সরাসরি প্রধান সামগ্রীতে চলে যান

ৰেখাচিত্র,চিত্র, চিত্রনাট্য... /৬

১৩৪ মিনিট দৈর্ঘ্যৰ এখন ভাৰতীয় চিনেমা-'মন্থন'। শ্যাম বেনেগালৰ পৰিচালনা। গুজৰাট কো-অপাৰেটিভ মিল্ক মার্কেটিং ফেডাবেশন লিমিটেডৰ প্ৰযোজনা। ডঃ ভির্গেচ কুৰিয়েনৰ দুগ্ধ সমবায় প্রতিষ্ঠা আন্দোলন চিনেমাখনৰ মূল বিষয়বস্তু। কাহিনী ডঃ কুৰিয়েন আৰু বিজয় তেণ্ডুলকাৰৰ। কথাটো দৰাচলতে এনেধৰণৰ ডঃ কুৰিয়ানে শ্বেত বিপ্লৱক কেন্দ্ৰ কৰি গল্প এটা লিখি বিজয় তেণ্ডুলকাৰৰ ওচৰ চাপে। মনৰ কথা ব্যক্ত কৰে "ছায়া ছবি এখন নির্মাণ কৰিব পাৰিলে শ্বেত বিপ্লৱে আৰু বেছি মানুহক চুব। গতিকে ছায়া ছবিৰ বাবে গল্পটোৰ নাটক লিখি দিব চি লাগে।" অর্থাৎ চিত্রনাট্য লিখি দিব লাগে। আৰু চিত্রনাট্যখন লৈ শ্যাম বেনেগালৰ সৈতে আলোচনাত বহে "এই নাটকখনেৰে ছায়াছবি সম্ভৱনে? যদি সম্ভৱ নহয়, কেনেকৈ সম্ভৱ হ'ব চিন্তা কৰি মোক জনাওক। কেৱল বিষয়বস্তু সলনি হ'ব নোৱাৰে।'

-- শ্যাম বেনেগালে সময় বিচাৰিলে। সময় দিলে। এমাহ পিছত "অংকুৰ" (১৯৭০), "নিশান্ত" (১৯৭৫) খ্যাত পৰিচালকগৰাকীয়ে ডঃ কুৰিয়ানক জনালে চিত্রনাট্য নতুনকৈ লিখাব লাগিব। শ্যম বেনেগালে ৰেখা আৰু বাক্যৰ সহায়ত বুজাই ক'লে-- আপুনি বিচৰা ছায়াছবিখনৰ বাবে এনে ধৰণৰ চিত্ৰনাট্যৰ প্ৰয়োজন হ'ব। অকণো চিন্তা নকৰাকৈ ডঃ কুৰিয়ানে ক'লে-- "আপুনি কৰক, যেনেদৰে কৰিলে কামটো হয়।"


শ্যাম বেনেগালে চিত্রনাট্য লিখাৰ দায়িত্ব দিলে বিজয় তেণ্ডুলকাৰকে। ডঃ কুৰিয়ানক কোৱাৰ দৰে ৰেখা আৰু বাক্যৰ আশ্ৰয় লৈ ক'লে-- মোক এনেধৰণৰ চিত্ৰনাট্য লাগে। কাহিনীয়ে এনেধৰণে নহয়, এনেধৰণে গতি কৰিব লাগে। এইখিনিতে অৱশ্যেই উল্লেখ কৰিব লাগিব-- শ্যাম বেনেগালৰ দ্বিতীয় পৰিচালনা "নিশান্ত"ৰো চিত্রনাট্য লিখিছিল নাট্যকাৰ তেণ্ডুলকাৰে।


মূল গল্পটোত তিনিটা "চৰিত্ৰ" নতুনকৈ গাঁথি দিলে, কাহিনী বিন্যাস কৰিলে। তেণ্ডুলকাৰে বেনেগালে দিয়া ৰেখা-বাক্যৰ "প্রাথমিক চিত্রনাট্য"ৰ আশ্রয়তে দুটা পর্যায়ত মূল চিত্রনাট্যখন লিখি উলিয়াইছিল। (উৎস: দৈনিক অকিলা/ ডঃ ভির্গেচ কুৰিয়েনৰ সাক্ষাৎকাৰ) --শ্যাম বেনেগালে প্ৰথম খন চিনেমা "অংকুৰ" পৰিচালনা কৰিছিল নিজৰ চিত্ৰনাট্যৰে। সংলাপ: সত্যদেৱ ডুবে। এই চিনেমা খনৰ লগতে "নিশান্ত" (১৯৭৫), "মন্থন" (২৯৭৬), আৰু "ভূমিকা"ৰে (১৯৭৭) শ্যাম বেনেগালে ভাৰতীয় চিনেমাৰ এটা নতুন শৈলী যে নিৰ্মাণ কৰিছে সন্দেহ নাই। চিনে-পণ্ডিত সকলে এই নতুন শৈলীৰ নাম দিছে-- "মধ্যম চিনেমা" ("Middle Film" of India)। পৰিচালক গৰাকীয়ে কিন্তু এই কথা মানি লোৱা নাছিল। পৰিচালক গৰাকীৰ মতে-- কাহিনী-ৰেখা, বিষয়-বস্তুৰে আকাৰ দিয়া চিত্ৰনাট্যই পৰিচালকক বাট দেখুৱাই; সেই বাটেৰে, চিত্ৰগ্ৰহণকাৰীৰ চকুৰে চাই গৈ থাকোতে "শৈলী"ৰ আকাৰ লয়। "শৈলী"ৰ বিশেষ নাম থাকিব পাৰে বুলি মই বিশ্বাস নকৰো। 

--শ্যাম বেনেগালৰ মতে, চিনেমাৰ চিত্ৰগ্ৰহণকাৰী পৰিচালকৰ সোঁহাত, চকু (director's eyes)।

শ্যাম বেনেগালৰ মতে চিনেমাৰ চিত্ৰগ্ৰহণকাৰী পৰিচালকৰ সোঁহাত (right hand)।

--পৰিচলকগৰাকীৰ সোঁহাত আছিল গোবিন্দ নিহালনী। 

-- হয়, 'আক্রোশ' (১৯৮০)ৰ পৰিচালক। 'অর্ধ সত্য' (১৯৮৩), 'হাজাৰ চৌৰাছি কী মা' (১৯৯৮), 'দৃষ্টি' (১৯৯০), 'আঘাত' (১৯৮৫), 'দ্রোহকাল' (১৯৯৪), 'তক্ষক' (১৯৯৯), 'দেৱ' (২০০৪), 'সংশোধন' (১৯৯৬), 'পার্টী' (১৯৮৪)ৰ পৰিচালক গোবিন্দ নিহালনী। অলপতে পৰিচালক সুধীৰ মিশ্ৰই প্ৰশ্ন কৰিছিল-- "why movie buffs had forgotten one of the pillars of Indian parallel cinema, Govind Nihalani..."

--নোৱাৰে, চিত্ৰৰসিকে পাহৰিব নোৱাৰে কেমেৰাৰ ভাষাৰ দক্ষ প্ৰয়োগকাৰীগৰাকীক, চিনেভাষা বিজ্ঞানীগৰাকীক। এইগৰাকী পৰিচালকে চিত্রনাট্য ফ্ল'ৰত মুহূৰ্ততে সলায় বুলি কোৱা হয়। কাৰণ? -- হয়তো সুযোগ বুজি চিনেভাষা প্রয়োগৰ সুযোগ লয়। প্রসংগক্রমে পৰিচালকগৰাকীয়ে কৈছিল-- 'চিত্রনাট্য ৰচনা কামটো মোৰ বাবে সহজ কাম নহয়। আৰু মোৰ মনৰ ভাষা পঢ়ি মই বিচৰা ধৰণে চিত্রনাট্য এখন লিখি দিয়া কামটোও সহজ নহয়। গতিকে কি হয়, মই বিচৰা ধৰণে 'গল্প'টোক চিত্ৰনাট্যৰ আকাৰ দিয়ে। সেয়া স্বাভাবিক। আৰু চিত্ৰগ্ৰহণৰ সময়ত চিত্রনাট্যখনৰ ব্যৱহাৰ মই ভবা ধৰণে কৰো। কথটো এনে ধৰণে ক'ব পাৰো --চিত্রনাট্যই মোক বাট দেখুৱায়। বাটেৰে কেনেদৰে আগবাঢ়িম সেয়া মই ঠিক কৰো। গাড়ীৰে নে খোজ কাঢ়ি আগবাঢ়িম, সেই সিদ্ধান্ত কেৱল মোৰ। প্ৰায়ে এনে হয়, চিত্রনাট্যকাৰে কাহিনী সংলাপৰ সহায়ত আগবঢ়াই নিছে, মই সংলাপৰ সলনি কেমেৰাৰ ভাষাক গুৰুত্ব দিছো। মোৰ চিনেমাৰ বাবে যিহেতু ময়ে কেমেৰা চলাওঁ মুহূৰ্ততে সলনি কৰা কামটো সহজতে হয়।" (উৎস: Cinema Express)

গোবিন্দ নিহালনীয়ে 'তক্ষক'ৰ চিত্ৰনাট্য নিজে লিখিছিল। ১৬১ মিনিট দৈৰ্ঘ্যৰ চিনেমাখন চিত্রনাট্যত আছিল মাত্র ৮০ মিনিটৰ। সাপ্তাহিক চিনেমাকেন্দ্রিক আলোচনী 'Mangala'ত পঢ়িছিলো-- চিত্রনাট্যখনত কেৱল সংলাপ অংশহে লিখিছিল। কেমেৰা কেন্দ্ৰিক কামবোৰ পৰিচালকগৰাকীয়ে পর্যায়ক্রমে ফ্ল'ৰলৈ যোৱাৰ আগে আগে কৰিছিল চিত্ৰগ্ৰহণকাৰীৰ সৈতে আলোচনা কৰি। চিনেমাখনৰ চিত্ৰগ্ৰহণ পৰিচালকগৰাকীয়ে কৰা নাছিল। কৰোৱাইছিল সন্তোষ শিৱনৰ হতুৱাই। --হয়, 'Halo', 'Story of Tiblu', 'The Terrorist', 'Malli', 'Asoka', 'Anandabhadram', 'Navarasa', 'The Mistress of Spices', 'Prarambha', 'Before the Rains', 'Urumi' আদিৰ পৰিচালক সন্তোষ শিৱন। পৰিচালকগৰাকীৰ প্ৰথম পৰিচয় চিত্ৰগ্ৰহণকাৰী আৰু অভিনেতা।


মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...