সরাসরি প্রধান সামগ্রীতে চলে যান

জুবিনৰ চিনেমা/১

জুবিন গাৰ্গৰ প্ৰথম "জনপ্ৰিয় পৰিচয়"-- সংগীত শিল্পী। 

আৰু পাছৰ পৰ্যায়ত "জনপ্ৰিয় পৰিচয়"-- চিনেমাৰ মানুহ বা চিনেকৰ্মী। 

এগৰাকী সম্পূৰ্ণ চিনেমা নিৰ্মাতা আছিল-- জুবিন।

চিনেমাৰ সংগীত পৰিচালক, চিনেমাৰ লেখক-পৰিচালক, চিনেমাৰ প্ৰযোজক আছিল-- জুবিন।

অস্পষ্ট নাছিল-- "চিনে-কলাৰ বাবে চিনেমা"ক বিশ্বাস কৰিছিল যদিও জুবিনৰ চিনে-চিন্তা আছিল, "বজাৰৰ বাবে চিনেমা"। এই দিশত সফল হৈছিল, বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই “ইন্দ্ৰ-মালতী” (১ আগষ্ট ১৯৩৯) -ৰে আৰম্ভ কৰা চিনেযাত্ৰাক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, মুনিন বৰুৱাই দিয়া গতিক আগবঢ়াই নিয়াৰ লগতে অসমীয়া চিনেমাৰ বজাৰ খন বহল কৰিছিল। কোটি টকা বাজেটৰ অসমীয়া চিনেমা এখনে অসমৰ বজাৰতে সফল ব্যৱসায় (হিট, ছুপাৰহিট) কৰিব পাৰে-- হাটে কামে স্পষ্ট কৰি দিছিল। (জুবিন গাৰ্গৰ পৰিচালনাৰে নিৰ্মিত "মিছন চাইনা"ৰ প্ৰথম তিনি দিনৰ  Box Office Collection আছিল ১.২৮ কোটি টকা। প্ৰথম পৰ্যায়ত ২কোটি টকা বাজেটৰ চিনেমা খনৰ Box Office Collection প্ৰায় ৬ কোটি টকা। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ৮ ছেপ্তেম্বৰ, ২০১৭ ত। বাজেট: ২ কোটি টকা।) 

"তুমি মোৰ মাথোঁ মোৰ"-- জুবিন গাৰ্গৰ প্ৰথম পৰিচালনা। ২০০০ চনত চিত্ৰগৃহলৈ অহা এই চিনেমা খনৰ কাহিনী (চিত্ৰনাট্য অমূল্য কাকতিৰ), পৰিচালনা, সংগীত জুবিনৰ। মূল (নায়ক) চৰিত্ৰটোত অভিনয়ো কৰিছিল জুবিনে। এখন গতানুগতিক পৰিচালনা শৈলীৰ-কাহিনীৰ ৰোমান্তিক, এক্সনধৰ্মী চিনেমা আছিল। বাণিজ্যিক দিশত সফল হোৱা নাছিল, কিন্তু গীতৰ কেছেটৰ ব্যৱসায়ে প্ৰযোজকক বাজেটৰ ধন ঘূৰাই দিছিল। কিছু লাভো হৈছিল। (অধুনালুপ্ত দৈনিক কাকত "আজি"ৰ হৈ কথা পতোতে চিনেমা খনৰ প্ৰযোজক দেৱ বৰকটকীয়ে কৈছিল-- "চিনেমা খনৰ পৰা আমাৰ লাভ হোৱা নাছিল। চিত্ৰগৃহৰ পৰা আমি চিনেমা খনৰ বাজেটৰ ধন খিনিয়ো ঘূৰাই পোৱা নাছিলোঁ। কিন্তু আমাৰ লোকচান হোৱা নাছিল। অডিঅ' কেছেটে (গীতৰ) ভাল ব্যৱসায় কৰিছিল।..." /"আজি" ২০মাৰ্চ ২০০৩)।

"আজি"ৰ নিৰ্দিষ্ট সংখ্যাটোত প্ৰযোজকৰ লগতে পৰিচালক জুবিন গাৰ্গৰ মন্তব্যও প্ৰকাশ ছপা হৈছিল, "তুমি মোৰ মাথোঁ মোৰ" প্ৰসংগত। জুবিনে কৈছিল-- "ভৱা ধৰণে বহুত কাম কৰিব নোৱাৰিলোঁ। শিকিলোঁ, ইয়াৰ পাছত যেতিয়া চিনেমা পৰিচালনা কৰিম, ভৱা ধৰণে কাম কৰাত কোনো অসুবিধা নহব। মোৰ দ্বিতীয় খন (পৰিচালনা) চিনেমা ছুপাৰ-ডুপাৰ হিট হ'ব!..."

২০০৩ চনত কৈছিল, ২০১৭ চনত কৰি দেখুৱাইছিল। স্পষ্ট হৈছিল-- "বজাৰ সফলতাৰ মন্ত্ৰ" (বজাৰ সফল মানেই চিনে-সফল নহয়।) জুবিনৰ আয়ত্বত। --হয়, জুবিনৰ দ্বিতীয় পৰিচালনা "মিছন চাইনা"।


|| "মিছন চাইনা" চৰ্চা ||


"মিছন চাইনা'"সম্পূর্ণৰূপে জুবিনৰ চিনেমা। পৰিচালক, চিত্রনাট্য, সংগীত জুবিনৰ। মূল চৰিত্ৰটোত অভিনয়োকৰিছে। ৰূপালী গল্পটোৰ গতি  জুবিনে অভিনয় কৰা চৰিত্ৰটোক কেন্দ্ৰ কৰি। চৰিত্ৰটো-- কর্ণেল গোস্বামী। 'নায়ক' কর্ণেল গোস্বামী। বি এল এফ নামৰ উগ্রপন্থী সংগঠন এটাই গৃহমন্ত্ৰীৰ কিশোৰী কন্যাক অপহৰণ কৰে। সংগঠনটোৱে কিশোৰীগৰাকীৰ বিনিময়ত ১০ লাখ টকা বিচাৰে। আৰক্ষীয়ে কর্ণেল গোস্বামীৰ সহায় লয়। কর্ণেল গোস্বামীয়ে জানিবলৈ পায় যে কিশোৰীগৰাকীক লৈ সংগঠনটোৰ নেতাগৰাকী চীনত আত্মগোপন কৰি আছে। তিনি সহযোগীৰ সৈতে কৰ্ণেল গোস্বামীৰ 'চীন অভিযান'। কাহিনী আগবাঢ়ে। দর্শকে জানিব পাৰে-- সংগঠনটোৰ 'নেতাগৰাকীক কর্ণেল গোস্বামীয়ে পূর্বেও এবাৰ বন্দী কৰিছিল যদিও পলাবলৈ সক্ষম হয়। পলাই যোৱাৰ সময়ত কর্ণেল গোস্বামীৰ প্ৰেয়সীক লৈ যায়। শেষত কর্ণেল গোস্বামীয়ে কিশোৰীগৰাকীৰ সৈতে প্রেয়সীকো উদ্ধাৰ কৰে। 

ৰূপালী গল্পটোত স্পষ্ট হয়-- প্রতীকীৰূপত  ব্যৱহাৰ কৰা ৰাৱণ-ৰাম-সীতা "চৰিত্ৰ"। লামা "ৰাৱণে" নায়িকা "সীতা"ক হৰণ কৰি বন্দী ৰাখিছে। কর্ণেল গোস্বামী "ৰামে" ৰাৱণ বধ কৰি সীতা উদ্ধাৰ কৰিছে।

আৱহ সংগীত হিচাপে ব্যৱহাৰ কৰিছে--

"নমস্তে অস্ত্র ভগৱান

বিশ্বেশ্বৰায় মহাদেৱায়

এ্যম্বকায় ত্রিপুৰাওকায়...।"

কাহিনী গতানুগতিক। পৰিচালনা শৈলী-- সাধাৰণ। (কেইখন মান বলিউদৰ মূল ধাৰাৰ চিনেমাই চুই গৈছে।) চিত্ৰগৃহত দৰ্শকৰ সহাৰি-- অসাধাৰণ।

দৰ্শকৰ সহাৰিৰ কাৰণ?

আমি এনেদৰে চৰ্চা কৰিব পাৰো-- 

দৰ্শকে ভিৰ কৰাৰ কৰণ কেৱল জুবিন ইমেজ?

-- জুবিনে পূর্বেও এখন চিনেমা পৰিচালনা কৰিছিল। 'মন যায়', 'দীনবন্ধু'ৰ দৰে অসমীয়া চিনেমাত অভিনয়ো কৰিছে। সেই চিনেমাসমূহত দৰ্শকৰ এই ভিৰ দেখা নগ'ল কিয়?

--এইবোৰ প্ৰশ্নও স্বাভাৱিকতে আমি মনত ৰাখিব লাগিব 'প্রমথ প্রশ্ন'টোৰ উত্তৰ বিচৰা সময়ত। সকলো কথা যেতিয়া চালি-জাৰি চোৱা হয়, তেতিয়া নিশ্চয় স্পষ্ট হয় 'প্ৰচাৰ পৰিকল্পনা' চিনেমাখনৰ 'বজাৰ' সফলতাৰ প্ৰথম কাৰণ। চিনেমাখনত ব্যৱহাৰ কৰা গীত, গীতৰ চিত্ৰায়ণ আৰু ইয়াৰ আগতীয়া প্ৰচাৰ 'মিছন চাইনা'ৰ 'বজাৰ সফলতাৰ' দ্বিতীয় কাৰণ। তৃতীয় কাৰণ - উন্নত কাৰিকৰী ব্যৱস্থা আৰু চিনেমাখনৰ 'বিষয়বস্তু' আৰু 'কেমেৰাৰ ভাষা'ৰ দ্রুত গতি। চতুর্থ কাৰণ- চিনেমাখনৰ  লোকেচন আৰু 'কেমেৰাৰ কাম'। কেৱল 'কেমেৰাৰ কাম' আৰু লোকেচনৰ সৌন্দৰ্য্যৰ বাবেই কেইবাটাও ছিকুরেন্স মন মগজু স্পৰ্শ কৰিব পৰা স্তৰ পাইছে।

এই দিশ স্পষ্ট-- চিনে-মানৰ প্ৰশ্নত "মিছন চাইনা" কেন্দ্ৰিক উত্তৰ ইতিবাচক নহয়।  কিন্তু জুবিনৰ "বজাৰ" কেন্দ্ৰিক চিন্তা সফল। 

|| "কাঞ্চনজংঘা" চৰ্চা ||

"আমি নতুন প্ৰজন্মৰ হয়। ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, দেশ জ্বলাবও পাৰোঁ।" --চুই যোৱা সংলাপ।

"মই আকৌ ঘূৰি আহিম। তোৰ হাতে এসাঁজ খাবলৈ, তোৰ কোলাত একোলা শুবলৈ।" -- মনত ৰৈ যোৱা সংলাপ।

জুবিনৰ তৃতীয় পৰিচালনা-- "কাঞ্চনজংঘা"। এই চিনেমা খনৰো সংগীতৰ লগতে চিত্ৰনাট্য-পৰিচালা জুবিন গার্গৰ। মূল চৰিত্ৰটোত আভিনয় কৰিছিল জুবিনে। চিনেমা খন চোৱাৰ পাছত আমাৰ মন চুই আছিল সংলাপ সৌন্দৰ্যই। উল্লেখ কৰা সংলাপ সৌন্দৰ্য ব্যৱহাৰ কৰিছিল 'নায়ক জুবিন'ৰ মুখত। 

কব পাৰি পৰিচালক-চিত্ৰনাট্যকাৰে সাহিত্যৰ ভাষা প্ৰয়োগত গুৰুত্ব দিছে, আৱেগ নিৰ্মাণ কৰিছে; বিপৰীতে কেমেৰাৰ ভাষাৰে 'দর্শক'ৰ মনত আৱেগ নিৰ্মাণত (সৃষ্টিত!) গুৰুত্ব দিয়া নাই। "আৱেগ"-- দর্শক'ক চুই যোৱাকৈ; কিন্তু মন-মগজু জোকাৰি যোৱা নহয়। (এই খিনিতে উল্লেখ কৰাৰ প্ৰয়োজন আছে-- এই চিনেকৰ্মও জুবিনে কৰিছিল বজাৰ-চিন্তাৰে। সফল হৈছিল; কিন্তু সফলতাই "মিছন চাইনা"ক চুব নোৱাৰিলে। (১.৫ কোটি টকা বাজেটৰ চিনেমা খনৰ কালেকচন ৫.১২ কোটি টকা/২০১৯)। 

"মিছন চাইনা"ৰ দৰে এই ৰূপালী গল্পটোৰ মূল বিন্দু জুবিনে অভিনয় কৰা চৰিত্ৰটো। কাহিনী-ৰেখাৰ সৰল ৰৈখিক গতি জুবিনে অভিনয় কৰা অনির্বান চৰিত্ৰটো। অনিৰ্বানৰ বিদ্ৰোহ দুর্নীতি, চাকৰিৰ 'বজাৰ'ত ঘোচ খোৱা, মাটিৰ দালালি কৰা 'ব্যক্তি' (হয়তো ব্যৱস্থাটোৰ সৈতে!) ৰ সৈতে। 'ব্যক্তি'কেইগৰাকীক 'খলনায়ক' বুলি ধৰি লৈ আমি এনেদৰে ক'ব পাৰোঁ-- 'সংঘাত'ত ফুটেজ খৰচ কৰাত পৰিচালক আগ্রহী নহয়। আগ্রহী 'প্রতিশোধ' আৰু কেৱল 'নায়ক' নির্মাণতহে ফুটেজ খৰচ কৰাত। 'চৰিত্ৰ' নির্মাণ, 'গল্প কোৱা'ত দক্ষিণ ভাৰতীয় চিনেমাৰ প্ৰভাৱ স্পষ্ট। চিনেমাখনত 'নায়ক-খলনায়কে' আচৰণ কৰিছে দক্ষিণ ভাৰতীয় চিনেমাৰ ষ্টাইলত। অৱশ্যে এয়া অস্বাভাৱিক নহয়, যিহেতু ভাৰতীয় চিনেমাৰ 'স্থানীয় বজাৰ' দক্ষিণ ভাৰতীয় 'চিনেমা শৈলী'ৰ কব্জাত। ১৮ মে, ২০১৮ সংখ্যাত 'ফিল্ম চিটি'ৰ প্রতিবেদকে লিখিছে- 'তামিল, তেলেগু চিনেমাৰ পৰিচালকৰ চিন্তাৰে চলি আছে ভাৰতৰ চিনেমাৰ বজাৰ। হয়তো এই বাটে সফলতাৰ বাট দেখিছিল জুবিনে।

চিনেমাৰ 'ৰি-মেক' বাদ দিলে অচল হ'ব 'বলিউড বজাৰ'--জুবিনে হয়তো অনুভৱ কৰিছিল বলিউডৰ ট্ৰেড পণ্ডিতে কোৱা এই কথা। 

আমাৰ এক সমীক্ষাত স্পষ্ট হৈছে দেশৰ চিনেমা গৃহত টিকট ক্ৰয় কৰি চোৱা ৮৯.০৮ শতাংশ দর্শক'ৰে পছন্দ দক্ষিণ ভাৰতীয় চিনেমা। গতিকে ব্যৱসায়ৰ স্বাৰ্থত দক্ষিণ ভাৰতীয় চিনেমাৰ পৰিচালনা শৈলীক, চিনেমা ৰচনা শৈলীক আন অঞ্চলৰ পৰিচালকে গ্রহণ আৰু ব্যৱহাৰ কৰাটো স্বাভাৱিক। জুবিন গাৰ্গেও ব্যৱহাৰ কৰাতো অস্বাভাৱিক নহয়। কাৰণ-- জুবিনৰ লক্ষ্য "বজাৰ নিৰ্মাণ"। "বজাৰ নিৰ্মাণে"ৰে অসমীয়া চিনেমাৰ উত্তৰণ বাট আৰু বহল কৰা। 

চিনেমা খন চোৱাৰ পাছত আমি "দৈনিক অসম"ত লিখিছো-- আমাৰ ধাৰণাত পৰিচালক জুবিন গাৰ্গ ফ্ল'ৰলৈ পূৰ্বৰ দৰে এইবাৰো আহিছে দুৰ্বল চিত্রনাট্য লৈ। পূৰ্বৰ দৰে 'কেমেৰাৰ ভাষা'ৰ সৎ ব্যৱহাৰ কৰি ভালেমান শ্বট লোৱাইছে। মন ভাল লগাই যোৱা 'শ্বট', মন ভাল লগাই যোৱা 'ছিকুৱেন্স'লৈ ৰূপান্তৰো হৈছে; কিন্তু দুর্বল চিত্রনাট্যই, বিশেষকৈ নাটকীয় মুহূর্তত canned theaterৰ উদ্ধলৈ যোৱাৰ সুযোগ নিদিলে। 'চিনেমেটিক' সৌন্দর্য হ্রাস কৰিছে কেইবাটাও সংলাপ প্রধান কিছুৱেন্সে। - এনেবোৰ বহু দোষৰ মাজতো চিনেমাখনত 'দর্শক'ক ('জুবিন প্রেমী' দর্শকক নহয়, 'চিনেমা প্রেমী' দর্শকক) বহুৱাই ৰাখিছে 'গল্প' কোৱাৰ শৈলীয়ে। 'নায়ক'ৰ অতীত-বর্তমান দুপৰিকল্পিতভাৱে 'কম্প'জ' কৰি উৎকণ্ঠাৰ সৃষ্টিৰে 'দর্শক'ক 'চিনেমা'খনৰ মাজলৈ লৈ যোৱাত চিত্রনাট্যকাৰ-পৰিচালক সফল। অৱশ্যে 'গল্প' কোৱাৰ এই শৈলী 'কাঞ্চনজংঘা'ৰ চিত্ৰনাট্যকাৰ, পৰিচালকৰ 'মৌলিক' চিনেচিন্তা নহয়। 'ফ্লেছবেক'ৰ সুপ্ৰয়োগৰ লগতে চিনেমাখনৰ ভাল লগা দিশ হ'ল- গীত, গীতৰ চিত্রায়ণ আৰু সঞ্জীর হাজৰিকা, সমীৰ, অতনু ভূঞাৰ স্বাভাৱিক অভিনয়। পৰিচালকে গীত ব্যৱহাৰ কৰিছে 'নায়ক-নায়িকা'ৰ প্ৰেমৰ 'গল্প' কোৱাত, আৰু বিচ্ছেদৰ সময়ত। গীত আৰু কম সংলাপ প্রধান ছিকৱেলেৰে 'প্ৰেমৰ গল্প' কোবাত, আৰু 'নায়িকা'ৰ চৰিত্ৰটো নিৰ্মাণত চিত্রনাট্যকাৰ পৰিচালক জুবিন গাৰ্গ সফল। 'নায়িকা'ৰ দুৰ্বল অভিনয় কেমেৰাৰ ভাষা সৌন্দর্য ব্যৱহাৰেৰে ঢকাৰ প্রয়াস অৱশ্যেই স্পষ্ট। 'প্ৰেমৰ গল্প' কোৱাৰ সময়ত চুটি চুটি সংলাপ ব্যৱহাৰ ৰূপালী গল্পটোৰ সৌন্দর্য বুলি ক'ব পাৰি। গীতৰ লগতে আবহ সংগীতৰ বাবে 'সংগীত পৰিচালক' জুবিন গাৰ্গক প্রশংসা কৰিব লাগিব। প্রশংসা কৰিছোঁ।

হিংসাৰে সমাজ সংস্কাৰ!-- কেতিয়াও যোগাত্মক 'সংবাদ' হ'ব নোৱাৰে। এয়া আমি প্ৰশংসা কৰিব নোৱাৰা এটা দিশ।


|| জুবিনৰ সৈতে চিনেচৰ্চা ||


"অসমীয়া প্ৰতিদিন" লিখিছিলোঁ-- জুবিন গাৰ্গৰ পৰা এখন "লেকিন" আশা কৰোঁ। "লেকিন"ৰ  লেখক-পৰিচালক গুলজাৰ। চিনেমা খন গুলজাৰে নিৰ্মাণ কৰিছিল লতা মঙ্গেশকাৰৰ ইচ্ছাক সন্মান জনাই। "লেকিন" গীতৰ বাবে গল্প। ৰূপালী গল্পটোৰ আধাৰ লতা মঙ্গেকাৰে গোৱা গীত। গীতৰ কথা গুলজাৰৰ। সংগীত হৃদয়নাথ মঙ্গেশকাৰৰ। হিন্দুস্তানি শাস্ত্রীয় আৰু ৰাজস্থানি লোকসঙ্গীতেৰ মিশ্রণত নিৰ্মাণ (সৃষ্টি) হোৱা গীত আছিল চিনেমা খনৰ বিশেষ সৌন্দৰ্য। --জুবিন চিনেম-সংগীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা, লেখক। "লেকিন"ৰ দৰে "জুবিনৰ গীত"ৰ বাবে এটা ৰূপালী গল্প নিৰ্মাণ কৰিব নোৱাৰিব কিয়?

লেখাটো ছপা হৈছিল ২০০৮ চনৰ কোনো এটা শুকুৰবাৰে। সেই সময়ত মই "অসমীয়া প্ৰতিদিন"ৰ সম্পাদনা বিভাগৰ কৰ্মী। লেখাটো ছপা হোৱাৰ দুদিন পাছত মান পাছত মুখা-মুখী হৈছিলোঁ জুবিনৰ সৈতে। জুবিনে কৈছিল--(এই প্ৰসংগত "অসমীয়া প্ৰতিদিন"ত  চৰ্চা কৰিছিলোঁ।) "মিউজিকেল চিনেমা এখন কৰাৰা মন আছে। চিৰিয়াছ কাম হ'ব! হয়তো (চিত্ৰগৃহত) নচলিব! 'মনযায়' নচলিল। মণিৰামে ('মনযায়'ৰ পৰিচালক) ভাল কাম কৰিছে। কিন্তু দৰ্শকৰ সংখ্যা কম। মই "লেকিন"ৰ দৰে কাম কৰাৰ আগতে দুটামান 'শ্বোলে'ৰ দৰে কাম কৰাৰ মন। 'হিয়া দিয়া নিয়া' চলিছে, ভাইমনদাৰ আন চিনেমাও দৰ্শকে চাইছে। কিন্তু আমাৰ মাৰ্কেট খন সৰু হৈ আছে। মই গোটেই অসমত, অসমৰ বাহিৰতো চলাব পৰাকৈ অসমীয়া চিনেমা কেইখনমান কৰাৰ মন আছে। 'বিগ বাজেট', 'বিগ মাৰ্কেট'। যেনেদৰে মোৰ গীত শুনিছে, মোৰ চিনেমাও চাব।...বজাৰ খন ঠিক হোৱাৰ পাছত 'লেকিন'ৰ দৰে চিনেমাৰ চিন্তা কৰিম।" 

--এই কথাত স্পষ্ট, জুবিনৰ লক্ষ্য আছিল অসমীয়া চিনেমাৰ "বহল বজাৰ" নিৰ্মাণ। আৰু দিশত সফলো হৈছিল।

--উৎপল মেনা

প্ৰকাশ: বিস্ময় (নৱেম্বৰ ২০২৫)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...