সরাসরি প্রধান সামগ্রীতে চলে যান

|| জুবিন স্মৰণ ||

--উৎপল মেনা


এদিন জুবিনৰ ওচৰ পাইছিলোঁ!

এদিন জুবিনৰ পৰা আঁতৰি আহিছিলোঁ। 

জুবিনক হয়তো বুজা নাছিলোঁ, আঁতৰি অহা বাবে বুজাৰ সুযোগ পোৱা নাছিলোঁ, বুজিবলৈ চেষ্টা কৰা নাছিলোঁ। 

এদিন লিখিছিলোঁ-- "জুবিন মোৰ প্ৰিয় বিষয় নহয়!" (লেখাটো প্ৰকাশ পোৱাৰ পাছত "জুবিন ফেন"-এ কম গালি পাৰিছিল নে!) লেখাটো প্ৰকাশৰ পাছত "বকুলৰ দোকান"ৰ সন্মুখত জুবিনে কৈছিল (যিমানদূৰ মনত পৰে, সেই সময়ত উপস্থিত আছিল সাংবাদিক, গৌতম শৰ্মা, "আজি" কাকতৰ প্ৰকাশক ৰাজীৱ বৰ্মন।)-- "...মোক বেছি ভাল পায়, মোৰ পৰা আৰু বেছি ভাল কাম বিছাৰে, সেই বাবে লিখিছে।"

কি  লিখিছিলো?

দীৰ্ঘ সময় মুম্বাই থকাৰ পাছত উভতিছিলোঁ। গুৱাহাটী পাইছিলোঁ। গৌতম শৰ্মা আৰু আন এগৰাকী সাংবাদক অনুপম চক্ৰৱৰ্তীয়ে কাটি দিয়া বাটেৰে গৈ "আজি" কাকতৰ সম্পাদক অজিত কুমাৰ ভূঞাৰ ওচৰ পাইছিলোঁ। "আজি" সম্পাদনা বিভাগত যোগ দিছিলোঁ। ২০০২ চনৰ শেষৰ ফালে। ("আজি" কাকতৰ সন্মুখতে "বকুলৰ দোকান"। সেই বাটে জুবিন প্ৰায়ে অহা-যোৱা কৰে। "বকুলৰ দোকান"ত ৰৈ দিয়ে। চমু আড্ডা চলে!...)

মই আৰু বিৰিঞ্চি (বিৰিঞ্চি মোহন শৰ্মা) ডি জি মিউজিকৰ ওচৰতে ঘৰ এটা ভাড়াত লৈ আছিলোঁ। আমাৰ ঘৰত চিনেমা-নাটকৰ-সংগীতৰ আড্ডা বহিছিল। কোন অহা নাছিল-- পবিত্ৰ মাৰ্ঘেৰিটা (বৰ্তমানৰ সাংসদ), মানস ৰবিন, নয়ন প্ৰতীম কুমাৰ (বৰ্তমান "প্ৰতিদিন টাইম"ৰ সাংবাদিক), নয়ন নিলীম, আকাশদ্বীপ, কৃষ্ণমণি নাথ...। আড্ডাত প্ৰায়ে "বিষয়" হৈছিল-- জুবিন।

 "আড্ডা"ত আমি অনুভৱ কৰিছিলোঁ "এজন অ-চিজিল জুবিন"। (পাছত, পাছৰ সময় চোৱাত অনুভৱ কৰিছিলোঁ, জানিছিলোঁ মই অনুভৱ কৰা "অ-চিজিল" জুবিনৰ কাম কৰা ষ্টাইল! "অ-চিজিল"-লৰ মাজতেই সৃষ্টি বা নিৰ্মাণ কৰিব পাৰে চিজিল গান!)

আমি মুকলি মনেৰে খং নকৰাকৈ থাকিব নোৱাৰা জুবিন।

--সেই সময়ত আন কাৰণ নাছিল। আছিল মাত্ৰ এটা কাৰণ! "জুবিন কণ্ঠ"ৰ প্ৰতি আমাৰ মনত নিৰ্মাণ পৰ্ব আৰম্ভ হোৱা ইতিবাচক জুবিন আবেগ। আমাৰ মনলৈ আহিছিল-- জিতুল সোণোৱালে নিৰ্মাণ কৰা "অসমীয়া সংগীতৰ ধাৰা"টো আৰু মজবুট কৰিব, বহুদূৰলৈ লৈ যাব-- জুবিনে! 

অসমীয়া গীতৰ "সেমেকিব ধৰা বজাৰ" বহল কৰিব জুবিনে! (আমাৰ ধাৰণা ভুল নাছিল। পৰৱৰ্তী সময়ত স্পষ্ট হৈছিল-- নিজৰ গায়ন শৈলীৰে, সংগীত নিৰ্মাণৰে জুবিনে "জুবিন শৈলী" ধাৰণাৰ সৃষ্টি কৰিছিল, অসমীয়া সংগীতক আৰু চহকী কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ড° ভূপেন হাজৰিকাৰ "অসমীয়া সংগীত"ক নতুন বাটে আগুৱাই নিছিল।) 

"জুবিন মোৰ প্ৰিয় বিষয় নহয়" চৰ্চাত চুই গৈছিলোঁ-- 

(১) জুবিন গাৰ্গৰ "ইনাৰ চাৰ্কোল"ত কোনো নৱকান্ত বৰুৱা, হেমাংগ বিশ্বাস নাই। আছে জুবিন সৃষ্টিক  "Product"লৈ ৰূপান্তৰ কৰি বেপাৰ কৰিব খোজা বহুজন। (আজি অনুভৱ কৰিছোঁ-- মোৰ ধাৰণা ভুল নাছিল। এটা সাক্ষাৎকাৰত দেখিলোঁ জুবিনে নিজে মুখে কৈছিল-- "মোক যন্ত্ৰ বনালে!")

(২) "সময়"ৰ ক্ষেত্ৰত সজাগ নহয় জুবিন। [পৰৱৰ্তী সময়ত, এক সাক্ষাৎকাৰত হাতত ঘড়ী নিপিন্ধা জুবিন-- "এইটো মোৰ বেয়া অভ্যাস"।) আমি এনেদৰেও চৰ্চা কৰিছিলোঁ-- "ঘড়ীৰ কাটা"ৰ সৈতে তাল মিলাব নোখোজে জুবিনে! "সময়"ক নিজৰ নিয়ন্ত্ৰণত ৰাখিব খোজে হয়তো! এয়া কিন্তু ইতিবাচক দিশ নহয়। বিশেষকৈ বলিউদত খোজ দিয়া জুবিনে "ঘড়ীৰ সময়"ৰ সৈতে দৌৰিবয়ে লাগিব। (দৌৰা নাছিল! হয়তো ড° ভূপেন হাজৰিকাৰ বাটেৰ যাব বিচাৰিছিল! ভূপেন হাজৰিকাই কৈছিল-- "মই বলিউদৰ এন্দুৰ দৌৰত অংশ ল'ব নোৱাৰোঁ। অংশ লোৱাৰ ইচ্ছা নাই।" 

--জুবিনে বলিউদত খোজ পেলাইছিল। "য়া আলী..."ৰে চৰ্চালৈ আহিছিল। "ফিজা"কে ধৰি কেইবাখনো চিনেমাৰ বাবে কণ্ঠদান কৰিছিল।  আৰু আগবঢ়াৰ বাট আছিল! "বলিউদ"-এ জুবিনক চিনিছিল! হাতলৈ চিনেমা আহি আছিল! "গুৰুত্ব" থকা তেনে "সময়"তে জুবিনে বলিউদ এৰিছিল। কৈছিল-- "প্ৰয়োজন হ'লে বলিউড মোৰ ওচৰলৈ আহিব!"

সন্দেহ নাই-- বলিউদ এৰি জুবিনে অসমত থাকি অসমীয়া সংগীত-চিনেমাৰ ঢেৰ ইতিবাচক কাম কৰিলে। স্থানীয় বজাৰত অসমীয়া ভাষাৰ চিনেমাক দ্ৰুত গতি দিলে। কিন্তু বলিউদক শাসন কৰাৰ সুযোগ হেৰুৱালে। 

দৃষ্টিভংগী সকলোৰে একে নহয়। 

স্বাভাৱিক!

 জুবিনে বলিউদ এৰা বাবে অসমৰ চিনেকৰ্মী, ভ্ৰাম্যমাণ থিয়েটাৰৰ মালিক, কেছেট ব্যৱসায়ীৰ লাভ হৈছিল, সুবিধা হৈছিল। আমাৰ ধাৰণাত জুবিনৰ, "অসম"ৰ লোকচাল হৈছিল। উদিত নাৰায়ণ বা চনু নিগমৰ দৰে নহয়, বলিউদত এ আৰ ৰেহমানৰ দৰে বাস কৰিব পাৰিলে হেতেন-- জুবিনে। এই খিনিতে উল্লেখ কৰিব পাৰি-- জুবিন আছিল এ আৰ ৰেহমানৰ পছন্দ। ৰেহমানে "তাল"ৰ বাবে "নৱাগত জুবিন"ক পছন্দ কৰিছিল। অৱশ্যে কামটো জুবিনৰ হাতত নাথাকিল। চিনেমা খনৰ পৰিচালক সুভাষ ঘায়ে নিৰ্দিষ্ট গীতটোৰ পছন্দ কৰিছিল সুখবিন্দৰ সিঙক। পৰৱৰ্তী সময়ত আৰু আৰু কেইবাখনো চিনেমাৰ কাম কিছু আগবঢ়াৰ পাছতো জুবিনৰ হাতত থকা নাছিল। কিয়?]

(৩) স্বাভাৱিকতে "বলিউদ ৰাজনীতি"ৰ বলি হৈছিল জুবিন। এই অনুভৱেৰে লিখিছিলোঁ-- বলিউদত সহজে আগবাঢ়িব নোৰাৰে জুবিনে। প্ৰতিভাৰ লগতে (সেই সময় চোৱাত) বলিউদৰ বাটত পিছল নোখোৱাকৈ আগবঢ়াৰ বাবে প্ৰয়োজন-- "গডফাদাৰ"ৰ। জুবিনৰ কোনো গডফাদাৰ নাছিল, বলিউদৰ যিমান খিনি দখল কৰিছিল নিজৰ "কণ্ঠ-সংগীত শক্তি"ৰে। গতিকে স্বাভাৱিকতে জুবিনক লৈ "বলিউদ ৰাজনীতি" হৈছিল। (এনে ৰাজনীতিয়ে চনু নিগমক দীৰ্ঘ সময় স্থিৰ কৰি ৰাখিছিল। চনুৰো বলিউদত কোনো গডফাদাৰ নাছিল।) চৰ্চা কৰিছিলোঁ-- শ্ৰেষ্ঠ গীত গোৱাৰ পাছতো জুবিনে "ফিল্মফেয়াৰ"ৰ দৰে বঁটা নাপাব। এনে চৰ্চাৰ কাৰনো আছিল-- "বলিউদ ৰাজনীতি"। ("বকুলৰ দোকান"ৰ সন্মুখত কথা প্ৰসংগত জুবিনে কৈছিল-- "এই ৰাজনীতি-চাজনীতি মই ভাল নাপাওঁ। শুনিছোঁ এইবোৰ কথা। গুৰুত্ব দিব লাগে বুলি ভৱা নাই। কাম কৰিম বুলি গৈছোঁ। কিন্তু কাম কৰি ভাল লগা নাই। হয়তো তাত থাকি বেছিদিন কাম নকৰিম!")

(৫) সংগীত সমালোচকৰ আদৰ পোৱা নাই। কিন্তু পোৱাৰ যোগ্য। প্ৰচাৰ মাধ্যমত জুবিন হৈ আছে মাত্ৰ "প্ৰচাৰ ব্যৱসায়"। (আজিৰ তাৰিখতো সন্দেহ নৰখাকৈ ক'ব পাৰি--  সেই সময়ত যে সমালোচকৰ আদৰ পোৱা নাছিল, "প্ৰচাৰ ব্যৱসায়ী"ৰ বাবে যে জুবিন আৰু সংগীত সমালোচকৰ মাজত দূৰত্ব বাঢ়িছিল-- ক্ষতি জুবিনৰ হোৱা নাছিল! ক্ষতি অসমীয়া সংগীতৰ হৈছিল।)

*******

জুবিনক প্ৰথম লগ পাইছিলোঁ ১৯৯২-৯৩ চনৰ কোনো এটা দিনত। ভাতৃপ্ৰতীম ধনজীত দাসে লৈ গৈছিল, মহানগৰীৰ কমাৰ্চ পইন্ট বুলি জনাজাত ঠাইখিনিলৈ-- জুবিনৰ সৈতে কথা পাতিব লাগে, লিখিব লাগে বুলি। সেইদিনা জুবিনৰ সৈতে সংগীত কেন্দ্ৰিক ঢেৰ কথা পাতিছিলোঁ। বুজিছিলোঁ-- জুবিনৰ লক্ষ্য- সংগীতৰ বহল বিশ্ব। বলিউদৰ চিনেমাৰ বাবেও গীত গোৱাৰ মন।

আৰু শেষৰ বাৰ এই কমাৰ্চ পইন্টতে লগ পাইছিলোঁ-- জুবিনক। দীৰ্ঘ সময়ৰ পাছত।

জুবিনে কৈছিল-- "ৰৈ ৰৈ বিনালে”ৰ কথা।

"তোমাৰ চিনেমাৰ বিষয়েতো লিখিব নোৱাৰি! তোমাৰ ফেনৰ গালি হজম কৰিব পৰা বয়স নাই!" --ধেমালীৰ সুৰেৰে কৈছিলোঁ।

"এই খন চাব! সামালোচনা কৰিব লাগিব! যদি বেয়া হৈছে, পাছৰ খন আৰু ভাল কৰিম!" 

"ৰৈ ৰৈ বিনালে"ৰ অভিনৰ কথা কৈছিল, বিষয়-বস্তু প্ৰসংগত কৈছিল। "মই চকুৰে নেদেখো।" মানে, জুবিনে অভিনয় কৰা চৰিত্ৰটোই চকুৰে নেদেখে।

দীৰ্ঘদিনৰ পাছত লগ পোৱা জুবিনৰ মাজত পৰিৱৰ্তন অনুভৱ কৰিছিলোঁ। ইতিবাচক পৰিৱৰ্তন। সুখ অনুভৱ কৰিছিলোঁ। 

আকৌ লগ পাম বুলি জুবিনক এৰিছিলোঁ। 

কিন্তু!

নিয়তি!

সময়! 

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...