-- "মানুহ", বিশেষ ধৰ্মৰ ভাষাৰ বৃত্তত বন্দি হৈ নথকা মানুহ। নাম-- ড°শেখ মকবুল ইছলাম, যি গৰাকীক জনা যায় জগন্নাথ মহাপ্রভুৰ প্রতি থকা গভীৰ ভক্তিৰ বাবে, এই বিষয়ত কৰা গবেষণাৰ বাবে। (২০১৫ চনত এই গৱেষণাৰ বাবে লাভ কৰে ওড়িশাৰ সর্বোচ্চ সম্মান "নবকলেবৰ পুৰস্কাৰ"।)
কোৱা হয়-- "বাংলা সাহিত্যত লোক-সংস্কৃতি বিষয়ত বিজ্ঞানসম্মত আলোচনা আৰু গবেষণাৰ বাট কাটে মকবুল ইছলামে।" কেৱল বাংলাতে শেষ নহয়, অসমীয়ৰ ভাষা-লোক-সংস্কৃতিয়ো অধ্যয়ণ কৰে, চৰ্চা কৰি আহিছে। চৰ্চাৰ, গৱেষণাৰ এক ফচল-- "Mising-- Folklorography" (প্ৰকাশ: ২০২২)। আমাক চুই যোৱা, ভাল লগা কথা-- এই গৰাকী লেখক-গৱেষকে অসমীয়া ভাষা শিকি, অসমীয়া ভাষাত অসম কেন্দ্ৰিক কেইবাখনো গ্ৰন্থ লিখিছে। প্ৰথম বাৰ মুখা-মুখি হোৱাৰ সময়ত আমাৰ হাতত তুলি দিছিল-- "কাৰবি ডিছ্কোৰ্ছ-ৰংবং তেৰাঙৰ নিৰ্বাচিত প্রবন্ধ: সাহিত্যতাত্ত্বিক বোধান্বয়ন", "Bishnuprasad Rabha-Bhupen Hazarika:Bengal-Assam Cultural Relation (বিষ্ণুপ্ৰসাদ ৰাভা ভূপেন হাজৰিকা), "বাংলা-অসম: বিদ্যায়তনিক-সাংস্কৃতিক বিনিময়" আদিৰ লগতে "Bengal-Assam 20th Century Perspective (Cazi Nazrul, Jyotiprasad, Bishnu Rabha, Bhupen Hazarika) আৰু বাংলাত লিখা "ভূপেন হাজরিকা: বিশ্বসংস্কৃতির কণ্ঠস্বর"। লেখক-গৱেষক গৰাকীয়ে এবাৰো ভূপেন হাজৰিকাক লগ পোৱা নাই; কিন্তু "ভূপেন হাজৰিকা" বিষয়ত নজনা কথা নাই! আমাৰ গ্ৰন্থ উন্মচন কৰি দিয়া ভাষণত কৈছিল-- "ভূপেন সাজৰিকা অসম আৰু পশ্চিমবংগৰ মাজত এক সমন্বয়ৰ সাঁকো।" আৰু দ্বিতীয়বাৰ মুখা-মুখি হোৱাৰ সময়ত কৈছিল-- "ভূপেন হাজৰিকাক মই কোনো দিনে লগ পোৱা নাই; কিন্তু তেওঁ মোৰ অতি ওচৰৰ। প্ৰতিটো গীতেই মোক চুই যায়, চুই থাকে।"দ্বিতীয়বাৰক মুখা-মুখি বুলি নকৈ আলহী হোৱা বুলি ক'লেহে শুদ্ধ হ'ব! পুৱা ৫ বজাৰ আগতে কলকতা পাইছিলোঁ। আমাৰ অপেক্ষাত আছিল! আশ্ৰম পৰিবেশৰ ঘৰটোলৈ লৈ গৈছিল। নিজ হাতে সাজু কৰা ৰাতিপুৱাৰ আহাৰেৰে আমাক আপ্যায়ন কৰিছিল! আৰু তাৰ পাছতে ব্যস্ত হৈছিলোঁ নিৰ্দিষ্ট কামত, নাট্যকৰ্মী, অসমীয়া চিনেমা "মমতাৰ চিঠি"ৰ পৰিচালক নিৰ্মল দাসৰ পৰিচালনাৰে "ভূপেন হাজৰিকা" কেন্দ্ৰিক এটা কামত। কেমেৰাৰ সন্মুখত পৰিপাটি "ভূপেন্দ্ৰ চৰ্চা" কৰিলে লেখক-গৱেষক গৰাকিয়ে।
"প্ৰতি গৰাকী মানুহে লিখা উচিৎ! মানুহ মাত্ৰেই নিজা চিন্তা থাকে, সমাজৰ অভিজ্ঞতা বুটলে, সেই অভিজ্ঞতা বোৰৰ নিজা নিজা বিশ্লেষণ থাকে, সেই বোৰ লিখি ৰাখিব লাগে-- মই ভাৱো! মানুহৰ মনৰ ভাৱ লিখি ৰাখিলে মানুহৰ কামত আহে। লিখা প্ৰতি গৰাকী ব্যক্তিৰে দায়িত্ব। মই মোৰ দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিছোঁ।" --অধ্যাপক, লেখক, গবেষক মকবুল ইছলামে ক'লে। আমি জানিব বিছাৰিছিলোঁ-- আপুনি কিয় লিখে?
--লেখাৰ সংখ্যা কম নহয়, গ্ৰন্থৰ সংখ্যা কম নহয়। বাংলা, অসমীয়া, ওড়িয়া আৰু ইংৰাজীত লিখা গ্ৰন্থৰ সংখ্যা ৭০ খনৰো বেছি হ'ব। ড° শামসুদ্দীন শিশিৰৰ "শিশিৰ দৰ্পণে মকবুল: মননবিম্ব" (প্ৰকাশ কাল: ২০২৪) গ্ৰন্থত আছে ৬৪ খন গ্ৰন্থৰ তালিকা আৰু পৰিচয়। সৰহ সংখ্যকেৰে বিষয়: লোক-কাহিনী, লোক-সাহিত্য, লোক-সংগীত, 'মানুহ'। --হিন্দু তথা সনাতন ধর্ম আৰু ইছলাম ধর্মেৰ তুলনামূলক চৰ্চা৷ বিশেষকৈ হিন্দুৰ প্রাচীন ধর্মগ্রন্থ "শ্রীমদ্ভাগবদ্ গীতা' আৰু ইছলামেৰ পবিত্র গ্রন্থ "কোৰান"ৰ লগতে খ্ৰীষ্টানৰ "বাইবেল" কেন্দ্ৰিক তাত্বিক চৰ্চাৰ বাবে অধ্যপক ইছলামক বৌদ্ধিক সমাজে জানে।
--নিৰ্দিষ্ট সময়ত আমাৰ কাম শেষ হ'ল। (কি কাম? সময়ত চৰ্চা কৰিম) নিজৰ নিৰ্দিষ্ট কাম শেষ হোৱাৰ পাছত লেখক-অধ্যপক ইছলামে আমাক লৈ গ'ল তেওঁৰ কৰ্মস্থান 'চেণ্টপল’ কলেজ'লৈ। আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ১৯২৮ চনত প্ৰথম বিভাগত আই এছ ছি পাছ কৰা কলেজ খনলৈ। কলেজ চৌহদত থকা সেউজীয়া খেল পথাৰ খনলৈ আঙুলিয়াই ড° ইছলামে ক'লে--
"সেই খন খেল পথাৰতে সেই সময়ত বিষ্ণুপ্ৰসাদ ৰাভাই ফুটবল খেলিছিল...।"হাতত সময় কম আছিল! পৰিচালক নিৰ্মল দাসে চিত্ৰগ্ৰহণকাৰীৰ সহায়ত কলেজ চৌহদত নিৰ্দিষ্ট কাম শেষ কৰাৰ পাছতে ড° ইছলামৰ সৈতে আমি যাত্ৰা কৰিলোঁ 'হেমাঙ্গ বিশ্বাসৰ ঘৰ'লৈ।
১২ জুন। দিনৰ ১২:৩০ বজাত পাইছিলোঁ "জিৰণি"। ..."...হেমাঙ্গ বিশ্বাসক লগত লৈ 'Let us meet' অনুষ্ঠান এটা কৰি গোটৈই অসম ঘূৰিলোঁ। অসমীয়া-বঙালী গণ্ডগোলৰ সময়ত সম্প্ৰীতিৰ চেষ্টা কৰিলোঁ।... মই, হেমাঙ্গ বিশ্বাসে কমলনাৰায়ণ চৌধুৰী আৰু খগেন মহন্তক লগত ল'লোঁ। দীপালী বৰঠাকুৰক কটনৰ পৰা ল'লোঁ। এনেকৈ শিল্পী গোটাই '৬০ চনত গোটেই অসমখন ঘূৰিৰোঁ। হেমাঙ্গদা আৰু মই মিলি এখনি সঙ্গীতালেখ্য যুগুত কৰি লৈছিলোঁ আৰু গোটেই অসমতে আমি দুয়ো মিলি গাইছিলোঁ এনেদৰে--
'পদ্মাৰ ধুমুহাই উৰুৱাই নিছিলে
হে' আমাৰ সোণৰ ঘৰে-বাৰী...'
...কলিকতালৈ যোৱাৰ আগে আগে মই মতামত বিচাৰিছিলোঁ হেমাঙ্গদাৰ পৰা। তেওঁ তেতিয়া ক'লে-- "পৃথিৱীৰ মানুহে তোমাক বিচাৰে। সেয়ে তুমি অকল অসমত থাকিলেই নহ'ব। তোমাক অসমৰ মানুহে বুজি পালেও নেতাসকলে বুজি নাপাব। পৃথিৱীৰ সৈতে যুঁজি জয়ী হ'বলৈ হ'লে কলিকতা মহানগৰীলৈ গুচি আহা।"
--ভূপেন হাজৰিকা (মই এটি যাযাবৰ)
'জিৰণি'ত বহি এইবোৰ কথা মনলৈ আহিছিল। এইবোৰ কথাতে স্পষ্ট হৈ আছে আমাৰ ভূপেন হাজৰিকাৰ সংগীত-যাত্ৰাত হেমাঙ্গ বিশ্বাসৰ "স্থান"।[সকলোৱে জনা কথা-- হেমাঙ্গ বিশ্বাস এগৰাকী গীতিকাৰ, কবি, কণ্ঠশিল্পী আৰু নিবন্ধকাৰ, মূলতঃ অসমীয়া আৰু বাংলা সাহিত্যৰ। আৰু অসমৰ গণনাট্য সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। 'কুলখুৰাৰ চোতাল', 'আকৌ চীন চাই আহিলোঁ', 'জীৱন শিল্পী জ্যোতি প্ৰসাদ' আদি গ্ৰন্থৰ লেখক হেমাঙ্গ বিশ্বাস।]
হেমাঙ্গ বিশ্বাসে ভূপেন হাজৰিকাৰ সৈতে গীত গাইছিল, ভূপেন হাজৰিকাৰ গীত বাংলালৈ অনুবাদ কৰিছিল। আৰু... বহু কথা চৰ্চা কৰিলে, পৰিচালক নিৰ্মল দাসৰ 'কেমেৰা'ৰ সন্মুখত হেমাংঙ্গ বিশ্বাসৰ জীয়ৰী ৰংগিলি বিশ্বাসে। [আৰু কি কি কৈছিল "সময়"ত চৰ্চা কৰিম। নিৰ্দিষ্ট চিনে-কৰ্ম "পৰ্দা"লৈ অহাৰ পাছত। চৰ্চাত আমাৰ লগতে অংশ লৈছিল ৰত্ন ওজাৰ জীয়ৰী অৰিহনা ওজা, অধ্যাপক-লেখক-গবেষক মকবুল ইছলামে]
"হেমাঙ্গ বিশ্বাসৰ ঘৰ"টোত আমি "হেমাঙ্গ বিশ্বাস-ভূপেন হাজৰিকা"ৰ উপস্থিতি অনুভৱ কৰিছিলোঁ! সেই "সময়"ত মনলৈ আহিছিল ভূপেন হাজৰিকা প্ৰসংগত হেমাঙ্গ বিশ্বাসে যে লিখিছিল-- "ভূপেনে নিজস্ব বৈশিষ্টৰে এটা বস্তু তৈয়াৰ কৰে... সেইটোৱেই হ'ল ভূপেন চং। ক'ৰবাত যেন তেওঁৰ গীতত অসমীয়া সুৰ আছে সেইটো নহয়... তেওঁৰ মাতত যে কিবা আছে সেইটো নহয়। তেওঁৰ সুৰত আশ্চৰ্যজনক এটা মিঠা সুৰ আছে, যিটো কাৰণে ভূপেনৰ গীত ভূপেন সংগীত। সময়ত নিশ্চয় ই স্বীকৃতি পাবই।..."
হেমাঙ্গ বিশ্বাসে আৰু লিখিছিল-- "...ভূপেন এজন সৃষ্টিশীল ব্যক্তি, তাক কোৱাত কোনো সঙ্কোচ নাই। সেই কাৰণেই তেওঁক সকলোৱে অনুকৰণ কৰে।
ভূপেন হাজৰিকাৰ পৰিয়ালৰ লগত মোৰ নিবিড় সম্বন্ধ আছে। তেওঁলোকৰ সঙ্গীত সংগ্রাম আনকি পৰিয়ালৰ সদস্য আদিৰ লগতো মই জড়িত আছিলোঁ। ভূপেন আৰু কুইনে যেতিয়া গীত গায়, সেই সময়ত ভূপেনৰ লগত অৱশ্যে মোৰ পৰিচয় নাছিল। ভূপেন আৰু কুইনৰ মাতৰ মাজত এনে এক অসাধাৰণ মিল আছিল যে আমাৰ আই.পি.টি.এৰ সংগঠনত দুয়ো ককাই-ভনীৰ প্ৰয়োজন আছিল। সেই সময়ত সকলোৱে আই.পি.টি.এৰ সভ্য হৈছিল, কিন্তু ভূপেন তাৰ পৰা বহু দূৰত। অথচ জ্যোতিপ্ৰসাদৰ ঘৰত, তৰুণ আগৰৱালাৰ ঘৰত বহি সুন্দৰ সুন্দৰ ছবি আঁকে। সেই ছবি মোক দেখুৱাইছিল। তেতিয়া ভূপেন অসমত প্রতিষ্ঠিত গায়ক।
১৯৫০ চনত আই.পি.টি.এৰ জৰিয়তে ভূপেনৰ লগত মোৰ যোগসূত্ৰ আৰম্ভহয়। তেতিয়াই ভূপেনে লিখা 'বৰ বৰ মানুহৰ দোলা' গীতটি মোক গাই শুনাইছিল। মোৰ খুউব ভাল লাগিছিল। মোৰ ভাল লগাৰ এটা বিশ্লেষণ আছে। কাৰণ সেই সময়ত বঙ্গত পাল্কী চলে। সেয়েহে ভূপেনৰ সুৰত এটা বাস্তবিক পৰিৱৰ্তন ঘটিছিল। এই দোলা গানটোক লৈ এটা বিতৰ্কৰ সৃষ্টি হোৱাত ভূপেনৰ লগত এই সম্পৰ্কত এটা ছিৰিয়াছ ডিঙ্কাচন হৈছিল, ভূপেনৰ এটা ভাল গুণ আছিল...
ছিৰিয়াছ ডিছ্কাচন হ'লে খুউব ধৈর্য সহকাৰে শুনাটো। এই গানটোৰ সম্পৰ্কত ময়েই যুক্তি প্রদর্শন কৰিছিলো। কাৰণ গানৰ পজিটিভ ছাজেচনৰ কাৰণে যি যুক্তি উত্থাপন হৈছিল, সেইটো কৰিলে গানৰ স্পিৰিট নষ্ট হৈ যাব পাৰে। সেইটো তেতিয়া এটা ফর্চ কম্প জিচনহে হ'ব। People should stand up against the order of society. মানুহে কিবা এটা কৰিলে অন্য কিবা এটা হ'ব লাগে বুলি ক'ব লাগে। যদি হাতত বন্দুক-বাৰুদ দি জনতাক ৰাইজ্ আপ্ কৰাই দিব লাগে তেতিয়াহ'লে ইট্ ইজ নট্ গুড আর্ট। আকৌ কেতিয়াবা এনে হব পাৰে--উৎপল দত্তৰ দৰে... য'ত people-এ অলৰেডি ৰাইজ্ আপ্ কৰিছে বা কৰিব লাগে বুলি কৈছে। It depends on the particular situation and move and tune of a song is a very important thing.
এইখিনিতেই মোৰ লগত ভূপেনৰ এটা মিল আছে-- যি সময়ত মই পশ্চিমবঙ্গত অর্কেট্ৰেচন হাৰমনিজ কৰাৰ কথা কৈছিলোঁ। আজি ভুপেনৰ লগত মই একমত যে - Melody is deep. It must give frequerity to polifony harmony that was the point."
--লিখিছিল "শিল্পীৰ পৃথিৱী"ৰ ড°ভূপেন হাজৰিকাৰ বিশেষ সংখ্যাত। [অক্টোবৰ ১৯৮১-প্ৰকাশ পাইছিল। সেই সময়ত এই বিশেষ সংখ্যাটোৰ বাবে সম্পাদক বেনী মাধৱৰ লগতে প্ৰকাশক হেম চন্দ্ৰ বৰাই কম পৰিশ্ৰম কৰা নাছিল! সংখ্যাটোত যাতে খুট ৰৈ নাযায়-- এই কথা মনত ৰাখি প্ৰকাশক বৰাই কলকাতাত বাহৰ পাতিছিল, যিহেতু সেই সময়ত ভূপেনদা বেছি ভাগ সময় কলিকতাত আছিল। পৰৱৰ্তী সময়ত আমি অনুভৱ কৰিছোঁ-- এই বিশেষ সংখ্যাটোৰ গুৰুত্ব। সম্ভৱতঃ গুৰুত্ব অনুভৱ কৰি প্ৰকাশক বৰাই আকৌ দুবাৰ এই বিশেষ সংখ্যাটো প্ৰকাশ কৰিছে গ্ৰন্থৰ আকাৰত। এই খিনিতে উল্লেখ কৰিব পাৰি-- হেম চন্দ্ৰ বৰাৰ দৰে সুধাকণ্ঠক ওচৰৰ পৰা "অধ্যয়ণ" কৰা লোকৰ সংখ্যা কম। এই গৰাকী ব্যক্তিৰ সৈতে আমি "ভূপেন্দ্ৰ চৰ্চা" কৰিম, সোনকালেই, নিৰ্মল দাসৰ পৰিচালনাৰে আগবাঢ়ি থকা আমাৰ "চিনে-কৰ্ম"ৰ বাবে।]
#আমাৰ কাম শেষ হৈছিল! জীয়ৰীয়ে হেমাঙ্গ বিশ্বাসৰ প্ৰতিটো "স্মৃতি" ইমান পৰিপাটিকৈ ৰাখিছে!...
"জিৰণি"ৰ পৰা আমি বাট লৈছিলোঁ-- এসময়ত সুধাকণ্ঠ থকা কলকাতাৰ ঘৰটোলৈ।
"ঘৰ"টোৰ অৱস্থা দেখি আমাৰ মন সেমেকিল! (ক্ৰমশঃ)
(ক্ৰমশঃ)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন