চিত্রনাট্য প্রসংগত বহুতে গদাৰক (Jean-Luc Godard) পচন্দ কৰিছিল। কৰে। সত্যজিৎ ৰায়ে কিন্তু নকৰিছিল। --কাৰণ? "গদাৰৰ প্ৰায়ভাগ চলচ্চিত্র লক্ষ্য কৰিলে দেখা যাব যে তেওঁৰ এটা লক্ষ্য-- চিনেমাৰ সনাতন ৰীতিসমূহ অত্যন্ত সচেতনভাৱে ভঙা। কার্যতঃ গদাৰক বুজাৰ আগেয়ে জানি লোৱা উচিত সনাতন ৰীতিসমূহ। চিত্রনাট্যকাৰৰ কোনো সমস্যাৰ সৈতে সাহিত্যিকৰ সমস্যাৰ বিশেষ কোনো পার্থক্য নাই। দুজনৰ কাম হ'ল কোনো এটি বিষয়বস্তুক ভাষাৰে ব্যক্ত কৰা। পার্থক্য এই যে সাহিত্যিকে কেৱল কথাৰ আশ্রয় লয়; চিত্রনাট্যকাৰে কিছু কথাৰে আৰু কিছু ছবি-ধ্বনিৰ মাজেৰে কোৱাৰ বাট মুকলি কৰি দিয়ে পৰিচালকক।" -- সত্যজিৎ ৰায়ৰ ব্যাখ্যা। চিনেমাৰ সনাতন ৰীতিসমূহৰ বাহিৰত থাকি কৰা চিনেকৰ্মৰে চিনেমাৰ উত্তৰণৰ বাট দেখা নাছিল দক্ষ পৰিচালকগৰাকীয়ে।
সত্যজিৎ ৰায়ে গদাৰক পচন্দ নকৰা প্ৰসঙ্গৰ স্পষ্ট ছবি এখন আজিও অনুভৱ কৰিব পৰা নাই। পৰিচালকগৰাকীৰ গদাৰকেন্দ্ৰিক ব্যাখ্যাবোৰত (মই পঢ়া) স্পষ্ট হৈও অস্পষ্ট। হয়তো কথাটো এনে ধৰণৰ হ'ব-- চিনেমাৰ মূল ধাৰাৰ (যি ধাৰাক ভাৰতত, সমান্তৰাল আৰু চিনেমাৰ ভুল চৰ্চাৰ বাবে হোৱা বিভাজনৰ পাছত "আর্ট ফিল্ম" বুলি কোৱা হয়।) পৰা আঁতৰি গদাৰে চিনেকৰ্ম কৰিছিল। "ফৰাচী নৱকল্লোল (French novelty) চিনেমাৰ ধাৰণা নিৰ্মাণ আন্দোলনৰ প্রধান চিনেকর্মী আছিল গদাৰ।" কোৱা হয় "সচেতনভাবে ধ্রুপদী চিনেমেটিক ৰূপায়ণ প্রত্যাখ্যান কৰিছিল" গদাৰে।
গদাৰ আৰু ফ্রাঁছোৱা ক্ৰফো, এৰিক ৰোমাৰ, ক্লোদ শাৱল আৰু জাক ৰিভেতে গদাৰৰ পক্ষত থাকি এই নতুন ধাৰাৰ বাট বহল কৰাত সহায় কৰিছিল চিনেমাকেন্দ্ৰিক আলোচনী 'Cahiers du cinéma'ই। কম সময়ৰ ভিতৰতে এই ধাৰা জনপ্ৰিয় ধাৰালৈ ৰূপান্তৰ হৈছিল। গদাৰৰ 'দ্য লিটল ছোলজাৰ' (১৯৬০), 'এ উইমেন ইজ এ উইমেন' (১৯৬১), 'মাই লাইফ টু লিভ' (১৯৬৩), কনটেম্পট (১৯৬৩), 'এ মেৰিড উইমেন' (১৯৬৪), 'পিয়েৰে ল্য ফু' (১৯৬৫), 'মেইড ইন ইউ এছ এ' (১৯৬৬), 'উইক এণ্ড' (১৯৬৭), 'নিউ ৱেভ’ (১৯৯০), 'জেএলজি জেএলজি' (১৯৯৪), 'গুডবাই টু লেঙ্গুৱেজ' (২০১৪) আদিক জনপ্রিয় চিনেমা বুলি কোৱা হৈছিল। কেইবাগৰাকীও চিনেপণ্ডিতৰ লেখাত পঢ়িছো-- 'নিউ ৱেভ" চিনেমাৰ জনকগৰাকীয়ে ১৯৬০ চনত প্রথমখন পূর্ণদৈর্ঘৰ চিনেকৰ্ম 'আ বু দ্য ছুফ্ল' (Aa bu the sufdhal)-এৰে নতুন চিনেমাৰ ভাষা জন্ম দিছিল। ৮৭ মিনিট দৈৰ্ঘ্যৰ এই চিনেমাপনৰ চিত্রনাট্যক আজিৰ জনপ্রিয় চিনেমাৰ চিত্রনাট্যব শিপা বুলি কোৱা হয়।
গদাৰে সেই সময়ৰ, আগৰ চিনেমা অধ্যয়ন কৰিছিল, সংগ্ৰহ কৰি চিত্রনাট্য অধ্যয়ন কৰিছিল। আৰু অধ্যয়ন কৰি অনুভব কৰিছিল-- কোনো গতি নাই, কোনো নতুন বাট নাই। নতুন নতুন চিন্তা অবশ্যেই আছে, কিন্তু এটা বৃত্তত বন্দী। প্রথমখন চিনেমাৰ, প্ৰথমখন চিত্রনাট্যতে বৃত্ত ভাঙিছিল গদাবে। কাহিনী ব্যাখ্যাৰ নামত ফুটেজ খৰচ নকৰাত, গতি দ্রুত কৰাত গুৰুত্ব দিছিল চিত্রনাট্যকাৰ গদাৰে। সাতটা স্তৰত ৰচনা কৰিছিল প্রথমখন চিত্রনাট্য। প্রথম স্তৰত চিত্রনাট্যখনৰ দৈর্ঘ্য আছিল ২০৭ মিনিট। সংলাপ আছিল, কেমেৰাৰ ভাষা প্রয়োগৰ ব্যাখ্যা আছিল। সপ্তম স্তৰত চিত্রনাট্যখনৰ দৈর্ঘ্য আছিল ৮০ মিনিট। গদাৰৰ মতে, "চিত্রনাট্যৰ দৈর্ঘ্য কমোৱা কার্যই চিনেমাৰ গতি বঢ়াইছিল।"
কোৱা হয় -- গদাৰৰ প্রথম পৰিচয় দক্ষ চিনেমা সমালোচক। সমালোকৰ দৃষ্টিৰে ভালেমান চিনেমাৰ "গতি"ৰ ত্রুটিৰ সেন্ধান কৰিছিল, বিচাৰি পাইছিল আৰু "দ্রুত গতি" সূত্র আৱিষ্কাৰ কৰিছিল।
এয়া স্পষ্ট-- গদাৰ কোনো এখন চিনেমায়ে "চিনেমাৰ ভাষা"ৰ বাবে নাছিল, পৰিপাটি "গল্প" দর্শকৰ ওচৰলৈ নিয়াৰ বাবে চিনেমাৰ ভাবা প্রয়োগ কৰিছিল। গদাৰে কৈছিল-- "কাহিনী চিত্রায়ণত সাহিত্যৰ নিচা বাদ দিলেহে দ্রুতগতি সম্ভৱ।" চিনেমাৰ এটা মূল দিশ - গতি। কথাছবি (Sound film) চিনেমাৰ বুনিয়াদ নহয়, চিনেমাৰ বুনিয়াদ চলমান ছবিহে (Moving picture)। গতিকে গদাৰে ক'ব খোজে "কথা" নহয়, "গতি"হে চিনেমাৰ মূলমন্ত্র। গদাৰে বিশ্বাস কৰিছিল চিনেমাৰ নিয়ন্ত্রক চিত্রনাট্য। সফল চিনেমাৰ বুনিয়াদ সুপৰিকল্পিত চিত্রনাট্য।
পৰিচালকৰ চিত্ৰনাট্য, অভিনেতাৰ বাবে চিত্রনাট্য, চিত্রগ্রহণকাৰীৰ বাবে চিত্ৰনাট্যৰ ধাৰণা আৰম্ভ কৰে গদাৰে। আধুনিক চিত্ৰনাট্য ৰচনাৰ ৰীতিৰো পৰিৱৰ্তন হৈছিল গদাৰৰ নেতৃত্বত সেই সময়ছোৱাতে। গদাৰৰ শৈলীৰ এই চিত্ৰনাট্যৰ "সাহিত্য মূল্য" নাছিল।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন