--হয়, বিষয়-বস্তু চিনেমাৰো আত্মা।
--হয়, বিষয়বস্তু চিনেমাৰ আত্মা। মৌলিক চিনে চিন্তাৰে, কেমেৰাৰ ভাষাবে আত্মা স্পর্শ কৰিব পৰাটো, কৰিব নোৱাৰাটোৱে পৰিচালকৰ সফলতা, বিফলতা। ব্যাখ্যাৰ প্রয়োজন আছে বুলি নাভাবো নির্বাক যুগত চিনেমাৰ ভাষা আছিল-- এটা, সকলোৱে বুজা। আৰু সেই ভাষাটো "কেমেৰা"ৰ। একাংশ চিনেপণ্ডিতে এনেদৰেও কৈ আহিছে-- সৰহ সংখ্যক বিশুদ্ধ চিনেমা নির্বাক যুগৰ। নির্বাক যুগৰ দুই চিনেকর্মী আইজেনষ্টাইন আৰু চার্লি চেপলিনৰ হাততে উত্তৰণ হৈছিল বিশুদ্ধ চিনেমাৰ দুটা শৈলী। সময়ত চিনেমাৰ ভুল চর্চাৰ বাবে ভাৰতত নাম পাইছিল-- আর্ট চিনেমা, কমাৰ্চিয়েল চিনেমা। "আর্ট-কমাৰ্চিয়েল" বিভাজনে যে ভাৰতীয় চিনেমাৰ ক্ষতি কৰিছে এই প্রসংগ যথাস্থানত কেইবাবাৰো চর্চা কৰিছোঁ। পুনৰ চর্চা অনুভৱ কৰা নাই।
বিভাজন নির্বাক যুগত হোৱা নাছিল। বিভাজন স্পষ্ট হৈছিল-- (ভাৰতত) ৰাজ কাপুৰ, সত্যজিৎ ৰায়ৰ সময়ছোৱাত। সবাক যুগৰ এই সময়ছোৱাতে চিনেকর্মৰ বিশুদ্ধতা ক্রমে হ্রাস পাইছিল। "সংলাপ" কেন্দ্রিক চিন্তাৰে চিনেমা পৰিচালনাৰ পৰিৱেশ গঢ়ি উঠিছিল। আৰু আজিৰ তাৰিখতো নির্মাণ হোৱা সৰহ সংখ্যক ভাৰতীয় চিনেমায়ে "সংলাপ" কেন্দ্রিক চিন্তাৰ।
নির্বাক যুগত চলি থকা ছবিৰে (কেমেৰাৰ ভাষাৰে) কাহিনী কোৱাৰ বিপৰীতে সবাক যুগত কথাৰে (সংলাপ) কাহিনী কোৱাত গুৰুত্ব বাঢ়িছে। চিনেমাত কথাৰে গল্প কোৱাৰ প্রৱণতা বঢ়াৰ সময়তে 'চিনেমাৰ বিশুদ্ধতা' প্রশ্নটো চর্চালৈ আহিছে।
(২)
এই কথা ঠিক-- চিনেশিল্প একক নহয়। ৰং-শব্দ ইত্যাদি অলংকাৰ ব্যৱহাৰ কেইবাগৰাকীও "চিনেকর্মী"ৰ চিন্তাৰে হয়। কিন্তু এই কথাও ঠিক, চূড়ান্ত সিদ্ধান্ত পৰিচালকৰ, যিহেতু মিশ্রশিল্প চিনেমা পৰিচালকৰ মাধ্যম ('Director's Media')। গতিকে আমাৰ ধাৰণাত পৰিচালকৰ ধীশক্তিহে আলোচনাৰ বিষয় হ'ব পাৰে চিনেমাৰ উত্তৰণ কেন্দ্রিক চর্চাত। আমাৰ ধাৰণাত প্রথমে চর্চালৈ আহিব দুটা নাম-- ছেৰ্গেই আইজেনস্টাইন (Sergei Eisenstein/১৯২৩-১৯৪৬) আৰু চার্লি চেপলিন (Charlie Chaplin/ (১৮৯৯-১৯৭৬)। চিনেকর্মী দুগৰাকীৰ মাজত সময়ৰ দূৰত্ব আছে। চিনেচিন্তাৰো দূৰত্ব আছে। মিল-- 'চিনেমাৰ বিশুদ্ধতা'। পৰিচালক দুগৰাকীয়ে চিনেমাৰ বিশুদ্ধ ধাৰা আগবঢ়াই নিছিল দুটা ট্রেকত।
নির্বাক যুগৰ মৌলিক, প্রভাবশালী ব্যক্তিত্ব চার্লি চেপলিন। চাৰ্লিৰ চিনে-চিন্তা আছিল স্বাধীন, একক। দৰাচলতে একক বাবেই স্বাধীন। চাৰ্লিয়ে চিনেমাৰ বিশুদ্ধতা মনত ৰাখি গল্পৰ বিকাশত গুৰুত্ব দিছিল। প্রায়কেইটা ৰূপালী গল্পৰ শৰীৰ হাস্যৰসৰ। হাস্যৰসৰ মাজত বিচাৰি পোৱা যায়-- সামাজিক, ৰাজনৈতিক উপাদান। "দ্য গ্রেট ডিক্টেটৰ"ৰ দৰে ৰাজনৈতিক উপাদানেৰেও চিনে-চিন্তা কৰিছিল। "চিটি লাইট্ছ", "মডার্ন টাইমঁছ"ক বাদ দি আজিৰ তাৰিখতো "সম্পূর্ণ চিনে-চর্চা" সম্ভৱ নহয়। চার্লিৰ আন কেইটামান চিনেকৃতি--"দ্য কিড", "এ ৰক্সমেন অব পেৰিছ", "দ্য গোল্ড বাছ", "দ্য চাৰ্কাছ", "মছিয়ে ভেদু", "লাইমলাইট"। "লাইমলাইট" বিশেষ চৰ্চাৰ বিষয় হৈছিল সংগীতৰ বাবে। সংগীতৰ শিক্ষা নথকা চাৰ্লিয়ে এই চিনেমাখনত ব্যৱহাৰ কৰা সংগীতৰ বাবে "অস্কাৰ" পাইছিল, ১৯৫২ চনত। চাৰ্লিয়ে কৈছিল-- "হৃদয়ত যি আছে, সেয়া মগজুত সুমুৱাই লোৱাৰ বাবে শিক্ষাৰ প্রয়োজন আছে বুলি ভাবিব পৰা নাই। মোৰ মগজুৰ চিনেমাই হৃদয় পায়গৈ, হৃদয়ত থকা সংগীতত পৰেগৈ। কাৰিকৰী কামৰ সময়ত মগজুক কষ্ট নিদিয়াকৈ হৃদয়েবে কৰিছিলোঁ। মই যি কৰো, মগজুৰে কৰা নহয়, হহৃদয়েৰে কৰা।"
বিজ্ঞানী এলবার্ট আইনষ্টাইন আছিল চার্লি চেপলিনৰ ঘনিষ্ঠ বন্ধু। "চিটি লাইটছ" চিনেমাখনৰ প্রিমিয়াব শ্ব'ৰ দিনা (২ মার্চ, ১৯৩১/মার্কিন যুক্তৰাষ্ট্র) বিজ্ঞানী বন্ধুক লৈ চিত্রগৃহত প্ৰৱেশ কৰাৰ সময়ত "দর্শক"ৰ আগ্রহ তুংগত উঠিছিল। আৰু সেই সময়ত বিজ্ঞানী বন্ধুক চাৰ্লিয়ে কৈছিল-- "দর্শকৰ এই আগ্রহ, উত্তেজনা আমাৰ বাবে। আপোনাৰ বাবে, আৰু মোৰ বাবে। আগ্রহৰ কাৰণ কি জানে-- আপোনাৰ মেধাশক্তি ইয়াত উপস্থিত থকা কোনো এজনেও নুবুজে, আৰু মোৰ কাম সকলোৱে বুজে।""এই বুজা-নুবুজাৰ কাৰণ মোক বুজোৱাচোন।" এলবার্ট আইনষ্টাইনে কৈছিল।
"তেনেই সহজ-- আপোনাৰ কাম মগজুৰে কৰা, মোৰ কাম হৃয়েৰে কৰা। দর্শকে 'কাম' অনুভৱ কৰে হৃদয়েৰে। হৃদয়ৰ পৰা হৃদয়লৈ দূৰত্ব কম।" -- চাৰ্লিয়ে কৈছিল। আৰু তেতিয়া বিজ্ঞানী বন্ধুৱে চার্লি চেপলিনক কৈছিল-- "বন্ধু, তোমাৰ ধাৰণা শুদ্ধ নহয়। তুমিও বিজ্ঞানী, ছবিক গতি দি দর্শকক নতুন নতুন চিন্তাৰ বাট মুকলি কৰি দিয়া। চিন্তাৰ অৱকাশ দি মগজুৰ কচৰৎ কৰাৰ সুযোগ দিছা। তুমিতো বন্ধু মগজু নির্মাতা! আৰু তুমি যি কাম হৃদয়েবে কৰা বুলিয়া অনুভৱ কৰো। আৰু সেই কামতে আমি অনুভৱ কৰো তোমাৰ ধীশক্তি।"
Informative ink
উত্তরমুছুন