সরাসরি প্রধান সামগ্রীতে চলে যান

লটিঘটি / চিনেচৰ্চা

"কোন ক'ত লটিঘটি" আছিল চিনেমা খনৰ নাম। পাছত সলনি কৰিলে-- "লটিঘটি" । মহুৰৎ হোৱাৰ পাছত, চিত্ৰগ্ৰহণৰ কাম আগবঢ়াৰ পাছত চিনেমা খনৰ লেখক-পৰিচালক ভূপেন হাজৰিকাই "কোন ক'ত" শব্দ দুটা বাদ দিছিল। মহুৰৎ হৈছিল ১৯৬৫ চনৰ ১৪ এপ্ৰিলত, কলকাতাৰ (তেতিয়াৰ কলিকতাৰ) টালিগঞ্জৰ ফিল্ম ছাৰ্ভিচ লেব'ৰেটৰিৰ উদ্যানত । ক্লেপষ্টিক দিছিল ৰাধাগোবিন্দ বৰুৱাই।চিত্ৰগৃহলৈ আহিছিল ২৫ নৱেম্বৰ ১৯৬৬ -ত, গুৱাহাটীৰ মেঘদূত চিত্ৰগৃহত। প্ৰিণ্টৰ সংখ্যা আছিল ৩টা। 

"প্ৰতিধ্বনি"ৰ বাণিজ্যিক বিফলতাৰ পাছত চিনেমা লেখক, চিনেমা পৰিচালক, চিনেমা প্ৰযোজক ভূপেন হাজাৰিকাৰ মনলৈ আহিছিল-- জ্যোতিপ্ৰসাদ আগৰৱালাৰ "বজাৰ চিন্তা"। "১৯৬৪ চন গ'ল, আহিল '৬৫। বছৰটোৰ প্ৰথম ভাগতে মই ঠিক কৰিলোঁ-- সৰু ছবি এখন কৰিম। তেৰ দিনতে শ্বুটিং শেষ কৰিম, ঠিক যেনেকৈ জ্যোতি ককাইদেৱে 'ইন্দ্ৰ-মালতী" কৰিছিল। তেওঁ কৈছিল-- 'জয়মতীত খৰচ বহুত হ'ল। এইবাৰ কম পইচাত ইন্দ্ৰ-মালতী কৰিম।' একেদৰে ময়ো কম খৰচতে 'লটিঘটি' খন কৰিবলৈ মনস্থ কৰিলোঁ।..." (--ভূপেন হাজৰিকা/ "মই এটি যাযাবৰ")

--কম বাজেট! ১ লাখৰ অলপ বেছি! গতিকে লাভ হৈছিল প্ৰযোজকৰ। কেৱল মেঘদূত চিত্ৰগৃহৰ প্ৰযোজকে প্ৰযোজক ভূপেন হাজৰিকাক দিছিল ৪০ হাজাৰ টকা। ভূপেন হাজৰিকাই লিখিছিল-- "খুব কমত কৰিছিলোঁ বাবে লাভ বেছি হ'ল।..." ( "মই এটি যাযাবৰ")

চিনেমা খনৰ কাহিনীৰ "চৰিত্ৰ"বোৰ আজিৰ তাৰিখতো দেখা যায়। "প্ৰেমকুমাৰ"ৰ সংখ্যা অসমীয়ি চিনেমাৰ ক্ষেত্ৰ খনত বাঢ়ি আছে। (প্ৰেমকুমাৰৰ দৰে "চৰিত্ৰ"ই আজিৰ তাৰিখতো অসমীয়া চিনেমাৰ ক্ষতি কৰি আছে।)

প্ৰেম কুমাৰে "চিনেমা" নুবুজে, নাজানে; কিন্তু চিনেমা নিৰ্মাণৰ ইচ্ছা। --কেনে ধৰণৰ চিনেমা নিৰ্মাণ কৰিব! বোম্বেমাৰ্কা অসমীয়া চিনেমা। টকাৰ আকাল নাই। প্ৰেমকুমাৰৰ দেউতা ৰামনাথ মহাজনৰ অজস্ৰ টকা। ব্যবসায়ত দুর্নীতি কৰি ৰাতিটোৰ ভিতৰতে লাখপতি হোৱা মহাজনে "চিনেমা"তো টকাহে দেখিছে! 'মিঠাতেলৰ লগত মবিল মিহলাই' ধনী হোৱা মহাজনে পুতেক প্ৰেমকুমাৰক  'চংস্কৃতিৰ লগত ব্যবসায় মিহলাই' কোটিপতি হােৱাৰ বাট দেখুৱাইছে। পুতেকক মহাজনে টকা ৮০ হেজাৰ দিলে এই চর্তত--   'টকা পোৱা, হিন্দী টাইপৰ, ৰাতি চলা বিধৰ ছবি' নিৰ্মাণ কৰিব লাগিব। ৮০ হাজাৰ টকা দেউতাকৰ পৰা লৈ মদনকুমাৰে  'আল্ট্রা মডার্ন চাংস্কৃতিক মুভীটোন' নামৰ এটা কোম্পানী গঠন কৰিলে। হাতত ল'লে প্ৰথম খন চিনেমা-- "লটিঘটি"। চিনেমাৰ শ্বুটিং কৰিম বুলি কলিকতা (কলকাতা) পালে। কলিকতাৰ 'ব্ৰহমপুৰী ষ্টুডিঅ'ত শ্বুটিং আৰাম্ভ হ'ল। কাম শেষ হোৱাৰ আগতে মদন কুমাৰৰ টকা শেষ হ'ল। টকা বিছাৰি আকৌ দেউতাকৰ ওচৰ পালে। আৰু ৫০ হাজাৰ টকাৰ প্ৰয়োজন। প্ৰয়োজন পূৰাবলৈ আগবাঢ়ি আহিল দেউতাকৰ হৈ কলিকতাৰ বাঁহ ব্যবসায়ী শেঠ বাসুদেৱ। বাসুদেৱকো লাগে কেৱল "বজাৰ"।  বজাৰৰ অংকত চিনে-চিন্তাত চহকী পৰিচালকৰ মনত আউল লাগিল। প্ৰযোজকৰ পুতলা হ'ল! পৰিচালকৰো পেট-ভাতৰ চিন্তা আছে নহয়! দৰিদ্র পৰিচালক, 'টেকনিচিয়ান' ভৱতাৰণে এজন ভায়েকক কলেজত পঢ়ুৱাব লাগে, এগৰাকী ভনীয়েকক বিয়া দিব লাগে। তেওঁ নিৰুপায়। এফালে বিবেক, আনফালে টকা। মনৰ বিপৰীতে গৈ চিত্ৰনাট্য সলনি কৰিলে। চিনেমা কৰিবলৈ যোৱা সঁচা শিল্পী, সত্রীয়া শিল্পী গণপতি গায়ন আদিৰ লটিঘটি হ'ল।

"শেষ দৃশ্যত নায়ক মদনৰ হতুৱাই দিগন্তক তিনিটা ঘোচা মৰোৱা হ'ল। কিন্তু চিত্রনাট্য উলাই কৰি মদনে তিনিটা ঘোচা মাৰিলে দিগন্তক। ইয়াৰ পাছত ডঃ হাজৰিকাই প্রশ্ন কৰিছে অসমীয়া ৰাইজক--

'অসমৰ সংস্কৃতিৰ ক্ষেত্ৰত অমার্জিত ৰুচিৰ টকা থকা লোকে এনেকৈ মৰা মানসিক ঘোচাবোৰ আদর্শবাদী দিগন্তসমূহে আৰু সংগ্রামী কলা-কুশলী ভৱতাৰণ ভূঞাসমূহে সদায় সহি থাকিবনে?' 'লটিঘটি' ছবি কৰিবলৈ গৈ লটিঘটি হোৱা সত্রীয়া শিল্পী গণপতি গায়ন আদিয়ে এই লটিঘটি সহ্য কৰি থাকিবনে। শেঠ বাসুদেব আৰু ৰামনাথ মহাজনৰ দৰে লোকসমূহে সংস্কৃতিক মৰাপাট বা মিঠাতেলৰ ব্যৱসায় বুলি ভাবিবলৈ এৰিবনে? শব্দযন্ত্রী কর্ণেন্দ্রিয় গুপ্তই কিয় ইৰাণীৰ পিনে চাই চিঞৰিছিল--সুস্থ ছবিৰ দিগন্ত নমৰেই, মধুমতীৰ মাজেৰে দিগন্তৰ আদর্শই ৰূপ পাবনে? ভৱতাৰণে সপোন দেখা, অসমীয়া বোলছবিৰ দিগন্ত মধুৰ হ'বগৈনে?'..." (উৎস: প্ৰফুল্ল কুমাৰ দত্তৰ "ৰংঘৰ" আলোচনীত প্ৰকাশ পোৱা লেখা)


আহিছোঁ চিনেমা খনৰ গীত, সংগীত প্ৰসংগলৈ। আৱহ সংগীতেৰ ৰূপালী গল্পটোৰ সৌন্দৰ্য বঢ়াইছে চিনেমা খনৰ পৰিচালক, সংগীত পৰিচালক ভূপেন হাজৰিকাই। কাহিনী-ৰেখাৰ গতিত ব্যৱহাৰ কৰিছে-- "ৰমজানৰে ৰোজা গ'ল... (কথা: ভূপেন হাজৰিকা, কণ্ঠ: মহম্মদ ৰফি, ভূপেন হাজৰিকা, মীৰা চিৰা, যশোধাৰা, সুলোচনা), "ফাগুন আয়োৰে হাঠিলা মাৰী বাজে বাসুঁৰী..." (কথা: গজানন বৰ্মা, কণ্ঠ: গীতা দাস, মণিষা সেনগুপ্ত), "জীৱনটো যদি অভিনয় হয়... (কথা: ভূপেন হাজৰিকা, কণ্ঠ: জয়ন্তু হাজৰিকা, ইলা বসু), "টিৰাপ সীমান্ত ৰূপৰ নাই অন্ত... (কথা-কণ্ঠ: ভূপেন হাজৰিকা), "কোনে কয় মই অকলশৰীয়া..." (কথা-কণ্ঠ: ভূপেন হাজৰিকা), "সহস্ৰ জনে মোক প্ৰশ্ন কৰে..." (কথা-কণ্ঠ: ভূপেন হাজৰিকা), "প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা..." (কথা-কণ্ঠ: ভূপেন হাজৰিকা), "কোন ক'ত লটিঘটি কিনো ভৈল কাল..." (কথা: নিৰ্মলপ্ৰভা বৰদলৈ, কণ্ঠ: ভুপেন হাজৰিকা, জয়ন্ত হাজৰিকা, গীতা দাস, অনিল দত্ত) গীত কেইটা।

"লটিঘটি"ৰ...

প্ৰযোজক, পৰিচালক, কাহিনী-চিত্ৰনাট্য, সংগীত: ভূপেন হাজৰিকা

চিত্ৰগ্ৰহণ: শক্তি দত্ত

সম্পাদনা: ৰাস বিহাৰী সিন্‌হা

অভিনয়ত: বিজয় শংকৰ, বিদ্যা ৰাও, শৰৎ দাস, ৰত্ন ওজা, কুলদা কুমাৰ ভট্টাচাৰ্য, হৰিনাৰায়ণ দাস, জ্যোতিষ ভট্টাচাৰ্য, জহৰ ৰয়, নিৰুপতি চেটাৰ্জী, বেবি গুপ্তা আদিয়ে অভিনয় কৰিছিল। চিনেমা খনৰ 'জীৱনটো যদি অভিনয় হয়' গীতটো জয়ন্ত হাজৰিকা আৰু মণিষা সেনগুপ্তাক লৈ চিত্ৰায়ণ কৰিছিল।

(আৰু আছে)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...