সরাসরি প্রধান সামগ্রীতে চলে যান

ভূপেন হাজৰিকাৰ ৰূপালী খোজ /৩

"প্ৰতিধ্বনি" নাম নাছিল। 

এটি কাহিনী ঠিক-ঠাক কৰিছিল ভূপেন হাজৰিকাই। মনৰ মাজতে। নাম ৰাখিছিল-- "মাণিক ৰাইটং"। খাচী লোক-গাথাৰ আধাৰত। চন: ১৯৬২। কামটো যিহেতু ফেনৰ তলত বহি কৰিব পৰা নাছিল, ভূপেন হাজৰিকা গৈ মেঘালয় পাইছিল, শ্বিলঙত বাহৰ পাতিছিল। "খাচী সকলৰ পুৰণি সাজ-পোছাক, আহাৰ-বিহাৰ আৰু সামাজিক ৰীতি-নীতিবোৰৰ বিষয়ে অধ্যয়ণ কৰিছিলোঁ। তেওঁলোকৰ সাংস্কৃতিক জীৱন-ধাৰ, লাহো আৰু নংক্ৰেম নামৰ নৃত্য-গীতৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ। ..." (ভূপেন হাজৰিকা/ মই এটি যাযাবৰ।) স্পষ্ট-- চিনেমা খনৰ লেখক-পৰিচালকে বিষয়-বস্তুৰ গৱেষণাত গুৰুত্ব দিছিল, "চিনেশিল্পৰ বাবে চিনেমা" আৰু "সমাজৰ বাবে চিনেমা" নিৰ্মাণত গুৰুত্ব দিছিল। "মাণিক ৰাইটং"ৰ কাহিনী-ৰেখাৰ মাজত পাহাৰ-ভৈয়ামৰ সম্প্ৰিীতি, খাচী-অসমীয়াৰ সমন্বয়-সম্প্ৰীতি আনুভৱ কৰিছিল। "এই কাহিনীৰে উপন্যাস এখন লিখিলে 'ইয়াৰুঈঙ্গম'ৰ দৰে হ'ল হেতেন! মই কথাছবিৰ কথা চিন্তা কৰিলোঁ। ভাবিলোঁ-- ছবিয়ে বেছি মানুহৰ মাজলৈ লৈ যাব, মোৰ উদ্দেশ্য সফল হ'ব! মোৰ মূল উদ্দেশ্য আছিল খাচী আৰু অসমীয়াৰ মাজত সেই সময়ত বাঢ়ি যোৱা ভুল বুজাবুজি আঁতৰাই পাহাৰ-ভৈয়ামৰ মাজত সমন্বয়-সম্প্ৰীতি প্ৰতিষ্ঠা কৰাহে!..." (ভূপেন হাজৰিকা/ উৎস: "প্ৰতিধ্বনি"ৰ বিষয়ে/ ৰত্ন ওজা)

শ্বিলঙৰ পৰা গুৱাহাটীলৈ অহা বাটত ভূপেন হাজৰিকাই "মাণিক ৰাইটং"ৰ নাম সলনি কৰিছিল। নতুন নাম ৰাখিছিল-- "প্ৰতিধ্বনি"। চিনেমা খনৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ হৈছিল ১৯৬৪ চনৰ ছেপ্টেম্বৰত। কম সময়তে সম্পূৰ্ণ কৰা চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২২ জানুৱাৰী ১৯৬৫ -ত। বাণিজ্যিক দিশত চিনেমা সফল হোৱা নাছিল। প্ৰযোজক ভূপেন হাজৰিকা কিন্তু হতাশ হোৱা নাছিল! "মোৰ উদ্দেশ্য টকা ঘটা নাছিল। মই বিছৰা ধৰণে ছবি খন হৈছিল। কাম আৰম্ভ হোৱাৰ সময়ত হাতত টকা নাছিল। অসমৰ বিভিন্ন অঞ্চলত-- বৰপেটা, ভোলাগুৰি, দৰং, উত্তৰ লক্ষীমপুৰ, দিগবৈ, ডুমডুমা, গনেশবাৰী, দুলিয়াজান আদিত গীত গালোঁ। ৰাইজে মোক মৰম দিলে। কিছু টকা গোটালোঁ। গীত গোৱা টকাৰেই 'প্ৰতিধ্বনি' কৰিলোঁ। কিছু সহায় কৰিছিল বিখ্যাত চাহ ব্যৱসায়ী হেমেন্দ্ৰ প্ৰসাদ বৰুৱাই। অৱশ্যে কিছু টকা লাভ কৰিব পাৰিলে পাছৰ ছবি কৰিবলৈ শক্তি পালোঁ হেতেন!..." (--ভূপেন হাজৰিকা/ উৎস: বাংলা আলোচনী "কণ্ঠস্বৰ") আবদুল্লাহ আবু ছায়ীদ সম্পাদিত আলোচনী খনত ছপা হোৱা তথ্য: "প্ৰতিধ্বনি"ৰ বাজেট আছিল প্ৰায় ৪ লাখ টকা। ষ্টুডিঅ'ৰ বাহিৰৰ চিত্ৰগ্ৰহণ হৈছিল গুৱাহাটী আৰু চেৰাপুঞ্জীত।

**************

মাণিক তাৰ নাম। গৰখীয়া। বাঁহীয়ো বজায়। খাচী পাহাৰৰ উত্তৰ খণ্ডৰ 'ভয়' অঞ্চলৰ আনক সহায় কৰি ভালপোৱা খেতিয়ক সি। বহুতে তাক কয়-'দোকাইত'। মানে অমংগলীয়া। মাতৃপ্রধান খাচী জনজাতি সমাজৰ সি। ভনীয়েক নাই। শৈশবতে সি সকলো হেৰুৱায়। সম্পত্তি, মাক-দেউতাককো। তাৰ দুখৰ লগৰী-- বাঁহীৰ সুৰ। আনহাতে লিয়েন। দেহত সৌন্দৰ্যৰ ভঁৰাল। দুখীয়া। অপ্রত্যাশিতভাবে মাণিকে তাইক লগ পাইছিল। দুবাৰ-এবাৰ পাহাৰৰ শিখৰত। আনবাৰ তাই নিজৰাত গা ধুই থাকোঁতে। দুয়োৰে মাজত 'মৰম-ভালপোৱা' হয়।

মাণিকৰ অনুভৱত লিয়েন, কেৱল লিয়েন মাকাও। বন্ধু দালিৰ পৰামৰ্শ আৰু তাগিদাত মাণিকে বিয়াৰ প্ৰস্তাৱ লৈ পাহাৰৰ সিপাৰৰ লিয়েনৰ ওচৰলৈ যায়। সি জানিব পালে লিয়েন বিয়া হৈ গ'ল। দুখেৰে ভৰি পৰে মাণিকৰ মন। দুখতে সি গাঁও এৰে।

ক'লৈ গ'ল লিয়েন!

 লিয়েন হ'লগৈ 'বৃদ্ধ 'চিয়েম'ৰ তৰুণী ভাৰ্যা'। তাইৰ নাম বখা হ'ল-- মহাদেউ। কামনা-বাসনা লৈ মহাদেউৱে ৰাতি ৰাতি উচুপে। তাই ৰজাৰ 'সম্পত্তি'হে।।

অসমৰ ৰজাৰ সৈতে জটিল বিষয় এটা সৰল কৰাৰ আলোচনাৰ বাবে 'চিয়েম' ব্রহ্মপুত্র উপত্যকালৈ আহে। ওঠৰ মাহৰ পিছত উভতি গৈ দেখে মহাদেউৱৰ ছমহীয়া শিশু। --সেই শিশুৰ পিতৃ 'চিয়েম' নহয়, মাণিকহে। 'চিয়েম'ৰ অবৰ্তমানত মহাদেউ-মাণিক মিলিত হৈছিল পৰ্বতৰ গুহাত। গোপন অভিসাৰত। --"প্ৰতিধ্বনি"ৰ কাহিনী-ৰেখা।

এটা খাচী সাধুৰ পৰা লোৱা এই কাহিনীৰে, কাহিনীৰ মাজেৰে পাহাৰ-ভৈয়ামত সম্প্ৰীতিৰ 'ছবি আঁকিছে'। কাহিনী-ৰেখাৰ গতিত খাচী আৰু অসমীয়াৰ পৰম্পৰাগত বাদ্য-সুৰ ব্যৱহাৰ কৰিছে। (এই খিনিতে উল্লেখ কৰিব পাৰি-- মেঘালয়ৰ লোক-শিল্পী ফিলকিন লালুৱে খাচী-জয়ন্তীয়া লোক-বাদ্যৰে সংগীতত ভূপেন হাজৰিকাক সহায় কৰিছিল।) কাহিনীৰ গতিত ব্যৱহাৰ কৰিছিল-- বিহু নৃত্য, ৰাস নৃত্য আৰু মিৰি নৃত্য। ব্যৱহাৰ কৰিছিল পাঁচটা গীত-- "শৰত কালৰ ৰাত্ৰি অতি বিতোপন সখী..." (কথা: পৰম্পৰাগত, কণ্ঠ: কবিতা হাজৰিকা), "লিয়েন মাকাও, কোন পাহাৰৰ শিখৰতে..." (কথা: ভূপেন হাজৰিকা, কণ্ঠ: ভূপেন হাজৰিকা, তালাত মাহমুদ), "হে হে হে ঢোলে-দগৰে..." (কথা: ভূপেন হাজৰিকা, কণ্ঠ: ভূপেন হাজৰিকা, বন্দনা হাজৰিকা), "অয় অয় আকাশ শুব..." (কথা: ভূপেন হাজৰিকা, কণ্ঠ: ভূপেন হাজৰিকা, সুমন কল্যাণপুৰ), "দেহি ঐ লুইতৰ সিপাৰে মাজুলী..." (কথা: ভূপেন হাজৰিকা, কণ্ঠ: ভূপেন হাজৰিকা, কবিতা হাজৰিকা)। প্ৰতিটো গীতেই "গল্প" কৈছে, কাহিনীৰ অংগ হৈছে। গীত-আৱহ সংগীতৰ লগতে কেমেৰাৰ ভাষাৰ ইতিবাচক চৰ্চা অৰ্থহীন নহয়। চেৰাপুঞ্জীৰ ডাঠ কুঁৱলী ফ্রেমত লৈ মন চুই যাব পৰা শ্বট লৈছে চিত্রগ্রহণকাৰী বিজয় দেয়ে। 'চিয়েম', মাণিক, লিয়েনৰ চৰিত্ৰত অভিনয় কৰিছিল ক্রমে বিষ্ণুপ্ৰসাদ ৰাভা, পবিত্র বৰকাকতি, ইভা আচাওরে। অন্যান্য চৰিত্ৰত অভিনয় কৰিছিল ফণী শৰ্মা, বিদ্যা বাও, বঞ্জনা বৰদলৈ, কৃষ্ণা দাস, মাণিক দাস আদিয়ে।





চিনেমা খনৰ

প্রযোজক, চিত্ৰনাট্য, পৰিচালনা, সংগীত: ডঃ ভূপেন হাজৰিকা

চিত্রগ্রহণ: বিজয় দে

সম্পাদক: বাস বিহাৰী সিন্‌হা

অভিনয়ত: বিষ্ণু ৰাভা, ফণী শৰ্মা, ইভা আচাও, বিদ্যা ৰাও, পবিত্র বৰকাকতি, ৰঞ্জনা বৰদলৈ, কৃষ্ণা দাস, ৰঞ্জনা বৰদলৈ, স্বাগতা চক্রবর্তী, কমল চৌধুৰী, নিৰদা ভূঞা, মাণিক দাস, তৰুণ দুৱৰা, শুভ বৰুৱা, শৰৎ দাস, ধীৰাজ দাস, হীৰামণ গোস্বামী, আনন্দ ভাগৱতী...

চিত্রগৃহলৈ আহিছিল: ১০ জানুৱাৰী, ১৯৬৪





মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...