সরাসরি প্রধান সামগ্রীতে চলে যান

লটিঘটি / চিনেচৰ্চা

"কোন ক'ত লটিঘটি" আছিল চিনেমা খনৰ নাম। পাছত সলনি কৰিলে-- "লটিঘটি" । মহুৰৎ হোৱাৰ পাছত, চিত্ৰগ্ৰহণৰ কাম আগবঢ়াৰ পাছত চিনেমা খনৰ লেখক-পৰিচালক ভূপেন হাজৰিকাই "কোন ক'ত" শব্দ দুটা বাদ দিছিল। মহুৰৎ হৈছিল ১৯৬৫ চনৰ ১৪ এপ্ৰিলত, কলকাতাৰ (তেতিয়াৰ কলিকতাৰ) টালিগঞ্জৰ ফিল্ম ছাৰ্ভিচ লেব'ৰেটৰিৰ উদ্যানত । ক্লেপষ্টিক দিছিল ৰাধাগোবিন্দ বৰুৱাই।চিত্ৰগৃহলৈ আহিছিল ২৫ নৱেম্বৰ ১৯৬৬ -ত, গুৱাহাটীৰ মেঘদূত চিত্ৰগৃহত। প্ৰিণ্টৰ সংখ্যা আছিল ৩টা। 

"প্ৰতিধ্বনি"ৰ বাণিজ্যিক বিফলতাৰ পাছত চিনেমা লেখক, চিনেমা পৰিচালক, চিনেমা প্ৰযোজক ভূপেন হাজাৰিকাৰ মনলৈ আহিছিল-- জ্যোতিপ্ৰসাদ আগৰৱালাৰ "বজাৰ চিন্তা"। "১৯৬৪ চন গ'ল, আহিল '৬৫। বছৰটোৰ প্ৰথম ভাগতে মই ঠিক কৰিলোঁ-- সৰু ছবি এখন কৰিম। তেৰ দিনতে শ্বুটিং শেষ কৰিম, ঠিক যেনেকৈ জ্যোতি ককাইদেৱে 'ইন্দ্ৰ-মালতী" কৰিছিল। তেওঁ কৈছিল-- 'জয়মতীত খৰচ বহুত হ'ল। এইবাৰ কম পইচাত ইন্দ্ৰ-মালতী কৰিম।' একেদৰে ময়ো কম খৰচতে 'লটিঘটি' খন কৰিবলৈ মনস্থ কৰিলোঁ।..." (--ভূপেন হাজৰিকা/ "মই এটি যাযাবৰ")

--কম বাজেট! ১ লাখৰ অলপ বেছি! গতিকে লাভ হৈছিল প্ৰযোজকৰ। কেৱল মেঘদূত চিত্ৰগৃহৰ প্ৰযোজকে প্ৰযোজক ভূপেন হাজৰিকাক দিছিল ৪০ হাজাৰ টকা। ভূপেন হাজৰিকাই লিখিছিল-- "খুব কমত কৰিছিলোঁ বাবে লাভ বেছি হ'ল।..." ( "মই এটি যাযাবৰ")

চিনেমা খনৰ কাহিনীৰ "চৰিত্ৰ"বোৰ আজিৰ তাৰিখতো দেখা যায়। "প্ৰেমকুমাৰ"ৰ সংখ্যা অসমীয়ি চিনেমাৰ ক্ষেত্ৰ খনত বাঢ়ি আছে। (প্ৰেমকুমাৰৰ দৰে "চৰিত্ৰ"ই আজিৰ তাৰিখতো অসমীয়া চিনেমাৰ ক্ষতি কৰি আছে।)

প্ৰেম কুমাৰে "চিনেমা" নুবুজে, নাজানে; কিন্তু চিনেমা নিৰ্মাণৰ ইচ্ছা। --কেনে ধৰণৰ চিনেমা নিৰ্মাণ কৰিব! বোম্বেমাৰ্কা অসমীয়া চিনেমা। টকাৰ আকাল নাই। প্ৰেমকুমাৰৰ দেউতা ৰামনাথ মহাজনৰ অজস্ৰ টকা। ব্যবসায়ত দুর্নীতি কৰি ৰাতিটোৰ ভিতৰতে লাখপতি হোৱা মহাজনে "চিনেমা"তো টকাহে দেখিছে! 'মিঠাতেলৰ লগত মবিল মিহলাই' ধনী হোৱা মহাজনে পুতেক প্ৰেমকুমাৰক  'চংস্কৃতিৰ লগত ব্যবসায় মিহলাই' কোটিপতি হােৱাৰ বাট দেখুৱাইছে। পুতেকক মহাজনে টকা ৮০ হেজাৰ দিলে এই চর্তত--   'টকা পোৱা, হিন্দী টাইপৰ, ৰাতি চলা বিধৰ ছবি' নিৰ্মাণ কৰিব লাগিব। ৮০ হাজাৰ টকা দেউতাকৰ পৰা লৈ মদনকুমাৰে  'আল্ট্রা মডার্ন চাংস্কৃতিক মুভীটোন' নামৰ এটা কোম্পানী গঠন কৰিলে। হাতত ল'লে প্ৰথম খন চিনেমা-- "লটিঘটি"। চিনেমাৰ শ্বুটিং কৰিম বুলি কলিকতা (কলকাতা) পালে। কলিকতাৰ 'ব্ৰহমপুৰী ষ্টুডিঅ'ত শ্বুটিং আৰাম্ভ হ'ল। কাম শেষ হোৱাৰ আগতে মদন কুমাৰৰ টকা শেষ হ'ল। টকা বিছাৰি আকৌ দেউতাকৰ ওচৰ পালে। আৰু ৫০ হাজাৰ টকাৰ প্ৰয়োজন। প্ৰয়োজন পূৰাবলৈ আগবাঢ়ি আহিল দেউতাকৰ হৈ কলিকতাৰ বাঁহ ব্যবসায়ী শেঠ বাসুদেৱ। বাসুদেৱকো লাগে কেৱল "বজাৰ"।  বজাৰৰ অংকত চিনে-চিন্তাত চহকী পৰিচালকৰ মনত আউল লাগিল। প্ৰযোজকৰ পুতলা হ'ল! পৰিচালকৰো পেট-ভাতৰ চিন্তা আছে নহয়! দৰিদ্র পৰিচালক, 'টেকনিচিয়ান' ভৱতাৰণে এজন ভায়েকক কলেজত পঢ়ুৱাব লাগে, এগৰাকী ভনীয়েকক বিয়া দিব লাগে। তেওঁ নিৰুপায়। এফালে বিবেক, আনফালে টকা। মনৰ বিপৰীতে গৈ চিত্ৰনাট্য সলনি কৰিলে। চিনেমা কৰিবলৈ যোৱা সঁচা শিল্পী, সত্রীয়া শিল্পী গণপতি গায়ন আদিৰ লটিঘটি হ'ল।

"শেষ দৃশ্যত নায়ক মদনৰ হতুৱাই দিগন্তক তিনিটা ঘোচা মৰোৱা হ'ল। কিন্তু চিত্রনাট্য উলাই কৰি মদনে তিনিটা ঘোচা মাৰিলে দিগন্তক। ইয়াৰ পাছত ডঃ হাজৰিকাই প্রশ্ন কৰিছে অসমীয়া ৰাইজক--

'অসমৰ সংস্কৃতিৰ ক্ষেত্ৰত অমার্জিত ৰুচিৰ টকা থকা লোকে এনেকৈ মৰা মানসিক ঘোচাবোৰ আদর্শবাদী দিগন্তসমূহে আৰু সংগ্রামী কলা-কুশলী ভৱতাৰণ ভূঞাসমূহে সদায় সহি থাকিবনে?' 'লটিঘটি' ছবি কৰিবলৈ গৈ লটিঘটি হোৱা সত্রীয়া শিল্পী গণপতি গায়ন আদিয়ে এই লটিঘটি সহ্য কৰি থাকিবনে। শেঠ বাসুদেব আৰু ৰামনাথ মহাজনৰ দৰে লোকসমূহে সংস্কৃতিক মৰাপাট বা মিঠাতেলৰ ব্যৱসায় বুলি ভাবিবলৈ এৰিবনে? শব্দযন্ত্রী কর্ণেন্দ্রিয় গুপ্তই কিয় ইৰাণীৰ পিনে চাই চিঞৰিছিল--সুস্থ ছবিৰ দিগন্ত নমৰেই, মধুমতীৰ মাজেৰে দিগন্তৰ আদর্শই ৰূপ পাবনে? ভৱতাৰণে সপোন দেখা, অসমীয়া বোলছবিৰ দিগন্ত মধুৰ হ'বগৈনে?'..." (উৎস: প্ৰফুল্ল কুমাৰ দত্তৰ "ৰংঘৰ" আলোচনীত প্ৰকাশ পোৱা লেখা)


আহিছোঁ চিনেমা খনৰ গীত, সংগীত প্ৰসংগলৈ। আৱহ সংগীতেৰ ৰূপালী গল্পটোৰ সৌন্দৰ্য বঢ়াইছে চিনেমা খনৰ পৰিচালক, সংগীত পৰিচালক ভূপেন হাজৰিকাই। কাহিনী-ৰেখাৰ গতিত ব্যৱহাৰ কৰিছে-- "ৰমজানৰে ৰোজা গ'ল... (কথা: ভূপেন হাজৰিকা, কণ্ঠ: মহম্মদ ৰফি, ভূপেন হাজৰিকা, মীৰা চিৰা, যশোধাৰা, সুলোচনা), "ফাগুন আয়োৰে হাঠিলা মাৰী বাজে বাসুঁৰী..." (কথা: গজানন বৰ্মা, কণ্ঠ: গীতা দাস, মণিষা সেনগুপ্ত), "জীৱনটো যদি অভিনয় হয়... (কথা: ভূপেন হাজৰিকা, কণ্ঠ: জয়ন্তু হাজৰিকা, ইলা বসু), "টিৰাপ সীমান্ত ৰূপৰ নাই অন্ত... (কথা-কণ্ঠ: ভূপেন হাজৰিকা), "কোনে কয় মই অকলশৰীয়া..." (কথা-কণ্ঠ: ভূপেন হাজৰিকা), "সহস্ৰ জনে মোক প্ৰশ্ন কৰে..." (কথা-কণ্ঠ: ভূপেন হাজৰিকা), "প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা..." (কথা-কণ্ঠ: ভূপেন হাজৰিকা), "কোন ক'ত লটিঘটি কিনো ভৈল কাল..." (কথা: নিৰ্মলপ্ৰভা বৰদলৈ, কণ্ঠ: ভুপেন হাজৰিকা, জয়ন্ত হাজৰিকা, গীতা দাস, অনিল দত্ত) গীত কেইটা।

"লটিঘটি"ৰ...

প্ৰযোজক, পৰিচালক, কাহিনী-চিত্ৰনাট্য, সংগীত: ভূপেন হাজৰিকা

চিত্ৰগ্ৰহণ: শক্তি দত্ত

সম্পাদনা: ৰাস বিহাৰী সিন্‌হা

অভিনয়ত: বিজয় শংকৰ, বিদ্যা ৰাও, শৰৎ দাস, ৰত্ন ওজা, কুলদা কুমাৰ ভট্টাচাৰ্য, হৰিনাৰায়ণ দাস, জ্যোতিষ ভট্টাচাৰ্য, জহৰ ৰয়, নিৰুপতি চেটাৰ্জী, বেবি গুপ্তা আদিয়ে অভিনয় কৰিছিল। চিনেমা খনৰ 'জীৱনটো যদি অভিনয় হয়' গীতটো জয়ন্ত হাজৰিকা আৰু মণিষা সেনগুপ্তাক লৈ চিত্ৰায়ণ কৰিছিল।

(আৰু আছে)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...