"Screenplay refers to the script of a filn plan. The screenplay was originally written to work with the camera."
চিত্রনাট্য চিনেমাৰ বুনিয়াদ। এই কথা স্পষ্ট চিত্রনাট্য লিখাৰ কোনো বিধিবদ্ধ নিয়ম নাই। চেপলিৰ সময়তো চিত্রনাট্য ৰচনা কৰা হৈছিল। বিখ্যাত ৰুছ চিনেমাৰ পৰিচালক ছেৰ্গেই আইজেনষ্টাইনেও চিত্রনাট্য ৰচনা কৰাৰ তথ্য পোৱা যায়। চিনেপণ্ডিতসকলে কৈ আহিছে-- আইজেনষ্টাইনে (কর্মজীৱন: ১৯২৩-১৯৪৬) চিত্রনাট্য প্রসংগত সময়ে সময়ে বহু কথা কৈছিল আৰু সেই কথাবোৰ চিত্ৰনাট্যৰ, চিনেমাৰ নিজস্ব ব্যাকৰণলৈ ৰূপান্তৰ হৈছিল। আন দেশৰ লগতে ভাৰতৰ চিত্রনাট্যকাৰেও সেই ব্যাকৰণ মানি লৈছিল। কিন্তু আইজেনষ্টাইনে কৈছিল-- "মোৰ লিখাৰ, কেমেৰাৰে কাম কৰাৰ যি কৌশল, সেয়া কেৱল মোৰ। মোৰ কৌশল আনক জাপি দিয়াটো মুর্খৰ কাম হ'ব। অৱশ্যে সেইসকলে নিশ্চয় মোৰ কৌশল ব্যৱহাৰ কৰিব পাৰে, যিসকলে চিত্রনাট্য লিখাৰ সময়ত বা কেমেৰাৰে কাম কৰাৰ সময়ত অনুভৱ কৰে মোৰ কৌশলে সহায় কৰিব। মোৰ কৌশলৰ কথা মনত ৰাখি কামত আগবাঢ়িলে বেবেৰিবাং হোৱাৰহে সম্ভাবনা বেছি।" (উৎস: Screenwriting/Film Journal)
আইজেনষ্টাইনৰ কথাত স্পষ্ট হৈ আছে-- scriptwriting is the art. চিত্রকৰে চিত্রকর্ম কৰাৰ সময়ত কোনো বিধিবদ্ধ নিয়ম মানি নচলে, বৃত্ত এটাৰ মাজত বন্দী হৈ কাম নকৰে। কোনো চিত্রকৰে কোৱা মনত নপৰে মই পিকাচোৱে, মই এম এফ হুছেইনে কৈ যোৱাৰ দৰে চিত্রকর্ম কৰিম। কোনো চিত্ৰকৰৰ চিত্ৰকৰ্মৰ প্রভাৱ আন কোনো চিত্ৰকৰৰ সৃষ্টিত পৰাৰ উদাহৰণ আছে। সময়ে সময়ে "নকল"ৰ অভিযোগো উত্থাপন হোৱাৰ ধেৰ উদাহৰণ আছে। এনে "উদাহৰণ"ৰ সৈতে কোনো বিধিবদ্ধ নিয়মৰ সম্পর্ক আছে বুলি নাভাবো। কিন্তু চিনেকৰ্মৰ চর্চাত এনে কথা শুনা যায়-- মোৰ চিত্রনাট্য "পথের পাঁচালী"ৰ দৰে, চিত্রনাট্য কিন্তু "A Separation"ৰ দৰে হ'ব লাগিব। উদাহৰণ-- আমি নিজে শুনা। প্রথমটো এগৰাকী অসমীয়া চিনেমাৰ চিত্রনাট্যকাৰে কোৱা দ্বিতীয়টো চিত্রনাট্যকাৰ এগৰাকীক অসমীয়া চিনেমাৰ পৰিচালক এগৰাকীয়ে কোৱা।...
এনে উদাহৰণক বাদ দি ছেগেই আইজেনষ্টাইনৰ "কৌশল"ক বিধিবদ্ধ নিয়ম বুলি মানি লোৱা প্রসঙ্গ উল্লেখ কৰিব পাৰি। দাদা চাহেব ফাল্কেই (চিনেকর্মত সক্রিয়: ১৯১২-১৯৪৪) কিন্তু চিত্রনাট্য ৰচনাৰ সময়ত কোনো বিধিবদ্ধ কৌশল মনা নাছিল। স্বাভাবিকতে "ব্রিটিছ চিনেমা"ৰ প্রভাবমুক্ত নাছিল; কিন্তু "ব্রিটিছ চিনেমা"ৰ চিত্রনাট্য কৌশল, কেমেৰা কৌশলৰ আঁতৰত থাকি কাম কৰিছিল। সেই সময়ত বোম্বাইত (আজিৰ মুম্বাইত) ছবি প্রদর্শন হৈছিল। চুটি চুটি। ফাল্কেৰ ভাষাত চলা-ফুৰা অদ্ভুত ছবি। ছবিৰ প্ৰতি আকর্ষণ অনুভৱ কৰিছিল আৰু এদিন শিকিবলৈ জলপথেৰে বিদেশ পাইছিল। শিকি-বুজি ছবি নির্মাণ কৰি বিদেশত প্ৰদৰ্শন কৰিছিল। আৰু বিদেশত বজাৰো পাইছিল। প্রযোজক পাইছিল। পোৱাৰ কাৰণ আছিল-ফাল্কেৰ নিৰ্মাণশৈলী আছিল বহু ব্যতিক্রম। ব্রিটিছ চিনেকর্মী আৰ এণ্টনীয়ে সুধিছিল- "তুমি আমাৰ পৰা শিকিছিলা; কিন্তু তুমি যি কৰিছা সেয়া আমি শিকোৱা নহয়। কেনেকৈ সম্ভৱ হ'ল?" উত্তৰত ফাল্কেই কৈছিল- "ৰীল, কেমেৰাহে নাজানিছিলো! বাকী সৰুৰে পৰা আজিলৈকে দেখি-বুজি শিকা। খাটি মাৰাঠী।" বিদেশত ফাল্কেৰ চিনেমাই বজাৰ-প্রযোজক পোৱাৰ কাৰণ আছিল সেই সময়ৰ বিধিবদ্ধ নিয়মৰ বাহিৰত কাম কৰা বাবে। সেই সময়ত "চিনেমা"ও আছিল ব্রিটিছৰ দখলত। ব্ৰিটিছৰ বিধিবদ্ধ নিয়মেৰে হৈছিল চিনেকর্ম। বিপৰীতে নাটক, চিত্ৰৰ সংমিশ্রণত লিখিছিল "ৰাজা হৰিচন্দ্ৰ"ৰ (১৯১৩) চিত্রনাট্য। ৯৫খন পূর্ণদৈর্ঘ্যৰ, ২৬খন কম দৈৰ্ঘ্যৰ "গতি থকা ছবি" নির্মাণ কৰিছিল ফাল্কেই। ইয়াৰে ৪৮খনৰ চিত্ৰনাট্য লিখা নাছিল। ফাল্কে চিত্ৰকৰ ৰাজা ৰবি বৰ্মাৰ অংকন শৈলীৰ ভক্ত আছিল। আৰু স্বাভাৱিকতে চিত্ৰকৰ গৰাকীৰ কৰ্মৰ প্ৰভাৱ ফাল্কেৰ চিনেকর্মত পৰিছিল। আৰু প্ৰথম ভাৰতীয় চিনেমা নির্মাতাগৰাকীয়ে অনুভৱ কৰিছিল চিত্রকর্ম। (উৎস: অজয় মাহাত্ৰে/ "আজছা চিত্ৰপট")
-- এই শৈলীৰে পৰৱৰ্তী সময়ত চিনেকর্ম কৰিছিল সত্যজিৎ ৰায়, মকবুল ফিদা হুছেইনে। ভাৰতীয় চিনেকর্মীসকলে ফাল্কেৰ বাটেৰে আগবাঢ়িব নোৱাৰাৰ কোনো কাৰণ নাছিল; কিন্তু আগবাঢ়িল আইজেনষ্টাইনৰ বাটেৰে। ফলত আইজেনষ্টাইনে কোৱাৰ দৰে "বেবেৰিবাং নিৰ্মাণ হৈছিল। "বেবেৰিবাঙ"ৰ মাজতে ভাল কামো নোহোৱা নহয়। আৰু ইয়াৰ মাজতে একাংশ পৰিচালকে ভাৰতীয় চিনেমাৰ নিজা শৈলী নিৰ্মাণৰ চেষ্টা নকৰাকৈ থকা নাছিল। অন্যতম আছিল গুৰু দত্ত (কর্মজীৱনঃ ১৯৪৪-১৯৬৪)। আবৰাৰ আলভীৰ (Abrar Alvi) সৈতে চিত্ৰনাট্যৰ সময়ত নিজে বহিছিল। চিত্রনাট্যকাৰ আলভীক গুৰু দত্তই কৈছিল-- "মই সম্পূর্ণ স্বাভাৱিকবাদী লাইটিং আৰু মৌলিক কেমেৰাৰ গতিৰ সন্ধানত আছোঁ। এই কাম ফ্ল'ৰত কৰা অসম্ভৱ, মোৰ ধাৰণাত। কাগজত কৰি লোৱাৰ বাহিৰে অন্য বাট নাই।" পৰিচালক-প্রযোজক গৰাকীয়ে চিত্রনাট্যতে কাট, জাম্প কাট, ইন্টাৰ কাট, মিক্স বা ডিজল্ভ, ফেড আউট, ফেডইন ইত্যাদি লিখাই লৈছিল। পৰিচালক গৰাকীয়ে বিশ্বাস কৰিছিল -- "এইবোৰেই ছবিৰ ব্যাকৰণ। যতিচিহ্ন -- দাড়ি, ক'মা।" সত্যজিৎ ৰায়ে প্রসংগক্রমে লিখিছিল--"চিত্রনাট্য এবং চিনেমাটোগ্রাফীৰ সৰ্বশ্রেষ্ঠ উদাহৰণ মেলে 'প্যাসা', 'কাগজ কে ফুল', 'ছাহিব, বিবি অউৰ গুলাম' ছবিতে। ভাৰতীয় সিনেমায় শাদা-কালাৰে চলচ্চিত্ৰ-প্রতিমাৰ বিবর্তনেৰ ক্ষেত্রে অবিস্মৰণীয় হয়ে আছে।" (উৎস : উল্টোৰথ, চিত্রালী, The History of Indian Film Music)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন