"তাৰিখ"ৰ পাছতে খবৰ পাইছিলোঁ-- চিনেমা পৰিচালক হিমজ্যোতি তালুকদাৰে সাজু কৰিছে আন এখন অসমীয়া চিনেমা "মৰমৰ দেউতা"। চিত্ৰনাট্য লিখিছিল ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ শিশু উপন্যাস "মৰমৰ দেউতা"ৰ আধাৰত। চিত্ৰনাট্য অভিষেক দত্ত, সান্তনু ৰৌমুৰিয়া, হিমজ্যোতি তালুকদাৰৰ। --উপন্যাস খনৰ মূখ্য চৰিত্ৰ বিপুল। পৰিয়ালত মাক-দেউতাক, এজনী ভনীয়েক আৰু বায়েক। দেউতাক কর্মসূত্ৰে আঁতৰত থাকে। উৎপতীয়া স্বভাৱৰ বিপুল অবাধ্য, কথা শুনিবলৈ বাধ্য নহয়। সেয়াই ঘৰখনৰ সমস্যা।... অবাটে যোৱা বিপুল নিশ্চয় চিনেমা খনৰ কাহিনী-ৰেখাৰো মূল বিন্দু! সম্ভৱতঃ চৰিত্ৰটো চিত্ৰনাট্যকাৰ, পৰিচালকে কিছু সলনি কৰিছে! উপন্যাসৰ পৰা চিনেমালৈ ৰূপান্তৰৰ সময়তো নিশ্চয় "চৰিত্ৰ-কাহিনী"ৰ স্বাভাৱিক পৰিবৰ্তন হ'ব। গতিকে পৰ্দাত যে এজন নতুন বিপুলক দেখা যাব-- সন্দেহ নাই। আমি এতিয়া অপেক্ষাত-- "নতুন বিপুল"ৰ। ১১ ডিচম্বৰত চিনেমা খনৰ বিশ্ব প্ৰিমিয়াৰ হ'ব ২৩সংখ্যক চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত, ভাৰতীয় পেনোৰামা শিতানত। অসমৰ দৰ্শকে চিনেমা খন চোৱাৰ সুযোগ পাব ২০২৬-ত। --চিনেমা খনৰ প্ৰযোজ...
" খাকী "। বহু চচিত "খাকী"। বলিউডৰ খন নহয়, জলিউডৰ। সংগীতৰ কাম নিৰীক্ষণ কৰিছে চিনেমা খনৰ লেখক-পৰিচালক অতনু ভূঞা। সংগীতৰ কামত ব্যস্ত সংগীত পৰিচালক ডেনিয়েল। কোন ডেনিয়েল? --ডেনিয়েল বি জৰ্জৰ। বলিউডত চৰ্চিত, পৰিপাটি কামৰ বাবে। বলিউডৰ বাহিৰৰ কামো কৰিছে। "ইণ্টলিজেনণ্ট মিউজিক মেকাৰ"। চৰ্চিত চিনেমা-- 'ৱাৰ’, ‘থ্ৰী-ইডিয়টছ’, ‘ৰাম সেতু’ আদি। ডেনিয়েলৰ এই খনেই প্ৰথম অসমীয়া চিনেমা। "মই ভাবো চিনেমা এখনত সংলাপৰ সমানেই, বা কোনো ক্ষেত্ৰত তাতকৈ বেছি গুৰুত্ব সংগীতৰ। গীতৰ। আৱহ সংগীতৰ। আমি চিনেমা খনৰ শব্দৰ ডিজাইন অমৃত প্ৰীতমৰ সৈতে বহি চিত্ৰগ্ৰহণৰ আৰম্ভণী পৰ্বতে কৰিছোঁ। তেনেদৰে সংগীতৰ ডিজাইনো কৰি লৈছিলোঁ। সংগীতৰ কথা মনলৈ অহাৰ মূহুৰ্ততে ডেনিয়েলৰ কথা আমাৰ মনলৈ আহিছিল। আৰু আন কাৰোবাৰ কথা নাভাবিলোঁ। চিনেমা খনত তিনিটা গীত বা গীতাংশ ব্যৱহাৰ কৰিম। কণ্ঠ দিছে ৰূপম ভূঞা, জয় বৰুৱা আৰু অনুজা ভূঞাই।..." ৰাজনৈতিক থ্ৰীলাৰ খনৰ সহযোগী পৰিচালক জয়ন্ত কুমাৰ ডেকাই কথা প্ৰসংগত ক'লে-- চিনেমা খনৰ making result ভাল! দৰ্শকে ভাল পাব। আধুনিক কাৰিকৰী দিশত গুৰুত্ব দিছে। কাহিনী-ৰেখাই...