সরাসরি প্রধান সামগ্রীতে চলে যান

দুখন চিনেমা

পটভূমি-- চাইখংগুৰি। ভাৰত-ভূটান সীমান্তত থকা এখন গাওঁ। ঐতিহাসিকভাৱে স্পষ্ট সীমাৰেখাৰে বিভক্ত নাছিল দুই দেশ। ১৯৫৮ চনৰ আগলৈকে এই আঞ্চলৰ খাটি খোৱা, স্থানীয় জনজাতীয় মানুহে ভুটানী শাসকৰ অধীনত থকা মাটি ব্যৱহাৰ কৰিছিল; বিনিময়ত কৰ, উপঢৌকন বা শ্ৰম দিবলৈ বাধ্য আছিল। এই সামন্ততান্ত্ৰিক ব্যৱস্থাৰ বলি--  ছিজো। 

চিনেমা খনৰ নাম: ছিজো। কাহিনী-ৰেখাৰ মূল বিন্দু কিশোৰ ছিজো। চেহেৰাত হাঁহি লাগি থকা অঘাইতং, প্ৰকৃতিৰ সৈতে সময় পাৰ কৰি ভালপোৱা-- ছিজো।(চৰিত্ৰটোৰ প্ৰকৃতি প্ৰেম কেমেৰাৰ ভাষাৰে নিৰ্মাণ কৰা সময়ত ভূগোলো স্পষ্ট কৰি গৈছে পৰিচালকে। ভূগোল নিৰ্মাণ প্ৰক্ৰিয়াত চাইখংগুৰিৰ সেউজীয়া প্ৰাকৃতিক পৰিসৰক নান্দনিক উপাদান হিচাপে ব্যৱহাৰ কৰিছে। ৰূপালী সৌন্দৰ্যক অধিক মাধুৰ্যময়, জীৱন্ত কৰিছে।

১০৮ মিনিট দৈৰ্ঘৰ, সাহিত্যৰ ভাষা-- বড়ো ব্যৱহাৰ কৰা এই চিনেমা খনৰ পৰিচালক: বিশাল পি চলিহা। পৰিচলক গৰাকীৰ প্ৰথম পৰিচালনা।)

--চৰিত্ৰটো নিৰ্মাণ কৰিছে কিশোৰ অভিনেতা বিজিত বসুমতাৰীক লৈ। পৰিচালকে চৰিত্ৰটো গঢ় দিয়াত "অভিনয়-মুক্ত" -ৰ সূক্ষ্ম কৌশল অৱলম্বন কৰিছে। ইতিবাচক ফল-- "Realistic Character" -লৈ ৰূপান্তৰ  হৈছে। দৰ্শকৰ বেছি ওচৰৰ হৈছে। 

ছিজো কেন্দ্ৰিক কাহিনী আগবাঢ়ে। বন্ধুবৰ্গৰ সৈতে খেলি-ধূলি প্ৰকৃতিৰ মাজত  সময় কটোৱা ছিজোৰ শৈশৱ সামন্ততান্ত্ৰিক ভূমি-অধিকাৰ ব্যৱস্থাৰ নিষ্ঠুৰ সামাজিক-ঐতিহাসিক বাস্তৱতা মাজত সোমাই পৰে। (পৰিচালকে কাহিনী-প্ৰবাহত পৰিপাটিকৈ অতীত-চাৰণৰ ব্যৱহাৰ কৰি উৎকণ্ঠা নিৰ্মাণ কৰিছে। সফল হৈছে।) 

--ছিজোৰ মাক নাই। মাতৃ-বিয়োগে হয়তো তাৰ শৈশৱৰ উচ্ছ্বাসক চুব পৰা নাছিল! পিতৃ নিৰেনৰ সৈতে তাৰ জীৱন ঠিকেই চলি আছিল। কিন্তু যেতিয়া ভুটানী শাসকৰ কৰ পৰিশোধ কৰিব পৰা নাছিল দেউতাক আৰু সি দাসত্বৰ কঠোৰ অনুশাসনৰ মাজত সোমাই পৰিছিল। অদৃশ্য কিন্তু কঠোৰ বলয়ত তাৰ জীৱন আবদ্ধ হৈ পৰিছিল। দাসত্ব জীৱনৰ মাজতে দেউতাকৰ মৃত্যূ হৈছিল;  নিঃসংগ হৈছিল।

 অনিশ্চয়তাৰ অন্ধকাৰত সোমাই পৰা ছিজোৰ দুৰ্দশা দেখি গভীৰভাৱে বিচলিত হয় এটা "চৰিত্ৰ"-- কৰ্মা। শাসক পক্ষৰ সৈনীক। নৈতিক দ্বন্দ্বত জৰ্জৰিত কৰ্মাই মনতে সিদ্ধান্ত লয় ছিজোক উদ্ধাৰ কৰিব! উদ্ধাৰ কৰে, এখন মঠত আশ্ৰয় দিয়ে। ছিজোৰ মুক্তি আৰু নিৰ্বাসনৰ (liberation vs exile) এক দ্বৈত অনুভূতি গঢ় লৈ উঠে, মঠটোৰ পৰিৱেশত। 

--প্ৰথম দৃষ্টিত "ছিজো" চৰিত্ৰ কেন্দ্ৰিক চিনেমা। ছিজোৰ মন, অনুভূতি, দ্বিধা, ভয়, আকাংক্ষা—এইবোৰেই ৰূপালী গল্পটোৰ কেন্দ্ৰীয় বিন্দু (কাহিনী-ৰেখাৰ মূল বিন্দু)। কিন্তু কাহিনী-ৰেখাই বহু সময়ত মূল বিন্দুক এৰি গতি কৰিছে বিষয়-বস্তু কেন্দ্ৰিক কাহিনী নিৰ্মাণ কৰাৰ স্বাৰ্থত। ফলত চৰিত্ৰ প্ৰধানৰ পৰা "story-driven cinem" -লৈ ৰূপান্তৰ হৈছে বুলি ক'ম নেকি? 

--নহয়, "ছিজো"ক "Theme-driven Cinema" ক'লেহে শুদ্ধ হ'ব। 

এটা দিশ স্পষ্ট,  বিষয়বস্তু তথ্যচিত্ৰ-শৈলীৰ চিনেমা (Documentary-style Fiction) -ৰ বৃত্তৰ বাহিৰৰ নহয়। কাহিনী-ৰেখাৰ গতি মন্থৰ। 

ইতিবাচক দিশ-- কেমেৰাৰ ভাষাৰ সু-প্ৰয়োগ। শ্বট ডিজাইন আৰু প্ৰয়োগে বিষয়বস্তুক লৈ মন্থৰ গতিত আগবঢ়া কাহিনীক ভাল লগা থীম-কেন্দ্ৰিক চিনেমালৈ ৰূপান্তৰ কৰিছে। কেমেৰাৰ ভাষা প্ৰসংগত এনেদৰে ক'ব পাৰি-- দৃশ্যভাষা সংযত, মন্থৰ, অন্তর্মুখী। প্ৰাকৃতিক পোহৰৰ ব্যৱহাৰ শ্বটৰ গাণিতিক সু-প্ৰয়োগ আৰু (আৱহ সংগীতত নীৰৱতা আৰু প্ৰাকৃতিক শব্দক গুৰুত্ব দিছে!) নীৰৱতাৰ সুসংগঠিত বিন্যাসে কেইবাটাও ছিকুৱেন্সত ধীৰ কিন্তু গভীৰ আবেগিক প্ৰবাহ সৃষ্টি কৰিছ। 

এনেদৰেও ব্যাখ্যা কৰাৰ বাট আছে-- পৰিচালকে পটভূমিৰ প্ৰাকৃতিক সৌন্দৰ্যক কেৱল "ৰূপালী সৌন্দৰ্য"তে নাৰাখি বুদ্ধিদীপ্ত শ্বটলৈ ৰূপান্তৰ কৰিছে। পৰিপাটিকৈ বুজাবলৈ সক্ষম হৈছে-- গাঁওখনৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু অন্তৰ্নিহিত ভয়ৰ মাজত গঢ়ি উঠা বৈপৰীত্য। তেনেদৰে কেমেৰাৰ ভাষাৰে বুজাবলৈ সক্ষম হৈছে-- মূল চৰিত্ৰ ছিজো এজন কিশোৰ, ইমানতে শেষ নহয়, সি ব্যক্তি, ইতিহাস, এক নিঃশব্দ জনসমষ্টিৰ প্ৰতিনিধি। 


[ দুই ]


অসমীয়া চিনেমাৰ নতুন পৰিচালকৰ নতুন চিনেচিন্তাৰ এটা উদাহৰণ-- "কক কক ককক"। ক'ব পাৰি-- ব্যতিক্ৰমী আৰু চিন্তাশীল চিনেচিন্তা। লেখক-পৰিচালক: মহৰ্ষি তুহিন কাশ্যপ। (পৰিচাল গৰাকীৰ চুটি চিনেকৰ্ম "মোৰ ঘোঁৰাৰ দূৰন্ত গতি"ই চিত্ৰৰসিকক চুইছিল। স্বাভাৱিকতে পৰৱৰ্তী চিনেকৰ্মলৈ আগ্ৰহ অনুভৱ কৰিছিলোঁ।) চিনেমা খনৰ এটা কাহিনী আছে, কাহিনী-ৰেখাৰ মূল বিন্দু আছে। কিন্তু কাহিনীৰ গুৰুত্ব গৌন; মানসিক, সামাজিক আৰু দাৰ্শনিক অনুসন্ধান মুখ্য। কাহিনী-ৰেখাৰ গতিত স্পষ্ট-- যাদুকৰী বাস্তৱবাদ (Magic Realism)। (অসমীয়া চিনেমাৰ দৰ্শকৰ বাবে "অচিনাকী" এই শিল্পধাৰা। এই ধাৰাত এখন "ফেণ্টাছি জগত" নিৰ্মাণ কৰি লোৱা হয়, বাস্তৱৰ সৈতে অলৌকিকতাক স্বাভাৱিকভাৱে গুঠা হয়।) 

কাহিনী-ৰেখাৰ মূল বিন্দু-- নুৰ। এজন মুৰ্গী বেপাৰী। (চৰিত্ৰটো নিৰ্মাণ ৰাজু ৰয়ক লৈ। বাস্তৱিক আভিনয়ৰে নিৰ্মাণ কৰা চৰিত্ৰ। আপুনি, মই বাস্তৱত দেখা মূৰ্গী বেপাৰী এজনৰ দৰে-- নুৰ!)

মনলৈ আহিছে-- বিশ্ববিখ্যাত মেক্সিকান চিনেমা লেখক-পৰিচালক গুইলেৰ্মো ডেল ট’ৰ’ "পান্‌ছ লেবিৰিন্থ" (২০০৬)। এই চিনেমা খনৰ অৱশ্যে দুটা বিশ্লেষণ আছে। মূল স্বৰ, দৃশ্যভাষা আৰু কাহিনীৰ টোনৰ বিশ্লেষণত-- ডাৰ্ক ফেণ্টাচী। আৰু দৃষ্টিভংগী আৰু ব্যাখ্যাহীন যাদুৰ ব্যৱহাৰ ফালৰ পৰা-- যাদুকৰী বাস্তৱবাদ। ৰূপালী গল্পটোত যুদ্ধবিধ্বস্ত স্পেইনৰ বাস্তৱতাক কাল্পনিক জাদুকৰী জগতৰ সৈতে গুঠা হৈছে। কাহিনী-ৰেখাৰ গতিত-- যুদ্ধ, দমন, নিষ্ঠুৰতা; সমান্তৰাল ভাৱে-- ভয়-বিপদ, কল্পনা, যাদু। 

[ৰূপালী গল্পটোৰ মূল বিন্দু-- অফেলিয়া (পথ দেখুওৱা এক ৰহস্যময় সত্তা-- ফ’ন)। নিজকে অলৌকিক ৰাজ্যৰ ৰাজকুমাৰী ভাৱে। দেৱালত ম্যাজিক চ’ক আকি নতুন জগতত প্ৰৱেশ কৰে। সময়ে বিছৰা ধৰণে সলনি হ'বলৈ magic book ব্যৱহাৰ কৰে। মাকক বচাবলৈ ব্যৱহাৰ কৰে-- mandrake root. ব্যৱহাৰ কৰাৰ সময়ত rules of magic মানিবলৈ বাধ্য। পৰিচালকে কাহিনীৰ গতিত স্পষ্ট কৰে-- যাদু প্ৰয়োগ এক প্ৰকাৰ পৰীক্ষা। শৰীৰৰ, নৈতিকতাৰ।] 

--এই চিনেমা খনৰ কথা মনত ৰাখি এনে ধৰণৰ প্ৰশ্ন আহে, স্বাভাৱিকতে, "কক কক ককক"ক ডাৰ্ক ফেণ্টাচী বুলি ক'ব পাৰি নেকি?

এই প্ৰশ্ন একাষৰীয়া কৰি মূল বিষয়লৈ আহিছোঁ-- নুৰ চৰিত্ৰলৈ। পৰিচালক-লেখকে কেতিয়াবা মূৰ্গিৰ সৈতে নুৰক সংযোগ কৰিছে। বহু সময়ত সংযোগ কৰিছে বাইক এখনৰ সৈতে। ৰূপালী গল্পটোৰ কাহিনী-ৰেখাৰ গতিত স্পষ্ট কৰিছে-- নুৰৰ RX 100 -খন তাৰ বাবে কেৱল বাহন নহয়, জীৱন। তাৰ আত্ম-পৰিচয়, নিৰাপত্তা, অস্তিত্ব। সি বাইকখনৰ সৈতে কথা পাতে, বাইক খনক সাৱটি ধৰে। আৰু শেষত বাইক খনৰ সৈতে একাত্ম হয়। 

কাহিনী নিৰ্মাণ প্ৰক্ৰিয়াত নুৰৰ আচৰণত  বাস্তৱ আৰু মানসিকতাৰ সীমা অস্পষ্ট।

"নুৰ বিন্দু"ৰ গতিত স্পষ্ট-- বাস্তৱ কেতিয়াও একমাত্ৰ সত্য নহয়; মানুহৰ মন, ভয়, স্মৃতি আৰু আকাংক্ষাই সেই বাস্তৱক সদায় নতুন ৰূপ দিয়ে। নুৰ (মূল) 'বিন্দু"ৰ গতি সম্পূৰ্ণ নহয়। অমীমাংসিত। 

--নুৰৰ বাইক খন এদিন ৰাতি কোনো অচিনাকি লোকে লৈ যায়। উভতাই দিয়ে। বাইক চুৰি হোৱা সেই সময়তে এটা দুৰ্ঘটনা হয়! এজনৰ মৃত্যু হয়!  নুৰৰ মনত সন্দহে, ভয়ে বাহ লয়। বাইক খন দুৰ্ঘটনাৰ সৈতে জড়িত! সন্দেহ, ভয় মানসিক বিপৰ্যয়লৈ ৰূপান্তৰিত হয়। (লেখক-পৰিচালক হয়তো বুজাব বিচাৰিছে-- মানুহৰ ভিতৰৰ ভয়ে বাস্তৱত কেনেকৈ "সমস্যা" হয়। জীৱনৰ স্বাভাৱিক গতি মন্থৰ কৰে, সলাই দিয়ে।)

কাহিনী-ৰেখাৰ গতিত নুৰ জীৱনলৈ এক নাৰী আহে। এগৰাকী ছুডানৰ যুৱতী। (বৈষম্যৰ সন্মুখীন হৈ অহা ছুডানৰ যুৱতী। এয়া এক প্ৰতীক, কাহিনীৰ গতিত স্পষ্ট হোৱা।) এখন বুটিকত কাম কৰা যুৱতী গৰাকীয়ে নুৰক মাতে-- "চিকেন" বুলি। তাই নুৰৰ পৰা এটি সন্তান বিছাৰে। 

নুৰ আৰু "নাৰী চৰিত্ৰ"ৰ মাজত ভাষাগত ব্যৱধান। ইজনে-সিজনৰ ভাষা নুবুজে। তথাপি অনুভূতিৰ এক সূক্ষ্ম সংযোগ গঢ়ি উঠে। কিন্তু সম্পৰ্কই পূৰ্ণতা লাভ নকৰে। নুৰৰ মানসিক জগত বস্তুগত আসক্তিৰ সৈতে অধিক জড়িত। (এটা ছিকুৱেন্স: নুৰৰ প্ৰতি"নাৰী চৰিত্ৰ"ৰ আগ্ৰহ! নদীৰ পাৰ। নদীৰ পাৰৰ এজোপা লঠঙা গছ। "নাৰী চৰিত্ৰ"ৰ আগ্ৰহৰ বিপৰীতে নুৰে নাতিদূৰৈত থকা নিজৰ বাইকখন সাৱটি ধৰে। কান্দে। কেমেৰাৰ ফ্ৰেমত দুটা শোষিত, নিষ্পেষিত চৰিত্ৰ)।

ৰূপালী গল্পটোৰ নিৰ্মাণ পৰ্ব কেমেৰাৰ ভাষা (চিনেমেট’গ্ৰাফী সিংখানু মাৰ্মাৰ) কেন্দ্ৰীক। সাহিত্যৰ ভাষা কম। ৰাজু ৰয়ৰ অভিনয়, কেমেৰাৰ ভাষা, শব্দই নিৰ্মাণ কৰিছে ৰূপালী গল্পটোৰ মূল সৌন্দৰ্য। কিন্তু সৌন্দৰ্য উপভোগত বাধা হৈছে-- "দুর্বোধ্যতা"। যাদুকৰী বাস্তৱবাদ মানেই-- দুৰ্বোধ নেকি? নাজনো! ("পথেৰ পাঁচালী" ৰ দৰে চিনেমা জগত বিখ্যাত সত্যজিৎ ৰায়ে অত্যন্ত সৰল কাহিনীৰে গভীৰ মানবীয় অনুভূতি প্ৰকাশ কৰা বাবে।)

--উৎপল মেনা (১বহাগ)


মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...