সরাসরি প্রধান সামগ্রীতে চলে যান

|| জুবিন স্মৰণ ||

--উৎপল মেনা


এদিন জুবিনৰ ওচৰ পাইছিলোঁ!

এদিন জুবিনৰ পৰা আঁতৰি আহিছিলোঁ। 

জুবিনক হয়তো বুজা নাছিলোঁ, আঁতৰি অহা বাবে বুজাৰ সুযোগ পোৱা নাছিলোঁ, বুজিবলৈ চেষ্টা কৰা নাছিলোঁ। 

এদিন লিখিছিলোঁ-- "জুবিন মোৰ প্ৰিয় বিষয় নহয়!" (লেখাটো প্ৰকাশ পোৱাৰ পাছত "জুবিন ফেন"-এ কম গালি পাৰিছিল নে!) লেখাটো প্ৰকাশৰ পাছত "বকুলৰ দোকান"ৰ সন্মুখত জুবিনে কৈছিল (যিমানদূৰ মনত পৰে, সেই সময়ত উপস্থিত আছিল সাংবাদিক, গৌতম শৰ্মা, "আজি" কাকতৰ প্ৰকাশক ৰাজীৱ বৰ্মন।)-- "...মোক বেছি ভাল পায়, মোৰ পৰা আৰু বেছি ভাল কাম বিছাৰে, সেই বাবে লিখিছে।"

কি  লিখিছিলো?

দীৰ্ঘ সময় মুম্বাই থকাৰ পাছত উভতিছিলোঁ। গুৱাহাটী পাইছিলোঁ। গৌতম শৰ্মা আৰু আন এগৰাকী সাংবাদক অনুপম চক্ৰৱৰ্তীয়ে কাটি দিয়া বাটেৰে গৈ "আজি" কাকতৰ সম্পাদক অজিত কুমাৰ ভূঞাৰ ওচৰ পাইছিলোঁ। "আজি" সম্পাদনা বিভাগত যোগ দিছিলোঁ। ২০০২ চনৰ শেষৰ ফালে। ("আজি" কাকতৰ সন্মুখতে "বকুলৰ দোকান"। সেই বাটে জুবিন প্ৰায়ে অহা-যোৱা কৰে। "বকুলৰ দোকান"ত ৰৈ দিয়ে। চমু আড্ডা চলে!...)

মই আৰু বিৰিঞ্চি (বিৰিঞ্চি মোহন শৰ্মা) ডি জি মিউজিকৰ ওচৰতে ঘৰ এটা ভাড়াত লৈ আছিলোঁ। আমাৰ ঘৰত চিনেমা-নাটকৰ-সংগীতৰ আড্ডা বহিছিল। কোন অহা নাছিল-- পবিত্ৰ মাৰ্ঘেৰিটা (বৰ্তমানৰ সাংসদ), মানস ৰবিন, নয়ন প্ৰতীম কুমাৰ (বৰ্তমান "প্ৰতিদিন টাইম"ৰ সাংবাদিক), নয়ন নিলীম, আকাশদ্বীপ, কৃষ্ণমণি নাথ...। আড্ডাত প্ৰায়ে "বিষয়" হৈছিল-- জুবিন।

 "আড্ডা"ত আমি অনুভৱ কৰিছিলোঁ "এজন অ-চিজিল জুবিন"। (পাছত, পাছৰ সময় চোৱাত অনুভৱ কৰিছিলোঁ, জানিছিলোঁ মই অনুভৱ কৰা "অ-চিজিল" জুবিনৰ কাম কৰা ষ্টাইল! "অ-চিজিল"-লৰ মাজতেই সৃষ্টি বা নিৰ্মাণ কৰিব পাৰে চিজিল গান!)

আমি মুকলি মনেৰে খং নকৰাকৈ থাকিব নোৱাৰা জুবিন।

--সেই সময়ত আন কাৰণ নাছিল। আছিল মাত্ৰ এটা কাৰণ! "জুবিন কণ্ঠ"ৰ প্ৰতি আমাৰ মনত নিৰ্মাণ পৰ্ব আৰম্ভ হোৱা ইতিবাচক জুবিন আবেগ। আমাৰ মনলৈ আহিছিল-- জিতুল সোণোৱালে নিৰ্মাণ কৰা "অসমীয়া সংগীতৰ ধাৰা"টো আৰু মজবুট কৰিব, বহুদূৰলৈ লৈ যাব-- জুবিনে! 

অসমীয়া গীতৰ "সেমেকিব ধৰা বজাৰ" বহল কৰিব জুবিনে! (আমাৰ ধাৰণা ভুল নাছিল। পৰৱৰ্তী সময়ত স্পষ্ট হৈছিল-- নিজৰ গায়ন শৈলীৰে, সংগীত নিৰ্মাণৰে জুবিনে "জুবিন শৈলী" ধাৰণাৰ সৃষ্টি কৰিছিল, অসমীয়া সংগীতক আৰু চহকী কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ড° ভূপেন হাজৰিকাৰ "অসমীয়া সংগীত"ক নতুন বাটে আগুৱাই নিছিল।) 

"জুবিন মোৰ প্ৰিয় বিষয় নহয়" চৰ্চাত চুই গৈছিলোঁ-- 

(১) জুবিন গাৰ্গৰ "ইনাৰ চাৰ্কোল"ত কোনো নৱকান্ত বৰুৱা, হেমাংগ বিশ্বাস নাই। আছে জুবিন সৃষ্টিক  "Product"লৈ ৰূপান্তৰ কৰি বেপাৰ কৰিব খোজা বহুজন। (আজি অনুভৱ কৰিছোঁ-- মোৰ ধাৰণা ভুল নাছিল। এটা সাক্ষাৎকাৰত দেখিলোঁ জুবিনে নিজে মুখে কৈছিল-- "মোক যন্ত্ৰ বনালে!")

(২) "সময়"ৰ ক্ষেত্ৰত সজাগ নহয় জুবিন। [পৰৱৰ্তী সময়ত, এক সাক্ষাৎকাৰত হাতত ঘড়ী নিপিন্ধা জুবিন-- "এইটো মোৰ বেয়া অভ্যাস"।) আমি এনেদৰেও চৰ্চা কৰিছিলোঁ-- "ঘড়ীৰ কাটা"ৰ সৈতে তাল মিলাব নোখোজে জুবিনে! "সময়"ক নিজৰ নিয়ন্ত্ৰণত ৰাখিব খোজে হয়তো! এয়া কিন্তু ইতিবাচক দিশ নহয়। বিশেষকৈ বলিউদত খোজ দিয়া জুবিনে "ঘড়ীৰ সময়"ৰ সৈতে দৌৰিবয়ে লাগিব। (দৌৰা নাছিল! হয়তো ড° ভূপেন হাজৰিকাৰ বাটেৰ যাব বিচাৰিছিল! ভূপেন হাজৰিকাই কৈছিল-- "মই বলিউদৰ এন্দুৰ দৌৰত অংশ ল'ব নোৱাৰোঁ। অংশ লোৱাৰ ইচ্ছা নাই।" 

--জুবিনে বলিউদত খোজ পেলাইছিল। "য়া আলী..."ৰে চৰ্চালৈ আহিছিল। "ফিজা"কে ধৰি কেইবাখনো চিনেমাৰ বাবে কণ্ঠদান কৰিছিল।  আৰু আগবঢ়াৰ বাট আছিল! "বলিউদ"-এ জুবিনক চিনিছিল! হাতলৈ চিনেমা আহি আছিল! "গুৰুত্ব" থকা তেনে "সময়"তে জুবিনে বলিউদ এৰিছিল। কৈছিল-- "প্ৰয়োজন হ'লে বলিউড মোৰ ওচৰলৈ আহিব!"

সন্দেহ নাই-- বলিউদ এৰি জুবিনে অসমত থাকি অসমীয়া সংগীত-চিনেমাৰ ঢেৰ ইতিবাচক কাম কৰিলে। স্থানীয় বজাৰত অসমীয়া ভাষাৰ চিনেমাক দ্ৰুত গতি দিলে। কিন্তু বলিউদক শাসন কৰাৰ সুযোগ হেৰুৱালে। 

দৃষ্টিভংগী সকলোৰে একে নহয়। 

স্বাভাৱিক!

 জুবিনে বলিউদ এৰা বাবে অসমৰ চিনেকৰ্মী, ভ্ৰাম্যমাণ থিয়েটাৰৰ মালিক, কেছেট ব্যৱসায়ীৰ লাভ হৈছিল, সুবিধা হৈছিল। আমাৰ ধাৰণাত জুবিনৰ, "অসম"ৰ লোকচাল হৈছিল। উদিত নাৰায়ণ বা চনু নিগমৰ দৰে নহয়, বলিউদত এ আৰ ৰেহমানৰ দৰে বাস কৰিব পাৰিলে হেতেন-- জুবিনে। এই খিনিতে উল্লেখ কৰিব পাৰি-- জুবিন আছিল এ আৰ ৰেহমানৰ পছন্দ। ৰেহমানে "তাল"ৰ বাবে "নৱাগত জুবিন"ক পছন্দ কৰিছিল। অৱশ্যে কামটো জুবিনৰ হাতত নাথাকিল। চিনেমা খনৰ পৰিচালক সুভাষ ঘায়ে নিৰ্দিষ্ট গীতটোৰ পছন্দ কৰিছিল সুখবিন্দৰ সিঙক। পৰৱৰ্তী সময়ত আৰু আৰু কেইবাখনো চিনেমাৰ কাম কিছু আগবঢ়াৰ পাছতো জুবিনৰ হাতত থকা নাছিল। কিয়?]

(৩) স্বাভাৱিকতে "বলিউদ ৰাজনীতি"ৰ বলি হৈছিল জুবিন। এই অনুভৱেৰে লিখিছিলোঁ-- বলিউদত সহজে আগবাঢ়িব নোৰাৰে জুবিনে। প্ৰতিভাৰ লগতে (সেই সময় চোৱাত) বলিউদৰ বাটত পিছল নোখোৱাকৈ আগবঢ়াৰ বাবে প্ৰয়োজন-- "গডফাদাৰ"ৰ। জুবিনৰ কোনো গডফাদাৰ নাছিল, বলিউদৰ যিমান খিনি দখল কৰিছিল নিজৰ "কণ্ঠ-সংগীত শক্তি"ৰে। গতিকে স্বাভাৱিকতে জুবিনক লৈ "বলিউদ ৰাজনীতি" হৈছিল। (এনে ৰাজনীতিয়ে চনু নিগমক দীৰ্ঘ সময় স্থিৰ কৰি ৰাখিছিল। চনুৰো বলিউদত কোনো গডফাদাৰ নাছিল।) চৰ্চা কৰিছিলোঁ-- শ্ৰেষ্ঠ গীত গোৱাৰ পাছতো জুবিনে "ফিল্মফেয়াৰ"ৰ দৰে বঁটা নাপাব। এনে চৰ্চাৰ কাৰনো আছিল-- "বলিউদ ৰাজনীতি"। ("বকুলৰ দোকান"ৰ সন্মুখত কথা প্ৰসংগত জুবিনে কৈছিল-- "এই ৰাজনীতি-চাজনীতি মই ভাল নাপাওঁ। শুনিছোঁ এইবোৰ কথা। গুৰুত্ব দিব লাগে বুলি ভৱা নাই। কাম কৰিম বুলি গৈছোঁ। কিন্তু কাম কৰি ভাল লগা নাই। হয়তো তাত থাকি বেছিদিন কাম নকৰিম!")

(৫) সংগীত সমালোচকৰ আদৰ পোৱা নাই। কিন্তু পোৱাৰ যোগ্য। প্ৰচাৰ মাধ্যমত জুবিন হৈ আছে মাত্ৰ "প্ৰচাৰ ব্যৱসায়"। (আজিৰ তাৰিখতো সন্দেহ নৰখাকৈ ক'ব পাৰি--  সেই সময়ত যে সমালোচকৰ আদৰ পোৱা নাছিল, "প্ৰচাৰ ব্যৱসায়ী"ৰ বাবে যে জুবিন আৰু সংগীত সমালোচকৰ মাজত দূৰত্ব বাঢ়িছিল-- ক্ষতি জুবিনৰ হোৱা নাছিল! ক্ষতি অসমীয়া সংগীতৰ হৈছিল।)

*******

জুবিনক প্ৰথম লগ পাইছিলোঁ ১৯৯২-৯৩ চনৰ কোনো এটা দিনত। ভাতৃপ্ৰতীম ধনজীত দাসে লৈ গৈছিল, মহানগৰীৰ কমাৰ্চ পইন্ট বুলি জনাজাত ঠাইখিনিলৈ-- জুবিনৰ সৈতে কথা পাতিব লাগে, লিখিব লাগে বুলি। সেইদিনা জুবিনৰ সৈতে সংগীত কেন্দ্ৰিক ঢেৰ কথা পাতিছিলোঁ। বুজিছিলোঁ-- জুবিনৰ লক্ষ্য- সংগীতৰ বহল বিশ্ব। বলিউদৰ চিনেমাৰ বাবেও গীত গোৱাৰ মন।

আৰু শেষৰ বাৰ এই কমাৰ্চ পইন্টতে লগ পাইছিলোঁ-- জুবিনক। দীৰ্ঘ সময়ৰ পাছত।

জুবিনে কৈছিল-- "ৰৈ ৰৈ বিনালে”ৰ কথা।

"তোমাৰ চিনেমাৰ বিষয়েতো লিখিব নোৱাৰি! তোমাৰ ফেনৰ গালি হজম কৰিব পৰা বয়স নাই!" --ধেমালীৰ সুৰেৰে কৈছিলোঁ।

"এই খন চাব! সামালোচনা কৰিব লাগিব! যদি বেয়া হৈছে, পাছৰ খন আৰু ভাল কৰিম!" 

"ৰৈ ৰৈ বিনালে"ৰ অভিনৰ কথা কৈছিল, বিষয়-বস্তু প্ৰসংগত কৈছিল। "মই চকুৰে নেদেখো।" মানে, জুবিনে অভিনয় কৰা চৰিত্ৰটোই চকুৰে নেদেখে।

দীৰ্ঘদিনৰ পাছত লগ পোৱা জুবিনৰ মাজত পৰিৱৰ্তন অনুভৱ কৰিছিলোঁ। ইতিবাচক পৰিৱৰ্তন। সুখ অনুভৱ কৰিছিলোঁ। 

আকৌ লগ পাম বুলি জুবিনক এৰিছিলোঁ। 

কিন্তু!

নিয়তি!

সময়! 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...