সরাসরি প্রধান সামগ্রীতে চলে যান

এমেছাৰছ/ চিনেচৰ্চা

অসমীয়া চিনেমা খনৰ নাম-- "এমেছাৰছ"। বিষয়-বস্তু: চং আৰু ঢুইলা (ঢুলীয়া)-যাত্ৰাপাৰ্টীৰ সংঘাত। পৰিচালক-লেখক: ধীৰাজ কাশ্যপ। বিষয়-বস্তু কেন্দ্ৰিক চিনেমা, বিষয়-বস্তুক গতি দিছে এটা কাহিনীৰে। কাহিনীৰ মূলবিন্দু-- জয়ৰাম (ভাস্কৰ মিশ্ৰ)। দক্ষিণ কামৰূপৰ এগৰাকী ঢুইলা। এটা দল আছে আছে। দলটোৰ "চং"ৰ জনপ্ৰিয়তা আছে। (পৰিচালক-লেখকে ৰূপালী গল্পটোৱে গতি কৰোৱাৰ আগতে কিশোৰ কেইগৰাকী মানক কেমেৰাৰ ফ্ৰেমত লৈ সেই সময়ত যে ঢুইলা জনপ্ৰিয় স্পষ্ট কৰিছে।) জয়ৰামৰ জীৱন যাত্ৰা আৰ্থিক সমস্যাৰ হেচাত ককবকোৱা। কৰ্মহীন, বিশেষ ৰাজনৈতিক আদৰ্শক বিশ্বাস কৰা ভাতৃ, তিনি সন্তান আৰু পত্নীক লৈ জয়ৰামৰ সংসাৰ যাত্ৰা। ঘৰত প্ৰয়োজনীয় সামগ্ৰি নাই, হাতত প্ৰয়োজন পূৰাব পৰাকৈ টকা নাই, তথাপি ঢুইলাৰ বাহিৰে আন চিন্তা কৰিবলৈ জয়ৰামৰ মগজুত ঠাই নাই। (অসম আন্দোলনৰ সময়। ১৯৭-১৯৮৫ চনৰ আন্দোলনৰ সময় চোৱাৰ কাহিনী ৰেখা। ভূগোলৰ লগতে পৰিচালকে কেইটা মান ছিকুৱেন্সত সাহিত্যৰ ভাষাক গুৰুত্ব দি ইতিহাস স্পষ্ট কৰিছে। এই খিনিতে উল্লেখ নকৰিলে ভুল হ'ব-- অসম আন্দোলনৰ "পৰিবেশ" নিৰ্মাণত পৰিচালকৰ পৰিশ্ৰৰ প্ৰয়োজন অনুভৱ কৰিছোঁ। "অসম আন্দোলন"ক ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ কৰাৰ বাট আছিল। পৰিচালকে মন নিদিলে বা প্ৰয়োজন অনুভৱ নকৰিলে। কাৰণ যিয়ে নহওঁক-- এয়া চিনে ত্ৰুটি।) অসম আন্দোলনেও জয়ৰামক চুব পৰা নাই। আন্দোলনৰ মাজতে শিল্পকৰ্ম কৰি গৈছে। নিজৰ দুখৰ মাজতো "চং"-এৰে দৰ্শকক সুখ দিছে। 

কাহিনীৰ গতিত বাঢ়ি গৈ থাকে জয়ৰামৰ আৰ্থিক চেপা। লগতে আন এক সমস্যা-- "চং"ৰ জনপ্ৰিয়তা কমি আহে। যাত্ৰা পাৰ্টিয়ে ঢুইলাৰ ঠাই অধিকাৰ কৰে। দুটা "বিনোদন সংস্কৃতি" মাজত সংঘাট হয়। জয়ৰামৰ বাবেও যাত্ৰা পাৰ্টিলৈ যোৱাৰ বাট মুকলি আছিল। জয়ৰামে আৰ্থিক সকাহ দিব পৰা সেই বাট নললে, ঢুইলা এৰিব নোৱাৰে। লগৰ সকলে এজন এজনকৈ জয়ৰামক এৰিলে (চং কৰি পেট পালব নোৱাৰি!), জয়ৰাম পুত্ৰ সন্তানৰ মৃত্যু হ'ল চিকিৎসাৰ অভাৱত, ঘৰত জুই জ্বলিল (জুই জ্বলিল হঠাতে, পৰিচালকে আগতীয়া ইংগিত নিদিলে। এয়া কাহিনী নিঃসন্দে ত্ৰুটি।)। অকলশৰীয়া হ'ল জয়ৰাম। সেই অসহায় সময়ত ভায়েক বিজয়ে (মুকুল কুমাৰ বিশ্বাস) জয়ৰামক কয়--"গ্ৰীক দাৰ্শনিক প্লেটোৰ মতে শিল্প কেতিয়াও মৰি নাযায়।... অ কা, ঢুইলাৰ চং কায়ো মাৰবা নৰে, আৰু নতুনকে কৰবিদে তই।" (চিনেমা খনত ব্যৱহাৰ কৰা সাহিত্যৰ ভাষা-- দক্ষিণ কামৰূপৰ।) কাহিনী ৰেখাৰ শেষ বিন্দুত জয়ৰামে আশা দেখে। কাহিনী ৰেখা সৰল। কাহিনীৰ সৰল ৰৈখিক গতিত বিষয়-বস্তু স্পষ্ট, পৰিচালক সফল। বিপৰীতে ৰূপালী গল্পটোত কেমেৰাৰ ভাষাক গুৰুত্ব দিয়ো "কাহিনীৰ গতি"ত সাহিত্যৰ ভাষা প্ৰয়োগৰ সময়ত চুই যোৱা "নাটকীয়তা"ক ইতিবাচক দিশ বুলিব নোৱাৰি। 

ৰূপালী গল্পটোৰ গতিত অহা অসম আন্দোলন, মূল বিন্দু জয়ৰামৰ আৱেগ নিৰ্মাণত অযথা (চিনেমা খনৰ ৰূপালী সৌন্দৰ্যত বাধা হোৱা) সাহিত্যৰ ভাষা প্ৰয়োগ নকৰি চিনে-সৌন্দৰ্য (cinematic beauty) নিৰ্মাণত গুৰুত্ব নিদিয়া-- আন এক নেতিবাচক দিশ। 

ইতিবাচক দিশ-- চৰিত্ৰ নিৰ্মাণ, কাহিনীৰ গতিত পৰিপাটিকৈ কৰা "চৰিত্ৰ প্ৰয়োগ"। -- মূল কাহিনীৰ গতিত জয়ৰামৰ ডাঙৰ ছোৱালী তৰু (মীনাক্ষী কালিতা) আৰু জয়ৰামৰ সহযোগী ঢুইলা চন্দ্ৰক (চিন্ময় ৰাজকুমাৰ) লৈ প্ৰেমৰ কাহিনী এটা নিৰ্মাণ কৰিছে। এই প্ৰেমৰ কাহিনী, তৰু-চন্দ্ৰক কাহিনীৰ শেষ বিন্দুত "কাহিনীৰ অংশ"ৰ পৰা "কাহিনীৰ অংগ"লৈ ৰূপান্তৰ কৰিছে। পুৰি চাই হোৱা ঘৰটো নিৰ্মাণৰ আয়োজন কৰি থকা চন্দ্ৰই জয়ৰামৰ বাবে আশাৰ বাট কাটিছে। পৰিচালক-লেখকক প্ৰশংসা কৰিব পৰা আৰু কেইটা মান দিশ-- কাহিনীৰ গতিত "চং"ৰ বাস্তৱিক ছবি চিত্ৰায়ন কৰাৰ পাছতো "তথ্যচিত্ৰ গুণ" মুক্ত কৰি ৰখা, প্ৰয়োগ কৰা সংগীত ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ কৰা, সাজসজ্জা-ৰূপসজ্জা আৰু চিত্ৰগ্ৰহণ। 

--উৎপল মেনা (প্ৰকাশ: দৈনিক জনমভূমি/ ২১-০৩-২০২৫)



মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...