চার্লি চেপলিনৰ ধাৰণা আছিল-- "সৰলতা অর্জন কৰা 'কঠিন'। সৰলতাৰে সত্য প্রকাশ কৰিব পৰাটোৱে সফল শিল্পকর্ম।"-- "চার্লি চেপলিন" অধ্যয়ন কৰিলে আৰু বুজা যায়, যিকোনো সৃষ্টিশীল কামৰ স্থায়িত্ব নির্ধাৰণ কৰে বিষয়বস্তুৰ গভীৰতাই। সৰলতাৰে দৰ্শকক গভীৰতালৈ নিব পৰাটোৱে চার্লি চেপলিনৰ চিনেকৰ্মৰ বিশেষত্ব।
আৰু জনা যায়, "পাগলামি দৃষ্টিকোণেৰে নিজকে বিশ্লেষণ" কৰি চেপলিনে নিজৰ শিল্পকৰ্মক উত্তৰণৰ বাটত গতি দিছিল।
চেপলিনে ছবিক গতি দিয়া "শিল্প"ত তিনিটা বিন্দু স্পষ্ট-- কাহিনী, কাহিনীকেন্দ্রিক কেমেৰাৰ ভাষা প্ৰয়োগ আৰু আংগিক অভিনয়। বিন্দু তিনিটাক একে স্থানৰ পৰা একে স্থানলৈ গতি কৰায়। বিনোদন চেপলিনৰ "ছবি গতি"ৰ মূল মন্ত্র।
Andrew Sarris -- আমেৰিকান চিনেমা সমালোচক। নেতৃস্থানীয় চিনে প্রবক্তা "Auteur" তত্ত্বৰ পণ্ডিত। ফৰাচী আলোচনী "Cahiers du Cinnamon" আছিল চিনেকর্ম, চিনে শৈলীৰ আলোচনাৰ কেন্দ্রবিন্দু। এই আলোচনীতে চিনেমাৰ ভাষা বিশ্লেষণ হয়, চিনেমাৰ আলোচনাত সাহিত্যৰ ভাষা-চিনেমেটিক ভাষা বিভাজন হয়-- প্রথমবাৰৰ বাবে। চিনেমা তত্ত্ব চর্চাও আৰম্ভহয়-- এই আলোচনী খনতে। এইখন আলোচনীতে মুকলি হোৱা চিনেমা চৰ্চাৰ "ছিৰিয়াছ ধাৰা" আগবঢ়াই নি বিশেষ স্তৰত বহুৱায় ফ্রান্সোইস ট্রাফাউটে (François Truffaut)। ১৯৫৪ চনত প্রকাশ পায় এইগৰাকী চিনে পণ্ডিতৰ গ্ৰন্থ "film quality"। চিনেমা তত্ত্বৰ আশ্রয়ত চিনেমাৰ মান বিশ্লেষণ কৰে চিনে পণ্ডিতগৰাকীয়ে। চিনেমা চৰ্চাৰ এই ধাৰাৰ আৰু এখোপ উত্তৰণ হয় Andrew Sarrisৰ কলমত। কোৱা হয়-- এইগৰাকী চিনেমা আলোচকৰ লেখাত "চলমান ছবিৰ স্বতন্ত্র বাট" মুকলি হয়। আৰু পৰৱৰ্তী সময়ত স্পষ্ট হয়-- চিনেমা যে স্বতন্ত্র শিল্প। এইগৰাকী চিনে পণ্ডিতে চিনেমাৰ ভাষাকেন্দ্ৰিক এলানি লেখাত চার্লি চেপলিনক বিশেষভাৱে গুৰুত্ব দিছিল। "চালিয়ে সৰল চলচ্চিত্ৰীয় বাস্তবতা (cinematic realism) বুজিছিল। এই গুণটোৰ বাবে বা দক্ষতাৰ বাবে চার্লি চেপলিনৰ চলমান ছবিয়ে সকলো স্তৰৰ দৰ্শকক চুইছে বা চুব পাৰিছে। এনেদৰে ক'লে ভুল নহ'ব-- চিনেমাৰ বিশুদ্ধ ধাৰণা অনুভৱ কৰিব পাৰি চার্লি চেপলিনৰ "চলমান ছবিত।"
আইজেনষ্টাইনৰ চিনেমাতো চলচ্চিত্রীয় বাস্তবতা (cinematic realism) স্পষ্ট; কিন্তু শৈলী, 'গল্প' কোৱাৰ কৌশল সৰল নহয়, সহজ নহয়। আন এটা দিশতো স্পষ্ট-- চেপলিন-আইজেনষ্টাইনৰ চিনেকৰ্মৰ দূৰত্ব। চিনে-চিন্তাৰ সময়ত "আমাৰ এই ধাৰণা নিশ্চয় অশুদ্ধ নহয়। আইজেনষ্টাইন চিনেকৰ্মৰ বহু ওচৰত, দৰ্শকৰ বহু আঁতৰত থাকে। চিনে বিজ্ঞানীগৰাকীৰ পৰিচালনা (1923) Glumov's Diary, (1925) Strike, (1925) Battleship Potemkin, (1928) October. Ten Days That Shook the World, (1929) The General Line, (1930) Ro-mance sentimentale, (1938) Alexander Nevsky, (1944) Ivan the Terrible (দুটা খণ্ড) অধ্যয়ন কৰিলে এই বিশেষত্ব স্পষ্ট হয়।
-- হয়, আইজেষ্টাইনক চিনেমা পৰিচালক বৃত্তটোতে বন্দী কৰি ৰাখিব নোৱাৰি। আইজেনষ্টাইন চিনেমা লেখক আৰু চিনে বিজ্ঞানীও।
"Total Film" নামৰ বিখ্যাত চিনে আলোচনীখনে আইজেনষ্টাইনৰ "Battleship Potemkin" চিনেমাখনক পাঁচটা তৰা দিয়ে। আৰু লিখে "Nearly 90 years later, Eisenstein's masterpiece will still guarantee a fast-paced pulse." লগতে লিখে, চিনেমাখনত পৰিচালকগৰাকীৰ কেইবাটাও আৱিষ্কাৰ স্পষ্ট। ১৯৭৯ চনত ৩০গৰাকী Finnish film crit-ics and experts-এ বিশ্ব চিনেমাৰ সৰ্বকালৰ ১০০খন চিনেমাৰ তালিকাত ২৩তম স্থানত ৰখা এই চিনেমাখনৰ প্ৰসংগত François Truffaut-এ লিখিছিল- "চিনেমাৰ বৌদ্ধিক চিন্তাৰ বাট মুকলি কৰা এখন চিনেমা 'Battleship Potemkin'ৰ কথা মনত ৰাখি ক'ব পাৰি-- বিষয়-বস্তুক গতি দিয়াৰ লগতে আইজেনস্টইনে শ্বট নির্মাণত নতুন নতুন দিশ আৱিষ্কাৰত গুৰুত্ব দিছিল। এনেদৰেও ক'ব পাৰি-- আইজেনষ্টাইনৰ উদ্দেশ্য আছিল চিনে বিজ্ঞানৰ নতুন নতুন উদ্ভাৱনেৰে চিনেমাৰ পৰিচালনা শৈলীৰ নতুন নতুন বাট মুকলি কৰা।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন