বুদ্ধদেৱ দাশগুপ্তৰ মতে,
"চিনেমাৰ মূল আধাৰ কাহিনী বা বিষয়বস্তু নহয়, চিত্ৰকল্পহে। মোৰ বিশ্বাস-- শব্দতকৈ দৃশ্যই অধিক গভীৰভাৱে মন চুব পাৰে।"
কবিতা আৰু চিনেমাৰ সংমিশ্ৰণ: তেওঁৰ চিনেমাক "এগৰাকী ভাল পৰিচালক হ’বলৈ হ’লে কবিতা পঢ়া আৰু চিত্ৰকলা চৰ্চা কৰাটো অত্যন্ত জৰুৰী।"
"কেৱল বাস্তৱিক চিনেমা নিৰ্মাণ কৰাতকৈ বাস্তৱৰ সৈতে সপোন আৰু যাদুৰ মিশ্ৰণ ঘটাই এক পৃথক জগত সৃষ্টি কৰাটোহে প্ৰকৃত চিনেমা।"
"বাস্তৱৰ সৈতে কল্পনা আৰু যাদু (Magic Realism) এক গিলাচত মিহলাই দিলে যিটো তৈয়াৰ হ’ব, সেয়াই তেওঁৰ চিনেমা। মোৰ ধাৰণাত চিনেমাত ৰিয়েলিজম বা বাস্তৱবাদক চেৰাই এক ধৰণৰ আধ্যাত্মিক আৰু কাব্যিক সত্য বিচাৰি পোৱা যায়।"
"ব্যৱসায়িক লাভালাভ বা ব্যৱস্থাৰ ওচৰত আত্মসমর্পণ কৰিলে এজন পৰিচালকৰ মৌলিকত্ব হেৰাই যায়।"
"জনসাধাৰণৰ দুখ-যন্ত্ৰণা আৰু সামাজিক বিসংগতিসমূহক চিনেমাত প্ৰকাশ কৰা উচিৎ!"
"কেৱল বাজেট ভাল হ’লেই চিনেমা ভাল নহয়; সৃজনশীলতা আৰু নতুনত্বহে আচল কথা।"
"যুৱ পৰিচালকসকলক কাকো অনুকৰণ নকৰি নিজৰ শৈলী বিচাৰি উলিয়াব লাগে।"
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন