জুবিন-- চিনেমাৰ অভিনেতা, "নায়ক" (আৰু লেখক-পৰিচালক। এই প্ৰসংগত ইতিমধ্যে চৰ্চা কৰিছোঁ।)। চিনেযাত্ৰা-- সংগীতেৰে। "হিয়া দিয়া নিয়া"ৰ সংগীত পৰিচালনাৰ প্ৰস্তাৱ পোৱাৰ সময়ত জুবিন ব্যস্ত আছিল "তুমি মোৰ মাথো মোৰ"ৰ কামত। পৰিচালনা কৰিব। নিজকে "নায়ক" নিৰ্মাণ কৰিব।সংগীতৰ কাম কৰিব। প্ৰথমে হাতত লোৱা "তুমি মোৰ মাথোঁ মোৰ" চিত্ৰগৃহলৈ আহিছিল ২৪ মাৰ্চ ২০০০ -ত।
হাতত লোৱা দ্বিতীয় খন চিনেমা "হিয়া দিয়া নিয়া" চিত্ৰগৃহলৈ আহিছিল ২৫ ফেব্ৰুৱাৰী ২০০০ -ত। মুনিন বৰুৱাৰ পৰিচালনা "হিয়া দিয়া নিয়া"ত জুবিনে সংগীত পৰিচালনা কৰিছিল। গীতত কণ্ঠ দান কৰিছিল। এটা গীত লিখিছিল। জুবিনে লিখা, সুৰেৰে সজোৱা, গোৱা (থীম্ চং) "হিয়া দিয়া নিয়া..." ৰূপালী গল্পটোৰ প্ৰধান অলংকাৰলৈ ৰূপান্তৰ হৈছিল, জনপ্ৰিয় হৈছিল (আজিও জনপ্ৰিয়)। কাহিনীৰ গতিত চিনেমা খনত ব্যৱহাৰ হৈছিল আৰু ৭টা গীত-- "মিঠা মিঠা..." (কথা: জীমণি চৌধুৰী, কণ্ঠ: জুবিন গাৰ্গ, দেবজিৎ চৌধুৰী, শান্তা উজীৰ, মালবিকা বৰা), "
মিছাতে মিছাতে..." (কথা: দিগন্ত ভাৰতী, কণ্ঠ: জুবিন গাৰ্গ, দিগন্ত ভাৰতী, চেতনা দাস, হিৰণ্য ডেকা), "নহ’লে পৰিচয়..." (কথা: হেমন্ত দত্ত। গীতটো দুটা কণ্ঠত ব্যৱহাৰ কৰা হৈছে। এটাত কণ্ঠদান কৰিছে শান্তা উজীৰে, আনটোত জুবিন গাৰ্গে।), "কথাটি বুজিলোঁ..." কথা: দিগন্ত ভাৰতী, কণ্ঠ: জুবিন গাৰ্গ, তৰালী শৰ্মা), "মলয়াৰ দুপাখিত..."
কথা: দিগন্ত ভাৰতী, কণ্ঠ: জুবিন গাৰ্গ, তৰালী শৰ্মা)।
জুবিনে পৰিচালনা কৰা "তুমি মোৰ মাথোঁ মোৰ" স্থানীয় বজাৰত সফল নহ'ল। গতিকে স্বাভাৱিতে জুবিত চৰ্চাত থাকিল মুনিন বৰুৱাৰ চিনেমাৰে। ৰোমাণ্টিক গীতৰ পৰা "প্ৰাৰ্থনা"লৈ (শিল্পী গৰাকীৰ কায়িক মৃত্যুৰ পাছত) ৰূপান্তৰ হোৱা "মায়াবিনী ৰাতিৰ বুকুত, দেখা পালোঁ তোমাৰ ছবি..."ও মুনিন বৰুৱাৰ চিনেমা (চিনেমা: দাগ) গীত। চিনেমা খনত ব্যৱহাৰ কৰা গীত ৭টাৰ ভিতৰত কিন্তু বেছি জনপ্ৰিয় হৈছিল-- "মনলে উভতি আহে ল'ৰালি..."
(কথা: দিগন্ত ভাৰতী, কণ্ঠ: জুবিন গাৰ্গ, দিগন্ত ভাৰতী) গীতটোহে। জনপ্ৰিয়তাৰ কাৰণ-- চিনেমেটিক ট্ৰিটমেণ্ট। সাহিত্যৰ ভাষাৰ বিকল্প হিচাবে ব্যৱহাৰ কৰিছিল। "মায়াবিনী..."ৰ চিত্ৰায়ণ আছিল গতানুগতিক। দৰ্শকে চিত্ৰগৃহৰ পৰা মনত লৈ আহিব পৰা "চিনেমাৰ গীত"লৈ ৰূপান্তৰ হোৱা নাছিল। পাছৰ পৰ্যায়ত গীতটো জনপ্ৰিয় হৈছিল "জুবিনৰ গীত" হিচাবে। (এই খিনিতে উল্লেখ কৰিব পাৰি-- ড°ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰায় ভাগ "চিনেমাৰ গীত" শ্ৰোতাই "শিল্পী" দুগৰাকীৰ গীত হিচাবেই গ্ৰহণ কৰি আহিছে। শ্ৰোতাৰ মাজত জীয়াই আছে।)
চিনেমা কেন্দ্ৰিক চৰ্চাত এই দিশ স্পষ্ট-- সফল ৰূপালী যুটি মুনিন-জুবিন (মুনিন বৰুৱা-জুবিন গাৰ্গ। লগতে অভিনেতা যতীন বৰাৰো নাম যোগ নিদিলে অন্যায় হ'ব। এনে ধৰণৰ চৰ্চা হৈছিল-- অসমীয়া চিনেমাৰ সফল অংক "মুনিন-যতীন-জুবিন"।) মুনিন বৰুৱাই পৰিচালনা কৰা ৯ খন চিনেমা-- "হিয়া দিয়া নিয়া" (২০০০), "দাগ" (২০০১), "নায়ক" (২০০১), "কন্যাদান" (২০০২), "বিধাতা" (২০০৩), "বাৰুদ" (২০০৪), "ৰং" (২০০৪), "দীনবন্ধু" (২০০৪), "প্ৰিয়াৰ প্ৰিয়" )২০১৭)-ৰ সংগীত জুবিন গাৰ্গৰ।
"দাগ"ৰ দুটা গীত উল্লেখ কৰিছোঁ। আন কেইটা গীত-- "বিচাৰিছোঁ কাষৰতে..." (কথা: দিগন্ত ভাৰতী, কণ্ঠ: জুবিন গাৰ্গ, শাশ্বতী ফুকন), "বতাহে বতাহে আহে..."
কথা: দিগন্ত ভাৰতী; কণ্ঠ: জুবিন গাৰ্গ, জংকী বৰঠাকুৰ), "দাগ মোৰ বুকুতে..." (কথা-কণ্ঠ: জুবিন গাৰ্গ), "যেনি যাবা সোণ..." (কথা: দিগন্ত ভাৰতী, কণ্ঠ: মহালক্ষ্মী আয়াৰ, জুবিন গাৰ্গ), "কিনো ভাবা ইমানকৈ..." (কথা: দিগন্ত ভাৰতী, কণ্ঠ: জুবিন গাৰ্গ, উৎপল শৰ্মা, ৰূপজ্যোতি দেৱী)।
"নায়ক"ৰ গীত: কিনো সুৰীয়া... (কথা:হেমন্ত দত্ত, কণ্ঠ: জুবিন গাৰ্গ, পামেলা জৈন), মতলীয়া বতাহে... (কথা: হেমন্ত দত্ত, কণ্ঠ: জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ), লাহে-লাহে বাঢ়িছে... (কথা: দিগন্ত ভাৰতী,
কণ্ঠ: জুবিন গাৰ্গ, শাশ্বতী ফুকন), মনতে নো আজি... (কথা: জুবিন গাৰ্গ, কণ্ঠ: জুবিন গাৰ্গ, অৰ্ণৱ চক্ৰৱৰ্তী),
নায়ক হ'ব খুজি... (কথা: হেমন্ত দত্ত, কণ্ঠ: জুবিন গাৰ্গ), মন গহনত বিছাৰিলেই পাওঁ... (কথা: জুবিন গাৰ্গ, কণ্ঠ: জুবিন গাৰ্গ, ছান, পামেলা জৈন)।
"কন্যাদান"ৰ গীত: বান্ধৈ ঐ... (কথা:দিগন্ত ভাৰতী, কণ্ঠ: জুবিন গাৰ্গ), নীলা নীলা... (কথা: জুবিন গাৰ্গ, কণ্ঠ: জুবিন গাৰ্গ, কল্পনা পাটোৱাৰী), লহিয়ালে ৰঙা বেলি... ( কথা: মানস ৰবীন, কণ্ঠ: জুবিন গাৰ্গ, নিৰ্মালী দাস), সোণ-ৰূপেৰেও... (কথা: দিগন্ত ভাৰতী, কণ্ঠ: জ্যোতি প্ৰকাশ দাস, জুবিন গাৰ্গ, মানস ৰবীন, জংকী বৰঠাকুৰ), চোৱাঁ চোৱাঁ... (জুবিন গাৰ্গ, কণ্ঠ: জুবিন গাৰ্গ, মিতালী বৰকটকী), ঊল গুঁঠিব জানেনে... (কথা: মানস ৰবীন, কণ্ঠ: শাশ্বতী ফুকন, মহালক্ষ্মী আয়াৰ, জুবিন গাৰ্গ)।
ৰূপালী গল্পটোক গতি দিয়া "ঊল গোঠিঁব জানেনে নাজানে? তাই ভাত ৰান্ধিব জানেনে নাজানে? তাই তাতঁ লগাব জানেনে নাজানে?..." গীতটো "চিনেমাৰ গীত" হিচাবে জনপ্ৰিয় হৈছিল।
"বিধাতা"ৰ গীত: আলফুলে সাবতি... (কথা-কণ্ঠ: জুবিন গাৰ্গ), আঁতৰি আঁতৰি নৰ'বা... (কথা: জুবিন গাৰ্গ, কণ্ঠ: জুবিন গাৰ্গ, শাশ্বতী ফুকন), ধুনীয়া ধুনীয়া... (কথা: মানস ৰবীন, কণ্ঠ: জুবিন গাৰ্গ, শাশ্বতী ফুকন), মামা অ’ মামী অ’... (কথা: মানস ৰবীন, কণ্ঠ: জুবিন গাৰ্গ, সৌৰিণ), যা যা আঁতৰি যা... (কথা: দিগন্ত ভাৰতী, কণ্ঠ: জুবিন গাৰ্গ)
--এই চিনেমা খনত কামৰূপী লোকগীত "শ্যাম কানু..."ৰ চিনেমেটিক পয়োগ হৈছে। চিনেমা খনৰ "মামা অ’ মামী অ’ বোলো কত গ'লা..." জনপ্ৰিয় হৈছিল, "চিনেমাৰ গীত" হিচাবে। গীতটোত সুৰকাৰ জুবিন গাৰ্গে ওজাপালীৰ সুৰৰ পৰিপাটি ব্যৱহাৰ কৰিছিল। চিনেমা খনৰ "নায়ক"ৰ মনৰ কথা কোৱা গীতটো ব্যৱহাৰ হৈছিল সাহিত্যৰ ভাষাৰ পৰিৱৰ্তে।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন