সরাসরি প্রধান সামগ্রীতে চলে যান

ৰেখাচিত্র,চিত্র,চিত্রনাট্য... /২

ছবিলৈ "কথা" আহিছিল ১৯২৭ (চিনেমাঃ The Jazz Singer) চনত। ১৮৯৮ চনত প্রথম ঘূর্ণায়মান কেমেৰা ব্যৱহাৰ হৈছিল। Panning shot লোৱা হৈছিল। আৰু সেই সময়তে চিত্ৰনাট্যৰ গুৰুত্ব অনুভৱ কৰে চিনে নিৰ্মাতাই। আৰু "কথা" অহাৰে পৰা চিত্ৰনাট্যৰ গুৰুত্ব বাঢ়ে। চলমান ছবিত "কথা" ব্যৱহাৰ হোৱাৰ আগৰ সময়ছোৱাত চিত্রনাট্যত ৰেখাৰ ব্যৱহাৰ হোৱাৰ তথ্য পোৱা যায়। "The Grand Cafe" --বজাৰ চিন্তাৰে মুকলি কৰি দিয়া প্ৰথমখন চিনেমা (The world's first commercial movie)। ২৮ ডিচেম্বৰ, ১৮৯৫ত প্ৰদৰ্শন হোৱা এই চিনেমাখনৰ প্ৰথম চিত্ৰনাট্য খনত ৰেখা আৰু সংখ্যা ব্যৱহাৰ হৈছিল। পৰৱৰ্তী সময়ত চার্লি চেপলিন (কর্মজীবন: ১৮৯৯-১৯৭৬) কে ধৰি কেইবাগৰাকীও পৰিচালক-নিৰ্মাতাই ৰেখা-সংখ্যাৰ চিত্রনাট্য ব্যৱহাৰ কৰিছিল। (উৎসঃ Screenwriting/Film Journal) ভাৰতীয় পৰিচালকে ৰেখা-সংখ্যাৰ চিত্ৰনাট্য ব্যৱহাৰ কৰা নাছিল। "নানান সুৰেৰ ৰেখাচিত্র" (লেখক: নন্দিল ঘোষা) নামৰ গ্ৰন্থখনৰ ৫৭৪ নম্বৰ পৃষ্ঠাত আছে, "নির্বাক যুগত ভাৰতীয় ছবিৰ চিত্ৰনাট্যকাৰে ৰেখাচিত্ৰ  ব্যৱহাৰ কৰিছিল। এই ধাৰণাই সত্যজিৎ ৰায়, পূর্ণেন্দু পত্রীকে ধৰি কেইবাগৰাকীও পৰিচালকক আকৰ্ষণ কৰিছিল। আৰু মনলৈ অহা  দৃশ্যবোৰ চিত্রগ্রহণকাৰীক বুজাবলৈ স্কেচ মাধ্যমৰ সহায় লৈছিল। 

আৰু সম্পূর্ণ পৰিকল্পনাৰ স্কেচ অংকন কৰি চিত্রনাট্যৰ বিকল্প হিচাবে ব্যৱহাৰ কৰাৰ উদাহৰণ আছে। (এটা উদাহৰণ: স্ত্রীৰ পত্র/ ১৯৭২)। 

এই কথা স্পষ্ট নির্বাক যুগৰ দৰে সবাক যুগত ৰেখাচিত্ৰৰ চিত্রনাট্যই গুৰুত্ব পোৱা নাছিল। ভাৰতত সবাক যুগ আৰম্ভ হৈছিল ১৯৩১ চনৰ ১৪ মার্চত (চিনেমা: আলম আৰা। বোম্বেৰ  মেজেষ্টিক চিনেমাত মুক্তি পোৱা চিনেমা খন একেলগে আঠ সপ্তাহ প্রদর্শিত হৈছিল। তেতিয়াৰ হিচাপত চিনেমা খনৰ বাজেট: ৪০ হাজাৰ টকা)। কোৱা হয়, সেই তেতিয়াৰে পৰা ভাৰতীয় চিনেমাৰ "গল্পৰ যুগ" আৰম্ভ হৈছিল। চিনেমা "সাহিত্য"

নিৰ্ভৰ আছিল। 'গল্প' ৰূপালী গল্পলৈ ৰূপান্তৰ কৰা পৰ্বৰ প্রথম পর্যায় সাহিত্যকেন্দ্রিক চিত্রনাট্যৰ বিকল্প নাছিল, নাই। খাজা আহমেদ আব্বাছ (কর্মজীবনঃ ১৯৩৫-১৯৮৭) আছিল ৰাজ কাপুৰৰ প্ৰথম পচন্দৰ চিত্ৰনাট্যকাৰ। 'আৱাৰা', 'শ্রী৪২০'ৰ কহিনী-চিত্রনাট্য আব্বাছৰ। "ববী"ৰ চিত্ৰনাট্য লিখিছিল আনৰ কাহিনীৰে। আব্বাছে লিখিছিল--"ৰাজ কাপুৰক সন্তুষ্ট কৰা কামটো মোৰ বাবে সহজ নাছিল। ৰাজ কাপুৰে কাহিনী এটা শুনাৰ পিছতে নিজৰ মন-মগজুত চিনেমা এখন নির্মাণ কৰি লয়। শ্বট, শ্বটৰ গাণিতিক প্রয়োগ, নায়িকাৰ চেহেৰা ফ্ৰেমত লৈ কেমেৰাবে কোনবিধ প্র'পার্টীত ফ'কাছ কৰিব ইত্যাদি গল্পটো শুনাৰ পাছতে মনৰ মাজত ৰচনা কৰি যায়। ৰচনা কৰি যোৱা সেই চিত্রনাট্যখন চিত্রনাট্যকাৰে লিখি দিব পাৰিলেহে ৰাজ কাপুৰ সন্তুষ্ট হৈছিল। সেয়েহে মই গল্প এটা শুনোৱাৰ পাছত যেতিয়া ৰাজ কাপুৰে কয় 'আগবাঢ়া!', মানে চিত্রনাট্যৰ কাম আগবঢ়োৱা, তেতিয়া মই কৈছিলো-- চিত্রনাট্য আগবঢ়োৱাৰ আগতে গল্পটো আপোনাৰ শব্দৰে শুনিম। মই কোৱা ৩০-৪০ মিনিটৰ গল্পটো ৰাজ কাপুৰৰ পৰা ১০,০০০ মিনিটত শুনিছিলো। শুনিবলৈ কেইবাদিনো বহিছিলো। এই যে কেইবাদিনো বহিছিলো, তেতিয়াই ৰাজ কাপুৰৰ মনৰ মাজত থকা চিনেমাখন আয়ত্ত কৰিবলৈ চেষ্টা কৰিছিলোঁ।" আব্বাছে ৰাজ কাপুৰৰ বাবে তিনিটা পর্যায়ত চিত্রনাট্যৰ কাম সম্পূৰ্ণ কৰিছিল। তৃতীয় পর্যায়তহে সংলাপ সংযোজন কৰিছিল। প্ৰথম দুটা পৰ্যায়ত কেমেৰাৰ ভাষাকেন্দ্ৰিক কামবোৰ কৰিছিল। চিত্রনাট্যৰ চূড়ান্ত সিদ্ধান্ত লৈছিল ৰাজ কাপুৰে, ফ্ল'ৰত। কাহিনীৰ গতি নসলায়, কেমেৰাৰ গতি-দিশ কিন্তু মুহূৰ্ততে সলনি কৰাৰ উদাহৰণ আছে। চিত্রনাট্যত থকা বহুখিনি কেমেৰাৰ কাম নকৰে, বিপৰীতে চিত্রনাট্যত নথকা কেমেৰাৰ ভাষাকেন্দ্রিক শ্বট, ছিকুরেন্স চিত্রগ্রহণকাৰীৰ সহায়ত ৰচনা কৰে। এটা উদাহৰণঃ সত্যম শিৱম সুন্দৰম। চিনেমাখনৰ লেখক জিনেন্দ্র জৈন (Jainendra Jain)। সংলাপ প্রধান চিনেমা আছিল। পৰিচালক ৰাজ কাপুৰে চিত্ৰগ্ৰহণকাৰী ৰধু কৰ্মকাৰৰ সহায়ত ভালেমান শ্বট লৈছিল, চিত্রনাট্যত নথকা। আৰু যেতিয়া সম্পাদনাৰ টেবুলত বহিছিল "সম্পাদক ৰাজ কাপুৰ"-এ "পৰিচালক ৰাজকাপুৰ"ৰ দৃষ্টিৰে চিত্ৰনাট্যত নথকা শ্বট কেইটাৰে কাহিনী ৰেখা বহুদূৰ আগুৱাই নিছিল। #ৰেখাচিত্র #চিত্র #চিত্রনাট্য... /৫

নিজে সম্পাদনা কৰাৰ কাৰণ আছিল চিত্ৰনাট্য মনত ৰাখি চিত্ৰ গ্ৰহণ কৰা সাহিত্য কেন্দ্ৰিক কিছু অংশ বাদ দি চিত্ৰনাট্যত নথকা শ্বট কেইটাৰে কাহিনী ৰেখা বহুদূৰ আগুৱাই নিয়া। কেইবাটাও নাটকীয় অংশ বাদ দিছিল। সংলাপৰ গুৰুত্ব কমিছিল। চিত্রগৃহলৈ অহাৰ পিছত কোৱা হৈছিল, কেমেৰা-সংগীতৰ যুগল সৌন্দর্য "সত্যম শিৱম সুন্দৰম"। তেনেদৰে "ববী"ৰো কেইবাটাও নাটকীয় শ্বট বাদ দিছিল, সম্পাদনাৰ সময়ত। (উৎস: Jansatta, K. A. Abbas. A Man in Tune with History) ৰাজ কাপুৰৰ শৈলীৰ পৰিচালক নাছিল সত্যজিৎ ৰায়। কাম কৰাৰ পদ্ধতিৰ কিন্তু মিল আছিল। পৰিচালক ৰায়ে চিত্ৰগ্ৰহণকাৰী সুব্রত মিত্ৰৰ সহায়ত "পথেৰ পাঁচালী'ৰ বাবে কেইবাটাও শ্বট লৈছিল, হঠাতে চিত্ৰগ্ৰহণৰ সময়ত পৰিকল্পনা কৰি। এটা উদাহৰণ: অপু আৰু দুৰ্গাৰ ৰে'লগাড়ী চাবলৈ দৌৰাৰ দৃশ্যটো। "পথেৰ পাঁচালী"ৰ শ্বুটিং চিত্রনাট্য এখন অৱশ্যেই আছিল। পৰিচালক সত্যজিৎ ৰায়ে কেইবাটাও পর্যায়ত পূর্ণাঙ্গ চিত্রনাট্য এখন লিখিছিল। কিন্তু পৰিচালকগৰাকীয়ে চিত্ৰগ্ৰহণকাৰীৰ সৈতে সাঁকো নিৰ্মাণ কৰিছিল প্রাথমিক চিত্ৰনাট্যখনেৰে। কাগজত লিখা টুকুৰা-টুকুৰি নোট আৰু স্কেচ আছিল ("চিত্ৰগ্ৰহণৰ সময়তো কিছু স্কেচ আঁকিছিল, চিত্রগ্রহণকাৰীক বুজাবলৈ।") প্রাথমিক চিত্রনাট্যখনত। ১৯৫০ চনত জলপথেৰে লণ্ডনলৈ যোৱাৰ সময়ছোৱাত কৰিছিল এই চিত্রনাট্য কর্ম। কেৱল সংলাপ (সংলাপঃ বিভূতিভূষণ বন্দোপাধ্যায়, সত্যজিৎ ৰায়) লিখা আন এখন "চিত্রনাট্য" লিখিছিল অভিনেতা-অভিনেত্ৰীসকলৰ বাবে। "সংলাপ বিভূতিভূষণ বন্দোপাধ্যায়ৰ উপন্যাসখনত আছিলেই। মাত্র কিছু পৰিৱৰ্তনৰ প্ৰয়োজন আছিল। উপন্যাসখনত থকা কিছু চৰিত্ৰৰ লগতে সংলাপ বাদ দিছিলো, উপন্যাসখনত নথকা চৰিত্ৰ-সংলাপ চলচ্চিত্ৰখনত

যোগ কৰিছিলোঁ। সংলাপ ছবিৰ কথা মনত ৰাখি পৰিপাটি কৰা হৈছিল। চলচ্চিত্ৰৰ সংলাপৰ প্রধানতঃ দুটি কাম। এক, কাহিনী ব্যক্ত কৰা; দুই, পাত্র-পাত্ৰীৰ চৰিত্ৰ প্ৰকাশ কৰা। সাহিত্যৰ কাহিনীত কথাই যি কাম কৰে, চলচ্চিত্ৰত ছবি আৰু কথা মিলিলেহে সেই কাম কৰে।... সংলাপ যদি স্বাভাৱিক নহয়, স্বাভাৱিক অভিনয় কৰাবলৈ দিগদাৰ হয়। বাস্তৱ জীৱনত মানুহ এজনে বক্তব্য বিভিন্ন অৱস্থাত বিভিন্ন ভাষাত ব্যক্ত কৰে। একে কথা অলসমুহূৰ্তত যেনেদৰে কয়, কৰ্মৰত অৱস্থাত তেনেদৰে নক'ব। গৰমত ঘর্মাক্ত হৈ যেনেদৰে ক'ব, শীতত কঁপি কঁপি তেনেদৰে নক'ব। এনেধৰণৰ কথাৰ বাবে অভিনেতা-অভিনেত্ৰীৰ বাবে চিত্ৰনাট্যৰ প্রয়োজন।"-- সত্যজিৎ ৰায়ে কৈছিল। (উৎসঃ নন্দন, চলচ্চিত্ৰেৰ সংলাপ প্রসঙ্গে! আনন্দবাজাৰ পত্রিকাৰ শাৰদীয় সংখ্যা, ১৯৬৩) পৰিচালকগৰাকীয়ে গদাৰক (Jean-Luc Godard) পচন্দ নকৰিছিল। "আমি চিত্রনাট্য সম্পর্কে বলতে গিয়ে গদাৰেৰ কথা বলবো না।"

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...