ভূপেন হাজৰিকাই চিনেমাৰ বাটত খোজ পেলাইছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ হাতত ধৰি। চিনেমাৰ নাম-- "ইন্দ্ৰ-মালতী"। অভিনয় কৰিছিল, গীত গাইছিল। "১৯৩৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই মোক পুনৰ কলিকতালৈ লৈ গৈছিল।... মোক ভলণ্টিয়াৰৰ পাৰ্ট দিছিল। 'বিশ্ববিজয়ী ন-জোৱান'টো শিকাই দিছিল, গাইছিলোঁ।" (ড° ভূপেন হাজৰিকা/ "মই এটি যাযাবৰ")
ভূপেন হাজৰিকাই আৰু লিখিছিল-- "তেতিয়া প্লেবেক ছিষ্টেমৰ প্ৰচলন হোৱা নাছিল। ডাইৰেক্ট কৰিব লগা হৈছিল। সেয়ে ইন্দ্ৰৰ কিছু পাৰ্ট ক'বলৈ মোক লৈ গৈছিল আৰোৰা ফিল্ম কৰ্প'ৰেশ্বনলৈ। তাত নিৰঞ্জন পাল আছিল। তাত মোক জ্যোতি ককাইদেৱে শিকাইছিল --গৰখীয়া ল'ৰাৰ এটি গীত গাবলৈ। গীতটো আছিল ...।" (জ্ঞানদীপ/ ১৯৮২)
--এতিয়া আমি এনেদৰে ক'ব পাৰো, চিনেমা খনৰ নায়ক ইন্দ্ৰৰ ওঁঠত ব্যৱহাৰ কৰা সংলাপ কিছু ক'বলৈ ভূপেন হাজৰিকাক জ্যোতিপ্ৰসাদ আগৰৱালাই কলিকতালৈ লৈ গৈছিল। আৰু কিশোৰ চৰিত্ৰ এটাত আভিনয় কৰোৱাইছিল। চৰিত্ৰটো-- এজন গৰখীয়া ল'ৰা। দেশপ্ৰেমমূলক গীত গাই পইচা খুজি ফুৰে। আমাৰ এই ধাৰণা নিশ্চয় ভুল নহব-- ভূপেন হাজৰিকাৰ চিনেমেটিক ধাৰণাৰ বীজ অংকুৰিত হৈছিল ১২-১৩ বছৰ বয়সতে।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিনেচিন্তাই চিনেমা পৰিচালক ভূপেন হাজৰিকাক যে স্পৰ্শ কৰিছিল সন্দেহৰ বাট নাই। "জয়মতী", "ইন্দ্ৰ-মালতী" আৰু ভূপেন হাজৰিকাৰ চিনেমা চোৱা চিত্ৰৰসিক সকলৰ চৰ্চাত অনুভৱৰ বাট পোৱা যায়--
(১) "জয়মতী"ৰ বাণিজ্যিক বিফলতাৰ নেতিবাচক প্ৰভাৱে চুইছিল ভূপেন হাৰৰিকাৰ চিনে-চিন্তাক।
(২) "জয়মতী" বাণিজ্যিক দিশত সফল হ'লে "এৰা বাটৰ সুৰ"ত "ইন্দ্ৰ-মালতী"ৰ আছোঁৰ নালাগিল হেতেন!
আনহাতে চিনেমা লেখক-পৰিচালক ভূপেন হাজৰিকাৰ মতে-- "বোলছবিয়ে জাতীয় ঐতিহ্য প্ৰতিফলিত কৰা উচিৎ।"
"প্ৰকৃত অসমীয়া কথাছবিয়েহে যুক্তপ্ৰদেশৰ নাগৰিকক অসমৰ ভাব-অনুভূতি বুজাব পাৰে।"
এই কথা মনত ৰাখিয়ে সম্পূৰ্ণ কৰিছিল প্ৰথমটো ৰূপালী গল্প-- "এৰা বাটৰ সুৰ"।
প্ৰস্তাৱনা: 'এৰাবাটৰ সুৰ' ভূপেন হাজৰিকাৰ প্ৰথম পৰিচালনা। ৩০ নৱেম্বৰ, ১৯৫৬ চনত চিত্রগৃহলৈ আহিছিল। চিনেমাখনৰ প্ৰসংগত পৰিচালকগৰাকীয়ে কৈছিল- "মোৰ প্ৰথমখন কথাছবি 'এৰাবাটৰ সুৰ' আৰু 'মাহুত বন্ধুৰে'ক বাদ দি বাকীবিলাকক ভাত খাবলৈ কৈৰিছিলোঁ। 'লটিঘটি', 'শকুন্তলা' এইবিলাক যে কৰিছিলোঁ ভাত নাছিল কাৰণে কৰিছিলোঁ। এই যে ৬০ হাজাৰ টকা দিয়ে, এই ৬০ হাজাৰ টকাৰে চলিব লাগে। ...(মই বাণীবদ্ধ কৰি ৰখা 'সাক্ষাৎকাৰ'ৰ এই কথাখিনিত স্পষ্ট হৈ আছে 'এৰা বাটৰ সুৰ'ৰ 'বাজেট' ৫০ হাজাৰ টকাৰ বেছি নাছিল।) সকলোৱে জনা কথা- গানৰ মানুহ, সংগীতৰ মানুহ- ড° ভূপেন হাজৰিকাৰ প্ৰথম পৰিচয়; কিন্তু সম্পূৰ্ণ পৰিচয় নহয়। লেখক, সম্পাদক ড° হাজৰিকাই তুলিকাৰে কেনভাছতো সপোন ৰচনা কৰিছিল। মনৰ কথা কৈছিল। তেনেদৰে সৃষ্টি কৰিছিল কেইবাখনো শ্রেষ্ঠ চিনেমা। অসমীয়া চিনেমা। হিন্দী, বাংলা চিনেমা। চিনেমাৰ পৰিচালক হিচাপে শিল্পীগৰাকীয়ে বিশ্বাস কৰিছিল-- "ভাল সাহিত্যৰ পৰাহে ভাল চিনেমা নির্মাণ সম্ভৱ।... সংগীতৰ উপৰি সকলো দিশতে চিনেমা এখন উন্নতমানৰ হ'ব লাগিব। অসমীয়া ছবি এখনত খাচ অসমীয়া সুগন্ধ থাকিলেহে সৰ্বভাৰতে আদৰিব। সৰ্বভাৰতীয় কৰিবলৈ গৈ বিজতৰীয়া কৰিলে ফল অশুভ বুলি মোৰ বিশ্বাস।" শিল্পীগৰাকীৰ এই "বিশ্বাস" প্রতিখন চিনেমাতে স্পষ্ট ৰূপত দেখা গৈছিল। প্ৰথম পৰিচালনা "এৰাবাটৰ সুৰ" (১৯৫৬) চিনেমাখনৰ পৰিচালনাৰ শৈলীৰ কথা মনত ৰাখি ক'ব পাৰি অসমীয়া সংগীত মধুৰ চিনেমা বুলি। যাক চিনেমাৰ ভাষাত কোৱা হয় "Musical cinema"।
ড° হাজৰিকাৰ পত্নী প্রিয়ম হাজৰিকাও আছিল চিনেমা খনৰ সৈতে জড়িত। চিনেমাখনৰ কাহিনী-সংগীত শিল্পীগৰাকীয়ে নিজে ৰচনা কৰিছিল।
চিনেমাখনৰ কেইটামান উল্লেখযোগ্য দিশ হ'ল প্ৰথমবাৰৰ বাবে অসমীয়া চিনেমা এখনৰ বাবে কণ্ঠদান কৰিছিল লতা মংগেশকাবে। চিনেমাখনত ব্যৱহাৰ কৰা লতাৰ 'জোনাকৰে ৰাতি অসমীৰে মাটি...' আজিৰ প্ৰজন্মৰ মাজতো জনপ্রিয়।
চিনেমাখনত ব্যৱহাৰ কৰা আন এটা গীত 'সাগৰ সংগমত কতনা সাঁতুৰিলোঁ... 'ও আন এটা উল্লেখযোগ্য গীত। চিনেমাখনৰ উল্লেখযোগ্য আন এটা দিশ হ'ল-- সম্পাদনা কৰিছিল ভাৰতীয় চিনেমাৰ বিখ্যাত পৰিচালক হৃষীকেশ মুখার্জীয়ে। এই চিনেমাখনৰ সম্পাদনাৰ লগতে পৰিচালনা শৈলী আৰু সংগীতৰ প্ৰসংগত সৰ্বভাৰতীয় কাকততো চর্চা হৈছিল। ছবিখনৰ প্রসংগত 'হিন্দুস্তান ষ্টেণ্ডাৰ্ড'ৰ ছবি আলোচকে লিখিছিল- '...The film introduces a gifted new talent in the person of Bhupen Hazarika...
The entire treatment is marked by a lyrical grace that one seldom comes across on the commercial screen. With this open picture Dr. Bhupen Hazarika leaps int film fame ...
'Era Bator Sur' undoubtedly open new vista of hope for Assamese films' (২৩ নৱেম্বৰ, ১৯৫৬)। আনহাতে, 'দেশ' আলোচনীৰ চিত্র সমীক্ষকে লিখিছিল- 'প্রকৃততে ভাল লাগাৰ একটা চমৎকাৰ সুযোগ এনে দিয়েছেন আসামেৰ গুণী শিল্পী ড° ভূপেন হাজাৰিকা তাৰ 'এৰাবাটৰ সুৰ' ছবিখানিতে ৰকমাৰি লোক-সংগীত পৰিৱেশনেৰ দিক থেকে ছবিখানিকে সৰ্বভাৰতীয় পৰ্যায়েও এ বছৰেৰ একটি বিশিষ্ট চিত্ৰ সৃষ্টি বলেও পৰিগণিত কৰা চলে। ... লতা মংগেশকাৰ, হেমন্ত কুমাৰ, সন্ধ্যা মুখোপাধ্যায় প্রমুখ জনপ্রিয় গায়ক-গায়িকাকে দিয়ে গানগুলি পৰিৱেশন কৰা হয়েছে। কিন্তু গানেৰ দিক থেকে অবিসম্বাদীভাৱে সকলকে অতিক্ৰম কৰেছেন ড° ভূপেন হাজাৰিকা(২৩ নৱেম্বৰ, ১৯৫৬)।' এক মানৱদৰদী শিল্পী, লেখকৰ আৱেগক বিষয়বস্তু হিচাপে লৈ ৰচনা কৰা এই চিনেমাখনৰ প্ৰসংগত 'যুগান্তৰ'ৰ ছবি আলোচকৰ মন্তব্য আছিল এনেধৰণৰ- '... 'এৰাবাটৰ সুৰ' এক মানবদৰদী শিল্পী-লেখকের আবেগমণ্ডিত কাব্যময় ইতিকথা।... অসমেৰ চাবাগানেৰ পটে ৰচিত এই কাহিনীতে লেখক অসমেৰ লোক-সংগীত ও নৃত্যেৰ যে বিচিত্র পশৰাহাজিৰ কৰেছেন ভাষা ও ভৌগোলিক সীমা অতিক্ৰম কৰে তাৰ আবেদন বিশ্বমানবেৰা হৃদয়ে গিয়ে পৌঁছবে এবং সেই সংগে পাশ্চাত্য ঘেষা সংগীতেৰ সংগে দেশেৰ সংগীতেৰ তফাৎ কোথায় তা অনুধাৱন কৰাও সহজ হবে।' (২৩ নৱেম্বৰ, ১৯৫৬)।
পটভূমি, কাহিনী: চিনেমাখনৰ নায়ক জয়ন্ত। পশ্চিমীয়া শিক্ষা লৈ অহা জয়ন্তৰ বাবে ৰৈ আছিল চাহ বাগিচাৰ মালিক বিশ্ব ফুকনৰ কন্যা নিশা। নিশা আছিল স্বাভাৱিকতে জয়ন্তৰ বাবে সোণালী, মসৃণ বাট। কিন্তু জয়ন্তই খোজ পেলালে এৰা বাটত। 'সুৰ'ৰ সন্ধানত। 'মাটিৰ সুৰ' বিচাৰি জয়ন্ত সোমাই পৰিল চাহ শ্রমিক মিন্নী, লচমী, বুঢ়া কছাৰী, হাৰাণহঁতৰ মাজত। নিশাই যি সময়ত কলকাতাৰ ডেকা চাহ ব্যৱসায়ী ভূপেনৰ হাতত নিজকে বিলাই দিয়ে, সেই সময়ত জয়ন্ত ব্যস্ত থাকে বড়ো হালোৱা ভুজলং, ৰতনপুৰৰ হাৰাণহঁতৰ 'সুৰ'ৰ মাজত। জয়ন্তৰ ওচৰলৈ আহে 'মৰম, গান, মাটিৰ সুৰৰ প্ৰতীক' মিন্নী। মিন্নীক কিন্তু জয়ন্তই বিচাৰিও গ্ৰহণ কৰিব নোৱৰিলে। মিন্নীৰ ওচৰত সি পৰাজয় হ'ল। মিন্নীয়ে চিঞৰি ক'লে-- "বাবু, তোৰ সাহস নাই।" জয়ন্তই মিছা অপবাদ ল'ব লগা হয়। জয়ন্তই শেষত ঝুগনুৰ হাতত মিন্নীক গতাই দিয়ে। উন্মোচন হয় মিন্নী চাহ বাগিচাৰ মালিক বিশ্ব ফুকনৰ 'অবৈধ' সন্তান। চিনেমাখনৰ কাহিনীত দেখা যায় বহু পোৱাৰ পিছতো এৰা বাটত পিছল খায় নায়ক জয়ন্তই।
(চিনেমাখনৰ কাহিনী স্পষ্টকৈ উল্লেখ কৰিব পৰা নাই। নোৱাৰাৰ কাৰণ ১৯৯৭ চনত মুম্বাইৰ এখন 'চিনেমা উৎসৱ'ত চিনেমাখনৰ যিটো প্রিন্ট চাইছিলোঁ, তাত সংলাপবোৰ স্পষ্ট নাছিল।)
সংগীত: মুকলি মনেৰে ক'ব পাৰি 'এৰা বাটৰ সুৰ' বিশুদ্ধ মিউজিকেল চিনেমা। 'বিষয়বস্তু'ৰ কথা মনত ৰাখি সংগীত পৰিচালক ভূপেন হাজৰিকাই গীত, আৱহ সংগীত ব্যৱহাৰ কৰিছিল। হেমাংগ বিশ্বাসৰ মতে- 'এৰাবাটৰ সুৰ'- এৰা বাটৰ কথা নহয়, সংগীতধর্মী কথাছবি হিচাপে ইয়াৰ মূল্য নিৰূপণ কৰিব লাগিব। সেই ফালৰ পৰা 'এৰাবাটৰ সুৰ'ক ভাৰতৰ প্ৰথম শ্ৰেণীৰ সংগীতপ্রধান চিনেমাবোৰৰ প্ৰথম শাৰীত থিয় দিব পৰাৰ যোগ্যতা আছে। 'তানচেন'ৰ পৰা 'ঝনক ঝনক পায়েল বাজে... লৈকে ভাৰতীয় শাস্ত্রীয় সংগীত-নৃত্যৰ যি আলেখ্য পোৱা যায়, সেই ধাৰাত লোকগীত, লোকনৃত্যৰ আলম লৈ 'এবাবাটৰ সুৰ'-এ নতুন বৈশিষ্ট্য আনিছে। সেই ফালৰ পৰা 'এৰাবাটৰ সুৰ' পায়নিয়াৰ।' উল্লেখযোগ্য দিশটো হ'ল এই প্ৰজন্মৰ বাবে 'চিনেমা'খন অচিনাকি, কিন্তু 'চিনেমা'খনত ব্যৱহাৰ কৰা 'জোনাকৰে কঠি অসমীৰে মাটি ...' (কণ্ঠ: লতা মংগেশকাৰ), 'ৰ'দ পুৱাবৰ কাৰণে মাতিবানে কাক...' (কণ্ঠ: ভূপেন হাজৰিকা, হেমন্ত কুমাৰ), 'গুম গুম মেঘে গৰজিলে ..(কণ্ঠ: ভূপেন হাজৰিকা, হেমন্ত কুমাৰ), 'সাগৰ সংগমত কতনা সাঁতুৰিলোঁ ...' (কণ্ঠ: ভূপেন হাজৰিকা), 'জনকপুৰৰ জানকীয়ে মিচিক-মাচাককৈ হাঁহে ...' চিনাকি। গীত চিত্ৰায়ণৰ প্ৰতিটো শ্বটেই নান্দনিক।
অভিনয় : 'নায়ক' জয়ন্তৰ চৰিত্ৰত বিজয় শংকৰে কৰা অভিনয় সেই সময়ৰ সমালোচকৰ পছন্দৰ নাছিল। বিষ্ণু ৰাভা (ভুজলং কাকা), ফণী শৰ্মা (হাৰাণ), তছদ্দুক ইউছুফ (ৰূপেন), প্রীতি ধাৰা (মিন্নী)ৰ অভিনয় আছিল হৃদয় স্পৰ্শ কৰিব পৰা।
শেষত:
"এৰা বাটৰ সুৰ"ৰ নায়ক জয়ন্তক বহুতে ভূপেন হাজৰিকা বুলি ক'ব খোজে।
চিনেমা খনৰ প্রযোজক, পৰিচালনা, সংগীতঃ ডঃ ভূপেন হাজৰিকা।
চিত্রগ্রহণ: অনিল গুপ্ত/সম্পাদকঃ তৰুণ দত্ত
অভিনয়ত: ফণী শৰ্মা, বিষ্ণু ৰাভা, বিজয় শংকৰ, ইভা আচাও, ত্যব্দুর ইউচুফ, প্রীতিধাৰা, বলৰাজ সাহনী (অতিথি), ছায়া দেবী, পুণ্য দুবৰা, স্বাগত স্বাগতা চক্রবর্তী, ৰেবেকা আচাও, মিনতি দাস, লৰেটা বুথ, অনিল দাস, ৰমেশ শৰ্মা, ভূপেন নবিশ, শুক্লা বায়, অরণী গোহাঁই বৰুৱা, গিৰিজা বববা
চিত্রগৃহলৈ আহিছিল: ৩০ নৱেম্বৰ, ১৯৫৬
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন