়ালৈ ৰূপান্তৰ কৰি গাবলৈ চেষ্টা কৰিছিল। ১৯৮৩ চনত বসন্ত মুদৈ নামৰ প্ৰায় ৯০ বছৰীয়া সংগীত চৰ্চা কৰা লোক এজনক আমি লগ পাইছিলো। বসন্ত মুদৈয়ে নিজে দোতৰা-ডগৰ আদি বজাই লোকগীতৰ লগতে 'বাউল-বাউল' লগা গীত কেইটামান গাই আমাক শুনাইছিল। আমাৰ প্ৰশ্নৰ উত্তৰত 'শিল্পী' গৰাকীয়ে কৈছিল-- 'এইবোৰ কি গীত মই নাজানো। যোৱা ৭০-৮০ বছৰে গাই আহিছো। তুমি যিবিলাকক লোকগীত বুলি কৈছা, সেইবোৰ নিশ্চয় লোকগীতেই হ'ব। আৰু বাকী যিবোৰ গাইছো এইবোৰ আমি ইজন-সিজনৰ পৰা শুনি গোৱা। মই স্পষ্টভাৱে ক'ব নোৱাৰিম, এই গীতবোৰ সম্ভৱতঃ বঙালী গীতৰ পৰা অসমীয়া কৰা হৈছে। মই কিছুদিন গৌৰীপুৰৰ ফালে আছিলোঁ। তালৈ কেইবাগৰাকীও সংগীতৰ শিক্ষক আহিছিল 'কলিকতা'ৰ পৰা। এই গীতবোৰ সেই সংগীতৰ শিক্ষক আৰু তেওঁলোকৰ সৈতে সংগীত চৰ্চা কৰা লোকৰ পৰা শুনিছিলোঁ। মোৰ মনলৈ কোনোদিনে অহা নাই এই গীতবোৰ কি, ক'ৰ পৰা আহিছে। ভাল লাগিছে, গাইছো।'

বসন্ত মুদৈৰ সৈতে মত বিনিময় কৰি আমি স্পষ্ট হৈছিলো-- অসমীয়া নাটকৰ দৰে, অসমীয়া সংগীততো বংগৰ ছাঁ পৰিছিল। অর্থাৎ বঙালী গীতৰ কথাৰে, বঙালী গীতৰ সুৰেৰে অসমীয়া গীত নির্মাণ হৈছিল। এই কথা নিশ্চয় সেই সময়ৰ সচেতন অসমীয়াসকলে অনুভৱ কৰিছিল। কোৱা হয় এই অনুভৱৰ কাৰণেই 'এজন অসমীয়া'ই লিখি উলিয়াইছিল - ১৮টা গীত। 'গীতাবলী' নামেৰে গীতকেইটাৰ সংকলনো গ্রন্থ আকাৰে প্ৰকাশ পাইছিল। গ্ৰন্থখনৰ লেখক 'এজন অসমীয়া'ৰ আঁৰত থকা ব্যক্তিগৰাকী হ'ল সত্যনাথ বৰা। সত্যনাথ বৰাই পৰৱৰ্তী সময়ত 'কামৰূপী লোকগীত'ৰ সংকলন এটাও সাজি কাচি উলিয়াই দিছিল। কেইবাখনো গ্রন্থত প্রকাশ পোৱা মতে সেই সময়ত সত্যনাথ বৰাৰ গুৱাহাটীত থকা ঘৰত সংগীতৰ মজলিচো বহিছিল। সেই মজলিচত অংশ লৈছিল ৰাধানাথ ফুকন, হেমচন্দ্র গোস্বামী, নবীন চন্দ্র বৰদলৈ আদিয়ে। সেই মজলিচত হোৱা চৰ্চাৰ ফলতেই সত্যনাথ বৰাই কামৰূপী কথিত ভাষাত কিছুমান হাস্যৰসৰ গীতো ৰচনা কৰিছিল। তেনে এটা গীত--

'আজি মজাচে পেটুৱা পেট ভৰি খা পেট ভৰি, 

পেট ভৰি পেট ভবি খা।

ঔ থেকেৰা টেঙা বহৰ কি ডাল আলু ভজা, 

খাব মজা পকা খৰিচা ।....'

সেই সময়ৰ ৰংগমঞ্চত ৰায়বাহাদুৰ কৃষ্ণচন্দ্ৰ চৌধুৰী আদিকে ধৰি বহু লোকে এনেধৰণৰ গীত গাই দর্শকক আমোদ দিছিল বুলি শুনা যায়। সেয়া যি নহওক ১৮৬০ চনত গুৱাহাটীৰ ভৰলুমুখত জন্মগ্রহণ কৰা সত্যনাথ বৰাকে অসমীয়া গীতৰ জনক বুলি কোৱা হয়। ১৯১৯ চনত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ আসন শুৱনি কৰা অসমীয়া ভাষা সাহিত্যৰ এইগৰাকী পণ্ডিতৰ মৃত্যু হয় ১৯২৫ চনৰ ১৩ ডিচেম্বৰত।

#উৎপল_মেনা

#চিত্রবন (জানুৱাৰী, ২০২০)

কোন মন্তব্য নেই:

একটি মন্তব্য পোস্ট করুন