"আৰোপ" (Aarop)-- ভূপেন হাজৰিকাৰ প্ৰথম খন হিন্দী চিনে-কৰ্ম। পৰিচালক নাছিল, সংগীত পৰিচালক আছিল। মুখ্য চৰিত্ৰত বিনোদ খান্না আৰু শায়ৰা বানুৱে অভিনয় কৰা এই চিনেমা খনত ব্যৱহাৰ কৰা "নৈনোঁ মেঁ দৰ্পন হায়, দৰ্পন মেঁ কই.." (কণ্ঠ: লতা মংগেশকাৰ, কিশোৰ কুমাৰ) ৰোমাণ্টিক গীতটো জনপ্ৰিয় হৈছিল। মায়া গোবিন্দে লিখা এই গীতটোৰ সুৰ চিনেমা খনৰ সংগীত পৰিচালক ড° হাজৰিকাৰ। উল্লেখ কৰিব পৰা দুটা দিশ-- ড° হাজৰিকাই ৰচনা কৰা সুৰ (খাচী গৰখীয়া এজনৰ "মুখ"ৰ পৰা সংগ্ৰহ কৰিছিল) শুনি গীতটোৰ শব্দ-মালা গুঠিছিল মায়া গোবিন্দে। চিনেমা খনত ব্যৱহাৰ কৰা আন কেইটা গীতৰো ৰচনা বা অসমীয়াৰ পৰা হিন্দীলৈ ৰূপান্তৰ কৰিছিল বলিউডৰ গীতিকাৰ গৰাকীয়ে। [এই খিনিতে আমি চৰ্চালৈ আনিব পাৰোঁ-- "গজ গামিনী"। এম এফ হুচেইনৰ পৰিচালনাৰে নিৰ্মিত এই চিনেমা খনৰো সংগীত পৰিচালনা কৰিছিল ভূপেন হাজৰিকাই। চাৰিটা গীতৰ কথা বা ৰূপান্তৰ মায়া গোবিন্দৰ। গীত চাৰিটা-- "গজ গামিনী..." (সুৰ-কণ্ঠ: ভূপেন হাজৰিকা), "মেৰী পায়ল বলে..." (সুৰ: ভূপেন হাজৰিকা, কণ্ঠ: কবিতা কৃষ্ণমূৰ্তি), "হামৰা হান্সা গয়া বিদেশ..." (সুৰ: ভূপেন হাজৰিকা, কণ্ঠ: কবিতা কৃষ্ণমূৰ্তি), "দীপক ৰাগ..." (সুৰ: ভূপেন হাজৰিকা, কণ্ঠ: শংকৰ মহাদেৱন)। চিনেমা খনৰ কাহিনী-ৰেখাৰ গতিত ব্যৱহাৰ হোৱা এটা গীতৰ কথা জাভেদ আখতাৰৰ ("ডো সদিঅ' কে সংগম..."/ সুৰ: ভূপেন হাজৰিকা, কণ্ঠ: উদিত নাৰায়ণ, কবিতা কৃষ্ণমূৰ্তি)। দুটা গীত লিখিছিল চিনেমা খনৰ পৰিচালক হুচেইনে-- "য়ে গাথৰি তাজ কি তাৰাহ..." (সুৰ: ভূপেন হাজৰিকা, কণ্ঠ: কবিতা কৃষ্ণমূৰ্তি), "য়ে গাথৰি তাজ কি তাৰাহ..." (সুৰ: ভূপেন হাজৰিকা, কণ্ঠ: এম. এফ. হুচেইন)। ব্যৱহাৰ কৰিছে সুমন দেৱগনৰ কণ্ঠত কালিদাসৰ দুটি শ্লোক।]
--আত্মৰামে পৰিচালনা কৰা "আৰোপ" হিন্দী চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ১৯৭৩ চনত। ইয়াৰ প্ৰায় দুবছৰ পাছত চিত্ৰগৃহলৈ আহিছিল আন এখন ভূপেন হাজৰিকাৰ হিন্দী চিনমা "মেৰা ধৰম মেৰি মা" (Mera Dharam Meri Maa)। চিনেমা খনৰ সংগীত, চিত্ৰনাট্য সম্পাদনা, পৰিচালনা ভূপেন হাজৰিকাৰ। কাহিনী: অৰুণাচলৰ স্কুল এখনৰ ছাত্ৰ, নাট্যকাৰ নৱম টাটাই।
চিনেমা খনৰ বিশেষ তথ্য: অৰুণাচল প্ৰদেশৰ পৰা নিৰ্মাণ কৰা প্ৰথম খন চিনেমা।
অৰুণাচলৰ তদানিন্তন লেঃ গৱৰ্নৰ কে. এ. এ. ৰাজাৰ আনুৰোধত এই চিনেকৰ্ম হাতত লৈছিল ড° হাজৰিকাই। চন: ১৯৭৬। চিনেমা খন পথম প্ৰদৰ্শন হৈছিল ২১ মে' ১৯৭৭-ত কলকাতাৰ (তেতিয়াৰ কলিকতাত) "লাইট হাউচ" চিত্ৰগৃহত।"কলিকতা চিনে ক্লাবে" আয়োজন কৰা চিনেমা উৎসৱত। ড° হাজৰিকায়ো অভিনয় কৰা চিনেমা খনৰ কিছু অংশহে চাইছোঁ। সেই সময়ত কাকত-আলোচনীত ছপা হোৱা চৰ্চাৰ পৰা ধাৰণা কৰিছোঁ-- ৰূপালী গল্পটোত তথ্যচিত্ৰ আৰু কাহিনী-চিত্ৰৰ মাজত থাকিব লগা ৰেখা প্ৰায় নিশ্চিহ্ন।
চিনেমা খনৰ কাহিনীৰ গতিত দৰ্শকে দেখিছে
অৰুণাচল প্রদেশৰ নিশি উপজাতিৰ ধর্মীয় বিশ্বাস, কুসংস্কাৰ। অনুভৱ কৰিছে-- নগৰীয়া সভ্যতাৰ প্ৰভাৱত নিশি জনজাতিৰ জীৱনত চিৰন্তন বিশ্বাস আৰু অৱক্ষয়ী মূল্যবোধৰ সংঘাত অনিবাৰ্য হৈ পৰে। এই সংঘাতৰ দুটা বিপৰীত মেৰুত দুজন ভাতৃ। কাহিনীটোত নাটক, খলনায়ক, চিনেমেটিক অভিনয়, ৰোমাঞ্চ আদি আছে যদিও পৰিচালকে এই উপাদানবোৰক সীমাৰ বাহিৰলৈ যাবলৈ নিদিলে। তেওঁ মূলতঃ সৎ বিশ্বাসৰ সংগ্ৰাম দেখুৱাইছিল। তেওঁ অৰুণাচলৰ মনোমোহা পাহাৰীয়া পৰিৱেশত জনজাতীয় সমাজৰ সহজ-সৰল লোকসকলক উপস্থাপন কৰে।
"CINE ADVANCE" কাকতত চৰ্চা হৈছিল এনেদৰে-- "A colour Hindi film from Arunachal Pradesh 'Mera Dharam Meri Maa'
was applauded by the large audience (at Lighthouse, Calcutta) for its patriotic theme and lyrical beauty, based on the life, culture and problems of the tribals of the state.... Hazarika deserves kudos for his lyrical treatment throughout the film. The technical qualities including the colour photography are of a high order... the music wizard himself has scored the music and also sings a few wonderful songs, Ruma Guha Thakurta and Bose also sing for the film, The group-acting deserves mention specially the acting of Tata, Tayung, Asangla and Taba." (উৎস: মই এটি যাযাবৰ/ ড° ভূপেন হাজৰিকা)
চিনেমা খন স্থানীয় বজাৰতো সফল হৈছিল। অৰুণাচলৰ দৰ্শক, চিত্ৰৰসিকে আদৰি লৈছিল। অভিনয় কৰিছিল বেঙ্গিয়া মালা, নাবাম টাটা, টাডু টায়ুং, আছালা আও আদিয়ে।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন