সরাসরি প্রধান সামগ্রীতে চলে যান

অগ্নিস্নান/ চিনেচৰ্চা

[১৯৮৯ চনৰ #চৰ্চা । #ইস্তাহাৰ নামৰ সাপ্তাহিক কাকত এখনত প্ৰকাশ পাইছিল। সম্পাদনা কৰি ছপাইছিল। আধাৰো বেছি অংশ বাদ দিছিল।]


সাহিত্যৰ চিনেমা "অগ্নিস্নান"। পৰিচালক-চিত্ৰনাট্যকাৰ ভবেন্দ্রনাথ শইকীয়াৰ এই চিনমা খনৰো শিপা নিজৰে উপন্যাস "অন্তুৰীপ"ৰ একাংশ। এই চিনেমা খনৰো সৌন্দৰ্য-- পৰিপাটি, চুই যোৱা (সংলাপ) সাহিত্যৰ ভাষা প্ৰয়োগ। কেমেৰাৰ গতি, কেমেৰাৰ ভাষা প্ৰয়োগ সাহিত্যৰ ভাষা কেন্দ্ৰিক। কেমেৰাৰ ভাষাৰ স্বতন্ত্ৰ প্ৰয়োগ চিত্ৰৰসিকক চুব পৰাকৈ চিনেমা খনত আছে বুলিব নোৱাৰি। প্ৰথম দুখন পৰিচালনাতকৈ (সন্ধ্যাৰাগ,অনিৰ্বাণ) এই তৃতীয় পৰিচালনাত অধিক পৈনত, সু-পৰিকল্পিত "চিনেমা পৰিচালক, সংলাপ লেখক ভবেন্দ্ৰ নাথ শইকীয়া"ক চিত্ৰৰসিকে অনুভৱ কৰাৰ বাট পাইছিল। কিন্তু "সচেতন পৰিচালক" হিচাপে গুৰুত্ব থকা বাবে চিনেমাখন চিত্রগৃহলৈ অহাৰ পাছত শইকীয়াৰ "সামাজিক দায়বদ্ধতা"ৰ প্রসংগত প্রশ্নও উত্থাপন হৈছিল। বিতৰ্কলৈ আহিছিল মূলতঃ এই কেইটা সংলাপ, ছিকুৱেন্স-- 

মহীকান্ত: তই মোৰ কথামতে মোৰ কোঠালিলৈ আহিবি নে নাই?

মেনকা: নাযাওঁ।

মহীকান্ত: কিয় নাহিবি? তই মোৰ ঘৈণী হয় নে নহয়? তোক মই খানা-পিনা দিছোঁ নে নাই? মাছ, মাংস, ঘিউ, জহা চাউল দিছোঁ নে নাই?

মেনকা: সেইবোৰ মই ঠিকমতে সিজাই দি আছোঁ। বহি বহি খোৱা নাই নহয়। কাম কৰিছোঁ, খাইছোঁ।

মহীকান্ত: কাম কৰিলেই হ'ল নেকি? তই বান্দী নেকি? বান্দীৰ নিচিনাকৈ কাম কৰিলেই ৱাইফ হয় নেকি?

মেনকা: আৰু কি কৰিব লাগে? ৰাতি শুব লাগে?

মহীকান্ত: আলবৎ।

মেনকা: লগত শুবলৈ মানুহ আছে নহয়।

মহীকান্ত: সেইবোৰ কথাৰ তোৰ দৰকাৰ নাই। মই তোক এৰি দিছোঁ নেকি? নাই দিয়া। মই কেতিয়া কাৰ লগত শুম, সেইটো মই ঠিক কৰিম। মোৰ খুচি। এইফালে আহ...!


মহীকান্ত-কিৰণৰ শৃংগাৰৰ শব্দই মেনকাক স্পৰ্শ কৰা আদি প্রতীকৰ সহায়ত বুজোৱাৰ বিপৰীতে ওপৰত উল্লেখ কৰা ধৰণৰ 'বোল্ড' সংলাপ চিনেমাখনত কিয় ব্যৱহাৰ কৰা হ'ল, সেয়াই আছিল মূলতঃ বিতৰ্কৰ বিষয়। পৰ্যালোচনা কৰি চালে কিন্তু এটা দিশ স্পষ্ট হৈ পৰে চিনেমাখনৰ বিষয়বস্তুৱেই 'বোল্ড'। সংলাপসমূহ ছিকুৱেন্স নিৰ্মাণৰ স্বাৰ্থত কৰা স্বাভাৱিক ব্যৱহাৰ। গতিকে এনে বিষয়বস্তু কিয় নির্বাচন কৰে, সেয়া বিতৰ্কৰ বিষয় হ'ব পাৰে; কিন্তু 'বোল্ড' সংলাপ ব্যৱহাৰ বিতৰ্কৰ বিষয় হ'ব নোৱাৰে। কাৰণ সংলাপ ব্যৱহাৰ পৰিৱেশ সাপেক্ষ, স্বাভাৱিক।

--চিনেমা খনৰ ৰূপালী সৌন্দৰ্য "চৰিত্ৰ" নিৰ্মাণ। বিজু ফুকনকলৈ নিৰ্মাণ কৰিছে কাহিনীৰ এটা বিন্দু মহীকান্ত নামৰ চৰিত্ৰটো। ন-ধনী, অর্ধ-চহৰীয়া, ধনগৰ্বী, মতগৰ্বী মহীকান্তৰ মাজত হেৰাই থাকিল "জনপ্ৰিয় হিৰো বিজু ফুকন" ইমেজ। এই হেৰাই থাকিল বুলিছো, এয়াই সফলতা। বিজু ফুকনৰ অভিনয় শক্তি প্ৰয়োগৰ সফলতা।

মেনকা চৰিত্ৰটো নিৰ্মাণ কৰিছে মলয়া গোস্বামীকলৈ। অভিনেত্ৰী গৰাকীৰ প্ৰথম খন চিনেমা। চিনেমা খনৰ আন এক সৌন্দৰ্য। চৰিত্ৰটোৰ মুখত দিয়া সংলাপ আছিল সু-পৰিকল্পিত, 'বিতর্কিত'। মহীকান্তৰ পত্নী মেনকা। মহীকান্তই দ্বিতীয় বিবাহ কৰায়। মেনকা থাকোঁতে যদি মহীকান্তই দ্বিতীয় পত্নী কিৰণৰ সৈতে একেখন বিছনাত শোৱে, মেনকাই মহীকান্ত-কিৰণৰ শৃংগাৰৰ শব্দ 'সহ্য' কৰিব লগা হয়-- তেনেহ'লে? "ৰাম থাকিলেহে সীতা থাকিব..." মেনকাৰ যুক্তি। তাই প্রতিবাদৰ ভাষা বিচাৰি লয়। চিনেমাখনৰ এটা চৰিত্ৰ-- মদন চোৰ (চৰিত্ৰটো নিৰ্মাণ কৰিছে অৰুণ নাথকলৈ। মদনক তাইৰ সৈতে দৈহিক সম্পর্ক কৰিবলৈ বাধ্য কৰিলে। তাইৰ এটা সন্তানৰ পিতৃ-- মদন। মেনকাৰ সৈতে মদনৰ দৈহিক সম্পৰ্কৰ সৈতে মেনকাৰ কামনা-বাসনাৰ সম্পৰ্ক নাছিল। সেয়া আছিল 'ব্যৱস্থা', মহীকান্তক এসেকা দিয়াৰ 'ব্যৱস্থা' (মহীকান্তৰ এটা সন্তানৰ মাতৃ মেনকা নহয়, কিৰণ। ইয়াৰ প্ৰতিবাদ)। মদনে 'সহায়' কৰিছিল। চৰিত্ৰটো সহজ-সৰল নাছিল। জটিল, অতি জটিল আছিল। হয়তো মলয়া গোস্বামীৰ বাবে, 'চিনেমা কেৰিয়াৰ'ৰ প্ৰথমখন চিনেমাতে এনে জটিল চৰিত্ৰত অভিনয় কৰাটো সহজ নহয়, নাছিল। এই যে 'সহজ কাম' নাছিল সেয়া স্পষ্ট হৈছিল 'মুখৰ অভিব্যক্তি'ত। দক্ষতাৰে ভিন্ন, পৰিৱৰ্তিত অভিব্যক্তি স্পষ্টভারে ফুটাই তোলাত ব্যর্থ হৈছিল। কিন্তু চৰিত্ৰটো নিৰ্মাণত পৰিচালকক সহায় নকৰা বুলি ক'ব নোৱাৰি। 'চৰিত্ৰ'টোক বিশেষ পর্যায়লৈ নিব পাৰিছিল।

--সাহিত্যৰ ভাষা গুৰুত্ব দিয়া চিনেমা খনৰ গতিসূত্ৰ, ভূগোল-ইতিহাস, কেমেৰা ডিজাইন, কেমেৰাৰ ভাষা প্ৰয়োগ চিত্ৰৰসিকৰ মন চুই যোৱা নহয়।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...