["কাইফি আজমী মানুহজন" --লিখিছিলোঁ সাংবাদিক, লেখক (যি গৰাকী আজি আমাৰ মাজত নাই) মোহন কাকতিৰ তাগিদাত। ১০ মে' ২০০২ (বয়স ৮৩)
মুম্বাইত কাইফি আজমীৰ কায়িক মৃত্যু হৈছিল। ১১ মে'ৰ দৈনিক কাকত "আজি"ৰ সম্পাদকীয় পৃষ্ঠাত ছপা হৈছিল এই "কাইফি চৰ্চা"।]
মেৰিন ড্রাইভ কিম্বা জুহু বীচ্চৰ আবেলিত তেওঁ হয়তো সন্ধান কৰে এছাটি শীতল, নির্মল বতাহ। প্রায়ে দেখা যায় তেওঁক। সদায় দেখা জনে কথাৰে, হাঁহিৰে সম্ভাষণ জনায়। চিনাকিৰ প্ৰয়োজন নাই, তেওঁৰ বাবে হয়তো অচিনাকি, কিন্তু সম্ভাষণ জনোৱা প্ৰতিগৰাকীৰ বাবে তেওঁ চিনাকি। চিনাকিয়ে নহয়, প্ৰতিগৰাকীৰ যেন অতি ওচৰৰ, অতি মৰমৰ। নাম তেওঁৰ কাইফি আজমী।
: কোন কাইফি আজমী?
: শ্বাবানা আজমীৰ বাবা।-- এয়াই নেকি তেওঁৰ পৰিচয়! হয়, তেওঁৰ নামটো শুনাৰ পিছত যিসকলে 'কোন কাইফি আজমী' বুলি প্ৰশ্ন কৰে তেওঁৰ বাবে এয়াই পৰিচয়-- কাইফি আজমী শ্বাবানাৰ দেউতাক। নামটো শুনাৰ পাছত যিসকলে প্রশ্ন নকৰে, তেওঁলোকে জানে এছাটি শীতল, নিৰ্মল বতাহৰ সন্ধানত পিটপিটাই ফুৰা এই মানুহজনক ব্যাখ্যা কৰা অসম্ভৱ। ("এনেই ঘূৰি ফুৰোঁ-ক'তনো পাবা নির্মল বতাহ..." প্রদূষণ সম্পর্কীয় এটি প্রশ্নৰ উত্তৰত কাইফি আজমী)।
দেখিছোঁ, বহুজনক দেখিছোঁ। শুনিছোঁ, বহুজনৰ বিষয়ে শুনিছোঁ। চাক্ষুস চিনাকিৰ পাছত আমাৰ মনত 'বিখ্যাত' বহুজনে চুচুক-চামাককৈ তেওঁৰ ওচৰ চাপে, বুজিবলৈ চেষ্টা কৰে আৰু ছল পালেই আত্মীয়তা গঢ়ি তোলে। স্বার্থ--কিছু হ'লেও আস্বাদ লোৱা শ্বায়েৰীৰ। শব্দৰ এজন যাদুকৰ গুলজাৰে লিখিছিল, "...আপুনি তেওঁৰ (কাইফি আজমীৰ) ওচৰে-পাঁজৰে ঘূৰি ফুৰে, অথচ তেওঁৰ শ্বায়েৰী শুনা নাই, তেনেহ'লে সন্দেহ নাই, তেওঁৰ ওচৰত থাকিও আপুনি তেওঁৰ পৰা বহু নিলগত আছে। তেওঁৰ প্ৰতিটো শ্বায়েৰী আপুনি পঢ়িছে, কিন্তু তেওঁৰ কণ্ঠ শুনা নাই, তেনেহ'লে সন্দেহ নাই তেওঁৰ শ্বায়েৰীৰ পূৰ্ণ আস্বাদ লোৱাৰ সুযোগ আপুনি এতিয়াও পোৱা নাই। সঁচা কথা কওঁনে-- তেওঁৰ ওচৰ চাপিছিলোঁ কেৱল তেওঁৰ শ্বায়েৰীৰ পূৰ্ণ আস্বাদ লোৱাৰ স্বাৰ্থত।"*
প্ৰকৃতাৰ্থত তেওঁ আছিল শ্বায়েৰ। তেওঁৰ লক্ষ্যই আছিল শ্বায়েৰী। উত্তৰ প্ৰদেশৰ আজমগড়ৰ তেনেই সৰু গাঁও মিজৱানত
জন্ম হোৱা কাইফিয়ে শৈশৱতেই পাইছিল শ্বেৰ শ্বায়েৰীৰ পৰিৱেশ। পৰিৱেশেই তেওঁৰ মনত 'তাগিদা'ৰ সৃষ্টি কৰিছিল আৰু তাগিদাই বাধ্য কৰাইছিল হাতত কাপ তুলি ল'বলৈ। "আচলতে মোৰ মন তেতিয়া বিদ্রোহী হৈ উঠিছিল মোৰ আশে-পাশে ঘূৰি ফুৰা শ্বায়েৰী প্রেমী সকলৰ বিৰুদ্ধে। সৰুতে যেতিয়া মই তেওঁলোকক শ্বায়েৰী শুনাবলৈ চেষ্টা কৰিছিলোঁ, মোক অৱজ্ঞা কৰিছিল। দুই-এজনে শুনিছিল, সুধিছিল ক'ৰ পৰা 'কপী' কৰিছ? মানি লোৱা নাছিল সেয়া যে মই নিজেই লিখা। এনেবোৰ ঘটনাই মোক কন্দুৱাইছিল। কিন্তু মই দুৰ্বল হৈ পৰা নাছিলোঁ। মোৰ একমাত্র বন্ধু বাজিদ বাজিক কৈছিলোঁ-- 'চাই থাকা বাজি, এদিন মই হিন্দুস্তানৰ বিখ্যাত শ্বায়েৰ হ'ম। কোনোধৰণৰ শক্তিয়েই মোক বাধা দিব নোৱাৰে।"
"লক্ষ্য যাৰ স্থিৰ, সি লক্ষ্যস্থানত উপনীত হ'বই।..." কৈছিল বাজিদ বাজিয়ে-- "মই তেওঁৰ (কাইফি আজমীক) তেতিয়াই শ্বায়েৰ হিচাপে পছন্দ কৰিছিলোঁ। আনে বুজাৰ দৰে হয়তো মই শ্বায়েৰী নুবুজোঁ। শ্বায়েৰীৰ আস্বাদ লোৱাৰ পৰিৱেশৰ মাজত আমি লালিত-পালিত হোৱা বাবেই স্বাভাৱিকতেই উত্থাপন হৈছিল ভাল লগা-বেয়া লগাৰ প্ৰশ্নটো। মোৰ উত্তৰ সদায় এটাই আছিল আন কোনো হ'ব নোৱাৰে কাইফি, .... কাইফিৰ শ্বায়েৰীৰ ওপৰত।"
ৱাজিদ বাজিৰ প্ৰিয় শ্বায়েৰ, প্রিয় শ্বায়েৰী, আন বহুতৰো প্রিয় হ'ব ধৰিলে। বহুতেই, আনকি পোনতে অৱজ্ঞা কৰাসকলেও দ্বিধাবোধ নকৰিলে প্রিয় শ্বায়েৰৰ আসনত কাইফি আজমীক বহুৱাবলৈ। আকৌ কন্দুৱাইছিল কাইফিক, এইবাৰ পিছে সাফল্যৰ সংকেত। "মুদ্দ কে বাদ উচনে জো কী লুতফ কী নীগাহ/জী খুছ তো হো গয়া মগৰ আঁছু নিকাল পড়ে।" জকাইচুকৰ শ্বায়েৰে মুম্বাইত খোজ পেলালে। মুম্বাইতো ব'বলৈ ধৰিলে 'কাইফি শ্বায়েৰী'ৰ সুৱাস। বাঃ ইমান সুৱাস। প্ৰদূষিত মুম্বাই মহানগৰীতো এনে 'বিশুদ্ধ' সুবাস পোৱা যায়নে? হয়, প্রদূষিত মুম্বাই। গীত, শ্বায়েৰী, অভিনয়ৰ জখলাডাল ইয়াতেই থাকে। শিল্প-সাহিত্যৰ সৈতে জড়িতসকলৰ 'এন্দুৰ দৌৰ'। 'এন্দুৰ দৌৰ'ত যোগ দিয়াৰ লগে লগেই শিল্পকর্ম হয় প্রদূষিত। কোনোকালেই কিন্তু কাইফি আজমীয়ে 'এন্দুৰ দৌৰ'ত যোগ দিয়া নাছিল। গ্লেমাৰৰ পাছত দৌৰা নাছিল। তেওঁৰ হৃদয়ত সৃষ্টি হোৱাবোৰহে কাপৰ মুখেৰে ওলাইছিল। কাপেৰে কোনোধৰণৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা নাছিল। আগশাৰীৰ গীতিকাৰ-চিত্রনাট্যকাৰ তথা কাইফিৰ জোঁৱাই জাভেদ আখতাৰে লিখিছিল, 'ইয়াত (মুম্বাইত) শ্বায়েৰী, গীত সকলো সৃষ্টিকর্মই পণ্য। পৰিবেশেই আমাক বাধ্য কৰাইছে। পৰিৱেশৰ সৈতে তাল মিলাই আমি দৌৰ আৰম্ভ কৰিছোঁ। আমি কি লিখিম সেয়া ভবাৰ দায়িত্ব যেন আমাৰ হাতৰ পৰা লাহে লাহে ওলাই গৈছে।... এতিয়া মাথোঁ আমি শব্দ 'কম্পোজ'ত ব্যস্ত হৈ পৰিছোঁ। আমাৰ অনুভূতি যেন লাহে লাহে হেৰাই গৈছে।... এনে পৰিৱেশৰ মাজতো কিন্তু তেওঁ (কাইফি আজমীয়ে) নীৰৱে সৃষ্টিকর্ম কৰি গৈছে। ছবিৰ বাবে গীতো লিখিছে। কোনোকালেই কিন্তু আনৰ
চিন্তাৰে লিখা নাই।... "** সেই বাবেই হয়তো তুলনামূলকভাবে গীতৰ সংখ্যা কম আছিল। কিন্তু শ্রোতাৰ হৃদয়ত আলোড়ন সৃষ্টি কৰিছিল প্রতিটো গীতেই। আজিৰ প্ৰজন্মৰ মুখত শুনা যায় কাইফি চাহাবৰ সেই অমৰ সৃষ্টি 'এ দুনীয়া, এ মেহফিল, কই কাম কি নেহি...'। এগৰাকী পৰিচালক, যিজনক আজিৰ তাৰিখত কোৱা হয় 'ছুপাৰ ফিল্মমেকাৰ', তেওঁ কাইফি আজমীৰ ওচৰ চাপিছিল বহুদিনীয়া আশা এটা লৈ। কৈছিল-- কাইফি চাহাব, মোৰ বহুদিনীয়া 'আশা'টো লৈ আহিছোঁ, মোক হতাশ নকৰিব। অন্ততঃ এটা গান হ'লেও মোৰ বাবে লিখক। আপুনিতো শব্দৰ যাদুকৰ। মই বিচৰা গানটো...। পৰিচালকগৰাকীৰ কথা শেষ হ'বলৈ নিদিলে কাইফি চাহাবে স্পষ্টভাৱে কৈছিল, "আপুনি বোধহয় মোৰ গান বিচাৰি অহা নাই। মোৰ নামটো ব্যৱহাৰ কৰিব বিচাৰিছে। মোৰ নামটো পাছে সিমান বিখ্যাত নহয় আৰু আপুনি ভবাৰ দৰে মই শব্দৰ যাদুকৰো নহওঁ। বেয়া নাপাব আপুনি বিচৰা ধৰণে শব্দ কেইটামান কম্পোজ কৰি দিবলৈ মই অসমৰ্থ। আপোনাৰ দৰে পৰিচালকৰ ছবিত 'মোৰ' গান থাকিলে ময়ো আনন্দ অনুভৱ কৰিলোঁহেঁতেন। মোৰেই দুর্ভাগ্য আপুনি সুযোগ দিয়াৰ পিছতো আনন্দ উপভোগ কৰিব নোৱাৰিলোঁ।"*** এই কথোপকথনখিনিৰ উদ্ধৃতি দি বিখ্যাত সংগীতকাৰ খয়্যাম মৰহুমে কৈছিল, "তেওঁক বুজোৱাৰ প্ৰয়োজন নাই। মাথোঁ ওচৰলৈ গৈ ক'লেই হ'ব এনেধৰণৰ ছবি এখন হাতত লৈছোঁ, আপুনি লিখা গীত ব্যৱহাৰ কৰিব খোজোঁ। দেখিব আপুনি বিচৰাধৰণৰ গানেই, আপোনাৰ হাতত তুলি দিছে। আপুনি কোৱা মতে কিন্তু আন দহজন গীতিকাৰৰ দৰে গীত লিখি দিবলৈ তেওঁ সন্মত নহ'ব। তেওঁৰ স্বভাৱ মই ভালদৰেই জানো। এই স্বভাৱৰ বাবেই বহুতেই তেওঁক অহংকাৰী বুলি কয়। মই কওঁ এই অহংকাৰৰ বাবেই তেওঁ আন দহজনতকৈ বেলেগ, শ্রেষ্ঠ। অহংকাৰী নহ'লে আমি কেতিয়াও আজি পোৱাৰ দৰে হৃদয়স্পর্শী গীত-শ্বায়েৰী
নাপালোঁহেঁতেন।"* গীত বা শ্বায়েৰীৰ 'ইমেজ'টো মনৰ পৰ্দাত ধৰা দিয়াৰ পাছত কাইফি চাহাবক
শব্দৰ সৈতে খেলা অৱস্থাত বহুজনেই পাইছে। খেলি থকা অৱস্থাত জাভেদ আখতাৰ, গুলজাৰৰ দৰে কোনোবা এজন যদি ওচৰত আছিল খেলখন বেছ উপভোগ্য হৈ পৰিছিল হেনো! ওচৰত থকা কোনোবাজনক শুনাইছিল, মতামত বিচাৰিছিল, মতামতলৈ অপেক্ষা নকৰি ৰং সলাইছিল। এটা সময়ত তেওঁ সন্তুষ্ট হৈছিল, ওচৰত থকা 'কোনোবাজনক শুনাইছিল, কৈছিল "মতামত দিব নালাগে। এতিয়া এইটো (শায়েৰী বা গীতটো) মোৰ সম্পত্তি। শুনি বেয়া পালে পাহৰি যাবা।"** খয়্যাম মৰহুমে কৈছিল-- "এয়াই তেওঁৰ স্বভাৱ। আনৰ মতামত শুনিব নোখোজে। কাৰণ আত্মসন্তুষ্টিৰ ঊর্ধ্বত, তেওঁৰ বাবে আন একো হ'ব নোৱাৰে। মই সুধিছিলোঁ আপুনি কিয় এনেকুৱা? ধেমালিৰ সুৰেৰে তেওঁ কৈছিল-'কাৰণ মই আনতকৈ বেলেগ।' হয়, কাইফি আজমী আনতকৈ বেলেগ! প্রদূষিত মুম্বাইত নিজেই 'ট্রেক' এটাৰ সৃষ্টি কৰি 'বিশুদ্ধ সুৱাস' বিলাই গৈছে বিশুদ্ধ শ্বায়েৰী, গীতেৰে। তেওঁ মেৰিন ড্রাইভ বা জুহু বীচ্চত শীতল-নিৰ্মল বতাহৰ সন্ধান কৰাৰ দৰে কাব্যপ্রেমীসকলে 'বিশুদ্ধ সুৱাস' বিচাৰি পৃষ্ঠা লুটিয়ায় 'ঝংকাৰ', 'ছমায়া', 'জেহৰ-ই-ইছক'...
[সামনা* মুম্বাই স্বকাল**... মিড ডে***]
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন