সরাসরি প্রধান সামগ্রীতে চলে যান

প্ৰিয়দৰ্শন

[চিত্ৰগৃহত এখন অসমীয়া চিনেমা-- "কেচটো নগেন"। চোৱা নাই। চাম। চিনেমা খনৰ "প্ৰচাৰ চৰ্চা"ত অনুভৱ কাৰৰ সময়ত মনলৈ আহিছে-- প্ৰিয়দৰ্শন। কিয়? চিনেমা খন চোৱাৰ পাছত চৰ্চা কৰিম।]

পৰিচালক গৰাকীৰ নাম-- প্ৰিয়দৰ্শন। চিনেযাত্ৰা আৰম্ভ কৰিছিল ১৯৭৮ চনত। পৰিচালনা কৰা প্ৰথম খন  চিনেমা (মালয়ালম) "পূচককোৰু মুক্কুথি" (Poochakkoru Mookkuthi)। চাৰ্লছ ডিকেন্সৰ নাটক "The Strange Gentleman"ৰ আধাৰত পৰিচালক গৰাকীয়ে চিত্ৰনাট্য-সংলাপ লিখিছিল, কেমেৰা ডিজাইন (চিত্ৰগ্ৰহণ: এছ কুমাৰ) কৰিছিল। চিনেমা খনৰ প্ৰচাৰত ব্যৱহাৰ কৰিছিল-- "সকলো শ্ৰেণীৰ দৰ্শকে চিনে-আনন্দ অনুভৱ কৰিব পৰা screwball comedy" (ৰোমান্টিক কমেডি ঘৰানাৰ)। ১৭ মাৰ্চ ১৯৮৪-ত চিত্ৰগৃহলৈ অহা চিনেমা খন কেৰেলাৰ এটা চিত্ৰগৃহত একেলগে ১০০দিন চলিছিল। চিনেমা আলোচকৰো আশীৰ্বাদ পোৱা এই চিনেমা খন পৰৱৰ্তী সময়ত আন ভাষাৰ লগতে হিন্দী (বলিউড) ভাষাতো নিৰ্মাণ হৈছে "হাংগামা" (২০০৩) নামেৰে। ১০০খনৰো অধিক চিনেমাৰ কাম কৰা প্ৰিয়দৰ্শনৰ এই "কমেডি ধাৰা"ই বলিউড বজাৰত সফলতাৰ নতুন বাট কাটিছিল। এই শৈলীৰেই বলিউড বজাৰত নিজৰ চিনেমাৰ গুৰুত্ব বঢ়াইছিল, জনপ্ৰিয় হৈছিল-- প্ৰিয়দৰ্শন। 
বলিউডলৈ আহি  "মুস্কুৰাহাট" (১৯৯২), "গাৰ্ডিছ" (১৯৯৩), "বিৰাসত" (১৯৯৭), "সাত ৰং কে সপনে" (১৯৯৮), "কভি না কভি" (১৯৯৮), "ডলী সাজা কে ৰাখনা" (১৯৯৮) পৰিচালনা কৰিছিল। পৰিচালনা শৈলী, গল্পৰেখা এটা বৃত্তৰ নহয়, ভিন্ন। সেই সময়লৈকে পৰিচালক গৰাকীৰ "পৰিচয়" আছিল  Indian Malayalam-language epic historical drama film "কালাপানী" (৬ এপ্ৰিল ১৯৯৬)-ৰপৰিচালক। চিনেমা খনেৰে পৰিচালক গৰাকীয়ে চিনেমা আলোচক, চিত্ৰৰসিকৰ পৰা প্ৰশংসা পাইছিল; কিন্তু "জনপ্ৰিয় প্ৰশংসা" নাছিল। "জনপ্ৰিয় প্ৰশংসা" পাইছিল "হেৰা ফেৰী" (২০০০) চিত্ৰগৃহলৈ অহাৰ পাছত। 
"হেৰা ফেৰি"-- চৰিত্ৰ নিৰ্মাণ ৰূপালী গল্পটোৰ প্ৰধান সৌন্দৰ্য। অক্ষয় কুমাৰ, সুনীল শ্বেট্টীৰ দৰে সেই সময়ত "এক্‌চন হিৰো ইমেজ"ত বন্দী নায়কক ৰূপান্তৰ কৰিছে "কমেডি হিৰো"লৈ। পৰিপাটি পৰিচালনা শৈলীৰ বাবে "ইমেজ ৰূপান্তৰ"-এ দৰ্শকক চুইছে। ৰূপালী গল্পটোৰ শ্ৰেষ্ঠ চৰিত্ৰ নিৰ্মাণ (পৰেশ ৰাৱালক লৈ) --বাবুভাই। বাবুৰাও গণপাত্ৰাও আপ্টে। খলনায়ক ইমেজেৰে দৰ্শকৰ ওচৰত থকা অভিনেতা গৰাকীক লৈ "কমডি ইমেজ"ত নিৰ্মাণ কৰা বাবুভাই প্ৰিয়দৰ্শনৰ চিনে-চিন্তা আৰু পৰিচালনা শক্তিৰ এটা উদাহৰণ। কেৱল হহুৱাবৰ বাবে কাহিনী ৰেখাক গতি দিয়া নাছিল। কাহিনী ৰেখাৰ গতিত পৰিপাটিকৈ ভাৰতৰ নিম্ন মধ্যবিত্ত পৰিয়ালৰ অৰ্থনৈতিক সমস্যাৰৰ হেচাৰ ছবি এখন পৰ্দালৈ আনিছিল। চৰিত্ৰ নিৰ্মাণ আৰু কাহিনী ৰেখাৰ এই "সফল দিশ"টোৰ বাবে cult classic-ৰ তালিকাভুক্ত এই চিনেমা খনক সৰ্বকালৰ শ্ৰেষ্ঠ ভাৰতীয় কমেডি চিনেমা কেইখনৰ এখন বুলি কোৱা হয়। প্ৰায় ৮ কোটি টকা বাজেটৰ চিনেমা খনে উপাৰ্জন কৰিছিল প্ৰথম পৰ্যায়ত প্ৰায় ১২ কোটি টকা। এই খিনিতে অৱশ্যেইই উল্লেখ কৰাৰ প্ৰয়োজন আছে-- ১৯৭১ চনৰ আমেৰিকান টিভি  চিনেমা "ছি দ্য মেন ৰাণ"ৰে  অনুপ্ৰাণিত মালয়ালম চিনেমা "ৰামজী ৰাও স্পিকিঙ" (১৯৮৯) "হেৰাফেৰি"ৰ শিপা। পৰৱৰ্তী সময়ত এই চিনেমা খন তেলেগু ভাষাত পুনৰ নিৰ্মাণ কৰে শিৱ নাগেশ্বৰ ৰাৱে, "ধনলক্ষ্মী, আই লাভ ইউ " (২০০২) নামেৰে।
"হেৰাফেৰি"ৰ পাছত প্ৰায় একে শৈলী ব্যৱহাৰ কৰি প্ৰিয়দৰ্শনে পৰিচালনা কৰে-- "য়েহ তেৰা ঘৰ য়েহ মেৰা ঘৰ" (২০০১), "হাংগামা" (২০০৩), "হুলচুল" (২০০৪),"গৰাম মছলা" (২০০৫), "ভাগম ভাগ" (২০০৬), "মালামাল সাপ্তাহিক" (২০০৬), "চুপ চুপ কে" (২০০৬), "ঢোল" (২০০৭), "ভূল ভুলাইয়া" (২০০৭), "মেৰে বাপ পেহলে আপ" (২০০৮), "বিলু" (২০০৯), "ডা ডানা ডেন" (২০০৯), "খট্টা মীথা" (২০১০), "কমল ধমাল মালামাল" (২০১২), "হাংগামা ২" (২০২১)।ইয়াৰ মাজতে পৰিচালনা কৰে কমেডি বৃত্তৰ বাহিৰৰ, ভিন্ন শৈলীৰ "কিঊ কি" (২০০৫), "বাম বাম বলে" (২০১০), "আক্ৰোশ" (২০১০), "টেজ্জ" (২০১২) আৰু "ৰেংগ্ৰেজ" (২০১৩) চিনেমা কেইখন।

()

পৰিচালক প্ৰিয়দৰ্শনৰ সৈতে আমাৰ পৰিচয় "মুস্কুৰাহাট"ৰে। পৰিচালক গৰাকীৰ নিজা মালয়ালম চিনেমা "কিলুক্কাম"ৰ পুনৰ্নিৰ্মাণ। "comedy-drama" কিন্তু পৰিচালনা শৈলীত বজাৰ-চিন্তা আছিল বুলিব নোৱাৰি। গোপিচণ্ড ভাৰ্মা ৰূপালী গল্পটোৰ মূল বিন্দু। পৰিয়ালৰ পৰা বহুদিন বিচ্ছিন্ন হৈ থকা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ। চৰিত্ৰটো নিৰ্মাণ কৰিছিল অমৃশ পুৰীক লৈ। অমৃশ পুৰী পুৰিকলৈ আন এটা চৰিত্ৰ নিৰ্মাণ কৰিছিল "বিৰাসত"ত। তামিল চিনেমা "থেভাৰ মগান" (Thevar Magan) এই চিনেমা খনৰ শিপা। প্ৰিয়দৰ্শনৰে পৰিচালনা। কাহিনী  কমল হাছানৰ। চিনেমা খনৰ সৌন্দৰ্য চৰিত্ৰ নিৰ্মাণৰ লগতে আৱেগ নিৰ্মাণ আৰু সংগীত। ৪৩ সংখ্যক ফিল্মফেয়াৰ বঁটাত এই চিনেমা খন জিলিকিছিল। এই চিনেমা খনেৰে "দক্ষিণ ভাৰতৰ চিনেমা"ই বলিউড বজাৰ দখলৰ নতুন বাট কাটিছিল। আৰু বাট বহল কৰিছিল "হেৰাফেৰি"য়ে।

বলিউড বজাৰত প্ৰিয়দৰ্শনৰ উত্থানৰ পাছতে "বলিউডী চিনেমা" বজাৰ সমস্যা বঢ়াইছিল। আৰু আজি! আজি দক্ষিণ ভাৰতীয় চিনে-চিন্তাৰ দখলত বলিউড বজাৰ। বলিউডৰ পৰা নিৰ্মাণ হোৱা প্ৰিয় ভাগ সফল চিনেমাৰে চিনে-চিন্তা "দক্ষিণ ভাৰতৰ চিনেমা"ৰ। বলিউডতে শেষ নহয়, অসমীয়া চিনেমাকো গ্ৰাস কৰিছে দক্ষিণ ভাৰতীয় চিনে-চিন্তাই। 

(৩)

"মোৰ চিনেমাক সংলাপৰ ভাষাই নিয়ন্ত্ৰণ নকৰে। মোৰ চিন্তা কাহিনী কেন্দ্ৰিক, বিষয়-বস্তু কেন্দ্ৰিক। মই মোৰ চিন্তৰ আঁতৰলৈ আহি চিনেমাৰ কাম কৰিব নোৱাৰো। বহুতে কৈছে 'সাত ৰং কে সপনে'ৰ বাণিজ্যিক বিফলতাৰ কাৰণ-- নিৰ্মাণশৈলী বলিউডৰ চিনেমাৰ দৰে নহয়, দক্ষিণ ভাৰতীয় চিনেমাৰ দৰে! কিন্তু মোৰ 'বিৰাসত' সফল হোৱা নাই জানো! এই কথা মোৰ মনে নামানে-- বজাৰ দখলৰ সৈতে শৈলীৰ সম্পৰ্ক আছে। আপোনাৰোকে অপেক্ষা কৰক-- দেখিব, দক্ষিণ ভাৰতীয় চিনেমাৰ শৈলীৰ চিনেমা বলিউডৰ চিনেমাত অভ্যস্ত দৰ্শকেও গ্ৰহণ কৰিব।" --প্ৰিয়দৰ্শনে কৈছিল। ১৮জুন ১৯৯৭-ত, মুম্বাইত, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত। (উৎস: কিংষ্টাৰ/ ভাল লগা অনুভৱ-- সেই সংবাদমেলত আমিয়ো উপস্থিত আছিলোঁ। সংবাদমেৰ কথা "বিস্ময়"ত চৰ্চা কৰিছিলোঁ। সেইদিনা অনুভৱ কৰিছিলোঁ-- প্ৰিয়দৰ্শন নিজকে এৰি নিদিয়া পৰিচালক। নিজৰ চিনে-চিন্তাক, বাণিজ্যিক সফলতাৰ স্বাৰ্থত এৰি নিদিয়া পৰিচালক। --এই যে বলিউড বজাৰতো "দক্ষিণ ভাৰতীয় পৰিচালকৰ শৈলী" বা নিজৰ চিনে-চিন্তাৰে চিনেমা পৰিচালনা কৰি গ'ল, সেয়াই সফলতাৰ মন্ত্ৰ।)

--প্ৰিয়দৰ্শনে যি কৈছিল, পৰৱৰ্তী সময়ত সেয়াই হ'ল। বলিউডৰ পৰিচালকে বজাৰ দখলৰ বাবে দক্ষিণ ভাৰতীয় চিনে-চিন্তাক গুৰুত্ব দিবলৈ বাধ্য হ'ল। লাহে লাহে নিস্প্ৰভ হ'ল-- "বলিউড শৈলী"। একাংশ পৰিচালকক দক্ষিন ভাৰতৰ চিনেমাৰ কাহিনীত বলিউডি ফৰ্মূলা প্ৰয়োগ কৰা দেখা গ'ল। বজাৰত সফলতাৰ বাট কিন্তু নাপালে। 

এটি উদাহৰণ: ত্রিবিক্রম শ্রীনিবাসৰ পৰিচালনাৰে নিৰ্মিত এখন তেলুগু ভাষাৰ চিনেমা "আলা বৈকুণ্ঠপুৰমুলু" (Ala Vaikunthapurramuloo)। চিনেমা খন আমি কেইবাৰো চাইছোঁ। আমনি নলগা। ১০০ কোটি টকা বাজেটৰ চিনেমা খনৰ প্ৰথম পৰ্যায়ত  আয় প্ৰায় ৩০০ কোটি টকা। এই চিনেমা খনৰে ৰোহিত ধৱনে কৰা হিন্দি ৰি-মেক "শ্বেহজাদা"।  বলিউডী শৈলীত কাহিনীক গতি দিয়া চিনেমা খনৰ আয়  ৪৭.৪৩ কোটি টকা (বাজেট: ৬৫ কোটি)। এনেধৰণৰ উদাহৰণ ঢেৰ আছে। 

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...