[১৯৮৯ চনৰ #চৰ্চা । #ইস্তাহাৰ নামৰ সাপ্তাহিক কাকত এখনত প্ৰকাশ পাইছিল। সম্পাদনা কৰি ছপাইছিল। আধাৰো বেছি অংশ বাদ দিছিল।]
সাহিত্যৰ চিনেমা "অগ্নিস্নান"। পৰিচালক-চিত্ৰনাট্যকাৰ ভবেন্দ্রনাথ শইকীয়াৰ এই চিনমা খনৰো শিপা নিজৰে উপন্যাস "অন্তুৰীপ"ৰ একাংশ। এই চিনেমা খনৰো সৌন্দৰ্য-- পৰিপাটি, চুই যোৱা (সংলাপ) সাহিত্যৰ ভাষা প্ৰয়োগ। কেমেৰাৰ গতি, কেমেৰাৰ ভাষা প্ৰয়োগ সাহিত্যৰ ভাষা কেন্দ্ৰিক। কেমেৰাৰ ভাষাৰ স্বতন্ত্ৰ প্ৰয়োগ চিত্ৰৰসিকক চুব পৰাকৈ চিনেমা খনত আছে বুলিব নোৱাৰি। প্ৰথম দুখন পৰিচালনাতকৈ (সন্ধ্যাৰাগ,অনিৰ্বাণ) এই তৃতীয় পৰিচালনাত অধিক পৈনত, সু-পৰিকল্পিত "চিনেমা পৰিচালক, সংলাপ লেখক ভবেন্দ্ৰ নাথ শইকীয়া"ক চিত্ৰৰসিকে অনুভৱ কৰাৰ বাট পাইছিল। কিন্তু "সচেতন পৰিচালক" হিচাপে গুৰুত্ব থকা বাবে চিনেমাখন চিত্রগৃহলৈ অহাৰ পাছত শইকীয়াৰ "সামাজিক দায়বদ্ধতা"ৰ প্রসংগত প্রশ্নও উত্থাপন হৈছিল। বিতৰ্কলৈ আহিছিল মূলতঃ এই কেইটা সংলাপ, ছিকুৱেন্স--
মহীকান্ত: তই মোৰ কথামতে মোৰ কোঠালিলৈ আহিবি নে নাই?
মেনকা: নাযাওঁ।
মহীকান্ত: কিয় নাহিবি? তই মোৰ ঘৈণী হয় নে নহয়? তোক মই খানা-পিনা দিছোঁ নে নাই? মাছ, মাংস, ঘিউ, জহা চাউল দিছোঁ নে নাই?
মেনকা: সেইবোৰ মই ঠিকমতে সিজাই দি আছোঁ। বহি বহি খোৱা নাই নহয়। কাম কৰিছোঁ, খাইছোঁ।
মহীকান্ত: কাম কৰিলেই হ'ল নেকি? তই বান্দী নেকি? বান্দীৰ নিচিনাকৈ কাম কৰিলেই ৱাইফ হয় নেকি?
মেনকা: আৰু কি কৰিব লাগে? ৰাতি শুব লাগে?
মহীকান্ত: আলবৎ।
মেনকা: লগত শুবলৈ মানুহ আছে নহয়।
মহীকান্ত: সেইবোৰ কথাৰ তোৰ দৰকাৰ নাই। মই তোক এৰি দিছোঁ নেকি? নাই দিয়া। মই কেতিয়া কাৰ লগত শুম, সেইটো মই ঠিক কৰিম। মোৰ খুচি। এইফালে আহ...!
মহীকান্ত-কিৰণৰ শৃংগাৰৰ শব্দই মেনকাক স্পৰ্শ কৰা আদি প্রতীকৰ সহায়ত বুজোৱাৰ বিপৰীতে ওপৰত উল্লেখ কৰা ধৰণৰ 'বোল্ড' সংলাপ চিনেমাখনত কিয় ব্যৱহাৰ কৰা হ'ল, সেয়াই আছিল মূলতঃ বিতৰ্কৰ বিষয়। পৰ্যালোচনা কৰি চালে কিন্তু এটা দিশ স্পষ্ট হৈ পৰে চিনেমাখনৰ বিষয়বস্তুৱেই 'বোল্ড'। সংলাপসমূহ ছিকুৱেন্স নিৰ্মাণৰ স্বাৰ্থত কৰা স্বাভাৱিক ব্যৱহাৰ। গতিকে এনে বিষয়বস্তু কিয় নির্বাচন কৰে, সেয়া বিতৰ্কৰ বিষয় হ'ব পাৰে; কিন্তু 'বোল্ড' সংলাপ ব্যৱহাৰ বিতৰ্কৰ বিষয় হ'ব নোৱাৰে। কাৰণ সংলাপ ব্যৱহাৰ পৰিৱেশ সাপেক্ষ, স্বাভাৱিক।
--চিনেমা খনৰ ৰূপালী সৌন্দৰ্য "চৰিত্ৰ" নিৰ্মাণ। বিজু ফুকনকলৈ নিৰ্মাণ কৰিছে কাহিনীৰ এটা বিন্দু মহীকান্ত নামৰ চৰিত্ৰটো। ন-ধনী, অর্ধ-চহৰীয়া, ধনগৰ্বী, মতগৰ্বী মহীকান্তৰ মাজত হেৰাই থাকিল "জনপ্ৰিয় হিৰো বিজু ফুকন" ইমেজ। এই হেৰাই থাকিল বুলিছো, এয়াই সফলতা। বিজু ফুকনৰ অভিনয় শক্তি প্ৰয়োগৰ সফলতা।
মেনকা চৰিত্ৰটো নিৰ্মাণ কৰিছে মলয়া গোস্বামীকলৈ। অভিনেত্ৰী গৰাকীৰ প্ৰথম খন চিনেমা। চিনেমা খনৰ আন এক সৌন্দৰ্য। চৰিত্ৰটোৰ মুখত দিয়া সংলাপ আছিল সু-পৰিকল্পিত, 'বিতর্কিত'। মহীকান্তৰ পত্নী মেনকা। মহীকান্তই দ্বিতীয় বিবাহ কৰায়। মেনকা থাকোঁতে যদি মহীকান্তই দ্বিতীয় পত্নী কিৰণৰ সৈতে একেখন বিছনাত শোৱে, মেনকাই মহীকান্ত-কিৰণৰ শৃংগাৰৰ শব্দ 'সহ্য' কৰিব লগা হয়-- তেনেহ'লে? "ৰাম থাকিলেহে সীতা থাকিব..." মেনকাৰ যুক্তি। তাই প্রতিবাদৰ ভাষা বিচাৰি লয়। চিনেমাখনৰ এটা চৰিত্ৰ-- মদন চোৰ (চৰিত্ৰটো নিৰ্মাণ কৰিছে অৰুণ নাথকলৈ। মদনক তাইৰ সৈতে দৈহিক সম্পর্ক কৰিবলৈ বাধ্য কৰিলে। তাইৰ এটা সন্তানৰ পিতৃ-- মদন। মেনকাৰ সৈতে মদনৰ দৈহিক সম্পৰ্কৰ সৈতে মেনকাৰ কামনা-বাসনাৰ সম্পৰ্ক নাছিল। সেয়া আছিল 'ব্যৱস্থা', মহীকান্তক এসেকা দিয়াৰ 'ব্যৱস্থা' (মহীকান্তৰ এটা সন্তানৰ মাতৃ মেনকা নহয়, কিৰণ। ইয়াৰ প্ৰতিবাদ)। মদনে 'সহায়' কৰিছিল। চৰিত্ৰটো সহজ-সৰল নাছিল। জটিল, অতি জটিল আছিল। হয়তো মলয়া গোস্বামীৰ বাবে, 'চিনেমা কেৰিয়াৰ'ৰ প্ৰথমখন চিনেমাতে এনে জটিল চৰিত্ৰত অভিনয় কৰাটো সহজ নহয়, নাছিল। এই যে 'সহজ কাম' নাছিল সেয়া স্পষ্ট হৈছিল 'মুখৰ অভিব্যক্তি'ত। দক্ষতাৰে ভিন্ন, পৰিৱৰ্তিত অভিব্যক্তি স্পষ্টভারে ফুটাই তোলাত ব্যর্থ হৈছিল। কিন্তু চৰিত্ৰটো নিৰ্মাণত পৰিচালকক সহায় নকৰা বুলি ক'ব নোৱাৰি। 'চৰিত্ৰ'টোক বিশেষ পর্যায়লৈ নিব পাৰিছিল।
--সাহিত্যৰ ভাষা গুৰুত্ব দিয়া চিনেমা খনৰ গতিসূত্ৰ, ভূগোল-ইতিহাস, কেমেৰা ডিজাইন, কেমেৰাৰ ভাষা প্ৰয়োগ চিত্ৰৰসিকৰ মন চুই যোৱা নহয়।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন