সরাসরি প্রধান সামগ্রীতে চলে যান

প্ৰসংগক্ৰমে "ভাইমন দা"/চিনেচৰ্চা

"গান্ধী" --ৰিচাৰ্ড এটেনব'ৰ'ৰ পৰিচালনা। চিনেমা খনৰ লেখক: জন ব্ৰাইলি। মূল চৰিত্ৰটো নিৰ্মাণ কৰিছিল বেন কিংছলিকলৈ। ১৯৮২-ত চিত্ৰগৃহলৈ অহা এই biographical চিনেমা খনে চিত্ৰৰসিকক সন্তুষ্ট কৰিছিল, বাণিজ্যিক দিশতো সফল হৈছিল। (বাজেট: ২২ মিলিয়ন ডলাৰ, আয়: ১২৭.৮ মিলিয়ন ডলাৰ)

"এম এছ ধোনী: দ্য আনটল্ড ষ্ট'ৰী"। ৩০ ছেপ্টেম্বৰ ২০১৬-চিত্ৰগৃহলৈ অহা এই biographical sports drama চিনেমা খনৰ পৰিচালক নীৰজ পাণ্ডে। মূল চৰিত্ৰটো নিৰ্মাণ কৰিছিল সুশান্ত সিং ৰাজপুতকলৈ।--এই চিনেমা খনো দৰ্শকে পছন্দ কৰিছিল, বাণিজ্যিক দিশতো সফল হৈছিল। (চিনেমা খনৰ বাজেট: ১০৫ কোটি টকা, আয়: ২২০ কোটি টকা)

আন এখন biographical sports drama চিনেমা "83"। কবীৰ খানৰ পৰিচালনা। ১৫ ডিচেম্বৰ ২০২১-ত চিত্ৰগৃহলৈ অহা এই চিনেমা খনৰ কাহিনী ৰেখা ১৯৮৩ চনৰ ক্ৰিকেট বিশ্বকাপ জয়, কপিল দেৱৰ নেতৃত্বত ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ। কপিল দেৱৰ চৰিত্ৰটো নিৰ্মাণ কৰিছিল ৰণবীৰ সিং-কলৈ। --এই চিনেমা খন দৰ্শকে পছন্দ কৰাৰ বিপৰীতে বাণিজ্যিক দিশত সফল হোৱা নাছিল। (চিনেমা খনৰ বাজেট: প্ৰায় ২৭০ কোটি টকা,আয়: প্ৰায় ১৯৩.৭৩ কোটি টকা)

biopic চিনেমা এখনৰ সফৰতাৰ প্ৰথম সূত্ৰ "চৰিত্ৰ নিৰ্মাণ"। "চৰিত্ৰ"ৰ মাজত দৰ্শকক বাস্তৱৰ "নিৰ্দিষ্ট চৰিত্ৰ"টো অনুভৱ কৰাব লাগিব। ওপৰত উল্লেখ কৰা চিনেমা তিনিখনত ক্ৰমে মহাত্মা গান্ধী, মহেন্দ্ৰ সিং ধোনি, কপিল দেৱক দৰ্শকে অনুভৱ কৰিছিল। লগতে আনুভৱ কৰিছিল কাহিনীৰ গতিত পৰ্দালৈ অহা প্ৰতিটো চৰিত্ৰ। তেনদৰে আমি "ভাগ মিলখা ভাগ" (পৰিচালক: ৰাকেশ ওমপ্রকাশ মেহৰা/ চিত্ৰগৃহলৈ আহিছিল ১২ জুলাই ২০১৩-ত। বাজেট: ৩০ কোটি টকা, আয়: ১৬৪ কোটি টকা।), "গোল্ড: দ্য ড্ৰিম ডেট ইউনাইটেড আৱাৰ নেচন" (পৰিচালক: ৰীমা কাগতি/ চিত্ৰগৃহলৈ আহিছিল ১৫ আগষ্ট ২০১৮-ত। বাজেট: প্ৰায় ৬০ কোটি টকা, আয়: প্ৰায় ১৬০ কোটি টকা), "গুৰু" (পৰিচালক: মণি ৰত্নম/ চিত্ৰগৃহলৈ আহিছিল ১২ জানুৱাৰী ২০০৭-ত। বাজেট: ২২ কোটি টকা, আয়: প্ৰায় ৮৫ কোটি টকা।) আদিৰ সফলতাৰ ব্যাখ্যা এনেদৰে কৰিব পাৰোঁ।

biopic চিনেমাৰ দ্বিতীয়টো সফলতাৰ মন্ত্ৰ-- পৰিৱেশ নিৰ্মাণ, শুদ্ধ তথ্য প্ৰয়োগৰ লগতে কেমেৰা-সাহিত্যৰ ভাষাৰ পৰিপাটি প্ৰয়োগ (cinematic treatment)। স্বাভাবিকতে আমি (দৰ্শকে) পৰিপাটি কাহিনীৰ গতিত ৰূপালী গল্পটোত "নিৰ্দিষ্ট ব্যক্তি" গৰাকীক, সেই "সময়" অনুভৱ কৰিবলৈ চেষ্টা কৰিম। অনুভৱত বাধা পালে স্বাভাৱিকতে ক'ম (দৰ্শকে ক'ব)-- চিনেমা খন ভাল নালাগিল।

আহিছোঁ অসমীয়া biopic "ভাইমন দা"লৈ। চিনেমা খনৰ লেখক-পৰিচালক: শশাংক সমীৰ। চিনেমা খনৰ বিষয়-বস্তু মুনিন বৰুৱাৰ চিনেকৰ্ম (নাট্যকাৰ-নাট পৰিচালক মুনিন বৰুৱাক ৰূপালী গল্পটোত গুৰুত্ব দিয়া নাই), কাহিনী-ৰেখা মুনিন বৰুৱা কেন্দ্ৰিক। ৰূপালী গল্পটোৰ মূল বিন্দু স্বাভাৱিকতে মুনীন্দ্রনাথ বৰুৱা, মুনিন বৰুৱা বা ভাইমনদা। "কৈশোৰ ভাইমন"ৰ পৰা "ৰামধেনু"ৰ সফলতালৈ কাহিনী ৰেখা। "চৰিত্ৰ"টোৰ নিৰ্মাণ পৰ্ব, আয়োজনৰ বাবে পৰিচালক (আৰু অভিনেতা নিৰ্বাচক) প্ৰশংসাৰ পাত্ৰ। তেনেদৰে মূল বিন্দুৰ গতিত কাহিনীলৈ অহা "চৰিত্ৰ" নিৰ্মাণৰ আয়োজনো ইতিবাচক। (এনে আয়োজন সহজ নহয়।)

--প্ৰথমে মুনিন বৰুৱা নহয়, আন চাৰিটা চৰিত্ৰৰ কথাহে উল্লেখ কৰিম। শিৱ প্ৰসাদ ঠাকুৰ (সমূদ্ৰগুপ্ত দত্তকলৈ নিৰ্মাণ কৰিছে), পবিত্ৰ কুমাৰ ডেকা (অসীম কৃষ্ণ বৰুৱাকলৈ নিৰ্মাণ কৰিছে), জুবিন গাৰ্গ (পাৰ্থ প্ৰতীম হাজৰিকাকলৈ নিৰ্মাণ কৰিছে), মানস বৰুৱা (গীতাৰ্থ শৰ্মাকলৈ নিৰ্মাণ কৰিছে)। এই চৰিত্ৰ চাৰিটাৰ স্তৰ নাপালে বনদীপ শৰ্মাকলৈ নিৰ্মাণ কৰা মূল "চৰিত্ৰ"টো। "চৰিত্ৰ"টোৰ মাজত আমি ওচৰৰ পৰা পোৱা ভাইমনদাকক (মুনিন বৰুৱাক) অনুভৱ কৰাত দিগদাৰ পাইছোঁ। চিনেমা, কেৱল (দেশ-বিদেশৰ) চিনেমাৰ আড্ডা দি ভাল, মানুহৰ মাজত থাকি ভালপোৱা ভাইমনদাক নাপালোঁ। আমি অনুভৱ কৰা "কোমল মন"ৰ ভাইমনদাক সংলাপ প্ৰক্ষেপণ, চেহেৰাৰ ভাষাত ("চৰিত্ৰ"টোৰ মাজত) অনুভৱ নকৰিলোঁ। নিৰ্মাণ কৰা "চৰিত্ৰ"টো আৰু আমি ওচৰৰ পৰা পোৱা ভাইমনদাৰ মাজত দূৰত্ব অনুভৱৰ বাট নাথাকিলে মুকলি মনেৰে চিনে-সুখ অনুভৱ কৰিলো হেঁতেন! (এই কথা ঠিক-- এই ত্ৰুটিয়ে "ৰূপালী গল্প"টোৰ  ক্ষতি কৰা নাই!) 

অতীত-চাৰণৰ অপৰিপাটি প্ৰয়োগৰ পাছতো ক'ব পাৰি-- কাহিনীয়ে দৰ্শকক চুইছে। সাহিত্যৰ ভাষা (‘লাফাংগা’, ‘মাল’টো খুৱাব...ৰ দৰে কেইটামান সংলাপক বাদ দি। চিনেমা খনৰ "ইতিহাসে" মনত ৰাখি এনে সংলাপ প্ৰয়োগৰ প্ৰয়োজন নাছিল। প্ৰয়োজন নাছিল-- মদ খোৱাৰ প্ৰয়োজনতকৈ বেছি ছিকুৱেন্সৰ।)-কেমেৰাৰ ভাষা প্ৰয়োগ ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ হৈ গতি নিৰ্মাণত সহায় কৰিছে। 

কিশোৰ ভাইমনক মৌজাদাৰ দেউতাকে (চৰিত্ৰটোত কৰা গুণাকৰ দেৱগোস্বামীৰ অভিনয়ে মন চুই থাকিল। দেহ-চেহেৰাৰ ভাষা, সংলাপ প্ৰক্ষেপণত "অভিনয় ক্ষমতা" স্পষ্ট।) গোলাঘাটৰ পৰা দিল্লীৰ ৰামযশ কলেজলৈ পঠিওৱা, ফৰকাটিঙৰ পৰা দিল্লীমুখী ৰে’লত উঠিবলৈ লোৱা সুপৰিকল্পিত  ছিকুৱেন্সটো, "মঞ্জুলা-মুনিনৰ প্ৰেম কাহিনী"টোৰ লগতে গীতৰ চিত্ৰায়ণ আৰু প্ৰয়োগ ৰূপালী গল্পটোৰ বিশেষ অলংকাৰ বুলি ক'ব পাৰি। বিশেষকৈ 

"এৰা এৰি ক্ষনিকৰে

অচিৰে তুমি মই মিলিম

দুয়ো পাৰে পৃথিৱী থৈ

ভাল পোৱাৰ ডিঙা মেলিম..." (কথা: দীগন্ত ভাৰতী, সুৰ: জুবিন গাৰ্গ, কণ্ঠ: জুবিন গাৰ্গ, অমৃতপ্ৰভা মহন্ত)

গীতটো। গীতটো চিনেমেটিক সৌন্দৰ্যৰে ভৰপূৰ। এই গীতটোৰ লগতে কাহিনী-ৰেখাৰ গতিত ব্যৱহাৰ কৰা আন কেইটা গীতো অংগলৈ ৰূপান্তৰ কৰিছে, কাহিনীৰ গতি দ্ৰুত কৰাত ব্যৱহাৰ কৰিছে। 

"...ৰং ধেমালিৰ মন কাহিনী

চৌপাশে বিয়পা সুৰ বাহিনী

মৌ বৰষা হাঁহি পিন্ধি 

জয়মতী আজিও ৰয় জিলিকি...

যুগমীয়া আমাৰ জ্যেতিৰ কাৰেং...."

যুগমীয়া আমাৰ জ্যেতিৰ কাৰেং...." (কথা: শশাংক সমীৰ, সুৰ: পৰাণ বৰকটকী, কণ্ঠ: ৰূপম ভূঞা) টোৰ কথা-গয়কী চুই যোৱা। গীতৰ লগতে পৰিৱেশ নিৰ্মাণত সহায় কৰা সংগীতৰ ইতিবাচক কামৰ বাবে পৰিচালকৰ লগতে স্বাভাৱিকতে প্ৰশংসা কৰিম সংগীত পৰিচালকক। সংগীত জুবিন গাৰ্গ আৰু পৰাণ বৰকটকীৰ।

--গীত ব্যৱহাৰৰ আৰু এটা বাট আছিল। গীতেৰে ৰূপালী সৌন্দৰ্য বঢ়োৱাৰ সুযোগ আছিল। 

পৰিচালকে সেই বাট কিয় নললে? --চিনেমা খনৰ দৰ্শক হোৱাৰ পাছত এই প্ৰশ্নই আমাক চুই গ'ল। 

--হয়, মুনিন বৰুৱাৰ চিনেমাত ব্যৱহাৰ হোৱা গীতৰ (আৰু নাটকীয়) ছিকুৱেন্স ব্যৱহাৰেৰে ৰূপালী গল্পটোৰ সৌন্দৰ্য বঢ়োৱাৰ লগতে দৰ্শকক "মুনিন বৰুৱাৰ কাম" অনুভৱৰ সুযোগ দিব পাৰিলে হেতেন! চিনেমা খনৰ বিষয়-বস্তু, মজবুট হ'ল হেতেন! স্পষ্ট হ'ল হেঁতেন। 

--হয়, "ভাইমন দা" চিনেমা খনৰ বিষয়-বস্তু স্পষ্ট কৰাত ব্যৰ্থ পৰিচালক, চিত্ৰনাট্যকাৰ (আৰু গৱেষণাৰ প্ৰয়োজন আছিল)। মুনিন বৰুৱা চিনেমাৰ মানুহ আছিল, সংগীতৰ মানুহ আছিল, ভিডিঅ' চিনেমাৰ বাবে কিয় কাম কৰিছিল-- পৰিচালকে পৰিপাটিকৈ চুই গৈছে; কিন্তু "ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যকাৰ-পৰিচালক মুনিন বৰুৱা"ক গুৰুত্ব নিদিলে। গুৰুত্ব নিদিলেও চুই যোৱাৰ প্ৰয়োজন নাছিলনে? (মুনিন বৰুৱাৰ সৰহ সংখ্যক চিনেমাৰে শিপা ভ্ৰাম্যমাণ থিয়েটাৰত মঞ্চস্থ নাটক।) বিপৰীতে চিনেমা খনত অপ্ৰয়োজনীয় ছিকুৱেন্স ৰাখিছে, (হয়তো বজাৰ চিন্তাৰে। এয়া পৰিচালকৰ ইতিবাচক চিন্তা।) জুবিন গাৰ্গৰ চৰিত্ৰটোক অধিক গুৰুত্ব দিছে। জুবিন চৰিত্ৰটোৰ "hero entry"য়ে মূল বিষয়-বস্তুক গতি অৱশ্যেই দিছে; কিন্তু ক্ষতি কৰিছে। "জুবিনে" নিস্প্ৰভ কৰিছে "ভাইমনদা চৰিত্ৰটো"। তেনেদৰে ৰূপালী গল্পটোৰ প্ৰথমৰ ফালে "শিৱ প্ৰসাদ বৰঠাকুৰৰ চৰিত্ৰটো"ই নিস্প্ৰভ কৰিছে "ভাইমনদা চৰিত্ৰটো"। --এয়া চিনেমা খনৰ ইতিবাচক দিশ নহয়।

কাহিনী-ৰেখাৰ মূল বিন্দুটো শেষ বিন্দু এটালৈ নি সুখকৰ সমাপ্তিৰ বাবে মানস বৰুৱা চৰিত্ৰটো (মূল বিন্দুটোৰ পুত্ৰ) নিৰ্মাণ, প্ৰয়োগ ৰূপালী গল্পটোৰ ইতিবাচক দিশ। অবাধ্য, খঙাল পুত্ৰৰ পিতৃৰ প্ৰতি থকা ভালপোৱা সুন্দৰকৈ, কম ছিকুৱেন্সতে স্পষ্ট কৰিছে। কিন্তু এই চৰিত্ৰটোৰ সুপৰিকল্পিত নিৰ্মাণে (বিশেষকৈ acting power-এ) নিস্প্ৰভ কৰিছে মূল চৰিত্ৰটো। কাহিনী-ৰেখাৰ শেষৰ ভাগ "ভাইমনদা"ৰ হৈ নাথাকিল, "মানস বৰুৱা"ক দখল কৰালে। "নায়ক"লৈ ৰূপান্তৰ কৰিলে। দুখ-হতাশাৰ মাজত থকা পিতৃক পুত্ৰই সুখ দিলে-- (ভাইমনদাৰ) জন্মস্থানৰ বহুদিন বন্ধহৈ থকা চিত্ৰলেখা চিত্ৰগৃহত "ৰামধেনু" প্ৰদৰ্শন কৰোৱাই। কাহিনী-ৰেখাত (বাস্তৱতো) দেখা যায় মুনিন বৰুৱাক সন্তুষ্ট কৰে চিনেমাৰ "স্থানীয় বজাৰ" সফলতাই। "দীনবন্ধু"লৈ ৰাষ্ট্ৰীয় বঁটা অহাৰ পাছতো সুখ অনুভৱ কৰা নাছিল চিনেমা খন "স্থানীয় বজাৰ"ত সফল নোহোৱা বাবে। "ৰামধেনু"ৰ বাণিজ্যিক সফলতাৰ পাছতো কিন্তু সুখ অনুভৱ কৰা নাই মুনিন বৰুৱাই। পৰিচালক গৰাকীৰ নিজৰ জন্মস্থানত চিনেমা খন প্ৰদৰ্শন কৰিব নোৱাৰাৰ দুখ। একমাত্ৰ চিত্ৰগৃহটো বন্ধ হৈ আছে। কেনেকৈ প্ৰদৰ্শন কৰিব! বাদুলীয়ে বাহলোৱা, কেইবা মাহৰো বিদ্যুৎৰ বিল দিব থকা চিত্ৰগৃহটোত কম সময়ত চিনেমা প্ৰদৰ্শন কৰা কামটো সহজ নাছিল। অসম্ভৱ আছিল। অসম্ভৱ কামটো সম্ভৱ কৰিছিল মানসে,  পিতৃক সুখ দিবলৈ (পিতা-পুত্ৰ কেন্দ্ৰিক এখন চুই যোৱা চিনেমা! পিতা-পুত্ৰ কেন্দ্ৰিক অংশত স্পষ্টহৈ আছে শশাংক সমীৰৰ "directors powers"। মুকলি মনেৰে ক'ব পাৰি-- দক্ষিণ ভাৰতীয় বা বলিউডৰ চিনে-শৈলীৰ আঁতৰত থাকি সুপৰিকল্পিত, বজাৰ-চিন্তাৰে "মৌলিক চিনেমা" দিব পৰা পৰিচালক এজন "অসমীয়া চিনেমা"ই পালে। চিনেমা লেখক-পৰিচালক মুনিন বৰুৱাই চহকী কৰা "অসমীয়া চিনেমা"ৰ বাটটোত শশাংক সমীৰৰ সবল খোজ।)। 

কাহিনী-ৰেখাৰ গতিত লেখক-পৰিচালকে "অসমীয়া চিনেমা"ক ক্ষতি কৰা পাইৰেচি, চিত্ৰগৃহ (চিত্ৰগৃহ বন্ধ হৈ যোৱা, অসমতে অসমীয়া চিনেমাক চিত্ৰগৃহৰ মালিকে গুৰুত্ব নিদিয়া) সমস্যা আদি প্ৰসংগ পৰিপাটিকৈ আনিছে। কিন্তু অসমীয়া চিনেমা বা অসমীয়া চিনেমাৰ সমস্যা ৰূপালী গল্পটোৰ বিষয়-বস্তু নহয়, অংগও নহয়, অংশহে। অংগ কৰাৰ বাট আছিল, লেখক-পৰিচালক গুৰুত্ব নিদিলে। (প্ৰচাৰত কোৱাৰ দৰে চিনেমা খনলৈ "অসমীয়া চিনেমা"ৰ উত্থান-পতন অনা নাই, মুনিন বৰুৱা জড়িত থকা চিনেমাৰহে  কথা আছে।)

চৰিত্ৰ নিৰ্মাণ (শব্দযন্ত্ৰী সতীশ চৌহান,মঞ্জুলা বৰুৱাকে ধৰি কেইটামাণ চৰিত্ৰ নিৰ্মাণত সাজসজ্জা-ৰূপসজ্জা ত্ৰুটি আছে যদিও), সংগীতৰ পাছতে প্ৰশংসা কৰিব পৰা, ইতিবাচক দিশ সাজ-সজ্জা। বিষয়-বস্তু, কাহিনীৰ ইতিহাস মনত ৰাখিছে সাজ-সজ্জাৰ দায়িত্বত থকা গৰীমা শইকীয়া গাৰ্গে। ইতিবাচক দিশ-- অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাইৰ ছাউণ্ড ডিজাইনা, ভাঞ্চিনাথন মুৰুগেচনৰ চিনেমাট’গ্ৰাফী।

"ভাইমন দা"ৰ প্ৰযোজক শ্যামন্তক গৌতমক ধন্যবাদ জনাই এই চৰ্চাৰ আৰম্ভণিতে উল্লেখ কৰা চিনেমা কেইখনৰ কথা মনত ৰাখি কৈছোঁ-- বিষয় যিমানেই বিশাল নহওক কিয়, বিশেষকৈ চিত্ৰনাট্য পৰ্যায়ত পৰিশ্ৰম কৰি, শুদ্ধ গৱেষণাৰে মূল বিষয়-বস্তুক ২ ঘণ্টা ৩০-৪০ মিনিটত ৰূপালী পৰ্দালৈ আনিব নোৱাৰাৰ কাৰণ নাই। আৰু বজাৰৰ কথা মনত ৰাখি বাজেট নিৰ্ধাৰণ কৰিলেহে বাণিজ্যিক সফলতাৰ বাট দেখে। প্ৰায় ১৯৩.৭৩ কোটি টকা আয়ৰ পাছতো "ফ্লপ চিনেমা"ৰ তালিকা ভুক্ত হৈ থাকিল "83"। 

"ভাইমন দা"ৰ Box office Collection-এ আমাক আনন্দ দিছে। বাজেটৰ কথা মনত ৰাখি "বাণিজ্যিক সফল" বুলি ক'ব পাৰিলে সুখ অনুভৱ কৰিম। 

শেষত:

"ভাইমণ দা" এখন পৰিপাটি, দৰ্শকক চুব পৰা চিনেমা; কিন্তু সফল biopic নহয়।

(প্ৰকাশ: বিস্ময়/ জুলাই ২০২৫)






মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...