সরাসরি প্রধান সামগ্রীতে চলে যান

সংবাদ নে বক্তব্য?

|| “সংবাদ নে বক্তব্য?—নিৰ্বাচনী সময়ত সাংবাদিকতাৰ সংকট আৰু সত্যৰ প্ৰশ্ন ||

--উৎপল মেনা


“নিৰপেক্ষতা”, “সাহস” আৰু “জনস্বাৰ্থ”—এই তিনিটা ধাৰণাই সাংবাদিকতাৰ বৌদ্ধিক কাঠামো গঢ়ে। এইবোৰ আমি বহুদিন ধৰি পঢ়ি আহিছোঁ, বুজি আহিছোঁ।  আজিৰ সময়ত, সংবাদ মাধ্যমত পক্ষপাতিত্বৰ অনুভৱ বেছি তীব্ৰ হোৱাৰ সময়ত, বহু ক্ষেত্ৰত ৰাজনীতি আৰু সংবাদ মাধ্যমৰ সীমাৰেখা অস্পষ্ট হৈ পৰা সময়ত, এই ধাৰণাবোৰ পুনৰ ভাবি চোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছোঁ। অসম বিধানসভা নিৰ্বাচনৰ সময়ত এই অনুভৱটো বিশেষকৈ তীব্ৰ হৈছিল—য’ত বহু সংবাদ মাধ্যমে অনুসন্ধানমূলক দিশটো একাষৰীয়া কৰি কেৱল নেতাসকলৰ বক্তব্য প্ৰচাৰত সীমাবদ্ধ হৈ থকা যেন দেখা গ’ল। সেই মুহূৰ্তত এটা প্ৰশ্ন স্বাভাৱিকভাৱে উঠে—সংবাদ মাধ্যমে নিজৰ ৰাজনৈতিক অৱস্থান নিৰ্বাচন কৰিছে কৰিছে নেকি? “নিৰপেক্ষতা”  এতিয়া কেৱল এক আদৰ্শ, বাস্তৱ নহয় নেকি?

আমাৰ ধাৰণাত, প্ৰথমে এইটো মানি ল’ব লাগিব যে “নিৰপেক্ষতা” নিজেই এক জটিল আৰু বিতৰ্কিত ধাৰণা। পৰম্পৰাগত সাংবাদিকতাই বস্তুনিষ্ঠতা আৰু বিষয়নিষ্ঠতাৰ ওপৰত জোৰ দিয়ে যদিও, বাস্তৱত এই আদৰ্শ সম্পূৰ্ণভাৱে পালন কৰা কিমান সম্ভৱ, সেইটো সদায়েই প্ৰশ্নৰ বিষয়। আমেৰিকান সাংবাদিক, লেখক, আৰু ৰাজনৈতিক মন্তব্যকাৰী  ৱাল্টাৰ লিপমেনে কৈছিল—“সাংবাদিকতাত সত্য কোৱা আৰু অসত্যক লজ্জিত কৰাতকৈ উচ্চ কোনো নীতি নাই।” এই কথাই সাংবাদিকতাৰ নৈতিক কেন্দ্ৰবিন্দু স্পষ্ট কৰে—সত্যনিষ্ঠতা। কিন্তু সমসাময়িক মিডিয়া তত্ত্বই দেখুৱাইছে যে সম্পূৰ্ণ নিৰপেক্ষতা প্ৰায় অসম্ভৱ; কাৰণ প্ৰতিটো সংবাদ নিৰ্বাচন, গঠন আৰু উপস্থাপনৰ মাজতেই কিছুমান মূল্যবোধ অন্তৰ্নিহিত হৈ থাকে। অৰ্থাৎ, সংবাদ কেৱল বাস্তৱৰ প্ৰতিফলন নহয়; ই এক ব্যাখ্যাযুক্ত ৰূপ।

নিৰ্বাচনৰ সময়ত এই বিষয়টো আৰু অধিক গুৰুত্বপূৰ্ণ হৈ উঠে। এই সময়ত সংবাদ মাধ্যম কেৱল তথ্য প্ৰচাৰৰ মাধ্যম নহয়; ই গণতান্ত্ৰিক ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। জনমত গঠন, ৰাজনৈতিক জবাবদিহিতা আৰু ক্ষমতাৰ নিয়ন্ত্ৰণ—এই সকলো ক্ষেত্ৰতেই সংবাদ মাধ্যমৰ ভূমিকা কেন্দ্ৰীয়। সেয়ে এই সময়ত প্ৰতিটো সংবাদ, প্ৰতিটো শিৰোনাম আৰু প্ৰতিটো বিশ্লেষণেই ভোটাৰৰ চিন্তা আৰু সিদ্ধান্তত প্ৰভাৱ পেলাব পাৰে।

সাংবাদিকতাৰ প্ৰথম আৰু মৌলিক নীতি হৈছে সত্যনিষ্ঠতা। কিন্তু “সত্য” কোনো সহজ, একমাত্ৰিক বস্তু নহয়; ই তথ্য, প্ৰসঙ্গ আৰু ব্যাখ্যাৰ সমন্বয়ত গঢ়ি উঠে। সেইবাবে কেৱল খবৰ প্ৰচাৰ কৰাটোৱেই যথেষ্ট নহয়; বৰং তথ্যৰ প্ৰামাণিকতা নিশ্চিত কৰা, একাধিক উৎসৰ সৈতে মিলাই চোৱা, আৰু বিভ্ৰান্তিকৰ তথ্যৰ পৰা সত্য পৃথক কৰা—এইবোৰো সমানভাৱে গুৰুত্বপূৰ্ণ। নিৰ্বাচনৰ সময়ত ভুৱা খবৰ আৰু উদ্দেশ্যমূলক অপপ্ৰচাৰৰ সম্ভাৱনা বৃদ্ধি পায়, সেয়ে fact-checking কেৱল প্ৰয়োজনীয় নহয়, একেবাৰে বাধ্যতামূলক দায়িত্ব হৈ উঠে।

সংবাদ মাধ্যমৰ আন এক গুৰুত্বপূৰ্ণ ভূমিকা হৈছে জনসাধাৰণক তথ্যভিত্তিক সচেতনতা প্ৰদান কৰা। কেৱল উত্তেজনামূলক ৰাজনৈতিক ঘটনাৰ বৰ্ণনা নহয়; বৰং প্ৰাৰ্থীৰ নীতি, প্ৰতিশ্ৰুতি, অতীতৰ কাৰ্যকলাপ আৰু স্থানীয় সমস্যাসমূহৰ ওপৰত গভীৰ বিশ্লেষণ জনসাধাৰণক সচেতন সিদ্ধান্ত ল’বলৈ সহায় কৰে। এই অৰ্থত সংবাদ মাধ্যম এক “জন-শিক্ষক”ৰ ভূমিকা পালন কৰে। 

তৃতীয়তে, সাংবাদিকতাৰ এক অবিচ্ছেদ্য দায়িত্ব হৈছে ক্ষমতাৰ ওপৰত নজৰ ৰখা। ব্ৰিটিছ ঔপন্যাসিক, প্ৰবন্ধকাৰ, সাংবাদিক আৰু সমালোচক

জর্জ অৰৱেলৰ বিখ্যাত উক্তি—“Journalism is printing what someone else does not want printed”—এইখিনিত বিশেষভাৱে প্ৰাসংগিক। সাংবাদিকতাৰ সাৰাংশই হৈছে সেইবোৰ সত্য প্ৰকাশ কৰা, যিবোৰ শক্তিশালী পক্ষই লুকুৱাব খোজে। এই দায়িত্ব কেৱল চৰকাৰৰ ক্ষেত্ৰতেই নহয়; ৰাজনৈতিক দল, কৰ্পোৰেট শক্তি আৰু অন্যান্য প্ৰভাৱশালী গোটসমূহৰ ক্ষেত্ৰতো সমানভাৱে প্ৰযোজ্য।

এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা বুজা আৱশ্যক—নিৰপেক্ষতা মানে সকলো পক্ষক সমানভাৱে স্থান দিয়া নহয়। যদি কোনো পক্ষই তথ্যগতভাৱে ভুল বা বিভ্ৰান্তিকৰ বক্তব্য আগবঢ়ায়, তেন্তে “সমতা”ৰ নামত সেই ভুলকো সমান মৰ্যাদা দিয়া সাংবাদিকতাৰ দায়িত্ব নহয়। বৰং সত্য আৰু জনস্বাৰ্থক অগ্ৰাধিকাৰ দিয়াটোৱেই হৈছে নৈতিক সাংবাদিকতাৰ মূল ভিত্তি।

শেষত আহে “সাহস”। সাধাৰণ অৰ্থত সাহস মানে শাসক পক্ষৰ বিৰুদ্ধে থিয় হোৱা বুলি ধৰা হয়, কিন্তু বাস্তৱত সাহসৰ অৰ্থ অধিক বিস্তৃত। ই হৈছে যিকোনো ধৰণৰ ক্ষমতা—ৰাজনৈতিক, আৰ্থিক বা সামাজিক—ৰ বিৰুদ্ধে সত্যৰ পক্ষে অটল থকা। এইখিনিত পুনৰ জর্জ অৰৱেলৰ চিন্তাধাৰাই এই কথাই স্পষ্ট কৰে যে সাংবাদিকতাৰ মূল সাৰ হৈছে সেই তথ্য প্ৰকাশ কৰা, যাক শক্তিশালী পক্ষই লুকুৱাব খোজে। সেয়ে সাহস কেৱল বিৰোধিতাত নহয়; ই সমান, ন্যায়ভিত্তিক আৰু সত্যনিষ্ঠ সমালোচনাত নিহিত।

শেষত ক’ব পাৰোঁ, সাংবাদিকতা কেৱল এটা পেছা নহয়; ই এক নৈতিক দায়িত্ব, এক গণতান্ত্ৰিক প্ৰতিশ্ৰুতি। “নিৰপেক্ষতা” যদি সম্পূৰ্ণ বাস্তৱ নহয়ো, তথাপিও “সত্যৰ পক্ষে ন্যায়সংগত অৱস্থান” লোৱাটো সাংবাদিকতাৰ মূল আদৰ্শ হৈ থাকিব লাগিব। যেতিয়া সংবাদ মাধ্যম অনুসন্ধানৰ সলনি কেৱল বক্তব্যৰ বাহক হৈ পৰে, তেতিয়া গণতন্ত্ৰৰ ভিতৰখনেই দূৰ্বল হৈ পৰে। সাহস, এইখিনিতে, কেৱল প্ৰতিবাদ নহয়; ই হৈছে অস্বস্তিকৰ সত্যৰ পক্ষে অটল থকা এক বৌদ্ধিক সততা। আৰু জনস্বাৰ্থ—সেইটো কেৱল এক শ্লোগান নহয়; ই সাংবাদিকতাৰ চূড়ান্ত পৰীক্ষা।

আজিৰ সময়ত আমাৰ প্ৰশ্ন “সংবাদ মাধ্যম নিৰপেক্ষ হয় নে নহয়?” নহয়। “সংবাদ মাধ্যমে সত্যৰ পক্ষে থিয় আছে নে নাই?”—এই প্ৰশ্নটোৱেই অধিক প্ৰাসংগিক।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...