জ্যোতিপ্ৰসাদ আগৰৱালাৰ "জয়মতী", "ইন্দ্ৰমালতী"ৰ চিনেৰস আজিৰ চিত্ৰৰসিকে অনুভৱ কৰিছে চিত্রনাট্য পঢ়ি।
বিষ্ণুপ্ৰসাদ ৰাভাৰ "চিত্রনাট্য" কেৱল পঢ়াৰ বাবেই ৰৈ গ'ল। বিষ্ণুপ্ৰসাদ ৰাভাই চিত্রনাট্য লিখিছিল-- 'শংকৰদেৱ', 'সীমান্তৰ সৈনিক', 'কুমাৰ হৰণ', 'ধুমুহা', 'বোৱঁতী সুঁতি'ৰ। কিন্তু "চিনেমা" কেইখন কাগজতে থাকিল। "মোক কৈছিল-- হেৰা চণ্ডী, (থানুৰাম বৰাই দ্বিতীয়খন অসমীয়া চিনেমা "ইন্দ্ৰমালতী"ত চণ্ডীৰামৰ চৰিত্ৰত অভিনয় কৰিছিল।) বোলছবি কৰিম। তুমিও অভিনয় কৰিব লাগিব।" -- কথা প্রসংগত তেজপুৰৰ থানুৰাম বৰাই আমাক কৈছিল। থানুৰাম বৰাৰ মতে, "সময় নাছিল। বহু কামৰ পিছত দৌৰা মানুহ। ছবিৰ কামত বহু সময় দিব লাগে। ছবি এদল মানুহে কৰা কাম। আনৰ সৈতেও পৰিচালকে সময় মিলাব লাগে। মই ভাবো ইচ্ছাহে আছিল, সময় নাছিল।"
বহুতে ক'ব খোজে "চিৰাজ' সম্ভৱ হৈছিল ফণী শৰ্মাৰ বাবে। --বিষ্ণুপ্ৰসাদ ৰাভাই 'চিৰাজ'ৰ চিত্রনাট্য-পৰিচালনা ফণী শৰ্মাৰ সৈতে কৰিছিল। সংগীতৰো কাম কৰিছিল। অভিনয়ো কৰিছিল। ('এৰাবাটৰ সুৰ', 'প্রতিধ্বনি'তো অভিনয় কৰিছিল।) -- এই যে চিনেমাৰ বাবে "সময় সমস্যা"ৰ কথা কোৱা হৈছে যুক্তিহীন নহয়। শুনা যায় (কথা প্রসংগত লোকসংগীতৰ সাধক প্রভাত শৰ্মাইও কৈছিল) "চিৰাজ"ৰ চিত্ৰগ্ৰহণৰ সময়ত হেনো প্রায়ে বিচাৰি আনিবলগীয়া হৈছিল! আন কিবা কামত ব্যস্ত হৈ পৰিছিল, চিনেমাৰ কথা পাহৰি আছিল বিষ্ণুপ্ৰসাদ ৰাভাই।
কথা প্রসংগত আমাক সুৰদেৱী থিয়েটাৰৰ প্রযোজক ধৰণী বৰ্মনে কৈছিল -- "বৰষুণৰ বতৰ আছিল। আমাৰ আখৰা শিবিৰ পানীৰে ভৰি পৰিছিল। দুই-তিনিদিন ভালদৰে আখৰা কৰিব পৰা নাছিলো। সেইকেইদিন বিষ্ণু ৰাভাই দিনৰ দিনটো আমাৰ থকাঘৰৰ কাঠিত বহি কাগজ-কলম লৈ ব্যস্ত হৈছিল। মই সুধিছিলো-- সুৰদেৱীৰ বাবে নতুন কিবা লিখিছে নেকি? লিখক, লিখক। সময় আছে! মোৰ কথাত বিষ্ণু ৰাভাই হাঁহি হাঁহি কৈছিলা--সুৰদেৱীৰ বাবে এখন নাটক লিখিম, নিশ্চয় লিখিম! এতিয়া মই টকীহে লিখি আছোঁ। ধৰণী, এই টকীখন মই কৰিম। 'শংকৰদেৱ'ক মই পর্দালৈ আনিম। তুমি সহায় কৰিব লাগিব। টকা খৰচ কৰিব লাগিব। কৰিবা নহয়! বুলি সেইদিনা লিখি থকা কাগজকেইখন তেনেদৰেই পেলাই থৈ বেলশৰৰ শহুৰেকৰ ঘৰলৈ গুচি গৈছিল। অ-চিজিল হৈ থকা কাগজকেইখিলা চিজিল কৰি মই বুজিবলৈ চেষ্টা কৰিছিলোঁ। একো বুজি পোৱা নাছিলোঁ। মহাপুৰুষ শংকৰদেৱ আৰু কাৰোবাৰ কাৰোবাৰ ছবি আঁকিছিল আৰু ছবিৰ কাষে কাষে সংলাপ। সেইবোৰ মোৰ লগতে আছিল, বহুদিন। মোৰ এটা টিনৰ সৰু বাকচ আছিল। টকা-পইচা ৰখা। সেইটোতে কাগজকেইখন ভৰাই ৰাখিছিলোঁ। এদিন হঠাতে থিয়েটাৰ শেষ হোৱাৰ পিছত, গুৱাহাটীৰ এটা পেণ্ডেললৈ আহিছিল। আৰু কৈছিল-- হেৰা
ধৰণী, মোক কেইটামান টকা দিয়া আৰু তোমাৰ ঘৰৰ কাঠিত যে থৈ আহিছিলোঁ, টকীৰ বাবে লিখা, সেই কাগজকেইখন দিয়া। মই টিনৰ বাকচটো খুলি দিছিলো, বিষ্ণু ৰাভাই সেই কাগজকেইখন আৰু এমুঠি পইচা লৈ ধুমুহা গতিৰে গুচি গৈছিল। যোৱাৰ সময়ত কৈ গৈছিল-- মই জানো মোৰ অ-পৰিপাটি বস্তুবোৰ পৰিপাটি কৰি তোমাৰ লগতে ৰাখা। বিষ্ণু ৰাভাই বৰষুণৰ বতৰত কেইবাটাও কাম তেনেদৰে মোৰ ঘৰত পেলাই থৈ গৈছিল। মই চিজিল কৰি মোৰ লগত, শিল্পীগৰাকীয়ে যেতিয়াই বিচাৰে দিব পৰাকৈ ৰাখিছিলোঁ। আৰু যেতিয়াই প্রয়োজন হয়, শিল্পীগৰাকীয়ে লৈ গৈছিল।..."- এই প্রসংগত লিখিছিলো দৈনিক কাকত 'আজি'ত, ২০০৩ চনত। সেই লেখা ছপা হোৱাৰ পিছত কাকতখনত কেইবাখনো চিঠি প্রকাশ পাইছিল। পত্রলেখক কেইগৰাকীয়ে এটা কথায়ে লিখিছিল ধৰণী বৰ্মনে ভুলকৈ বুজিছে। সেয়া চিত্ৰনাট্য নহয়, কলা কৰ্মহে! "বিষ্ণু ৰাভা" অধ্যয়ন কৰি পত্ৰলেখক কেইগৰাকী দিয়া যুক্তিৰ বিপৰীতে ক'ব পাৰি-- বিষ্ণুপ্ৰসাদ ৰাভাৰ চিত্ৰনাট্য কৌশল দাদা চাহেব ফাল্কে, সত্যজিৎ ৰায়, পূৰ্ণেন্দু পত্ৰীৰ দৰে আছিল!
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন