...
অসমীয়া চিনেমাৰ ইতিহাসত এক বেদনাদায়ক সত্য—জ্যোতি প্ৰসাদ আগৰৱালাৰ "জয়মতী", "ইন্দ্ৰ-মালতী" আজিৰ দৰ্শকে চোৱাৰ, ভূপেন হাজৰিকাৰ এৰা বাটৰ সুৰ"ৰ দৰে বহু মূল্যবান সৃষ্টিও চিত্ৰৰসিকে আনুভৱ কৰাৰ বাট নাই। এক সম্পূৰ্ণ সংস্কৃতিৰ দৃশ্যমান স্মৃতি ধীৰে ধীৰে মচি গৈছে, আৰু আমাৰ হাতত ৰৈছে কেৱল নাম, কিছুমান লেখা, আৰু কিছু স্মৰণ। (বিশেষ কামৰ বাবে প্ৰয়োজনত মুনিন বৰুৱাৰ "পাহাৰী কন্যা" বিছাৰি আছোঁ, পোৱা নাই। ১৯৯০ চনৰ চিনেমা।...)
এই বাস্তৱতাৰ বিপৰীতে, বিশ্ব চিনেমাৰ ইতিহাসত #SevenSamurai এক জীৱন্ত উদাহৰণ—কেনেকৈ এখন চিনেমাক কেৱল সংৰক্ষণেই নহয়, পুনৰজীৱিতো কৰিব পাৰি। পৰিচালক #AkiraKurosawa-ৰ এই চিনেমা খনৰ মূল 35mm প্ৰিণ্টসমূহ সময়ৰ সৈতে স্বাভাৱিকভাৱে ক্ষয়প্ৰাপ্ত হৈছিল। কিন্তু জাপানৰ প্ৰখ্যাত সংস্থা Toho Co., Ltd. আৰু বিভিন্ন আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ সংৰক্ষণ উদ্যোগে এই চিনেমা খন পুনৰুদ্ধাৰৰ এক সুসংগঠিত প্ৰচেষ্টা আৰম্ভ কৰিলে।
এই পুনৰুদ্ধাৰৰ মূল কেন্দ্ৰবিন্দু আছিল ডিজিটেল পুনৰ্সংস্কৰণ—বিশেষকৈ 4K মানৰ স্কেনিং আৰু সংশোধন। ক্ষতিগ্ৰস্ত ফ্ৰেমসমূহ সূক্ষ্মভাৱে মেৰামতি কৰা হ’ল, জমা হোৱা দাগ, আঁচোৰ, আৰু বিকৃতি আঁতৰোৱা হ’ল; শব্দৰ ক্ষেত্ৰতো পুৰণি কোলাহল আঁতৰাই স্পষ্টতা উলিয়াই অনা হ’ল। আলো-আঁধাৰৰ সূক্ষ্ম সামঞ্জস্য, কনট্ৰাষ্টৰ গভীৰতা—এই সকলো পুনৰ সংহত কৰি চিনেমা খনক তাৰ মূল নান্দনিক গাম্ভীৰ্যত পুনঃস্থাপন কৰা হ’ল। ফলত, আজিৰ দৰ্শকে এই চিনেমাখন চাব পাৰে, অনুভৱ কৰিব পাৰে।
ইয়াৰ লগে লগে, সংৰক্ষণৰ আন এটা গুৰুত্বপূর্ণ দিশ হৈছে প্ৰতিষ্ঠানিক যত্ন। বিশ্বৰ খ্যাতনামা চলচ্চিত্ৰ আৰ্কাইভসমূহ—যেনে British Film Institute আৰু The Criterion Collection—এই চিনেমা খনৰ প্ৰিণ্ট আৰু ডিজিটেল সংস্কৰণ দুয়োটা সংৰক্ষণ কৰি ৰাখিছে। ইয়াত চিনেমাক কেৱল বিনোদন হিচাপে নহয়, এক সাংস্কৃতিক ঐতিহ্য হিচাপে গণ্য কৰা হয়। সেয়ে সংৰক্ষণো এক প্ৰকাৰৰ সাংস্কৃতিক দায়িত্বত পৰিণত হয়।
এই সমগ্ৰ প্ৰচেষ্টাৰ ফলত "চেভেন চামুৰাই" আজিও বহু মাধ্যমত জীৱন্ত—Blu-ray, DVD, ডিজিটেল ষ্ট্ৰিমিং, আৰু চলচ্চিত্ৰ উৎসৱৰ বিশেষ প্ৰদৰ্শনী। অৰ্থাৎ, চিনেমা খন সময়ৰ সৈতে ম্লান হোৱা নহয়; বৰং সময়ক অতিক্ৰম কৰি নতুন প্ৰজন্মৰ সৈতে পুনৰ সংলাপ আৰম্ভ কৰিছে।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন