সরাসরি প্রধান সামগ্রীতে চলে যান

প্ৰসংগক্ৰমে "ভাইমন দা"/চিনেচৰ্চা

"গান্ধী" --ৰিচাৰ্ড এটেনব'ৰ'ৰ পৰিচালনা। চিনেমা খনৰ লেখক: জন ব্ৰাইলি। মূল চৰিত্ৰটো নিৰ্মাণ কৰিছিল বেন কিংছলিকলৈ। ১৯৮২-ত চিত্ৰগৃহলৈ অহা এই biographical চিনেমা খনে চিত্ৰৰসিকক সন্তুষ্ট কৰিছিল, বাণিজ্যিক দিশতো সফল হৈছিল। (বাজেট: ২২ মিলিয়ন ডলাৰ, আয়: ১২৭.৮ মিলিয়ন ডলাৰ)

"এম এছ ধোনী: দ্য আনটল্ড ষ্ট'ৰী"। ৩০ ছেপ্টেম্বৰ ২০১৬-চিত্ৰগৃহলৈ অহা এই biographical sports drama চিনেমা খনৰ পৰিচালক নীৰজ পাণ্ডে। মূল চৰিত্ৰটো নিৰ্মাণ কৰিছিল সুশান্ত সিং ৰাজপুতকলৈ।--এই চিনেমা খনো দৰ্শকে পছন্দ কৰিছিল, বাণিজ্যিক দিশতো সফল হৈছিল। (চিনেমা খনৰ বাজেট: ১০৫ কোটি টকা, আয়: ২২০ কোটি টকা)

আন এখন biographical sports drama চিনেমা "83"। কবীৰ খানৰ পৰিচালনা। ১৫ ডিচেম্বৰ ২০২১-ত চিত্ৰগৃহলৈ অহা এই চিনেমা খনৰ কাহিনী ৰেখা ১৯৮৩ চনৰ ক্ৰিকেট বিশ্বকাপ জয়, কপিল দেৱৰ নেতৃত্বত ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ। কপিল দেৱৰ চৰিত্ৰটো নিৰ্মাণ কৰিছিল ৰণবীৰ সিং-কলৈ। --এই চিনেমা খন দৰ্শকে পছন্দ কৰাৰ বিপৰীতে বাণিজ্যিক দিশত সফল হোৱা নাছিল। (চিনেমা খনৰ বাজেট: প্ৰায় ২৭০ কোটি টকা,আয়: প্ৰায় ১৯৩.৭৩ কোটি টকা)

biopic চিনেমা এখনৰ সফৰতাৰ প্ৰথম সূত্ৰ "চৰিত্ৰ নিৰ্মাণ"। "চৰিত্ৰ"ৰ মাজত দৰ্শকক বাস্তৱৰ "নিৰ্দিষ্ট চৰিত্ৰ"টো অনুভৱ কৰাব লাগিব। ওপৰত উল্লেখ কৰা চিনেমা তিনিখনত ক্ৰমে মহাত্মা গান্ধী, মহেন্দ্ৰ সিং ধোনি, কপিল দেৱক দৰ্শকে অনুভৱ কৰিছিল। লগতে আনুভৱ কৰিছিল কাহিনীৰ গতিত পৰ্দালৈ অহা প্ৰতিটো চৰিত্ৰ। তেনদৰে আমি "ভাগ মিলখা ভাগ" (পৰিচালক: ৰাকেশ ওমপ্রকাশ মেহৰা/ চিত্ৰগৃহলৈ আহিছিল ১২ জুলাই ২০১৩-ত। বাজেট: ৩০ কোটি টকা, আয়: ১৬৪ কোটি টকা।), "গোল্ড: দ্য ড্ৰিম ডেট ইউনাইটেড আৱাৰ নেচন" (পৰিচালক: ৰীমা কাগতি/ চিত্ৰগৃহলৈ আহিছিল ১৫ আগষ্ট ২০১৮-ত। বাজেট: প্ৰায় ৬০ কোটি টকা, আয়: প্ৰায় ১৬০ কোটি টকা), "গুৰু" (পৰিচালক: মণি ৰত্নম/ চিত্ৰগৃহলৈ আহিছিল ১২ জানুৱাৰী ২০০৭-ত। বাজেট: ২২ কোটি টকা, আয়: প্ৰায় ৮৫ কোটি টকা।) আদিৰ সফলতাৰ ব্যাখ্যা এনেদৰে কৰিব পাৰোঁ।

biopic চিনেমাৰ দ্বিতীয়টো সফলতাৰ মন্ত্ৰ-- পৰিৱেশ নিৰ্মাণ, শুদ্ধ তথ্য প্ৰয়োগৰ লগতে কেমেৰা-সাহিত্যৰ ভাষাৰ পৰিপাটি প্ৰয়োগ (cinematic treatment)। স্বাভাবিকতে আমি (দৰ্শকে) পৰিপাটি কাহিনীৰ গতিত ৰূপালী গল্পটোত "নিৰ্দিষ্ট ব্যক্তি" গৰাকীক, সেই "সময়" অনুভৱ কৰিবলৈ চেষ্টা কৰিম। অনুভৱত বাধা পালে স্বাভাৱিকতে ক'ম (দৰ্শকে ক'ব)-- চিনেমা খন ভাল নালাগিল।

আহিছোঁ অসমীয়া biopic "ভাইমন দা"লৈ। চিনেমা খনৰ লেখক-পৰিচালক: শশাংক সমীৰ। চিনেমা খনৰ বিষয়-বস্তু মুনিন বৰুৱাৰ চিনেকৰ্ম (নাট্যকাৰ-নাট পৰিচালক মুনিন বৰুৱাক ৰূপালী গল্পটোত গুৰুত্ব দিয়া নাই), কাহিনী-ৰেখা মুনিন বৰুৱা কেন্দ্ৰিক। ৰূপালী গল্পটোৰ মূল বিন্দু স্বাভাৱিকতে মুনীন্দ্রনাথ বৰুৱা, মুনিন বৰুৱা বা ভাইমনদা। "কৈশোৰ ভাইমন"ৰ পৰা "ৰামধেনু"ৰ সফলতালৈ কাহিনী ৰেখা। "চৰিত্ৰ"টোৰ নিৰ্মাণ পৰ্ব, আয়োজনৰ বাবে পৰিচালক (আৰু অভিনেতা নিৰ্বাচক) প্ৰশংসাৰ পাত্ৰ। তেনেদৰে মূল বিন্দুৰ গতিত কাহিনীলৈ অহা "চৰিত্ৰ" নিৰ্মাণৰ আয়োজনো ইতিবাচক। (এনে আয়োজন সহজ নহয়।)

--প্ৰথমে মুনিন বৰুৱা নহয়, আন চাৰিটা চৰিত্ৰৰ কথাহে উল্লেখ কৰিম। শিৱ প্ৰসাদ ঠাকুৰ (সমূদ্ৰগুপ্ত দত্তকলৈ নিৰ্মাণ কৰিছে), পবিত্ৰ কুমাৰ ডেকা (অসীম কৃষ্ণ বৰুৱাকলৈ নিৰ্মাণ কৰিছে), জুবিন গাৰ্গ (পাৰ্থ প্ৰতীম হাজৰিকাকলৈ নিৰ্মাণ কৰিছে), মানস বৰুৱা (গীতাৰ্থ শৰ্মাকলৈ নিৰ্মাণ কৰিছে)। এই চৰিত্ৰ চাৰিটাৰ স্তৰ নাপালে বনদীপ শৰ্মাকলৈ নিৰ্মাণ কৰা মূল "চৰিত্ৰ"টো। "চৰিত্ৰ"টোৰ মাজত আমি ওচৰৰ পৰা পোৱা ভাইমনদাকক (মুনিন বৰুৱাক) অনুভৱ কৰাত দিগদাৰ পাইছোঁ। চিনেমা, কেৱল (দেশ-বিদেশৰ) চিনেমাৰ আড্ডা দি ভাল, মানুহৰ মাজত থাকি ভালপোৱা ভাইমনদাক নাপালোঁ। আমি অনুভৱ কৰা "কোমল মন"ৰ ভাইমনদাক সংলাপ প্ৰক্ষেপণ, চেহেৰাৰ ভাষাত ("চৰিত্ৰ"টোৰ মাজত) অনুভৱ নকৰিলোঁ। নিৰ্মাণ কৰা "চৰিত্ৰ"টো আৰু আমি ওচৰৰ পৰা পোৱা ভাইমনদাৰ মাজত দূৰত্ব অনুভৱৰ বাট নাথাকিলে মুকলি মনেৰে চিনে-সুখ অনুভৱ কৰিলো হেঁতেন! (এই কথা ঠিক-- এই ত্ৰুটিয়ে "ৰূপালী গল্প"টোৰ  ক্ষতি কৰা নাই!) 

অতীত-চাৰণৰ অপৰিপাটি প্ৰয়োগৰ পাছতো ক'ব পাৰি-- কাহিনীয়ে দৰ্শকক চুইছে। সাহিত্যৰ ভাষা (‘লাফাংগা’, ‘মাল’টো খুৱাব...ৰ দৰে কেইটামান সংলাপক বাদ দি। চিনেমা খনৰ "ইতিহাসে" মনত ৰাখি এনে সংলাপ প্ৰয়োগৰ প্ৰয়োজন নাছিল। প্ৰয়োজন নাছিল-- মদ খোৱাৰ প্ৰয়োজনতকৈ বেছি ছিকুৱেন্সৰ।)-কেমেৰাৰ ভাষা প্ৰয়োগ ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ হৈ গতি নিৰ্মাণত সহায় কৰিছে। 

কিশোৰ ভাইমনক মৌজাদাৰ দেউতাকে (চৰিত্ৰটোত কৰা গুণাকৰ দেৱগোস্বামীৰ অভিনয়ে মন চুই থাকিল। দেহ-চেহেৰাৰ ভাষা, সংলাপ প্ৰক্ষেপণত "অভিনয় ক্ষমতা" স্পষ্ট।) গোলাঘাটৰ পৰা দিল্লীৰ ৰামযশ কলেজলৈ পঠিওৱা, ফৰকাটিঙৰ পৰা দিল্লীমুখী ৰে’লত উঠিবলৈ লোৱা সুপৰিকল্পিত  ছিকুৱেন্সটো, "মঞ্জুলা-মুনিনৰ প্ৰেম কাহিনী"টোৰ লগতে গীতৰ চিত্ৰায়ণ আৰু প্ৰয়োগ ৰূপালী গল্পটোৰ বিশেষ অলংকাৰ বুলি ক'ব পাৰি। বিশেষকৈ 

"এৰা এৰি ক্ষনিকৰে

অচিৰে তুমি মই মিলিম

দুয়ো পাৰে পৃথিৱী থৈ

ভাল পোৱাৰ ডিঙা মেলিম..." (কথা: দীগন্ত ভাৰতী, সুৰ: জুবিন গাৰ্গ, কণ্ঠ: জুবিন গাৰ্গ, অমৃতপ্ৰভা মহন্ত)

গীতটো। গীতটো চিনেমেটিক সৌন্দৰ্যৰে ভৰপূৰ। এই গীতটোৰ লগতে কাহিনী-ৰেখাৰ গতিত ব্যৱহাৰ কৰা আন কেইটা গীতো অংগলৈ ৰূপান্তৰ কৰিছে, কাহিনীৰ গতি দ্ৰুত কৰাত ব্যৱহাৰ কৰিছে। 

"...ৰং ধেমালিৰ মন কাহিনী

চৌপাশে বিয়পা সুৰ বাহিনী

মৌ বৰষা হাঁহি পিন্ধি 

জয়মতী আজিও ৰয় জিলিকি...

যুগমীয়া আমাৰ জ্যেতিৰ কাৰেং...."

যুগমীয়া আমাৰ জ্যেতিৰ কাৰেং...." (কথা: শশাংক সমীৰ, সুৰ: পৰাণ বৰকটকী, কণ্ঠ: ৰূপম ভূঞা) টোৰ কথা-গয়কী চুই যোৱা। গীতৰ লগতে পৰিৱেশ নিৰ্মাণত সহায় কৰা সংগীতৰ ইতিবাচক কামৰ বাবে পৰিচালকৰ লগতে স্বাভাৱিকতে প্ৰশংসা কৰিম সংগীত পৰিচালকক। সংগীত জুবিন গাৰ্গ আৰু পৰাণ বৰকটকীৰ।

--গীত ব্যৱহাৰৰ আৰু এটা বাট আছিল। গীতেৰে ৰূপালী সৌন্দৰ্য বঢ়োৱাৰ সুযোগ আছিল। 

পৰিচালকে সেই বাট কিয় নললে? --চিনেমা খনৰ দৰ্শক হোৱাৰ পাছত এই প্ৰশ্নই আমাক চুই গ'ল। 

--হয়, মুনিন বৰুৱাৰ চিনেমাত ব্যৱহাৰ হোৱা গীতৰ (আৰু নাটকীয়) ছিকুৱেন্স ব্যৱহাৰেৰে ৰূপালী গল্পটোৰ সৌন্দৰ্য বঢ়োৱাৰ লগতে দৰ্শকক "মুনিন বৰুৱাৰ কাম" অনুভৱৰ সুযোগ দিব পাৰিলে হেতেন! চিনেমা খনৰ বিষয়-বস্তু, মজবুট হ'ল হেতেন! স্পষ্ট হ'ল হেঁতেন। 

--হয়, "ভাইমন দা" চিনেমা খনৰ বিষয়-বস্তু স্পষ্ট কৰাত ব্যৰ্থ পৰিচালক, চিত্ৰনাট্যকাৰ (আৰু গৱেষণাৰ প্ৰয়োজন আছিল)। মুনিন বৰুৱা চিনেমাৰ মানুহ আছিল, সংগীতৰ মানুহ আছিল, ভিডিঅ' চিনেমাৰ বাবে কিয় কাম কৰিছিল-- পৰিচালকে পৰিপাটিকৈ চুই গৈছে; কিন্তু "ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যকাৰ-পৰিচালক মুনিন বৰুৱা"ক গুৰুত্ব নিদিলে। গুৰুত্ব নিদিলেও চুই যোৱাৰ প্ৰয়োজন নাছিলনে? (মুনিন বৰুৱাৰ সৰহ সংখ্যক চিনেমাৰে শিপা ভ্ৰাম্যমাণ থিয়েটাৰত মঞ্চস্থ নাটক।) বিপৰীতে চিনেমা খনত অপ্ৰয়োজনীয় ছিকুৱেন্স ৰাখিছে, (হয়তো বজাৰ চিন্তাৰে। এয়া পৰিচালকৰ ইতিবাচক চিন্তা।) জুবিন গাৰ্গৰ চৰিত্ৰটোক অধিক গুৰুত্ব দিছে। জুবিন চৰিত্ৰটোৰ "hero entry"য়ে মূল বিষয়-বস্তুক গতি অৱশ্যেই দিছে; কিন্তু ক্ষতি কৰিছে। "জুবিনে" নিস্প্ৰভ কৰিছে "ভাইমনদা চৰিত্ৰটো"। তেনেদৰে ৰূপালী গল্পটোৰ প্ৰথমৰ ফালে "শিৱ প্ৰসাদ বৰঠাকুৰৰ চৰিত্ৰটো"ই নিস্প্ৰভ কৰিছে "ভাইমনদা চৰিত্ৰটো"। --এয়া চিনেমা খনৰ ইতিবাচক দিশ নহয়।

কাহিনী-ৰেখাৰ মূল বিন্দুটো শেষ বিন্দু এটালৈ নি সুখকৰ সমাপ্তিৰ বাবে মানস বৰুৱা চৰিত্ৰটো (মূল বিন্দুটোৰ পুত্ৰ) নিৰ্মাণ, প্ৰয়োগ ৰূপালী গল্পটোৰ ইতিবাচক দিশ। অবাধ্য, খঙাল পুত্ৰৰ পিতৃৰ প্ৰতি থকা ভালপোৱা সুন্দৰকৈ, কম ছিকুৱেন্সতে স্পষ্ট কৰিছে। কিন্তু এই চৰিত্ৰটোৰ সুপৰিকল্পিত নিৰ্মাণে (বিশেষকৈ acting power-এ) নিস্প্ৰভ কৰিছে মূল চৰিত্ৰটো। কাহিনী-ৰেখাৰ শেষৰ ভাগ "ভাইমনদা"ৰ হৈ নাথাকিল, "মানস বৰুৱা"ক দখল কৰালে। "নায়ক"লৈ ৰূপান্তৰ কৰিলে। দুখ-হতাশাৰ মাজত থকা পিতৃক পুত্ৰই সুখ দিলে-- (ভাইমনদাৰ) জন্মস্থানৰ বহুদিন বন্ধহৈ থকা চিত্ৰলেখা চিত্ৰগৃহত "ৰামধেনু" প্ৰদৰ্শন কৰোৱাই। কাহিনী-ৰেখাত (বাস্তৱতো) দেখা যায় মুনিন বৰুৱাক সন্তুষ্ট কৰে চিনেমাৰ "স্থানীয় বজাৰ" সফলতাই। "দীনবন্ধু"লৈ ৰাষ্ট্ৰীয় বঁটা অহাৰ পাছতো সুখ অনুভৱ কৰা নাছিল চিনেমা খন "স্থানীয় বজাৰ"ত সফল নোহোৱা বাবে। "ৰামধেনু"ৰ বাণিজ্যিক সফলতাৰ পাছতো কিন্তু সুখ অনুভৱ কৰা নাই মুনিন বৰুৱাই। পৰিচালক গৰাকীৰ নিজৰ জন্মস্থানত চিনেমা খন প্ৰদৰ্শন কৰিব নোৱাৰাৰ দুখ। একমাত্ৰ চিত্ৰগৃহটো বন্ধ হৈ আছে। কেনেকৈ প্ৰদৰ্শন কৰিব! বাদুলীয়ে বাহলোৱা, কেইবা মাহৰো বিদ্যুৎৰ বিল দিব থকা চিত্ৰগৃহটোত কম সময়ত চিনেমা প্ৰদৰ্শন কৰা কামটো সহজ নাছিল। অসম্ভৱ আছিল। অসম্ভৱ কামটো সম্ভৱ কৰিছিল মানসে,  পিতৃক সুখ দিবলৈ (পিতা-পুত্ৰ কেন্দ্ৰিক এখন চুই যোৱা চিনেমা! পিতা-পুত্ৰ কেন্দ্ৰিক অংশত স্পষ্টহৈ আছে শশাংক সমীৰৰ "directors powers"। মুকলি মনেৰে ক'ব পাৰি-- দক্ষিণ ভাৰতীয় বা বলিউডৰ চিনে-শৈলীৰ আঁতৰত থাকি সুপৰিকল্পিত, বজাৰ-চিন্তাৰে "মৌলিক চিনেমা" দিব পৰা পৰিচালক এজন "অসমীয়া চিনেমা"ই পালে। চিনেমা লেখক-পৰিচালক মুনিন বৰুৱাই চহকী কৰা "অসমীয়া চিনেমা"ৰ বাটটোত শশাংক সমীৰৰ সবল খোজ।)। 

কাহিনী-ৰেখাৰ গতিত লেখক-পৰিচালকে "অসমীয়া চিনেমা"ক ক্ষতি কৰা পাইৰেচি, চিত্ৰগৃহ (চিত্ৰগৃহ বন্ধ হৈ যোৱা, অসমতে অসমীয়া চিনেমাক চিত্ৰগৃহৰ মালিকে গুৰুত্ব নিদিয়া) সমস্যা আদি প্ৰসংগ পৰিপাটিকৈ আনিছে। কিন্তু অসমীয়া চিনেমা বা অসমীয়া চিনেমাৰ সমস্যা ৰূপালী গল্পটোৰ বিষয়-বস্তু নহয়, অংগও নহয়, অংশহে। অংগ কৰাৰ বাট আছিল, লেখক-পৰিচালক গুৰুত্ব নিদিলে। (প্ৰচাৰত কোৱাৰ দৰে চিনেমা খনলৈ "অসমীয়া চিনেমা"ৰ উত্থান-পতন অনা নাই, মুনিন বৰুৱা জড়িত থকা চিনেমাৰহে  কথা আছে।)

চৰিত্ৰ নিৰ্মাণ (শব্দযন্ত্ৰী সতীশ চৌহান,মঞ্জুলা বৰুৱাকে ধৰি কেইটামাণ চৰিত্ৰ নিৰ্মাণত সাজসজ্জা-ৰূপসজ্জা ত্ৰুটি আছে যদিও), সংগীতৰ পাছতে প্ৰশংসা কৰিব পৰা, ইতিবাচক দিশ সাজ-সজ্জা। বিষয়-বস্তু, কাহিনীৰ ইতিহাস মনত ৰাখিছে সাজ-সজ্জাৰ দায়িত্বত থকা গৰীমা শইকীয়া গাৰ্গে। ইতিবাচক দিশ-- অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাইৰ ছাউণ্ড ডিজাইনা, ভাঞ্চিনাথন মুৰুগেচনৰ চিনেমাট’গ্ৰাফী।

"ভাইমন দা"ৰ প্ৰযোজক শ্যামন্তক গৌতমক ধন্যবাদ জনাই এই চৰ্চাৰ আৰম্ভণিতে উল্লেখ কৰা চিনেমা কেইখনৰ কথা মনত ৰাখি কৈছোঁ-- বিষয় যিমানেই বিশাল নহওক কিয়, বিশেষকৈ চিত্ৰনাট্য পৰ্যায়ত পৰিশ্ৰম কৰি, শুদ্ধ গৱেষণাৰে মূল বিষয়-বস্তুক ২ ঘণ্টা ৩০-৪০ মিনিটত ৰূপালী পৰ্দালৈ আনিব নোৱাৰাৰ কাৰণ নাই। আৰু বজাৰৰ কথা মনত ৰাখি বাজেট নিৰ্ধাৰণ কৰিলেহে বাণিজ্যিক সফলতাৰ বাট দেখে। প্ৰায় ১৯৩.৭৩ কোটি টকা আয়ৰ পাছতো "ফ্লপ চিনেমা"ৰ তালিকা ভুক্ত হৈ থাকিল "83"। 

"ভাইমন দা"ৰ Box office Collection-এ আমাক আনন্দ দিছে। বাজেটৰ কথা মনত ৰাখি "বাণিজ্যিক সফল" বুলি ক'ব পাৰিলে সুখ অনুভৱ কৰিম। 

শেষত:

"ভাইমণ দা" এখন পৰিপাটি, দৰ্শকক চুব পৰা চিনেমা; কিন্তু সফল biopic নহয়।

(প্ৰকাশ: বিস্ময়/ জুলাই ২০২৫)






মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...