সরাসরি প্রধান সামগ্রীতে চলে যান

চিকমিক বিজুলী/ ভাগ্য

নাম তাইৰ বিজুলী। সঁচা বিজুলীৰ দৰেই তাই গুৱাহাটীৰ ফাঁচী বজাৰ এলেকাত এদিন চমকি উঠিল। তাই নাচে, তাই গান গায়, তাই কালৈকো ভূক্ষেপ নকৰে। ৰহস্যময়ীৰ দৰে ঘূৰি ফুৰা বিজুলী সকলোৰে চকুৰ চিনাকি। নিঠৰুৱা বিজুলীয়ে এদিন উপায়হীন হৈ সত্ৰীয়া নাচ শিকোৱা স্কুল এখনত সোমায়। প্রথমে শিকিবলৈ শিকাবলৈ। কিন্তু বাটত বিড়ি বিকি ফুৰা বিড়িৱালাৰ স'তে নচা ছোৱালীয়ে সত্ৰীয়া নাচ শিকায় কেনেকৈ? বিজুলী অপমানিত হয়। সত্রীয়া নাচৰ স্কুল বন্ধ হৈ যায়।

চহৰৰ বিখ্যাত ব্যৱসায়ী আৰু 'পক্ষীৰাজ' বিড়ি ফাৰ্মৰ মালিক কেশ মহাজনৰ চকুত পৰে বিজুলী। কেশ মহাজনৰ সকলো ব্যৱসায়ৰ মূল মানুহ আৰু ঘাই পৰিচালক বনমালী শইকীয়াই কৌশলেৰে বিজুলীক বিড়ি প্ৰচাৰৰ কামৰ অজুহাতত লৈ আহিল। বিজুলী থাকিব চহৰৰ তথাকথিত 'বেয়া' অঞ্চলত। সংগী হ'ল বিধৱা আজলী আৰু তেওঁৰেই সন্তান ভাইটি। ভাগ্যৰ যেন এক অসহায় চিকাৰ বিজুলী। দুই হাতেৰে কৰা শ্ৰমক মর্যাদা দিয়া মানুহ প্রশান্ত মেকানিক। বিভিন্ন ভাষা-ভাষীৰ হৰজিত সিঙৰ গেৰেজ হৈ উঠে প্রশান্তৰ ঘৰ। এদিন প্রশান্তই বিজুলীক ভাল পাই বিয়াৰ প্ৰস্তাৱ দিলে, কিন্তু এই বিয়াৰ বিৰোধিতা কৰিলে কেশ মহাজন আৰু বনমালী শইকীয়াই। কিয়? কেশ মহাজনৰ বিড়িয়েই প্রধান ব্যৱসায়নে? বিয়া কিয় এওঁলোকে বন্ধ কৰিবলৈ বিচাৰিছিল? বিয়াৰ দিনা বিজুলী ক'লৈ গ'ল? ভাইটি? দৰাৰ সাজেৰে প্ৰশান্তই বা কিয় লৰ মাৰিলে? কিয়? কিয়? এনে বহু প্ৰশ্নৰ উত্তৰ 'চিকমিক বিজুলী'য়ে দিব। এই ছবিয়ে দেখুৱাব সমাজ আকাশৰ এন্ধাৰ নাশি এনেদৰেই সঁচা বিজুলীয়ে হাঁহি গৈছে। ("চিকমিক বিজুলী" বুকলেটৰ পৰা। সৌজন্য: পবিত্ৰ কুমাৰ ডেকা।)

--ভূপেন হাজৰিকাৰ "চিকমিক বিজুলী"ৰ কাহিনী-ৰেখাৰ আভাস। চিনেমা খনৰ নায়কৰ নাম-- প্রশান্ত। প্রশান্ত মেকানিক। "মেকানিক হ'লেও তেওঁ গুৱাহাটীৰ ৰাইজৰ মাজত অতি পৰিচিত। কেৱল সুদক্ষ আৰু সৎ মেকানিক বুলিয়ে নহয়, এওঁ অইন মেকানিকতকৈ কিছু পৃথক। তেওঁ নগৰৰ এটা সম্ভ্রান্ত পৰিয়ালৰ শিক্ষিত ডেকা। কোনো কামেই সৰু নহয়, এই আদর্শ লৈ তেওঁ মেকানিক হৈছে। শ্ৰমৰ মৰ্যাদা তেওঁ বৰ্তমান যুগৰ নিবনুৱা শিক্ষিত যুৱকসকলক দেখুৱাব খোজে। এই আদর্শকে লৈ তেওঁ বিয়া কৰিবলৈ এজন কেনভাছাৰৰ ৰূপহী ছোৱালী বিজুলীক।..." (উৎস: নতুন অসমীয়া/ ২৬ অক্টোবৰ ১৯৬৮)

"নায়ক" প্ৰশান্তৰ চৰিত্ৰটো নিৰ্মাণ কৰিছিল বিজয় শংকৰক লৈ। বিপৰীতে "নায়িকা" বিজুলী-- বিদ্যা ৰাও। বিজয় শংকৰ-বিদ্যা ৰাও যুটিক দৰ্শক ভাল পাইছিল। পৰিচালনা শৈলীতো দৰ্শকে "নতুন চিনেমা" অনুভৱ কৰিছিল। আৰু স্বাভাৱিকতে "বিগ বাজেট"ৰ চিনেমা খনে স্থানীয় "বিগ বজাৰ" দখল কৰিছিল। প্ৰিণ্টৰ সংখ্যা-- ৫টা। ১৭ অক্টোবৰ ১৯৬৯-ত চিত্ৰগৃহলৈ অহা চিনেমা খন প্ৰথম পৰ্যায়ত গুৱাহাটীত ৬, তেজপুৰত ৪, শিৱসাগৰত ৪ আৰু যোৰহাটত ৬ সপ্তাহ চলিছিল। গুৱাহাটীৰ চিত্ৰগৃহত তিনিটা দৰ্শনী প্ৰদৰ্শন কৰা হৈছিল। সেই সময়ৰ চৰ্চাৰ পৰা জনা যায় "চিৰাজ"ৰ বাণিজিক অভিলেখ ভংগ কৰিছিল। ("চিৰাজ" বাণিজ্যিক দিশত সফল হৈছিল; কিন্তু অপৰিপাটি "মাৰ্কেট ডিজাইন"ৰ বাবে প্ৰযোজকৰ হাতলৈ "বাজেট"ৰ ধন অহা নাছিল।)

"চিকমিক বিজুলী"ৰ বিশেষ দিশ, সেই সময়ত চৰ্চাৰ দিশ আছিল-- চিনেমা খনত ব্যৱহাৰ হোৱা গীত। চিনেমা খন চিত্ৰগৃহলৈ অহাৰ আগতেই জনপ্ৰিয় হৈছিল-- "

পক্ষীৰাজ ঘোৰা খট্ খট্ খটকৈ দৌৰা..." (কথা-সুৰ: ভূপেন হাজৰিকা, কণ্ঠ: কিশোৰ কুমাৰ, ভূপেন হাজৰিকা)। চিনেমা খনত ব্যৱহাৰ হোৱা আন কেইটা গীত-- "চম্মা থাকিলে জৰুৰ জৰুৰ পৰোৱানা যে আহিবই... (কথা-কণ্ঠ: ভূপেন হাজৰিকা), "

মৃত্যুক সাবতি সমাধি তলীতে অকলে আছোহি শুই... (কথা: ভূপেন হাজৰিকা, কণ্ঠ: জয়ন্ত হাজৰিকা), "

ঘৰ আমাৰ মাটি হয়, মাটিয়েই ঘৰ, বাটেই আমাৰ আপোন হয় আপোনেই পৰ... (কথা: ভূপেন হাজৰিকা, কণ্ঠ: ভূপেন হাজৰিকা, মুকেশ), "

মিলনৰে এই শুভক্ষণ, পখিলা উৰাদি উৰে মন..." (কথা: ভূপেন হাজৰিকা, কণ্ঠ: ভূপেন হাজৰিকা, সুমন কল্যাণপুৰ), "আ... বিজুলীৰ পোহৰ মোৰ নাই..." (কথা-কণ্ঠ: ভূপেন হাজৰিকা)। এই গীতৰ লং প্লেয়িং ৰেকৰ্ড উলিইছিল। এইখনেই আছিল লং প্লেয়িং ৰেকৰ্ড উলিওৱা প্ৰথম খন অসমীয়া চিনেমা।

কাহিনী-ৰেখাৰ গতিত ৰূপালী গল্পটোত ব্যৱহাৰ কৰিছিল মাজুলীৰ বংশ গোপাল নাট্য মন্দিৰৰ ৰাসনৃত্য। অংশ লৈছিল ভোলা কাকতী, চাৰু কাকতি আৰু ইলা কাকতিয়ে। 

আহিছোঁ-- নিৰ্মাণ পৰ্বলৈ। বলিউদৰ বিখ্যাত "ৰাজশ্ৰী"য়ে অসমীয়া চিনেমা এখন নিৰ্মাণত ভূপেন হাজৰিকালৈ সহায়ৰ হাত আগবঢ়োৱাৰ কাৰণ?

এখন চিনেমাৰ কাম হাতলৈ আহিছিল ড° ভূপেন হাজৰিকাৰ। "তক্‌দীৰ"। ৰাজশ্ৰী প্ৰডাকচনৰ চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ১৯৫৭ চনত। প্ৰযোজক পক্ষই ঠিক কৰিছিল-- হিন্দী চিনেমা খন একেলগে (১৯৬৭ চনৰ নৱেম্বৰত) সাতটা আঞ্চলিক ভাষাত মুক্তি দিব। সিদ্ধান্ত লৈছিল-- অসমীয়া ভাষালৈয়ো ডাব কৰিব। অসমীয়ালৈ ডাব কৰাব ভূপেন হাজৰিকাৰ নেতৃত্বত। ("তক্‌দীৰ"ৰ পৰিচালক: এ. চালাম,অভিনয়ত: ভাৰত ভূষণ, শালিনী,কমল কাপুৰ আদিয়ে। সংগীত লক্ষ্মীকান্ত প্যাৰেলালৰ।) ড° ভূপেন হাজৰিকা মান্তি হৈছিল, লগতে প্ৰযোজক তাৰাচান্দ বৰজাত্যক প্ৰস্তাৱ দিলে পাঁচ খন অসমীয়া চিনেমা নিৰ্মাণত সহায় কৰিব লাগিব। সেই প্ৰস্তাৱৰে প্ৰথম খন-- "চিকমিক বিজুলী"। 

"তক্‌দীৰ"ৰ অসমীয়া ৰূপ "ভাগ্য" চিত্ৰগৃহলৈ আহিছিল ১২ এপ্ৰিল ১৯৬৮-ত। অসমীয়া ৰূপটো চৰ্চালৈ আহিছিল গীতৰ বাবে। ("...গীতবোৰ লিখিছে বোম্বেৰ বিখ্যাত গীতিকাৰ আনন্দ বক্সীয়ে। চাজ চাহাবে টেপ ৰেকৰ্ডাৰ এটাত গীতবোৰ বাৰে বাৰে বজাই আমাক শুনাই দিয়ে। আমি দুয়ো ভাবার্থ অনুসৰি বঙলা ভাষাৰ আৰু অসমীয়া ভাষাৰ প্রতিশব্দ বিচৰাত ব্যস্ত হ'ব লগা হয়। অকল প্রতিশব্দ বিচাৰি পালেও নহ'ব। শব্দটো উচ্চাৰণৰ সময়ত অভিনেতা বা অভিনেত্ৰীগৰাকীৰ ওঁঠৰ সৈতে মিলি যাব লাগিব। ভাষাগত ৰূপান্তৰ কৰোঁতে মূল ছবিখনৰ ইমেজটোও বাৰুকৈয়ে চাব লগা হয়। আমাক সেইবোৰো দেখুৱাই দিছে। ইফালে গীতৰ কথাৰ যিটো গতি (Spirit) সেইটোও থাকিব লাগিব। এই সকলোবোৰ দিশ চাই মই হিন্দী গীতত থকা সেই- 'যব যব বাহাৰ আয়ে' বোলা কথাটো অসমীয়াত লিখিলোঁ 'নৱ নৱ ব'হাগ আহে' বুলি। আকৌ 'ঔৰ ফুল মুচুকুৰায়ে'টো লিখিলোঁ- 'সৰু ফুলে মিচিকি হাঁহে' আৰু 'মুঝে তুম ইয়াদ আয়ে'টো লিখিলোঁ-- 'মনে তোমাক ধিয়ায়' বুলি। 'ইয়াদ'ৰ লগত মিল ৰাখি 'বিয়ায়' কৰিলোঁ। এনেকৈ গানবোেৰ অসমীয়া কৰিবলৈ যাওঁতে বহুতো খুঁজিব লগা হৈছিল। একেই অবস্থা হৈছিল গৌৰীপ্রসন্ন মজুমদাৰে বঙলা কৰাৰ ক্ষেত্ৰতো। ডাবিং কৰাটো সঁচাকৈ বৰ কঠিন কাম - দেখাত সহজ যেন লাগিলেও।" (ড° ভূপেন হাজৰিকা /"মই এটি যাযিবৰ")। চিনেমা খনত ব্যৱহাৰ হৈছিল ছয়টা গীত-- "নৱনৱ বহাগ আহে, সৰু ফুলে মিচিকি হাঁহে, মনে তোমাকে ধিয়ায়..." কণ্ঠ: শ্যামল মিত্ৰ, ইলা বোস), "সাত সমুদ্ৰ পাৰৰে ধুনীয়াকৈ বজাৰৰে..." (কণ্ঠ: ইলা বোস আৰু 

...), "শাদী কৰাই লওক, অ’ দিলৱালো মতৱালো.."  

কণ্ঠ: তৰুণ বেনাৰ্জী), "হাঁহিকে ভগাওঁ সমভাগেৰে..." (কণ্ঠ: ইলা বোস), "কোনে জানে তোমাৰ সপোন হ’বনে পূৰণ..." (কণ্ঠ: শ্যামল মিত্ৰ), "মোৰ বুকুৰ জ্বালাত নয়ন উতলে..." (কণ্ঠ: শ্যামল মিত্ৰ)।

চিনেমা খনৰ ডাবিঙত ব্যৱহাৰ কৰিছিল ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, কুলদা ভট্টাচাৰ্য, প্ৰফুল্ল বৰুৱা, ৰত্ন ওজা, পুলক গগৈ, ৰেণু গগৈ আদিৰ  কণ্ঠ।

(তথ্য: মেঘদূত চিত্ৰগৃহত মুক্তি পোৱা "ভাগ্য" প্ৰথম খন অসমীয়া "ডাবিং" চিনেমা।)




মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...