প্রথমখন 'ছুপাৰহিট' অসমীয়া চিনেমা 'চিৰাজ' নির্মাণ হৈছিল ১৯৪৭ চনত। চিত্রগৃহলৈ আহিছিল ১৬ জানুৱাৰী, ১৯৪৮ -ত। পৰিচালনা কৰিছিল বিষ্ণুপ্রসাদ ৰাভা আৰু ফণী শৰ্মাই। নটসূর্য' ফণী শৰ্মাই মূল চৰিত্ৰটোত অভিনয়ো কৰিছিল। ব্যাখ্যাৰ প্রয়োজন আছে বুলি নাভাবোঁ-- 'নটসূর্য'ই নিজৰ অভিনয় ক্ষমতাৰে 'মঞ্চ'ত, 'পর্দা'ত ভালেমান চৰিত্ৰ নিৰ্মাণ কৰিছিল আৰু প্ৰতিটো চৰিত্ৰয়ে আছিব তাৰিখতো 'চিৰসেউজ ইতিহাস'। এই বহু চৰিত্ৰৰ মাজতো বিশেষভাবে জিলিকি থাকিল-- চিৰাজহে। অসমীয়া চিনেমাৰ ইতিহাসত 'চিৰাজ'ৰ চিৰাজ এক বিশেষ 'ইমেজ'। যি 'ইমেজ'ক আজিৰ তাৰিখতো কোনো অভিনেতাইয়ে স্পর্শ কৰিব পৰা নাই। নিপন গোস্বামীয়েও নোৱাৰিলে। ১৯৮৮ চনৰ ১৮ মাৰ্চত চিত্রগৃহলৈ আহিছিল দ্বিতীয়খন 'চিৰাজ', যিখনৰ পৰিচালক আছিল ভূপেন হাজৰিকা। ভূপেন হাজৰিকাই 'চিৰাজ' পুনৰ নিৰ্মাণ কৰাৰ 'সঁচা কাহিনী' আছে। 'অসমবাণী'ৰ ৭আগষ্ট, ১৯৭০ সংখ্যাত 'সংগীতসূর্য'ৰ 'ৰচনা' এখন প্রকাশ হৈছিল, য'ত উল্লেখ কৰিছিল ফণী শৰ্মাৰ সপোন। সেই যে প্রথম 'চিৰাজ' পৰিচালনা কৰিছিল, সেই পৰিচালনাত সম্ভৱতঃ ফণী শৰ্মা সুখী নাছিল। 'চিৰাজ' চিত্রগৃহলৈ অহাৰ পাছত, পর্দাত দেখাৰ পাছত হয়তো অনুভৱ কৰিছিল-- কিবা কিছু কৰিবলৈ থাকি গ'ল। গুৱাহাটী মেডিকল কলেজৰ কোনো এটা ৱাৰ্ডত মৃত্যুব ক্ষণ গণি থকা ফণী শৰ্মাই ভূপেন হাজৰিকাৰ সৈতে মনৰ কথা পাতিছিল। নটসূর্যক বেজী দিবলৈ অহা ধুনীয়া নাৰ্ছৰ্গৰাকীলৈ চাই ভূপেন হাজৰিকাক কৈছিল- 'ভূপেন, এই ছোৱালীজনীক চোৱাচোন-- ধুনীয়া। 'চিৰাজ'ত দেখোন এটা পার্ট দিব পাৰি। --' তাৰ পিছত নাৰ্ছৰ্গৰাকীক কৈছিল, 'নতুন চিৰাজ'ৰ শুটিং অলপতে আছে। মোক সোনকালে ১০-১২ দিনত ভাল কৰি দিয়া। মই মিঠাই খুৱাই দিম।..' এয়া আছিল ১৯৭০ চনৰ ২৫ জুলাইৰ কথা। তিনিদিন পাছত পুনৰ ভূপেন হাজৰিকাক নটসূর্যই কৈছিল--'চিৰাজ'ৰ চিত্ৰনাট্যখন মোৰ লগত আছে। মই আউটড'ৰ ইনড'ৰৰ ছিকুরেন্সখিনি ভগাই পেলাম। মই কৈ থাকিম, মোৰ ভাগিনীজনীয়ে লিখি যাব। ভয় নকৰিবা। ১৫ আগষ্টত তেজপুৰত শুটিং আৰম্ভ কৰি দিব পাৰিবা। কিন্তু সেয়া সম্ভব নহ'ল। 'জীবন নাট'-এই শেষ হ'ল নটসূৰ্যৰ। নটসূৰ্যৰ এই কথাত এটা কথা স্পষ্ট-- চিনেমাখনৰ পৰিচালনাৰ দায়িত্ব যে ভূপেন হাজৰিকাই ল'ব। সন্দেহ নাই নটসূৰ্যৰ সেই সপোন পূৰণৰ বাবেই ভূপেন হাজৰিকাই দ্বিতীয়বাৰ চিৰাজ নির্মাণ কৰিছিল।
দ্বিতীয়খন 'চিৰাজ'ৰ বিষয়বস্তু, কাহিনীৰ পৰিবৰ্তন হোৱা নাছিল। পৰিচালনা শৈলী স্বাভাবিকতে পৰিৱৰ্তন স্পষ্ট। 'আধুনিকতাৰ' প্রলেপ পৰিছিল। কিন্তু অভিনয়ৰ দিশত প্রথমখন 'চিৰাজ' বেছি আগবঢ়া আছিল। দ্বিতীয়খন 'চিৰাজ 'ক স্পর্শ কৰি যোৱা এটা দিশ আছিল গীতৰ চিত্ৰায়ণ, 'বিমূর্ত মোৰ নিশাটি...' গীতটিৰ চিত্রায়ণ। চিনেমাখনৰ মূল চৰিত্ৰটোত যে নিপন গোস্বামীয়ে অভিনয় কৰিছিল, সেয়া আমি উল্লেখ কৰিছোঁ। ফণী শৰ্মাৰ চিৰাজৰ ইমেজৰ পৰা আঁতৰত থাকি অৱশ্যে ক'ব পাৰি নিপন গোস্বামীয়ে পৰিচালকক চৰিত্ৰটো নির্মাণত এশ শতাংশই সহায় কৰিছে। অন্যান্য চৰিত্ৰত অভিনয় কৰিছিল- মৃদুলা বৰুৱা, পূৰবী শৰ্মা, ৰূপক বৰুৱা, পৰাগ চলিহা, মিৰেল কুদ্দুচ, ভাৰতী ডেকা আদিয়ে। 'চিৰাজ'ৰ বিষয়বস্তু 'সাম্প্রদায়িক সম্প্রীতি'। 'বিষয়বস্তু'ক কেন্দ্ৰ কৰি চিনেমাখনৰ বাবে 'গল্প'টোৰ আধাৰত কাহিনী নির্মাণ কৰা হৈছে। কাহিনীলৈ জাতি-ভেদ, আর্থিক ভেদ ইত্যাদি আহিছে। --হয়, 'গল্প' এটাৰ আধাৰত ৰচনা হৈছিল 'চিৰাজ'ৰ চিত্ৰনাট্য। লক্ষীধৰ শৰ্মাৰ গল্প। গল্পটোৰ নামো 'চিৰাজ'। দেখা যায়, চিনেমাখনত মূল গল্পটোৰ আঁকাটোহে আছে। 'গল্প 'টোৰ বৃত্তৰ পৰা আঁতৰি গৈ চিনেমাখনত উন্মোচন কৰিছে ৰক্ষণশীল হিন্দু সমাজৰ স্বৰূপ, বিপৰীতে চিৰাজৰ উদাৰ চিন্তা।
'চিৰাজ'ৰ সংলাপ পৰিপাটি। ব্যৱহাৰ সু-পৰিকল্পিত। হাস্যৰসৰ বাবে নিৰ্মাণ কৰা ছিকুৱেন্সতো স্পষ্ট 'বিষয়বস্তু'। চিত্রনাট্যকাৰে সৃষ্টি কৰা আঘোণা চৰিত্ৰটোৱে 'হাস্যৰস'ৰ মাজত থাকিয়ে কৈছে-- "আহ সাবিত্রী আহ, জোতাৰ ধূলিবে গোটেইখন মই তিয়াই নেপেলাওঁতেই হেৰ' দুয়ো পাৰো মানে মজামাৰি বাগৰি লওঁ"।
চিনেমা খনত ব্যৱহাৰ কৰা গীত: কঁপি উঠে কিয় তাজমহল (কথা-সুৰ: ভূপেন হাজৰিকা, কণ্ঠ: সমৰ হাজৰিকা, মণিমা শইকীয়া। এই গীতটো ভূপেন হাজৰিকা আৰু লতা মংগেশকাৰ কণ্ঠটো ৰেকৰ্ডিং হৈছে।), আৰু নবজাবি বীণ বাটৰুৱা... (কথা-সুৰː শিৱ ভট্টাচাৰ্য, কণ্ঠ: ভূপেন হাজৰিকা, উষা মংগেশকাৰ), হাতে বাঁশি মুখে হাঁসি কদমৰে ডালে বসি... (ঝুমুৰ/ কণ্ঠ: সমৰ হাজৰিকা, মণিমা শইকীয়া), আল্লাৰ বিনে কেও নাই... (জিকিৰ/ কণ্ঠ: ভূপেন হাজৰিকা), অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম... (কথা-সুৰː ভূপেন হাজৰিকা, কণ্ঠ: ভূপেন হাজৰিকা)।
দ্বিতীয় খন "চিৰাজ"ৰ পৰিচালনা-সংগীত-চিত্ৰনাট্য ভূপেন হাজৰিকাৰ। প্ৰথম খন খনত এটা চৰিত্ৰত (অনিল) অভিনয় কৰাৰ লগতে সংগীত পৰিচালনাত সহায় কৰিছিল। প্ৰথম খনৰ পৰিচালনা-চিত্ৰনাট্য: বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মা। সংগীত: বিষ্ণুপ্ৰসাদ ৰাভা।
"চিৰাজ"ৰ পূৰ্বে ভূপেন হাজৰিকাই সুৰ-শব্দ-কেমেৰাৰ ভাষাৰে ৰূপালী-ৰূপ দিছিল "মন প্ৰজাপতি" (২৯৮৯)। চিনেমা খনৰ কাহিনী নিৰোদ চৌধুৰীৰ একে নামৰ উপন্যাৰ । চিত্ৰনাট্য-সংলাপ: ভূপেন হাজৰিকা, নিৰোদ চৌধুৰীৰ।
নিৰোদ চৌধুৰীৰ এটা গল্প-- "সূৰুয কপালী"। "অসম বাণী"ত প্ৰকাশ পাইছিল। চৰ্চালৈ আহিছিল। চৰ্চাৰ প্ৰথম কাৰণ-- বিষয়বস্তু। চাৰ্কাছ কেন্দ্ৰিক, এটা প্ৰেমৰ গল্পৰে আগবাঢ়িছে। কাহিনী-ৰেখাৰ মূলবিন্দু-- ভগীৰথ। এজন ইলেকট্ৰিক মেকানিক। মূল বিন্দুৰ গতিত কাহিনী-ৰেখালৈ আহে মিছ জানকী, নৱমী। জানকী এটা চাৰ্কাছৰ খেল দেখুওৱা ছোৱালী। ছুৰি দলিওৱা খেল দেখুৱাই। সুন্দৰী। নৱমী ভগীৰথৰ পত্নী। এদিন চাৰ্কচৰ সমস্যা হ'ল-- ইলেকট্ৰিক মেকানিকৰ প্ৰয়োজন হ'ল। ভগীৰথে সমস্যা সমাধা কৰিলে। আৰু প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিল জানকীৰ সৈতে। মিছ জানকী প্ৰেমৰ মায়াজালত বন্দী কৰি পত্নীৰ সৈতে ভগীৰথৰ দূৰত্ব বঢ়াই। জানকীৰ মৰমৰ মাজত সুখ অনুভৱ কৰে ভগীৰথে। কিন্তু কেইটা মান দিনহে। এদিন নিৰ্দিষ্ট গাওঁ খনৰ পৰা চাৰ্কছ খন অন্য ঠাইলৈ যাত্ৰা কৰে। স্বাভাৱিকতে মিছা প্ৰলোভনেৰে ভগীৰথক আকৰ্ষণ কৰা মিছ জানকীও গুছি যায়। মন ভাঙে তাৰ। পত্নী নৱমীয়ে সকলোঁ লক্ষ্য কৰি থাকে। ভঙা মনেৰে ঘৰলৈ উভতি অহা ভগীৰথক নৱমীয়ে প্ৰশ্ন কৰে: চাৰ্কাছৰ ছোৱালীজনী বাৰু মোতকৈও ধুনিয়া আছিল নেকি?
"সেইজনী একেবাৰে ৰাক্ষসী"-- ভগীৰথৰ উত্তৰ। ভৱেশ বৰুৱাৰ মুখত সংলাপ। --হয়, ভগীৰথ চৰিত্ৰটো নিৰ্মাণ কৰিছিল ভৱেশ বৰুৱাক লৈ। আন দুটা মূল চৰিত্ৰ মিছ জানকী আৰু নৱমী নিৰ্মাণ কৰিছিল মীনা ৰাজখোৱা, গায়ত্ৰী দত্তক লৈ। মীনা সচাকৈয়ে চাৰ্কাছৰ ছোৱালী আছিল। আন গৰাকী "নায়িকা"ৰ এই খনেই প্ৰথম, একমাত্ৰ চিনেমা। চিনেমা খনৰ গতি মন্থৰ আছিল, চিত্ৰনাট্যকাৰ "উপন্যাস"ৰ পৰা মুক্ত হব পৰা নাছিল-- এই দুটা নেতিবাচক দিশ। এটা ইতিবাচক দিশ-- গীত। কাহিনীৰ গতিত ব্যৱহাৰ হৈছে-- চেনাই মোৰ অ’... (কণ্ঠ: ড° ভূপেন হাজৰিকা, আশা ভোচলে)
অʼ অভিমানী বন্ধু... (কণ্ঠ: আশা ভোচলে)
এই ধুনীয়া গধুলি লগন... (কণ্ঠ: আশা ভোচলে)। গীত তিনিটাৰ কথা-সুৰ ভূপেন হাজৰিকাৰ।
(আৰু আছে, সম্পাদনা কৰা নাই।)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন