সরাসরি প্রধান সামগ্রীতে চলে যান

সংগীতৰ মানুহ/১

সেই সময়ত 'অসমীয়া গীত-মাত'ৰ ধাৰণা নাছিল। সংগীতৰসিক, গায়কসকলে সততে বঙালী গীত গোৱা বুলি শুনা যায়। সেই সময়ৰ 'সংগীত' চৰ্চা কৰিলে বা অধ্যয়ন কৰিলে এটা কথা স্পষ্ট হয়-- মূলতঃ কৃষি কর্মব সৈতে জড়িত কিছু সংগীত ভালপোৱা লোকে বঙালী গীতৰ 'কথা' অসমীয়ালৈ ৰূপান্তৰ কৰি গাবলৈ চেষ্টা কৰিছিল। ১৯৮৩ চনত বসন্ত মুদৈ নামৰ প্ৰায় ৯০ বছৰীয়া সংগীত চৰ্চা কৰা লোক এজনক আমি লগ পাইছিলো। বসন্ত মুদৈয়ে নিজে দোতৰা-ডগৰ আদি বজাই লোকগীতৰ লগতে 'বাউল-বাউল' লগা গীত কেইটামান গাই আমাক শুনাইছিল। আমাৰ প্ৰশ্নৰ উত্তৰত 'শিল্পী' গৰাকীয়ে কৈছিল-- 'এইবোৰ কি গীত মই নাজানো। যোৱা ৭০-৮০ বছৰে গাই আহিছো। তুমি যিবিলাকক লোকগীত বুলি কৈছা, সেইবোৰ নিশ্চয় লোকগীতেই হ'ব। আৰু বাকী যিবোৰ গাইছো এইবোৰ আমি ইজন-সিজনৰ পৰা শুনি গোৱা। মই স্পষ্টভাৱে ক'ব নোৱাৰিম, এই গীতবোৰ সম্ভৱতঃ বঙালী গীতৰ পৰা অসমীয়া কৰা হৈছে। মই কিছুদিন গৌৰীপুৰৰ ফালে আছিলোঁ। তালৈ কেইবাগৰাকীও সংগীতৰ শিক্ষক আহিছিল 'কলিকতা'ৰ পৰা। এই গীতবোৰ সেই সংগীতৰ শিক্ষক আৰু তেওঁলোকৰ সৈতে সংগীত চৰ্চা কৰা লোকৰ পৰা শুনিছিলোঁ। মোৰ মনলৈ কোনোদিনে অহা নাই এই গীতবোৰ কি, ক'ৰ পৰা আহিছে। ভাল লাগিছে, গাইছো।'

বসন্ত মুদৈৰ সৈতে মত বিনিময় কৰি আমি স্পষ্ট হৈছিলো-- অসমীয়া নাটকৰ দৰে, অসমীয়া সংগীততো বংগৰ ছাঁ পৰিছিল। অর্থাৎ বঙালী গীতৰ কথাৰে, বঙালী গীতৰ সুৰেৰে অসমীয়া গীত নির্মাণ হৈছিল। এই কথা নিশ্চয় সেই সময়ৰ সচেতন অসমীয়াসকলে অনুভৱ কৰিছিল। কোৱা হয় এই অনুভৱৰ কাৰণেই 'এজন অসমীয়া'ই লিখি উলিয়াইছিল - ১৮টা গীত। 'গীতাবলী' নামেৰে গীতকেইটাৰ সংকলনো গ্রন্থ আকাৰে প্ৰকাশ পাইছিল। গ্ৰন্থখনৰ লেখক 'এজন অসমীয়া'ৰ আঁৰত থকা ব্যক্তিগৰাকী হ'ল সত্যনাথ বৰা। সত্যনাথ বৰাই পৰৱৰ্তী সময়ত 'কামৰূপী লোকগীত'ৰ সংকলন এটাও সাজি কাচি উলিয়াই দিছিল। কেইবাখনো গ্রন্থত প্রকাশ পোৱা মতে সেই সময়ত সত্যনাথ বৰাৰ গুৱাহাটীত থকা ঘৰত সংগীতৰ মজলিচো বহিছিল। সেই মজলিচত অংশ লৈছিল ৰাধানাথ ফুকন, হেমচন্দ্র গোস্বামী, নবীন চন্দ্র বৰদলৈ আদিয়ে। সেই মজলিচত হোৱা চৰ্চাৰ ফলতেই সত্যনাথ বৰাই কামৰূপী কথিত ভাষাত কিছুমান হাস্যৰসৰ গীতো ৰচনা কৰিছিল। তেনে এটা গীত--

'আজি মজাচে পেটুৱা পেট ভৰি খা পেট ভৰি, 

পেট ভৰি পেট ভবি খা।

ঔ থেকেৰা টেঙা বহৰ কি ডাল আলু ভজা, 

খাব মজা পকা খৰিচা ।....'

সেই সময়ৰ ৰংগমঞ্চত ৰায়বাহাদুৰ কৃষ্ণচন্দ্ৰ চৌধুৰী আদিকে ধৰি বহু লোকে এনেধৰণৰ গীত গাই দর্শকক আমোদ দিছিল বুলি শুনা যায়। সেয়া যি নহওক ১৮৬০ চনত গুৱাহাটীৰ ভৰলুমুখত জন্মগ্রহণ কৰা সত্যনাথ বৰাকে অসমীয়া গীতৰ জনক বুলি কোৱা হয়। ১৯১৯ চনত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ আসন শুৱনি কৰা অসমীয়া ভাষা সাহিত্যৰ এইগৰাকী পণ্ডিতৰ মৃত্যু হয় ১৯২৫ চনৰ ১৩ ডিচেম্বৰত।

#উৎপল_মেনা

#চিত্রবন (জানুৱাৰী, ২০২০)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...