সরাসরি প্রধান সামগ্রীতে চলে যান

বিষয়: চিনেমা আলোচনী

ভাৰতৰ প্ৰথম খন "চিনেমা আলোচনী"  ১৯০৯ চনত প্ৰকাশ পাইছিল। নাম: The Indian Cinematograph. আলোচনীখন  প্ৰকাশ পাইছিল বোম্বে (বৰ্তমান মুম্বাই)-ৰ পৰা। --এই তথ্য পোৱা যায় আজয় মাহাত্ৰেৰ গ্ৰন্থ "আজছা চিত্ৰপট"ত। পৰৱৰ্তী সময়ত প্ৰকাশ পোৱা কেইখনমান ভাৰতীয় "চিনেমা আলোচনী"-- 

"বিজলী" (বাংলা): বিজলী  ভাৰতৰ অন্যতম প্রাচীন চিনেম আলোচনী। সাপ্তাহিক। ১৯২০ চনত কলিকতা (কলকাতা) পৰা প্ৰকাশ পাইছিল। মূল উদ্যোক্তা আছিল-- বাৰীন্দ্র কুমাৰ ঘোষ, নলিনীকান্ত সৰকাৰ, দীনেশ ৰঞ্জন দাস, শচ্চিদানন্দ সেনগুপ্ত আৰু অৰুণ সিংহ। সম্পাদক: প্রবোধকুমাৰ সান্যাল, নলিনীকান্ত সৰকাৰ। "তথ্য"ত পোৱা যায়-- এই আলোচনী খনত কাজী নজৰুল ইছলামৰ বিখ্যাত কবিতা  'বিদ্রোহী' প্রথম প্রকাশ প্ৰকাশ হৈছিল। এই তথ্যই স্পষ্ট কৰি দিয়ে-- চিনেমা আলোচনী খনত কবিতা আদিয়ো ছপা হৈছিল। --এই খিনিতে আমাৰ মনলৈ অহা এখন

#বিশেষ বাংলা চিনেমা আলোচনী "আন্তৰ্জাতিক আঙ্গিক"। বাংলা আলোচনী খনৰ প্ৰথম গৰাকী সম্পাদক: ৰাণা চৰকাৰ। ১৯৬০-ৰ দশকৰ পৰা ১৯৭০-ৰ দশকৰ মাজভাগলৈকে সক্ৰিয় আছিল। ১৯৭০-ৰ দশকৰ শেষৰ ফালে বন্ধ হৈছিল। 

"মৌজ মজা" (গুজৰিটী): গুজৰাটী চিনেমাৰ ইতিহাসত অন্যতম প্ৰভাৱশালী আৰু প্ৰথম খন চিনেমা আলোচনী। প্ৰকাশ স্থান: বোম্বে (মুম্বাই)। চন: ১৯২৪। প্ৰকাশক-সম্পাদক: জে. কে. দ্বিবেদী। সেই সময় চোৱাত "চিত্ৰপট" (প্ৰতিষ্ঠাপক সম্পাদক: নগিনলাল শ্বাহ। চন: ১৯২৯।) আন এখন গুজৰাটী ভাষাৰ চিনেমা আলোচনী প্ৰকাশ পোৱাৰ তথ্য পোৱা যায়।


 "মুভি মিৰৰ" (ইংৰাজী): Movie Mirror প্ৰকাশ পাইছিল মাদ্ৰাজ (বৰ্তমানৰ চেন্নাই) -ৰ পৰা। ১৯২৭ চনত। সম্পাদক আছিল এচ. কে. বাসুদেৱম (S. K. Vasudevam)। আলোচনী খনত গুৰুত্ব দিয়া হৈছিল বলিউড আৰু দক্ষীণ ভাৰতৰ চিনেমাৰ তাৰকা সকলক। 

পাছত, একে নামেৰে আমেৰিকান চলচ্চিত্ৰ বিষয়ক আলোচনী এখন প্ৰকাশ পোৱাৰ তথ্য পোৱা যায়। প্ৰকাশ পাইছিল ১৯৩১ চনৰ পৰা। ১৯৮০-ৰ দশকলৈ প্ৰকাশ পাইছিল। প্ৰথম গৰাকী সম্পাদক আছিল ৰুথ ৱাটাৰবেৰী (Ruth Waterbury)। আৰম্ভণিতে আলোচনী খন ফুটেৰা পাব্লিছিং (Futura Publishing) আৰু পৰৱৰ্তী সময়ত মেকফাডেন পাব্লিকেশ্যন (Macfadden Publications)-ৰ দ্বাৰা প্ৰকাশিত হৈছিল। আলোচনী আছিল।

 ১৯৪১ চনত এই আলোচনী খন #Photoplay  আলোচনীৰ সৈতে একত্ৰিত হৈছিল। --এই আলোচনী খনৰ বিষয়ে তথ্য পোৱা যায়-- "আমেৰিকাৰ অন্যতম প্ৰাচীন আৰু প্ৰভাৱশালী চিনেমা বিষয়ক অনুৰাগী আলোচনী (fan magazine)।" আলোচনী খনৰ পূৰ্ব ইতিহাস আছে-- "১৯১১ চনত এক চুটি থিয়েটাৰ প্ৰগ্ৰেম হিচাপে আৰম্ভ হৈছিল, পাছলৈ এক পূৰ্ণাঙ্গ আলোচনী ৰূপত হৈছিল। ১৯৮০ চনত ইয়াৰ প্ৰকাশ বন্ধ হৈছিল।"

এই খিনিতে উল্লেখ কৰিব পাৰি-- #অস্কাৰ আৰম্ভ হোৱাৰো বহু আগৰে পৰা এই আলোচনী খনে 'ফটোপ্লে মেডেল অফ অনাৰ' (Photoplay Medal of Honor) নামৰ এটা বছৰেকীয়া বঁটা প্ৰদান কৰিছিল। কোৱা হয়-- চেলিব্ৰিটি সংস্কৃতি গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এইটো বিশ্বৰ প্ৰথমটো উল্লেখযোগ্য চলচ্চিত্ৰ বঁটা। 

--এই আলোচনী খনৰ আৰ্হিতে "আনন্দলোক" (বাংলা) চিনেমা আলোচনী খন প্ৰকাশ কৰাৰ চৰ্চা পোৱা যায়। ১৯৭৫ চনৰ ২৫ জানুৱাৰীত প্ৰকাশ হৈছিল আলোচনী খনৰ প্ৰথমটো সংখ্যা। প্ৰথমগৰাকী সম্পাদক আছিল অৰুণ ভট্টাচাৰ্য। এই আলোচনী খনৰ সম্পাদকৰ দায়িত্ব দক্ষ চিনেমা পৰিচালক ঋতুপৰ্ণ ঘোষেও পালন কৰিছিল, ১৯৯৭ চনৰ পৰা ২০০৪ চনলৈ। বৰ্তমান সম্পাদক: কৌশিক পাল। (লিখি আছোঁ)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...