সরাসরি প্রধান সামগ্রীতে চলে যান

ভূপেন হাজৰিকাৰ ৰূপালী খোজ /৩

"প্ৰতিধ্বনি" নাম নাছিল। 

এটি কাহিনী ঠিক-ঠাক কৰিছিল ভূপেন হাজৰিকাই। মনৰ মাজতে। নাম ৰাখিছিল-- "মাণিক ৰাইটং"। খাচী লোক-গাথাৰ আধাৰত। চন: ১৯৬২। কামটো যিহেতু ফেনৰ তলত বহি কৰিব পৰা নাছিল, ভূপেন হাজৰিকা গৈ মেঘালয় পাইছিল, শ্বিলঙত বাহৰ পাতিছিল। "খাচী সকলৰ পুৰণি সাজ-পোছাক, আহাৰ-বিহাৰ আৰু সামাজিক ৰীতি-নীতিবোৰৰ বিষয়ে অধ্যয়ণ কৰিছিলোঁ। তেওঁলোকৰ সাংস্কৃতিক জীৱন-ধাৰ, লাহো আৰু নংক্ৰেম নামৰ নৃত্য-গীতৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ। ..." (ভূপেন হাজৰিকা/ মই এটি যাযাবৰ।) স্পষ্ট-- চিনেমা খনৰ লেখক-পৰিচালকে বিষয়-বস্তুৰ গৱেষণাত গুৰুত্ব দিছিল, "চিনেশিল্পৰ বাবে চিনেমা" আৰু "সমাজৰ বাবে চিনেমা" নিৰ্মাণত গুৰুত্ব দিছিল। "মাণিক ৰাইটং"ৰ কাহিনী-ৰেখাৰ মাজত পাহাৰ-ভৈয়ামৰ সম্প্ৰিীতি, খাচী-অসমীয়াৰ সমন্বয়-সম্প্ৰীতি আনুভৱ কৰিছিল। "এই কাহিনীৰে উপন্যাস এখন লিখিলে 'ইয়াৰুঈঙ্গম'ৰ দৰে হ'ল হেতেন! মই কথাছবিৰ কথা চিন্তা কৰিলোঁ। ভাবিলোঁ-- ছবিয়ে বেছি মানুহৰ মাজলৈ লৈ যাব, মোৰ উদ্দেশ্য সফল হ'ব! মোৰ মূল উদ্দেশ্য আছিল খাচী আৰু অসমীয়াৰ মাজত সেই সময়ত বাঢ়ি যোৱা ভুল বুজাবুজি আঁতৰাই পাহাৰ-ভৈয়ামৰ মাজত সমন্বয়-সম্প্ৰীতি প্ৰতিষ্ঠা কৰাহে!..." (ভূপেন হাজৰিকা/ উৎস: "প্ৰতিধ্বনি"ৰ বিষয়ে/ ৰত্ন ওজা)

শ্বিলঙৰ পৰা গুৱাহাটীলৈ অহা বাটত ভূপেন হাজৰিকাই "মাণিক ৰাইটং"ৰ নাম সলনি কৰিছিল। নতুন নাম ৰাখিছিল-- "প্ৰতিধ্বনি"। চিনেমা খনৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ হৈছিল ১৯৬৪ চনৰ ছেপ্টেম্বৰত। কম সময়তে সম্পূৰ্ণ কৰা চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২২ জানুৱাৰী ১৯৬৫ -ত। বাণিজ্যিক দিশত চিনেমা সফল হোৱা নাছিল। প্ৰযোজক ভূপেন হাজৰিকা কিন্তু হতাশ হোৱা নাছিল! "মোৰ উদ্দেশ্য টকা ঘটা নাছিল। মই বিছৰা ধৰণে ছবি খন হৈছিল। কাম আৰম্ভ হোৱাৰ সময়ত হাতত টকা নাছিল। অসমৰ বিভিন্ন অঞ্চলত-- বৰপেটা, ভোলাগুৰি, দৰং, উত্তৰ লক্ষীমপুৰ, দিগবৈ, ডুমডুমা, গনেশবাৰী, দুলিয়াজান আদিত গীত গালোঁ। ৰাইজে মোক মৰম দিলে। কিছু টকা গোটালোঁ। গীত গোৱা টকাৰেই 'প্ৰতিধ্বনি' কৰিলোঁ। কিছু সহায় কৰিছিল বিখ্যাত চাহ ব্যৱসায়ী হেমেন্দ্ৰ প্ৰসাদ বৰুৱাই। অৱশ্যে কিছু টকা লাভ কৰিব পাৰিলে পাছৰ ছবি কৰিবলৈ শক্তি পালোঁ হেতেন!..." (--ভূপেন হাজৰিকা/ উৎস: বাংলা আলোচনী "কণ্ঠস্বৰ") আবদুল্লাহ আবু ছায়ীদ সম্পাদিত আলোচনী খনত ছপা হোৱা তথ্য: "প্ৰতিধ্বনি"ৰ বাজেট আছিল প্ৰায় ৪ লাখ টকা। ষ্টুডিঅ'ৰ বাহিৰৰ চিত্ৰগ্ৰহণ হৈছিল গুৱাহাটী আৰু চেৰাপুঞ্জীত।

**************

মাণিক তাৰ নাম। গৰখীয়া। বাঁহীয়ো বজায়। খাচী পাহাৰৰ উত্তৰ খণ্ডৰ 'ভয়' অঞ্চলৰ আনক সহায় কৰি ভালপোৱা খেতিয়ক সি। বহুতে তাক কয়-'দোকাইত'। মানে অমংগলীয়া। মাতৃপ্রধান খাচী জনজাতি সমাজৰ সি। ভনীয়েক নাই। শৈশবতে সি সকলো হেৰুৱায়। সম্পত্তি, মাক-দেউতাককো। তাৰ দুখৰ লগৰী-- বাঁহীৰ সুৰ। আনহাতে লিয়েন। দেহত সৌন্দৰ্যৰ ভঁৰাল। দুখীয়া। অপ্রত্যাশিতভাবে মাণিকে তাইক লগ পাইছিল। দুবাৰ-এবাৰ পাহাৰৰ শিখৰত। আনবাৰ তাই নিজৰাত গা ধুই থাকোঁতে। দুয়োৰে মাজত 'মৰম-ভালপোৱা' হয়।

মাণিকৰ অনুভৱত লিয়েন, কেৱল লিয়েন মাকাও। বন্ধু দালিৰ পৰামৰ্শ আৰু তাগিদাত মাণিকে বিয়াৰ প্ৰস্তাৱ লৈ পাহাৰৰ সিপাৰৰ লিয়েনৰ ওচৰলৈ যায়। সি জানিব পালে লিয়েন বিয়া হৈ গ'ল। দুখেৰে ভৰি পৰে মাণিকৰ মন। দুখতে সি গাঁও এৰে।

ক'লৈ গ'ল লিয়েন!

 লিয়েন হ'লগৈ 'বৃদ্ধ 'চিয়েম'ৰ তৰুণী ভাৰ্যা'। তাইৰ নাম বখা হ'ল-- মহাদেউ। কামনা-বাসনা লৈ মহাদেউৱে ৰাতি ৰাতি উচুপে। তাই ৰজাৰ 'সম্পত্তি'হে।।

অসমৰ ৰজাৰ সৈতে জটিল বিষয় এটা সৰল কৰাৰ আলোচনাৰ বাবে 'চিয়েম' ব্রহ্মপুত্র উপত্যকালৈ আহে। ওঠৰ মাহৰ পিছত উভতি গৈ দেখে মহাদেউৱৰ ছমহীয়া শিশু। --সেই শিশুৰ পিতৃ 'চিয়েম' নহয়, মাণিকহে। 'চিয়েম'ৰ অবৰ্তমানত মহাদেউ-মাণিক মিলিত হৈছিল পৰ্বতৰ গুহাত। গোপন অভিসাৰত। --"প্ৰতিধ্বনি"ৰ কাহিনী-ৰেখা।

এটা খাচী সাধুৰ পৰা লোৱা এই কাহিনীৰে, কাহিনীৰ মাজেৰে পাহাৰ-ভৈয়ামত সম্প্ৰীতিৰ 'ছবি আঁকিছে'। কাহিনী-ৰেখাৰ গতিত খাচী আৰু অসমীয়াৰ পৰম্পৰাগত বাদ্য-সুৰ ব্যৱহাৰ কৰিছে। (এই খিনিতে উল্লেখ কৰিব পাৰি-- মেঘালয়ৰ লোক-শিল্পী ফিলকিন লালুৱে খাচী-জয়ন্তীয়া লোক-বাদ্যৰে সংগীতত ভূপেন হাজৰিকাক সহায় কৰিছিল।) কাহিনীৰ গতিত ব্যৱহাৰ কৰিছিল-- বিহু নৃত্য, ৰাস নৃত্য আৰু মিৰি নৃত্য। ব্যৱহাৰ কৰিছিল পাঁচটা গীত-- "শৰত কালৰ ৰাত্ৰি অতি বিতোপন সখী..." (কথা: পৰম্পৰাগত, কণ্ঠ: কবিতা হাজৰিকা), "লিয়েন মাকাও, কোন পাহাৰৰ শিখৰতে..." (কথা: ভূপেন হাজৰিকা, কণ্ঠ: ভূপেন হাজৰিকা, তালাত মাহমুদ), "হে হে হে ঢোলে-দগৰে..." (কথা: ভূপেন হাজৰিকা, কণ্ঠ: ভূপেন হাজৰিকা, বন্দনা হাজৰিকা), "অয় অয় আকাশ শুব..." (কথা: ভূপেন হাজৰিকা, কণ্ঠ: ভূপেন হাজৰিকা, সুমন কল্যাণপুৰ), "দেহি ঐ লুইতৰ সিপাৰে মাজুলী..." (কথা: ভূপেন হাজৰিকা, কণ্ঠ: ভূপেন হাজৰিকা, কবিতা হাজৰিকা)। প্ৰতিটো গীতেই "গল্প" কৈছে, কাহিনীৰ অংগ হৈছে। গীত-আৱহ সংগীতৰ লগতে কেমেৰাৰ ভাষাৰ ইতিবাচক চৰ্চা অৰ্থহীন নহয়। চেৰাপুঞ্জীৰ ডাঠ কুঁৱলী ফ্রেমত লৈ মন চুই যাব পৰা শ্বট লৈছে চিত্রগ্রহণকাৰী বিজয় দেয়ে। 'চিয়েম', মাণিক, লিয়েনৰ চৰিত্ৰত অভিনয় কৰিছিল ক্রমে বিষ্ণুপ্ৰসাদ ৰাভা, পবিত্র বৰকাকতি, ইভা আচাওরে। অন্যান্য চৰিত্ৰত অভিনয় কৰিছিল ফণী শৰ্মা, বিদ্যা বাও, বঞ্জনা বৰদলৈ, কৃষ্ণা দাস, মাণিক দাস আদিয়ে।





চিনেমা খনৰ

প্রযোজক, চিত্ৰনাট্য, পৰিচালনা, সংগীত: ডঃ ভূপেন হাজৰিকা

চিত্রগ্রহণ: বিজয় দে

সম্পাদক: বাস বিহাৰী সিন্‌হা

অভিনয়ত: বিষ্ণু ৰাভা, ফণী শৰ্মা, ইভা আচাও, বিদ্যা ৰাও, পবিত্র বৰকাকতি, ৰঞ্জনা বৰদলৈ, কৃষ্ণা দাস, ৰঞ্জনা বৰদলৈ, স্বাগতা চক্রবর্তী, কমল চৌধুৰী, নিৰদা ভূঞা, মাণিক দাস, তৰুণ দুৱৰা, শুভ বৰুৱা, শৰৎ দাস, ধীৰাজ দাস, হীৰামণ গোস্বামী, আনন্দ ভাগৱতী...

চিত্রগৃহলৈ আহিছিল: ১০ জানুৱাৰী, ১৯৬৪





মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...