কেইবা খনো নাটক চালোঁ, যোৱা কেইটামান দিনত, মনত ৰৈ গ'ল-- "আকাশ" আৰু "মধুমক্ষিকা"। "আকাশ" ছিগালৰ প্ৰযোজনা। বাহাৰুল ইছলামৰ পৰিচালনা। মূল চৰিত্ৰটোত অভিনয়ো কৰিছে-- নাট্যকৰ্মী গৰাকীয়ে। নাটক খন প্ৰথম বাৰ মঞ্চস্থ হৈছিল ২০০৫ চনত। যোৱা ২১ ফেব্ৰুৱাৰী তাৰিখে চালোঁ ৯২ সংখ্যক দৰ্শনীটো। --নাটক খনৰ শিপা ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ একে নামৰ গল্প। বিশেষ পৰিৱৰ্তন অনুভৱ নকৰিব গল্পটো পঢ়া সকলে। নাট্যকাৰ-পৰিচালকে পৰিপাটিকৈ মঞ্চলৈ আনিছে "গল্প"টো। বিশেষ সলনি কৰা নাই, কিছু সংযোজন কৰিছে, "গল্পটো"ৱে মঞ্চত দেখুৱাইছে। নাটক খনৰ কাহিনী-ৰেখাৰ মূল বিন্দু-- জ্যোতির্ময় চৌধুৰী (এই চৰিত্ৰটোতে অভিনয় কৰিছে বাহাৰুল ইছলামে)। পৰিপাটিকৈ জ্যোতির্ময়ৰ "গল্প"টো কৈছে তৃতীয় পুৰুষত। পৰিৱেশ নিৰ্মাণ কৰিছে-- সংগীতেৰে। আৰম্ভনিতে বিয়াগীতৰ "সুৰে" দৰ্শকক চুইছে। কাহিনীয়ে গতি লৈছে জ্যোতির্ময় চৌধুৰীৰ জীয়ৰীৰ বিয়াক কেন্দ্ৰ কৰি। বিয়াৰ ভাল লগা হুলুস্থুলৰ মাজতে বেনামী চিঠি এখন আহিছে-- জীয়ৰীৰ যিগৰাকীৰ সৈতে বিয়া ঠিক হৈছে, সেই গৰাকীৰ জীৱনলৈ বহু কেইগৰাকী নাৰী আহিছে বু...
"শ্বোলে" --প্ৰথম দুটা সপ্তাহত "Collection" ভাল নাছিল। ১৯৭৫ চনৰ ১৫ আগষ্টত চিনেমা খন চিত্ৰগৃহলৈ আহিছিল। প্ৰিণ্টৰ সংখ্যা প্ৰথম সপ্তাহত ১০০-১৫০ টা আছিল (পাছলৈ আৰু ৯০০টা যোগ হৈছিল)। মুক্তিৰ প্ৰথম সপ্তাহত চিনেমাখনে বক্স অফিচত বৰ বিশেষ ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল। বহুতে ইয়াক 'ফ্লপ' বুলিও ঘোষণা কৰিছিল। দেশৰ কেইবাটও চিত্ৰগৃহত কালেকশ্বন ৩০% শতাংশৰো কম থকাৰ তথ্য পোৱা যায়। "ৰিপৰ্ট অনুসৰি, মুক্তিৰ প্ৰথম দিনটোত চিনেমাখনে সমগ্ৰ ভাৰতত প্ৰায় ৮ লাখ টকা উপাৰ্জন কৰিছিল। মুক্তিৰ প্ৰথম দুটা সপ্তাহত চিনেমা খনৰ ব্যৱসায়িক গতি অতি লেহেমীয়া আছিল আৰু বহুতে ইয়াক ফ্লপ বুলিও অভিহিত কৰিছিল। তৃতীয় সপ্তাহৰ পৰাহে জনপ্ৰিয়তা বৃদ্ধি পায় আৰু পৰৱৰ্তী সময়ত চিনেমা খনে ইতিহাস সৃষ্টি কৰে। অৱশ্যে মুম্বাইত কিছু ভাল আছিল। মুক্তিৰ দিনা প্ৰায় ১.৭৩ লাখ টকা সংগ্ৰহ কৰি পূৰ্বৰ অভিলেখ ভংগ কৰিছিল। মুম্বাইত প্ৰথম সপ্তাহত মুঠ আসনৰ ক্ষমতা ১২.১৮ লাখ টকাৰ বিপৰীতে ১১.৫৭ লাখ টকা সংগ্ৰহ কৰিছিল, যিটো আছিল প্ৰায় ৯৫% । ডাঙৰ বাজেটৰ চিনেমা হিচাপে এই ব্যৱসায়াক সেই সময়ত হতাশাজনক বুলি ট্ৰেড আলোচনীয়ে গণ্য কৰিছ...