সরাসরি প্রধান সামগ্রীতে চলে যান

ৰুদ্ৰ আৰু...

ৰবিৰ "ৰুদ্ৰ" চালোঁ। 
ৰুদ্ৰ --Action drama চিনেমা, চাচপেন্সভৰা থ্ৰীলাৰ ৰূপালী গল্প। কাহিনী-ৰেখাৰ গতিত পৰ্দালৈ আহিছে অসমৰ সশস্ত্ৰ সংগ্ৰাম ,উত্তৰ তথা দক্ষিণ ভাৰতৰ নক্সাল আন্দোলন। বিষয়-বস্তু চিনেমা খনৰ প্ৰথমটো ইতিবাচক দিশ। দ্বিতীয় ইতিবাচক দিশ চৰিত্ৰ নিৰ্মাণ। কাহিনী-ৰেখাৰ মূল বিন্দু ৰুদ্ৰ। চৰিত্ৰটো নিৰ্মাণ কৰিছে ৰবি শৰ্মাক লৈ। 
চিনেমা খনৰ প্ৰসংগত এনেদৰে ক'ব পাৰি-- দৰ্শকক চুব পৰাকৈ ওপৰত উল্লেখ কৰা কাহিনী ভাগ পৰিচালকে যি ধৰণে ট্ৰিট কৰিছে, তেনেদৰে ৰুদ্ৰৰ প্ৰেম-পৰিয়াল কেন্দ্ৰিক গল্পটো পৰ্দালৈ আনিব পৰা নাই (চৰিত্ৰ আৰু কাহিনী বিন্যাসৰ প্ৰয়োজন আছিল)। অনাত পৰিচালক, চিত্ৰনাট্যকাৰ ব্যৰ্থ। এই ব্যৰ্থতা যে চিনেমাৰ বাণিজ্যিক লোকচানৰ কাৰণ হ'ব-- সন্দেহ নাই। দুয়োটা গল্প সমান্তৰালকৈ আগবঢ়াই ৰূপালী-সৌন্দৰ্য বঢ়োৱাৰ বাট আছিল, যি বাট পৰিচালকে নল'লে। লোৱাত সমস্যা নাছিল, যিহেতু ৰূপালী গল্প দুটাৰ মূল বিন্দু এটা-- ৰুদ্ৰ।  (এই প্ৰসংগত চিনেমা খনৰ লেখক-পৰিচালক ৰূপক গগৈৰ সৈতে চৰ্চা কৰিছিলোঁ। ৰূপালী গল্পটোৰ গতিত আমি ভৱা ধৰণে পৰিচালক গৰাকীয়ে বাট নোলোৱাৰ কাৰণ আছে, যুক্তি আছে। কাৰণ বা যুক্তি-- মৌলিক চিনে-চিন্তা কেন্দ্ৰিক। "নকল"ৰ চেকা লগাৰ ভয়!) ৰুদ্ৰ বিন্দুৰ গতিত কাহিনী-ৰেখালৈ আহিছে কেইবাটাও চৰিত্ৰ। চৰিত্ৰ-সৌন্দৰ্য নিঃসন্দহে আদিল হুচেইনক লৈ নিৰ্মাণ কৰা চৰিত্ৰটো। আদিল হুচেইন আৰু ৰবি শৰ্মাকলৈ নিৰ্মাণ কৰা চৰিত্ৰ দুটাত স্পষ্ট হৈ আছে অভিনয়ৰ দূৰত্ব। আদিল হুচেইনৰ অভিনয়, সংলাপ প্ৰক্ষেপনত স্পষ্ট হৈছে-- Cinematic acting, নাটকীয় বৰ্জিত অভিনয় বা realistic acting (বাস্তৱিক অভিনয়)। 
ভাৰতীয় চিনেমাৰ আভিনয়ৰ উত্তৰণ কোন পৰ্যায়লৈ গৈছে সেয়া অনুভৱ কৰিব পাৰি ৰীমা কাগতীৰ পৰিচালনাৰে নিৰ্মাণ কৰা "মালেগাওঁ কে ছুপাৰবইজ"ৰ (SuperboysOfMalegaon)
চৰিত্ৰ নিৰ্মাণ অনুভৱ কৰি। বাস্তৱ আৰু "আভিনয়"ৰ মাজত সূক্ষ্ম ৰেখা এডালো অনুভৱ কৰাৰ বাট নাই। 
--এই খিনিতে আমি নিশ্চয় উল্লেখ কৰিব পাৰোঁ, "মালেগাঁও কে ছুপাৰবইজ" ২০২৪ চনৰ চিনেমা। চিত্ৰগৃহত মুক্তি দিছে ২৮ ফেব্ৰুৱাৰী ২০২৫-ত। কাহিনী কাল্পনিক নহয়, ২০০৮ চনত নিৰ্মিত তথ্যচিত্ৰ "ছুপাৰমেন অৱ মালেগাওঁ"ৰ  আধাৰত চিত্ৰনাট্য লিখিছে বৰুণ গ্ৰভাৰে। চিনেমা খনৰ চুই যোৱা প্ৰথমটো দিশ-- চৰিত্ৰ নিৰ্মাণ। চৰিত্ৰ বিন্যাস, কাহিনী  কোৱাৰ শৈলী আৰু গতি চুই যোৱা আন দুটা দিশ। এই চিনেমা খনৰ গল্পটোৰ গতিত স্পষ্ট হোৱা এটা দিশ-- মৌলিক চিনে-চিন্তাৰ অনাদৰৰ বিপৰীতে "বাণিজ্যিক ফৰ্মুলা"ৰে কেনেদৰে বলিউডত চিনেমা নিৰ্মাণ হয়। চিনেমা খনত দেখুওৱা "মালেগাওঁ কে শ্বোলে"ৰ দৰে চিনে-কৰ্ম বলিউডত তাহানিৰ পৰা আজিলৈ চলি আছে, চলি নাথাকিব বুলি ক'ব নোৱাৰি। চিনেমা খনৰ নায়ক নাছিৰৰ দৰে বলিউডত "হিট চিনেমা"ৰ চিন্তা আজিৰ তাৰিখতো নকৰে বুলি ক'ব নোৱাৰি। চিনেমা খনৰ বিষয়-বস্তু নহয় যদিও-- "মালেগাঁৱ"ত অনুভৱ কৰিছোঁ "বলিউড"। বলিউডত হিট চিনেমা নিৰ্মাণৰ  চেষ্টা, "অংক" কেনেদৰে চলে ইত্যাদি। "মিছন চাইনা"ৰে জুবিন গাৰ্গে অসমীয়া চিনেমাৰ বহল বাণিজ্যিক বাট মুকলি কৰাৰ পাছৰে পৰা মালেগাঁৱৰ নাছিৰৰ দৰে অসমতো একাংশ চিনেকৰ্মীয়ে বলিউডৰ, দক্ষিণ ভাৰতীয় বজাৰচিন্তাৰ (চিনেমাৰ) শৰণ লৈ স্থানীয় বজাৰত সফলতাৰ সন্ধান কৰিছে। উদাহৰণ-- "ৰুদ্ৰ", যতীন বৰাৰ "ৰত্নাকৰ", "ৰাঘৱ" ইত্যাদি। "হিট" হৈছে, "ফ্লপ"ও হৈছে। "হিট"ৰ পৰা উৎসাহ লৈছে। "ফ্লপ"ৰ পৰা শিক্ষা ল'ব পৰা নাই! আশাৰে ৰৈ আছোঁ-- হয়তো এদিন "মালেগাঁৱ"ৰ নাছিৰৰ দৰে অসমীয়া চিনেমাৰ "নাছিৰ" হতেও স্থায়ি সফলতাৰ বাবে চিনেমাত মৌলিকতাৰ প্ৰয়োজন অনুভৱ কৰিব!
কথাটো এনেধৰণৰ নহয়-- মৌলিক চিন্তা, চিনে-চিন্তা, বিষয়-বস্তুৰে অসমত চিনেকৰ্ম হোৱা নাই। হৈছে। দেশ-বিদেশৰ প্ৰথম শ্ৰেণীৰ চলচ্চিত্ৰ মহোৎসৱতো অসমীয়া চিনেমাই স্থান দখল কৰিছে। এই মহোৎৱৰো এখন "বজাৰ" আছে। অসমীয়া চিনেমাইও "মহোৎসৱ বজাৰ" দখল কৰিছে। এসময়ত এনে "বজাৰ"ৰ পৰায়ে জাহ্নু বৰুৱাৰ ৭লাখ টকা বাজেটৰ "হালধীয়া চৰায়ে বাওধান খায়"-এ ১কোটি টকা ব্যৱসায় কৰাৰ তথ্য আমি পাইছোঁ। ৰীমা দাসকে ধৰি কেইবাগৰাকীও পৰিচালকে এই "বজাৰ" খনৰ কথা মনত ৰাখি চিনেকৰ্মত ব্যস্ত আছে হৈ আছে। [আমি এই "বজাৰ" খনৰ কথা কোৱা নাই, যি খন "বজাৰ"ত  প্ৰযোজক পক্ষৰ আৰ্থিক লাভ-- শূন্য। বঁটা কিনা-বেচাৰ অভিযোগ আছে। এই "বজাৰ" খনৰ পৰা পোৱা বঁটা বা স্বীকৃতিতে সন্তুষ্ট একাংশ অসমীয়া চিনেমা পৰিচালক, অভিনেতা। বিপৰীতে ক্ষতি হৈছে প্ৰযোজকৰ, "চিনেমা"ৰ। সৰহ সংখ্যক অসমীয়া চিনেমাৰ "প্ৰযোজক" (দৰাচলতে financier)-ৰে প্ৰকৃত চলচ্চিত্ৰ মহোৎসৱৰ, বজাৰৰ শুদ্ধ ধাৰণা নথকা বাবে চতুৰ পৰিচালক একাংশই এই "বজাৰ" খনৰ আশ্ৰয়ত "চিনেমা"ৰ ক্ষতি কৰি আহিছে।] এনে শৈলীৰ চিনে-কৰ্মত অসমীয়া চিনেমাৰ উত্তোৰণৰ ছবি স্পষ্ট। 
অসমীয়া ভাষাৰ চিনেমা নিৰ্মাণ নহলেও "অসমীয়া চিনেমা"ৰ ক্ষতি নহয়। "অসমীয়া চিনেমা"ৰ উত্তোৰণৰ বাবে প্ৰয়োজন-- সু চিনে-চিন্তাৰ অসমীয়া চিনেমাৰ। (অসমীয়া ভাষাৰ চিনেমা আৰু অসমীয়া চিনেমাৰ মাজত থকা দূৰত্ব প্ৰসংগত আগলৈ চৰ্চা কৰিম।) শেহতীয়া ভাবে আমি দৰ্শক হোৱা দুখন অসমীয়া চিনেমা-- "কলাজ", "তাৰিখ"। ("কলজ"ৰ চৰ্চা এই শিতানত ইতিমধ্যে কৰিছোঁ। চিনেমা খন চিত্ৰগৃহলৈ আহিব ১ আগষ্ট ২০২৫-ত, মানে এই মাহত। ২০ লাখ টকাও নহয় চিনেমা খনৰ বাজেট। চিত্ৰৰসিক মন দিলে এই চিনেমা খন সহজতে স্থানীয় বজাৰত সফল হ'ব পাৰে।)
আমি কথা পাতিছিলোঁ "কলাজ"ৰ পৰিচালক অমৰদীপ গগৈৰ সৈতে। 
? তোমাৰ চিনেমা খনৰ বাজেট কিমান?
বহু সময়ত শুনা যায়-- বাজেটে "চিনেকৰ্ম" নিয়ন্ত্ৰণ কৰে। এই দিশত তোমাৰ অভিজ্ঞতা?
অমৰদীপ: কলাজৰ বাজেট অতি কম। অৱশ্যে এটা কথাত আমাৰ সুবিধা হৈছিল - চিত্ৰনাট্য লিখাৰ সময়তে আমি গম পাইছিলো আমাৰ বাজেট কম হ'ব। গতিকে সেই মতে আমি প্ৰস্তুত হৈছিলোঁ। ফলত আমাৰ বিশেষ অসুবিধা হোৱা নাছিল। কলাজত কাম কৰা সকলোকে আমি বাজেটৰ কথা অৱগত কৰিছিলোঁ। সকলোৱে সহযোগ কৰাত কলাজৰ নিৰ্মাণ সম্পূৰ্ণ কৰাত আমাৰ অসুবিধা হোৱা নাছিল। অৱশ্যে এটা কথা ঠিক বাজেট অলপ বেছি হ'লে কাম কৰিবলৈ সুবিধা হয়। কাহিনী কথনত আৰু সাৱলীল হ'ব পাৰি।
? তোমাৰ এই চিনেকৰ্মত "বাজেট সমস্যা"ৰ ছাঁ আমি অনুভৱ কৰা নাই। কথাটো এনেদৰে বিশ্লেষণ কৰিব পাৰো নেকি-- চিত্ৰনাট্য, চিনে-চিন্তা "কম" বাজেট কেন্দ্ৰিক আছিল!
অমৰদীপ: হয়। আগতেই আমি চিন্তা কৰিছিলোঁ। আমাৰ বাজেট কম গতিকে আমি এনেদৰে কাম কৰিম। ইমান খিনিহে দৃশ্য লম। টেকনিকেলি কামবোৰ আগতেই ঠিক কৰি লোৱা হৈছিল। এইক্ষেত্ৰত কলাজৰ কলা কৌশলী সকলে সাংঘাটিক ধৰণেৰে সহায় কৰিছিল। সেয়ে হয়তো কলাজত বাজেট সমস্যা আপুনি অনুভৱ কৰা নাই।
? তোমাক যদি মুকলি মনেৰে এই বিষয়-বস্তুৰ চিনেমা এখন  পৰিচালনাৰ সুযোগ দিয়া হয়, বাজেট কিমান নিৰ্ধাৰণ কৰিবা!
অমৰদীপ: পিৰিয়দ এটা ধৰি ৰাখিবলৈ যথেষ্ট বাজেট লাগে। মুকলি মনেৰে কৰিবলৈ হ'লে একে বিষয়বস্তুৰ চিনেমা এখন কৰিবলৈ দুই কোটি মান টকাৰ আৱশ্যক হ'ব। কাৰণ তেতিয়া চিত্ৰনাট্য বেলেগ হ'ব। অৰ্থাৎ কাহিনী কোৱাৰ ধৰণ বা উপস্থাপন বেলেগ হ'ব। অৱশ্যে কুশীলৱ সকল একে থকাটো বিচাৰিম।
?"কলাজ"ৰ ব্যাখ্য তুমি কেনেদৰে কৰিবা-- চৰিত্ৰৰ কলাজ নে কাহিনীৰ কলাজ? নে "সময়"ৰ কলাজ। আমি চিনেমা খনত কলাজেৰে নিৰ্মাত কৰা এটা কাহিনী অনুভৱ কৰিছোঁ।
অমৰদীপ: কলাজৰ কথা আমি ভাবোতে সময়ৰ কথাটো মনত ৰাখিছিলো। সময়ৰ কথা ক'বলৈ হ'লে কিছুমান চৰিত্ৰ সৃষ্টি কৰিব লাগিব। লগতে লাগিব এটা কাহিনী। সূমিত্ৰা হাজৰিকা বাইদেউৰ উপন্যাস খনত কাহিনী এটা আছিলেই। কিন্তু সেই কাহিনী আছিল বিশাল আৰু বহুধাবিভক্ত। গতিকে আমি উপন্যাসখন নলৈ কিছু কাহিনী বুটলি লৈছিলো সুমিত্ৰা হাজৰিকা বাইদেউৰ পৰাই। গতিকে কথাখিনি এটাৰ লগত আনটোৰ সংযোগ আছে। ইটো সিটোৰ পৰিপূৰক বুলি ক'ব পাৰি। কেইবাটাও কাহিনীক একেডাল সুতাৰে বান্ধিবলৈ চেষ্টা কৰা হৈছে। আপুনি কলাজত কাহিনী এটা বিচাৰি পোৱাতোত আমাৰ কষ্ট কিছু সাৰ্থক হোৱা বুলি অনুভৱ কৰিছোঁ।
? "কলাজ"এ তোমাক সম্পূৰ্ণ "চিনেসুখ" দিয়া বুলি ক'বা জানো!
অমৰদীপ: কলাজ কেৱল আৰম্ভণিহে। কলাজ নিৰ্মাণ কৰি সুখ অনুভৱ নিশ্চয় কৰিছোঁ। কিন্তু সেয়া শেষ সুখ নহয়। পৰিচালক হিচাপে সদায় এটা অসন্তোষ থাকেই। যিমানবাৰ চাও কিবা এটা ভুল চকুত পৰে। বা এই দৃশ্যটো বেলেগ ধৰণে লৱ পৰা গ'ল হয় । বা সম্পাদনা কৰিবলৈ আৰু ঠাই আছিল - আদি অনুভৱ বোৰে মনক অশান্তি দি থাকে। এতিয়াও ভাবো - আৰু অলপ মনোনিবেশ কৰিলে আৰু ভাল হ'ল হয়।
#উৎপল_মেনা 
#বিস্ময় (আগষ্ট ২০২৫)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...