আৰম্ভ কৰিছোঁ মোৰ প্ৰিয় পৰিচালক, মজিদ মাজাদি আৰু সঞ্জয় লীলা ভাঞ্চালিৰ কথাৰে--
ইৰানৰ পৰিচালক মজিদ মাজাদিৰ মতে, সাহিত্য আৰু চিনেমাৰ মাজত এক গভীৰ আৰু আত্মিক সম্পৰ্ক আছে। "চিনেমা কেৱল এটা দৃশ্যমান মাধ্যম নহয়, বৰঞ্চ ই সাহিত্যৰ দৰেই এক ভাষা। কবিতাৰ বেছি ওচৰৰ। যিদৰে কবিতাৰ ভাষা চুটি কিন্তু ভাব গভীৰ, তেনেদৰে চিনেমাৰ দৃশ্যবোৰেও শব্দতকৈ অধিক মৌনতা আৰু প্ৰকৃতিৰ উপাদানৰ (যেনে-- আকাশ, বৰষুণ, চৰাই) জৰিয়তে গল্প কয়।"
বলিউডৰ পৰিচালক সঞ্জয় ভাঞ্চালিৰ মতে, "চিনেমা আৰু সাহিত্যৰ সম্পৰ্ক কেৱল কাহিনী কোৱাৰ মাধ্যম নহয়, বৰঞ্চ ই এক দৃশ্যমান কবিতা (Visual Poetry) সদৃশ।"
চিনেচিন্তা ভিন্ন, পৰিচালনা শৈলীৰ দূৰত্ব আছে, ভৈগোলিক দূৰত্ব আছে; কিন্তু ব্যখ্যা একে ধৰণৰ।
কেৱল এই দুগৰাকী পৰিচালকেই নহয়, বিশ্বৰ বহু পৰিচালকৰ ব্যাখ্যত এই মিল পোৱা যায়-- "Chinese poets use metaphors or symbols to express deep meaning." আৰু ভিন্ন চিনেমা কেন্দ্ৰিক আলোচনাত পোৱা আন এটা মিল-- "There is a similarity between the rhythm of the poem and the editing or pace of the film, which binds the audience emotionally.
এই খিনিতে মনলৈ আহিছে বুদ্ধদেব দাশগুপ্তৰ "চিনেকৰ্ম"। "চিনেমাৰ কবি" (চলচ্চিত্রের কবি)
খ্যাত এই গৰাকী পৰিচালকে কেমেৰাৰৰ ভাষাক কাব্যিক-চিনেমা পৰ্যায়ত উত্তৰণ কৰাইছিল। পৰিচালক গৰাকীৰ ভাষাত-- "চিনেমা এখনত কেতিয়াবা, কোনো লেখক-পৰিচালকৰ চিন্তাত গল্প নাথাকিব পাৰে! মই ক'ব বিচাৰিছোঁ 'গল্প' এটাক বাদ চিনেমা এখন সম্ভৱ হ'ব পাৰে; কিন্তু চিনেমাত 'কবিতা' থাকিবয়ে।... যিসকলে কবিতা আৰু সংগীত ভাল পায়, তেওঁলোকৰ বাবে চিনেমা এক নিৰন্তৰ দৰ্শন।"
--এই লেখাৰ বিষয় "চিনেম-কবিতা সম্পৰ্ক নহয়। বিষয়ৰ বাহিৰতো নহয়, আমাৰ এই চৰ্চা। উল্লেখ কৰা চিনে-পণ্ডিত কেইগৰাকীৰ "কবিতা অনুভৱ"কে চিনেমাৰ সাহিত্য বুলি ক'ব পাৰি। কেমেৰাৰে ৰচনা কৰা "অনুভৱী সাহিত্য" বুলিব পাৰি। য'ত স্পষ্ট হয় পৰিচালকৰ চিনে-দক্ষতা, নিৰ্দিষ্ট বিষয়বস্তুৰ গভীৰতা (depth) -লৈ যাব পৰা ক্ষমতা।
আহিছোঁ মূল বিষয়লৈ। সাহিত্যৰ চিনেমালৈ। গল্প, নাটক, উপন্যাসৰ আধাৰত চিত্ৰনাট্য ৰচনা কৰা "চিনেমা" প্ৰসংগলৈ।
তথ্যই কয়-- নিৰ্বাক যুগতে "সাহিত্য"ৰ আধাৰত চিনেমা (সেই সময়ত যাক কোৱা হৈছিল Moving pictures, ছলমান ছবি। পাছলৈ-- Movie) নিৰ্মাণ হৈছিল। উদাহৰণ--
১।বেন-হুৰ (Ben-Hur, 1907):
Wallaceৰ ১৮৮০ চনত প্ৰকাশ পোৱা জনপ্ৰিয় উপন্যাস "Ben-Hur: A Tale of the Christ" (বেন-হুৰ: এ টেল অফ দ্য ক্ৰাইষ্ট)ৰ ওপৰত আধাৰত Sidney Olcott আৰু Frank Oakes Rose-এ পৰিচালনা কৰা নিৰ্বাক চিনেমা খনৰ চিত্ৰনাট্য লিখিছিল Gene Gauntier-এ। ১৫ মিনিট দৈৰ্ঘৰ এই চিনেমা খনৰ কাহিনীক তিনিটা ভাগত চিত্ৰায়ণ কৰাৰ তথ্য পোৱা যায়। সংগ্ৰহ কৰা কাহিনী-ৰেখা অসমীয়াত অনুবাদ কৰিলে এনেধৰণৰ হ'ব-- "কাহিনীৰ আৰম্ভণিতে দেখা যায়-- জেৰুজালেমত এজন ৰোমান গৱৰ্ণৰৰ আগমনৰ শোভাযাত্ৰা চলি থকা সময়তে বেন-হুৰৰ ঘৰৰ চালৰ পৰা এটা টাইল (tile) দুৰ্ঘটনাক্ৰমে গৱৰ্ণৰৰ ওপৰত পৰে। ইয়াকে হত্যাৰ চেষ্টা বুলি গণ্য কৰি বেন-হুৰৰ বাল্যবন্ধু মেছলাই তেওঁক গ্ৰেপ্তাৰ কৰে আৰু দাস হিচাপে গ্যালি জাহাজলৈ (galley ship) পঠিয়াই দিয়ে। --এয়া কাহিনীৰ প্ৰথম পৰ্যায়।
দ্বিতীয় পৰ্যায়ত-- বেন-হুৰে কেইবাবছৰো গ্যালি জাহাজত শিকলিৰে বন্ধা অৱস্থাত দাসত্ব স্বীকাৰ কৰি থকা সময়ত, এখন যুদ্ধৰ সময়ত তেওঁ ৰোমান সেনানায়ক অৰিয়াছৰ প্ৰাণ ৰক্ষা কৰে। ইয়াৰ বিনিময়ত অৰিয়াছে তেওঁক তোলনীয়া পুত্ৰ হিচাপে গ্ৰহণ কৰে ৰোমান নাগৰিকত্ব লাভ কৰি মুক্তি পায় লাভ কৰে।
মুক্তি লাভ কৰাৰ পাছত বেন-হুৰে নিজৰ পৰিয়ালক বিচাৰি আৰু মেছলাৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ জেৰুজালেমলৈ উভতি আহে। চিনেমাখনৰ আটাইতকৈ আকৰ্ষণীয় দৃশ্যটো হৈছে ৰথ দৌৰৰ প্ৰতিযোগিতাখন, য'ত বেন-হুৰ আৰু মেছলাই মুখামুখি হয়। এই দৌৰত বেন-হুৰ জয়ী হয় আৰু মেছলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। --এয়া তৃতীয়; আৰু চিনেমা খনৰ শেষ পৰ্যায়।" --এই খিনিতে উল্লেখ কৰিব পাৰি-- এই চিনেমা খনত মূল উপন্যাসখনৰ ধৰ্মীয় দিশ আৰু যীশু খ্ৰীষ্টৰ চৰিত্ৰটো সম্পূৰ্ণৰূপে বাদ দিয়া হৈছিল। (উৎস: বাংলা আলোচনী-- "আন্তৰ্জাতিক আঙ্গিক")
২। বাৰ্থ অৱ এ নেচন (The Birth of a Nation, 1915):
মূলতঃ আমেৰিকান লেখক থমাছ ডিক্সন জুনিয়ৰ (Thomas Dixon Jr.) -ৰ ১৯০৫ চনত প্ৰকাশ প্ৰকাশ পোৱা এখন ধাৰাবাহিক উপন্যাস দ্য ক্লেনছমেন (The Clansman: A Historical Romance of the Ku Klux Klan) আধাৰত চিত্ৰনাট্য লিখিছিল। চিত্ৰনাট্যত ছাঁ পৰিছিল ডিক্সনৰ আন এখন উপন্যাস 'দ্য লিপাৰ্ডছ স্পটছ' (The Leopard's Spots) -ৰ। চিনেমা খনৰ কাহিনী নিৰ্মাণ হৈছিল আফ্ৰিকান-আমেৰিকানসকলক নেতিবাচকভাৱে উপস্থাপনেৰে। "চিনেমাৰ ইতিহাস"ত উল্লেখ আছে-- এই চিনেমা খনত পোনপ্ৰথমবাৰৰ বাবে ক্লজ-আপ (close-up), ফেড-আউট (fade-out), বৃহৎ যুদ্ধৰ দৃশ্যৰ দৰে আধুনিক কৌশল ব্যৱহাৰ কৰা হৈছিল। চিত্ৰনাট্য লিখিছিল-- D. W. Griffith আৰু Frank E. Woods-এ। তথ্য মতে, এই খন আছিল আমেৰিকাৰ প্ৰথম 'ব্লকবাষ্টাৰ'।
৩। দ্য আৰু দা ফেণ্টম অৱ দা অপেৰা (The Phantom of the Opera, 1925): একে নামৰ উপন্যাসৰ আধাৰত ৰচনা কৰা হৈছিল চিত্ৰনাট্য। ঔপন্যাসিক: গেষ্টন লেৰক্স। ১৯১০ চনত প্ৰকাশ পোৱা উপন্যাস। চিনেমা খন পৰিচালনা কৰিছিল ৰুপাৰ্ট জুলিয়ানে।
--সংগ্ৰহ কৰা কাহিনী ভাগ অসমীয়ালৈ অনুবাদ কৰিলে এনে ধৰণৰ হ'ব-- "পেৰিছ অপেৰা হাউচৰ তলত বাস কৰা এজন বিকৃত চেহেৰাৰ সংগীত প্ৰতিভাই এগৰাকী নৱাগতা গায়িকা ক্ৰীষ্টিন ডায়েৰ প্ৰেমত পৰে। তেওঁক তাৰকা সজাবলৈ এৰিকে বিভিন্ন অপৰাধমূলক কাণ্ড সংঘটিত কৰে আৰু অৱশেষত তেওঁক অপহৰণ কৰে।"
(লিখি আছোঁ)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন